পৰিৱেশগত শিক্ষাৰ বহল নীতি-নির্দেশিকাসমূহ কি কি?,পৰিৱেশ অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা,পৰিবেশ বুলিলে কি বুজা class 11,পৰিবেশৰ উপাদান সমূহ,পৰিবেশ কেই প্ৰকাৰৰ আৰু কি কি,পৰিবেশ শিক্ষা class 11 chapter 1 question answer,পৰিবেশ সজাগতা
-পৰিবেশৰ বিষয়ে মৌলিক ধাৰণা-
Basic Concepts about Environment
পৰিবেশ (Environment) :
পৰিবেশ (Environment) শব্দৰ অৰ্থ হৈছে চাৰিওফালৰ অৱস্থা।Environment শব্দৰ উৎপত্তি হৈছে ফৰাছী এনভাইৰনাৰ (environner" আশ-পাশৰ চাৰিও দিশক সামৰি বা নির্দিষ্ট পৰিমণ্ডলীকৃত এক নির্দিষ্ট এলেকা— to encircle or to surround) শব্দৰ পৰা। এয়া হৈছে প্রাণী আৰু উদ্ভিদসমূহে বসবাস কৰিব পৰা বিভিন্ন বিষয়ক লৈ গঠিত এক অৱস্থাৰ অভিধা যত জীৱিত প্রাণী আৰু উদ্ভিদ সমূহৰ জীয়াই থাকিবৰ বাবে সকলাে মৌলিক প্রয়ােজন পূৰাব পৰা আৰু জীৱন-প্রক্রিয়াক আগবঢ়াই লৈ যাব পৰা যেনে, বায়ু, পানী, মাটি আৰু সূৰ্য্যৰ পােহৰ আদি সকলাে ব্যৱস্থা আছে। পৰিবেশত আন কেতবােৰ বস্তুকো সামৰি লােৱা হৈছে। এইবােৰ হৈছে, তাপ, বতাহ, শক্তি আদি। এইদৰে জৈৱ আৰু অজৈৱ সকলাে উপাদানক লৈয়েই পৰিবেশ গঠিত। পৰিবেশে জীৱিত বস্তুসমূহৰ অস্তিত্ব আৰু বিকাশৰ বাবে অনুকূল অৱস্থাসমূহৰ সৃষ্টি কৰে। পৰিবেশক কেইবাটাও উপায়েৰে ব্যাখ্যা কৰিব পাৰি-----
১। ইয়াক এনেধৰণে ব্যাখ্যা কৰিব পাৰি, য'ত এনেকুৱা পাৰিপাশ্বিক ব্যৱস্থা বা অৱস্থাৰ দ্বাৰা প্রাণী আৰু উদ্ভিদৰ এবিধ গােট পৰিবৃত হৈ আছে।
২। মানুহৰ চৌপাশ গঠন কৰা সকলাে সামাজিক, অর্থনৈতিক, জৈৱিক,ভৌতিক অথবা ৰাসায়নিক কাৰকসমূহৰ সমষ্টিয়েই হৈছে পৰিবেশ। আকৌ এই
মানুহেই হৈছে তেওঁলােকৰ পৰিবেশৰ শ্ৰষ্টা আৰু ইয়াক নির্দিষ্ট গঢ় দিওঁতা।
৩। সামাজিক তথা সাংস্কৃতিক অৱস্থাৰ সংমিশ্রণে একোজন ব্যক্তি অথবা সম্প্ৰদায়ক প্ৰভাৱান্বিত কৰে, একো একোটা পৰিৱেশ বুলি আখ্যা দিব পাৰি।
পৰিবেশৰ উপাদানসমূহঃ
নিম্নোক্ত তিনিটা উপাদানৰ দ্বাৰা পৰিবেশ গঠিত হৈছে
১) অজৈৱিক উপাদান
২) জৈৱিক উপাদান।
৩) শক্তি উপাদান
অজৈৱিক অথবা ভৌতিক পৰিবেশক তিনিটা বৰ্গত ভাগ কৰিব পাৰি ।
১। ভূমণ্ডল (কঠিন)।
২। জলমণ্ডল (তৰল)
৩। বায়ুমণ্ডল (গেছ)।
জৈৱিক উপাদানসমূহ মানৱ জাতিকে ধৰি উদ্ভিদ আৰু প্রাণীকুলক লৈ গঠিত শক্তি উপাদানসমূহ হৈছে, সৌৰশক্তি, ভূতাপ শক্তি, জল বৈদ্যুতিক শক্তি, পাৰমাণৱিক শক্তি ইত্যাদি।
পৰিবেশৰ অংশসমূহ :
পৰিবেশ চাৰিটা অংশত বিভক্ত—
১।এটস্ফিয়্যাৰ বা বায়ুমণ্ডল।
২। হাইড্রস্ফিয়্যাৰ বা জলমণ্ডল
৩। লিথ’স্ফিয়্যাৰ বা ভূমণ্ডল
৪| বায়’স্ফিয়্যাৰ বা জীৱমণ্ডল।
১। এটমস্ফিয়্যাৰ বা বায়ুমণ্ডল:
সৌৰজগতত পৃথিৱী হৈছে একমাত্র গ্রহ য'ত জীৱন বা প্রাণৰ অস্তিত্ব ৰক্ষাৰ অনুকুল অৱস্থা আছে। আমাৰ গ্ৰহত প্ৰাণৰ অনুকূল উপাদানসমূহ আছে অতুলনীয়
বায়ুমণ্ডল বা বাতাবৰণৰ বাবেহে। প্রাণীক সুৰক্ষিত ৰাখিব পৰা এক গেছীয় আৱৰণে। পৃথিৱীক চাৰিওপিনৰ পৰা পৰিবৃত কৰি ৰাখিছে, যি গেছীয় আৱৰণে পৃথিৱীত প্ৰানীৰ অস্তিত্বক জীয়াই ৰাখিছে আৰু মহাকাশৰ প্রতিকুল পৰিবেশৰ পৰা ৰক্ষা কৰিছে। পৃথিৱীৰ বহিৰ্ভাগৰ মহাকাশৰ পৰা সৰহভাগ মহাজাগতিক ৰশ্মি আৰু সূৰ্যৰ পৰা অহা বিদ্যুৎ চুম্বকীয় ৰশ্মি পৃথিৱীৰ গেছীয় আৱৰণে শুহি লয়। এই গেছীয় আৱৰণে আমাৰ শৰীৰৰ কোষবােৰ ধ্বংস কৰিব পৰা অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে।
বায়ুমণ্ডলে পৃথিৱীত সূৰ্যৰ পৰা বিকিৰণ হৈ অহা আৰু পৃথিৱীৰ পৰা পুনৰ বিকিৰিত অবলােহিত ৰশ্বিক শুহি লৈ তাপৰ ভাৰসাম্য ৰক্ষাত এক গুৰুত্বপূর্ণ ভূমিকা
পালন কৰে।
বায়ুমণ্ডলৰ গঠন:
প্রধান উপাদান: নাইট্রজেন, N, (৭৮.০৯%)
অক্সিজেন, 0, (২০.৯৪%)
লঘু উপাদান : আর্গন, R (৯.৩৪ X ১০%)
কার্বন ডাই-অক্সাইড 0, (৩.২৫X১০২%)
অতি নগণ্য পৰিমাণৰ গেছ: নিয়ন, হিলিয়াম, মিথেন, জলীয় বাষ্প,ক্রিপটন, নাইট্রাছ অক্সাইড, জেনন,
হাইড্ৰ'জেন, ছালফাৰ ডাই অক্সাইড,অজন, এমনিয়া, কার্বন মন’ক্সাইড,নাইট্রজেন ডাই অক্সাইড আদি।
পৃথিৱীত বায়ুমণ্ডল হৈছে জীৱৰ বাবে অত্যাৱশ্যক অক্সিজেনৰ উৎস।বায়ুমণ্ডল হৈছে উদ্ভিদ সালােক সংশ্লেষণৰ বাবে অপৰিহার্য কার্বন ডাই অক্সাইড উৎস। প্রাণীৰ বাবে অত্যাৱশ্যক তথা ৰাসায়নিক ভাবে উৎপাদিত নাইট্রজেন (প্ৰ'টিন) বায়ুমণ্ডলেই যােগান ধৰে।
কিন্তু দুর্ভাগ্যজনক কথা যে, মানুহৰ বিভিন্ন ধৰণৰ কাৰ্য্যকলাপ আৰু একেসময়তে বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলত বায়ুমণ্ডল প্ৰদূষিত হৈছে আৰু
এই প্ৰদূষণেই এতিয়া পৃথিৱীত মানৱ জাতিৰ অস্তিত্ব প্রতিয়েই সমস্যাৰ সৃষ্টি কৰিছে।
বায়ুমণ্ডলক বহলভাবে চাৰিটা স্তৰত ভাগ কৰিব পাৰি।
অজন গেছ বিয়পি আছে বায়ুমণ্ডলৰ ষ্টেট'স্ফিয়্যাৰ
অঞ্চলত। এই অজন গেছে আমাৰ বাবে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীত জীৱনৰ বাবে এক ৰক্ষা কবচ হিচাপে এই অজন গেছে কাম কৰে।
২) হাইড্র'স্ফিয়্যাৰ (জলমণ্ডল) :
হাইড্র'স্ফিয়্যাৰ বা জলমণ্ডলত সকলো ধৰণৰ জলসম্পদক সামৰি লােৱা হৈছে, যেনে-- মহাসাগৰ, সাগৰ, নদ-নদী, হ্রদ, জলাধাৰ, হিমবাহ, মেৰু অঞ্চলৰ
তৃষাৰ স্তৰ আৰু ভূৰ্গভস্হ পানী (ভূস্তৰৰ তলত সঞ্চিত পানী) পৃথিৱী পানীৰ দ্বাৰা প্লাবিত। পৃথিৱীৰ ভূভাগৰ ৭১ শতাংশ মুঠ ১৪০০ নিযুত কিউবিক কিলােমিটাৰ
পানীৰে পৰিবৃত। তথাপি বহু ঠাইত এতিয়াও উপযুক্ত গুণগত মানৰ পানী প্রত্যাশিত পৰিমাণে পােৱাটো কঠিন। পৃথিৱীৰ পানীৰ ৯৭ শতাংশই আছে মহাসাগৰসমূহত,কিন্তু সেই পানী লবণযুক্ত হােৱা কাৰণে মানৱ জাতিৰ ব্যৱহাৰৰ বাবে অনুপযােগী।
মাত্র ৩ শতাংশ পানীহে নির্মল। এই ৩ শতাংশ নির্মল পানীৰ আকৌ ৭৯ শতাংশ আছে মেৰু অঞ্চলৰ তুষাৰ আৱৰণ আৰু হিমবাহসমূহত। আনহাতে প্রায় ২০
শতাংশ পানী আবদ্ধ হৈ আছে ভূগৰ্ভৰ তলত। মাত্র ১ শতাংশ পানীহে মানুহৰ পােনপটীয়াভাবে ব্যৱহাৰৰ বাবে পােৱা যায়। এই পানী ভাগ পােৱা যায় নদ-নদী,
হ্রদ, নিজৰা আৰু জলাধাৰসমূহত।
৩) লিথ'স্ফিয়্যাৰ (ভূমণ্ডল) :
এই মণ্ডল হৈছে খনিজ দ্রব্য আৰু মাটিৰে গঠিত কঠিন পৃথিৱীৰ উপৰি স্তৰ(outer haitle)। মাটি হৈছে খনিজ উপাদান, জৈৱিক বস্তু (organic mantle),
বায়ু আৰু পানীৰ জটিল সংমিশ্রণেৰে গঠিত আৱৰণ। ভূমণ্ডল বা লিথ'স্ফিয়্যাৰ সবাতোকৈ গুৰুত্বপূর্ণ অংশ হৈছে মাটি। মাটি হৈছে খনিজ সামগ্ৰীৰ ভঁৰাল-ঘৰ,
পানীৰ আধাৰ, মাটিৰ উৰ্বৰতাৰ সংৰক্ষক, শস্যৰ উৎপাদক, বন্য প্রাণী আৰু গৃহপালিত পশুধনৰ গৃহভূমি।
৪)বায়'স্ফিয়্যৰ (জীৱমণ্ডল):
বায়'স্ফিয়্যৰ হৈছে ভূ-পৃষ্ঠৰ ওপৰৰ স্তৰ য'ত জীৱসমূহে বৰ্তি থাকিব পাৰে।জীৱমণ্ডলৰ এই স্তৰ বায়ুমণ্ডলৰ ৬-৮ কিঃমিঃ ওপৰলৈকে আৰু সাগৰৰ ৮-১০ কিঃমিঃ গভীৰলৈকে বিস্তৃত। এই স্তৰে জীৱন্ত জীৱসমূহৰ জগত, সিহঁতৰ পৰিবেশৰ বায়ুমণ্ডল, জলমণ্ডল আৰু ভূমণ্ডলৰ সৈতে আন্তঃক্রিয়াৰ দিশবােৰ প্ৰকাশ কৰে।
পৰিবেশ বিষয়ক শিক্ষা:
এনেকুৱা এটা সময় আছিল যেতিয়া আমাৰ চাৰিও কাষৰ সকলাে বস্তু আছিল বিশুদ্ধ আৰু নিৰাপদ। বায়ু, পানী আৰু মাটি আছিল ভাৰসাম্যমূলক অৱস্থাত। প্রকৃতি নিজেই আছিল অত্যন্ত উপভােগ্য। আদিম যুগত মানুহৰ চাহিদা আছিল সীমিত।
গতিকে মানুহৰ সেই চাহিদাই প্ৰকৃতিৰ সৈতে থকা সামঞ্জস্যক ব্যাঘাত ঘটোৱা নাছিল। কাৰণ জনসংখ্যা আছিল অত্যন্ত কম। পৰবৰ্তী সময়ত জনসংখ্যা বহু গুণ বাঢ়িবলৈ ধৰিলে। বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্রগতিয়ে তীব্রতা লাভ কৰিলে আৰু ইয়াৰ ফলত পৰিবেশৰ অৱক্ষয় আৰম্ভ হ'বলৈ ধৰিলে। জনসংখ্যা বৃদ্ধিৰ লগে লগে জীৱক আৰু অধিক স্বাচ্ছন্দ্যপূর্ণ কৰিবলৈ প্রচেষ্টা আৰম্ভ হ'ল, মানুহে একো নভবা- নিচিন্তাকৈ বন ধ্বংস কৰিবলৈ ললে, বতাহ আৰু পানী যধে-মধে প্রদুষিত কৰিলে,নির্দয়ভাবে প্রকৃতিক ধ্বংস কৰিলে। আজি আমি যি বতাহত উশাহ লও, যি পানী
খাও সেয়া বিশুদ্ধ নহয় আৰু মুঠেও নিৰাপদ নহয়। মানুহৰ অপৰিকল্পিত আৰু বাচবিচাৰহীন কাৰ্যকলাপৰ ফলত প্ৰকৃতিৰ মূল্যবান সম্পদসমূহ নিঃশেষ হ’বলৈ ধৰিছে। পৰিবেশগত সমস্যাই যােৱা কেইবা দশক ধৰি সমগ্র বিশ্বৰ বৃহৎ সংখ্যক মানুহৰ মনােযােগ আকর্ষণ কৰিছে। মানুহ আজি ক্রমবর্ধমানভাবে পৰিবেশ সমস্যাৰ বৈচিত্ৰক লৈ সচেতন হ’বলৈ ধৰিছে।
পৰিবেশৰ সমস্যা দুইধৰণৰ :
বিশ্বৰ শিক্ষাবিদ আৰু পৰিবেশ বিশেষজ্ঞসকলে বাৰম্বাৰ কৈ আহিছে যে পৰিবেশ সমস্যাৰ যিকোনাে সমাধানৰ কাৰণে প্রয়ােজন হৈছে পৰিবেশ সম্পর্কে
সজাগতা আৰু এই সমস্যা সম্পর্কে সুস্পষ্ট উপলব্ধি বা জ্ঞান আৰু পৰিবেশ শিক্ষাই হৈছে এই সকলাে বিষয়ৰ উত্তৰ।
সুস্থ মনোভাৱ গঠন, দক্ষতা অর্জন আৰু জ্ঞানৰ বিস্তাৰৰ ক্ষেত্ৰত শিক্ষাই সদায় এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সেই কাৰণেই ১৯৭২ চনত অনুষ্ঠিত মানব
পৰিবেশ সম্পর্কীয় ষ্টকহোম সন্মিলনত পৰিবেশ কেন্দ্রিক শিক্ষাৰ প্ৰয়ােজনীয়তাৰ ওপৰত গুৰুত্ব আৰােপ কৰা হৈছিল। এয়া কোনাে নতুন বিষয় নহয় আৰু ইয়াক নতুন বিষয় হিচাপে গণ্য কৰাও উচিত নহয়। বৰং ইয়াক শিক্ষা ব্যৱস্থাৰ এক নতুন মাত্র বা বিস্তাৰ হিচাপেহে (dimension) গণ্য কৰা উচিত।
চমুকৈ পৰিৱেশ শিক্ষা হৈছে পৰিবেশৰ জৰিয়তে, পৰিবেশৰ বিষয়ে আৰু পৰিবেশৰ বাবে গ্ৰহণ কৰা শিক্ষা।
পৰিবেশ শিক্ষা হৈছে এনে এক শিক্ষাগত প্রক্রিয়া যাৰ জৰিয়তে মানুহৰ সৈতে তেওঁলােকৰ প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা পৰিবেশ সম্পর্কে অধ্যয়ন কৰা হয় ।
ইয়াত সামৰি লােৱা হৈছে জনসংখ্যাৰ সম্পর্ক, প্ৰদূষণ, সম্পদৰ আৱণ্টন আৰু নিঃশেস (ক্ষয়), সংৰক্ষণ, পৰিবহন প্রযুক্তি আৰু সমগ্র মানৱ পৰিবেশৰ বাবে
নগৰাঞ্চল আৰু গ্রামীণ পৰিকল্পনাক। পৰিবেশ শিক্ষা হৈছে এনে এক প্রক্রিয়া, যি প্রক্রিয়াই মানুহৰ মাজৰ আন্তঃ সম্পর্ক, তেওঁলােকৰ সংস্কৃতি, তেওঁলােকৰ জৈৱ ভৌতিক পাৰিপাৰ্শ্বিকতাক উপলব্ধি কৰা আৰু মর্মবস্তুক বুজাৰ বাবে দক্ষতা অর্জন,মনােভাৱ গঠনৰ লক্ষৰে মূল্যবােধক স্বীকৃতি প্রদান আৰু ধাৰণাসমূহক ব্যাখ্যা কৰাত সহায় কৰে।
১৯৭৭ চনও ছােভিয়েট ইউনিয়নৰ বিলিছিত (বর্তমান জর্জিয়াৰ ৰাজধানী) পোনপ্ৰথম বাৰৰ বাবে পৰিবেশ শিক্ষা বিষয়ত বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰসমূহৰ
এখন সম্মিলন অনুষ্ঠিত হৈছিল) উক্ত সম্মিলনত গৃহীত অত্যন্ত গুৰুত্বপূর্ণ প্রতিবেদনত পৰিবেশ শিক্ষা সন্দৰ্ভত এক বহল নীতি-নির্দেশিকা সন্নিবিষ্ট কৰা
হৈছিল। উক্ত সম্মিলনৰ ঘােষণা-পত্ৰত পৰিবেশ শিক্ষা নিম্নোক্ত ধৰণে হব লাগিব বুলি ঘােষণা কৰা হৈছিলঃ
■ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ আন্তঃ সম্পৰ্কত গুৰুত্ব।
■ সামগ্রিকভাবে পৰিবেশক বিবেচনা কৰা।
■ নিবৰ শিক্ষা, প্ৰাক স্কুল পর্যায়ৰ পৰা আৰস্তুণি আৰু সকলাে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পৰ্য্যায় জুৰি অব্যাহত ৰখা ।
■ স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক দৃষ্টিভঙ্গীৰ পৰা ঘাই ঘাই পৰিবেশ সংক্রান্ত বিষয়বােৰ সমালােচনামূলক দৃষ্টিৰে পৰীক্ষা কৰা।
■ বর্তমান আৰু ভৱিষ্যৎ পৰিবেশৰ প্রবণতা আৰু অৱস্থাৰ বিষয়ে অধ্যয়ন চলােৱা।
■ পৰিবেশৰ সমস্যা সৃষ্টিৰ প্ৰকৃত কাৰণবােৰ আৰু উপসর্গবােৰ আৱিষ্কাৰ কৰাত ছাত্র-ছাত্রীসকলক সহায় কৰা আৰু সেই মতে পৰিকল্পনা কৰা।
■ চুড়ান্ত পৰ্য্যায়ত পৰিবেশ সমস্যাবােৰৰ সমাধানৰ কাৰণে স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্টীয় সহযােগিতা প্রয়ােজনীয়তা আৰু মূল্যবােধক জগাই তােলাৰ
বাবে গুৰুত্ব প্রদান কৰা।
পৰিবেশ শিক্ষা সম্পর্কীয় লক্ষ্য আৰু নীতি-নির্দেশনাসমূহ হৈছেঃ -
১/ পৰিবেশ আৰু পৰিবেশৰ প্ৰত্যাহ্বানসমূহৰ প্রতি অনুভূতিশীলতা আৰু সজাগতা ।
২/ পৰিবেশ আৰু পৰিবেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উপলব্ধি আৰু জ্ঞান অর্জন কৰা।
৩/ পৰিবেশৰ বাবে উদ্বেগৰ মনােভাৱ আৰু পৰিবেশগত গুণমান ৰক্ষা আৰু উন্নত কৰাৰ মানসিকতা।
৪/ পৰিবেশগত প্রত্যাহবানসমূহৰ সমাধানত সহায় কৰা আৰু সেইবােৰক চিহ্নিত কৰাৰ দক্ষতা।
৫/ পৰিবেশগত প্রত্যাহবানসমূহ সমাধান কৰাৰ লক্ষৰে আৰম্ভ কৰা কাম-কাজত অংশ গ্রহণ।
বহুমুখী বিষয়ৰ চৰিত্ৰ (Multidisciplinary nature) :
পৰিবেশ শিক্ষা হৈছে বহুমুখী বিষয়। পৰিবেশ আৰু ইয়াৰ বিভিন্ন জটিল পৰিঘটনা বিষয়ক দিশবােৰৰ সম্পর্কে জানিবলৈ হলে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন
কৰা প্রয়ােজন। উদ্ভিদ বিজ্ঞান, প্রাণীবিজ্ঞান, জৈব প্রযুক্তি, জৈব অভিযান্ত্ৰিক (বায়'ইঞ্জিনিয়াৰিং), অনুজীৱতত্ত্ব, জিন তত্ত্ব, জৈৱ ৰসায়ন বিদ্যা আদিয়ে
জৈৱিক(বায়'টিক) উপাদানসমূহ আৰু ইহতৰ আন্তঃক্রিয়া সম্পর্কে বুজাত সহায় কৰে।পদার্থবিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, পৰিসংখ্যা বিজ্ঞান আদিয়ে পৰিবেশৰ বিভিন্ন পৰিঘটনা (phenomena) বােৰক বুজাত সহায় কৰে। কম্পিউটাৰ বিজ্ঞান, তথ্য প্রযুক্তি আদি হৈছে পৰিবেশ শিক্ষাৰ অপৰিহার্য অংগ। একেদৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পৰিবেশ অভিযান্ত্রিকবিদ্যা (ইঞ্জিনিয়াৰিং) অত্যাৱশ্যক। অভিযান্ত্রিক বিদ্যাৰ অন্যান্য শাখাসমূহ, যেনে, ৰসায়ন (chemical), অসামৰিক (civil), কাৰিকৰী (mechanical) আৰু নতুন উদ্ভাৱনমূলক প্রযুক্তিবােৰাে পৰিবেশ সুৰক্ষা কার্যত যুক্ত। ধ্বংস হৈ গৈ থকা পৰিবেশক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সেউজ ৰসায়ন বিজ্ঞানে (green chemistry) এটা সুনির্দিষ্ট আৰু অত্যন্ত স্পষ্ট ভূমিকা পালন কৰে।সমাজতত্ত্ব, অর্থনীতি বিজ্ঞান, শিক্ষা, দর্শন আদি বিষয়ে বিভিন্নভাবে যুক্ত। পৰিবেশ সুৰক্ষাৰ বাবে সদায় পৰিবেশ আইন বলবৎ কৰা হয়। গতিকে পৰিবেশ শিক্ষাই বহুবিধ বিষয়ৰ চৰিত্র বহন কৰে য'ত এক বিশ্বমুখী দৃষ্টিভঙ্গী লৈ বিভিন্ন দিশ বিলাকৰ মােকাবিলা কৰা হয়।
পৰিবেশ সম্পর্কীয় সজাগতাৰ প্ৰয়ােজনীয়তা:
বিশ্বই আজি পৰিবেশ অৱক্ষয় আৰু প্ৰদূষণৰ দৰে বৃহৎ সমস্যা মােকাবিলা কৰিবলগীয়া হৈছে। বিভিন্ন ধৰণৰ প্ৰদূষণ, বনজ সম্পদৰ দ্রুত ক্ষয়, দ্রুত হাৰত।
জনসংখ্যা বিস্ফোৰণ, ঔদ্যোগীকৰণৰ প্ৰসাৰ, অপৰিকল্পিতভাবে নগৰীকৰণ, খনিৰ কাম, ভূমিক্ষয় আদিয়ে সাম্প্রতিক বছৰবােৰত পৰিবেশতন্ত্ৰৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে। অর্থনৈতিক উন্নয়নৰ বাবে মানুহৰ অনুসন্ধানেই ঘাইকৈ প্রাকৃতিক সম্পদক
নির্দয়ভাবে ব্যৱহাৰৰ বাবে দায়ী। তদুপৰি মানৱ জাতিয়ে অত্যন্ত কঠোৰ বস্তুবাদী,লােভী আৰু বিলাসী জীৱন-ধাৰাৰ মনােভাবেৰে প্রাকৃতিক সম্পদক বাচ-
বিচাৰহীনভাবে শােষণ কৰিছে বা নির্দয়ভাবে ধ্বংস কৰিছে। এই সকলাে কাৰ্যকলাপেই বহুসংখ্যক জীৱিত প্রাণীকূলৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে। গতিকে পুনৰ অৱনতি ৰােধ কৰি পৰিবেশ ৰক্ষাৰ বাবে গণ সজাগতা সৃষ্টি কৰাটো জৰুৰী। পৰিবেশৰ সমস্যাক আটাইতকৈ ভাল উপায়েৰে সমাধান কৰিব
পাৰি যদিহে জনসাধাৰণ পৰিবেশগতভাবে সজাগ হয়। কোনাে চৰকাৰেই কেৱল কিছুমান পৰিবেশ সুৰক্ষা বিষয়ক বিধি ৰূপায়ণ কৰি এই সমস্যাৰ সমাধান কৰিব নােৱাৰে, যদিহে জনসাধাৰণে এই ক্ষেত্ৰত সহযােগিতা নকৰে। জনসাধাৰণক পৰিবেশগতভাবে শিক্ষিত কৰিব লাগিব। তেওঁলােকে জানিব পাৰিব লাগিব যে যদি আমি আজি আমাৰ পাৰবেশক ধ্বংস কৰঝ, তেনেহ'লে কাইলৈ ইয়াৰ ফল ভুগিব লাগিব আৰু আমাৰ ভৱিষ্যৎ প্রজন্ম বৃহৎ বিপদৰ সন্মুখীন হব। আমি পৰিবেশৰ এক অংশ আৰু পৰিবেশ ৰক্ষা কৰাটো আমাৰ কৰ্তব্য ।
পৰিৱেশগত শিক্ষাৰ বহল নীতি-নির্দেশিকাসমূহ কি কি?,পৰিৱেশ অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা,পৰিবেশ বুলিলে কি বুজা class 11,পৰিবেশৰ উপাদান সমূহ,পৰিবেশ কেই প্ৰকাৰৰ আৰু কি কি,পৰিবেশ শিক্ষা class 11 chapter 1 question answer,পৰিবেশ সজাগতা
0 Comments