বিশ্বৰ প্ৰথম আৱিষ্কৃত মনোৰঞ্জনক তথ্য
আজি আলোচনা কৰিম বিশ্বৰ আৱিষ্কৃত কিছু মনোৰঞ্জক আকৰ্ষক তথ্য ও উদ্ভাৱনৰ বিষয়ে।আজিৰ পোষ্টটো বহুত আকৰ্ষণীয় ও ৰোমাঞ্চকৰ।পোষ্টটোৰ পৰা আপুনি জানিব পাৰিব বিভিন্ন ধৰণৰ নজনা তথ্য।
● বিশ্বৰ প্ৰথম ৱেবচাইট (First Website In the World):
বিশ্বত বৰ্তমান সক্ৰিয় ৱেবচাইট প্ৰায় ৬৩ কোটি। প্ৰতিটো মূহুৰ্তত আমি ইন্টাৰনেট ব্যাৱহাৰ কৰি আছোঁ।বিভিন্ন ৱেবচাইট চাবলৈ পাইছোঁ, আকৌ হয়তো বহু ৱেবচাইট নিৰ্মাণো কৰিছোঁ। কিন্তু কেতিয়াবা কি জানিব সুজিছো নে যে বিশ্বৰ প্ৰথম ৱেবচাইট কোনে বনাইছিল?
টিম বাৰ্নছ লি (Tim Berners-Lee) এজন বিজ্ঞানী CERN এত কৰ্মৰত থকা অবস্থায় বিশ্বৰ প্ৰথম ৱেবচাইট নিৰ্মাণ কৰে। তেখেতে World Wide Web (WWW)ৰ আবিষ্কাৰক। প্ৰথম ৱেবচাইট নিৰ্মাণ কৰাৰ মূল উদ্দেশ্য আছিল বিজ্ঞানী সকলৰ মাজত তথ্য আদান প্ৰদান কৰা, বিভিন্ন বিশ্ববিদ্যালয়ত কৰ্মৰত আৰু বিভিন্ন গৱেষণা কেন্দ্ৰৰ মাজত তথ্য সংগ্ৰহ,তথ্য আদান প্ৰদান কৰা । CERN হৈছে ইউৰোপিয়ান নিওক্লিয়াৰ গৱেষণা কেন্দ্ৰ । প্ৰথম ৱেব ব্ৰাউজাৰ আছিল প্ৰথম Editor. সমস্যা আছিল যে ই কেৱল NeXTStep operating system ত চলিছিল অৱশ্যে প্ৰথম ডোমেইন নাম (Domain Name) আছিল Symbolics.com। যোৱা ২০১২ চনত এইটো XF.comৰ ওচৰত বিক্ৰি হৈ যায়।
প্ৰথম URL ইউআৰএল- ৰ প্ৰত্যাৱৰ্তন:
প্ৰথম তৈৰি ৱেবচাইটৰ প্ৰথম ৱেবপেইজৰ ঠিকানাও সংৰক্ষণ কৰিছে সাৰ্ন।
দ্য ইউৰোপিয়ান অৰ্গানাইজেশন ফৰ নিউক্লিয়াৰ ৰিচাৰ্চ, সংক্ষেপত সাৰ্ন (CERN) ৰ ব্ৰিটিছ বিজ্ঞানী টিম বাৰ্নাৰ্চ লি ১৯৮৯ চনত ওয়াৰ্ল্ড ওয়াইল্ড ওয়েব (WWW) তথা ইন্টাৰনেট উদ্ভাৱন কৰে।
বিশ্বৰ প্ৰথম ৱেবচাইট নিৰ্মাতা ও ৱৰ্লড ৱেয়াইড ৱেবৰ আৱিষ্কাৰক টিম বাৰ্নস লি।
সৰ্বপ্ৰথম কম্পিউটাৰ প্ৰগ্ৰামাৰ আছিল এজন নাৰী। তেখেত কালজয়ী ইংলিছ কবি বায়ৰনৰ কন্যা অগাস্টা এডা (১৮১৫-১৮৫২)।
তাৰ সম্মানাৰ্থে ১৯৮০ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ কম্পিউটাৰৰ একটি ভাষাক এডা নামকৰণ কৰে।
◆ প্ৰথম কম্পিউটাৰ গেম(Firsr Computer Game) :
বিশ্বৰ প্ৰথম কম্পিউটাৰ গেমৰ প্ৰাথমিক ফৰমেট আছিল ভিডিও গেম, সেই হিচাপে ক্যাথড ৰে টিউব অমিউজমেন্ট আছিল ১৯৪৭ চনতৰ ২৫ জানুয়াৰী প্ৰথম পেটেন্ট কাইন্ড কম্পিউটাৰ গেম। কিন্তু কম্পিউটাৰত এটি এনালগ ডিভাইচৰ পৰ্দাত বিভিন্ন লক্ষ্যত মিছাইল নিক্ষেপ কৰা লৈয়ে প্লট কৰা হৈছিল গেমটোৰ।
বিশ্বৰ প্ৰথম মটৰচাইকেল নিৰ্মাণ কৰিছিল জাৰ্মানিৰ বেন্ড
ক্যান্সটাট (Bad Cannstatt,Germany) চহৰৰ বিজ্ঞানী গটলিব ডিমলাৰ (Gottlieb Daimler) ও উইলহেলম মেব্যাচ ( Wilhelm Maybach)......
১৮৮৫ চনত নিৰ্মিত এ বাহনটোক মটৰচাইকেল বুলি নকয় ইঞ্জিনচালিত বাইচাইকেল বুলি কোৱাটোৱেই ঠিক হব। যদিও উদ্ভাৱন কৰা সময়ত‘পৰিভ্ৰমণৰ বাহন মাতিবলৈ পছন্দ কৰিছিল।
জাৰ্মান পদাৰ্থ বিজ্ঞানী ভিলহেলম কনৰাড ৰন্টগেন
(Wilhelm Conrad Rontgen) ১৮৯৫ চনৰ ২২ ডিচেম্বৰ ফটোগ্ৰাফিক প্লেটত সদ্য উদ্ভাৱিত অপৰিচিত পোহৰ, এক্স-ৰেৰ প্ৰতিক্ৰিয়া পৰ্যবেক্ষণ কৰছিল।
তেনে সময়ত তাঁৰ স্ত্ৰী আনা বাৰ্থা সেই স্থানত উপস্থিত হয়। ৰন্টগেনও মনে মনে কাৰোবাৰ সহায় বিচাৰি আছিল।
তেখেতে লক্ষ্য কৰিছিল নতুন অপৰিচিত পোহৰ (এক্স-ৰে) যাৰ ভেদনক্ষমতা আছে, সেইটো মানৱ দেহৰ ভিতৰত গৈ ফটোগ্ৰাফিক প্লেটত কি ধৰণৰ প্ৰতিক্ৰিয়া দেখায় সেইয়া পৰ্যবেক্ষণ কৰা। ৰন্টগেন তাঁৰ স্ত্ৰীক ফটোগ্ৰাফিক প্লেটেৰ ওপৰত তাঁৰ হাত ৰাখিব কলে ।
তাৰপিছত তেখেত তড়িৎক্ষৰণ নলৰ পৰা ক্যাথোড ৰশ্মি নিক্ষেপ কৰিলে। সেই ৰশ্মি বাৰ্থাৰ হাত ভেদ কৰি ফটোগ্ৰাফিক প্লেটত প্ৰতিক্ৰিয়া ৰাখি যায়। সেইটোৱেই আছিল বিশ্বৰ প্ৰথম এক্স-ৰে।
◆ প্ৰথম ডিজিটাল কেমেৰা (World's First Digital Camera):
১৯৭৫ চনৰ ডিচেম্বৰ মাহত ফটোগ্ৰাফিক পণ্য নিৰ্মাণকাৰী প্ৰতিষ্ঠান কোডাকৰ ইঞ্জিনিয়াৰ স্টিভ চেচন য়ে
(Steven Sasson) আৱিষ্কাৰ কৰে ডিজিটাল কেমেৰা।
আকাৰত টোস্টাৰ মেশিনৰ নিচিনাই এ যন্ত্ৰটো ১০০X১০০ ৰেজ্যুলেশন বা ০.০১ মেগাপিক্সেল আকাৰৰ কলা বগা ছবি তৈৰি কৰিব পাৰিছিল। ছবি উঠোৱাৰ পিছত সেইটো সংৰক্ষণ কৰা হৈছিল কেচেটত।
অডিও কেচেট আকাৰৰ সেই কেচেটত এটা ছবি সংৰক্ষণ কৰিবলৈ সময় লাগিছিল ২৩ চেকেণ্ড। ছবি দেখাৰ বাবে ইয়াৰ সৈতে এটা বিশেষ কম্পিউটাৰ ও টেপ ৰিডাৰ কেমেৰাৰ সৈতে বিল্ট ইন আছিল। টেপৰ পৰা এইটো চাবলৈও ২৩ চেকেণ্ড সময় লাগিছিল।
◆ প্ৰথম এমপি থ্ৰি প্লেয়াৰ (World's First Mp3 Player) :
দক্ষিণ কোৰিয়াৰ প্ৰতিষ্ঠান চিহান ইনফৰমেশন চিস্টেমচ (SaeHan Information Systems) ১৯৯৭ চনত প্ৰথম এমপি থ্ৰি মিউজিক প্লেয়াৰ উদ্ভাৱন কৰে। ১৯৯৮ চনৰ শেষৰ পিনে ‘এমপিম্যান’ MPMan নামৰ এইটোক দক্ষিণ কোৰিয়াৰ বজাৰত বিক্ৰি আৰম্ভ কৰে প্ৰতিষ্ঠাটোয়ে ।
ইয়াৰ অভ্যন্তৰীণ মেমৰি( Internal Memory) আছিল ৩২ মেগাবাইট (62 MB) …….
ছয়খন গীত জমা কৰিব পৰা গৈছিল ইয়াত। কিন্তু ৬৪ মেগাবাইটৰ অন্য এক মডেলো বজাৰত আনিছিল।
◆ প্ৰথম এলবাম কভাৰ (First Album Cover in The World)
আজিৰ পৰা ১০০ বছৰ আগত যেতিয়া মিউজিক এলবাম মুক্তি পাইছিল, তেতিয়া সেইসমূহ ব্ৰাউন পেপাৰ দি নিৰ্মিত পেকেটত ভৰাই বজাৰত মুকলি কৰা হৈছিল।
১৯৩৮ চনত আহে পৰিবৰ্তন। সেই বছৰ মাৰ্কিন গ্ৰাফিক ডিজাইনাৰ অ্যালেক্স স্টেইনউইজ (Alex Steinweiss) কলম্বিয়া ৰেকৰ্ডৰ পৰা মুক্তি পোৱা ৰজাৰ ও হাৰ্টছ নামৰ দুই শিল্পীৰ যৌথ মিউজিক ৰেকৰ্ডটোৰ কভাৰ নিৰ্মাণ কৰে তেখেতে। সেইটো আছিল মোন মিউজিক ৰেকৰ্ডৰ প্ৰথম কভাৰ।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিখ্যাত সাময়িকী নিউৱৰ্ক ওয়াৰ্ল্ডৰ ফান পেজৰ দায়িত্বত আছিল আৰ্থাৰ ওয়েনি(Arthur Wynne)। ১৯১৩ চনত বৰদিন সংখ্যাৰ বাবে তেখেত এটি বিশেষ পাজল তৈৰি কৰে। সূত্ৰৰ সাহায্যত শব্দ নিৰ্বাচন কৰে ছক মিলোৱা এই বিশেষ পাজলটো ছপোৱা হয় নিউৱৰ্ক ওৱাৰ্ল্ডৰ ২১ ডিচেম্বৰৰ সংখ্যাত।
প্ৰথম মেগাজিন (The World's First Magazine):
লণ্ডনৰ পৰা প্ৰকাশিত দা জেন্টেলমেন হৈছে বিশ্বৰ প্ৰথম মেগাজিন। মেগাজিনখৱ প্ৰকাশিত হৈছিল ১৭৩১ চনত। ইয়াৰ মাধ্যমত মেগাজিন শব্দটো প্ৰথম আলোচনাত আহে।এডৱাৰ্ড কেভ নামৰ এক ভদ্ৰলোক ‘চিলভেনাচ আৰ্বান’ ছদ্মনামত ইয়াৰ সম্পাদনা কৰিছিল।১৯০৭ চনৰ ছেপ্টেম্বৰত দা জেন্টেলমেনৰ
প্ৰকাশনা বন্ধ হৈ যায়।
প্ৰথম মাইক্ৰপ্ৰচেচৰ (The World's First Microprocessor):
১৯৭১ চনৰ নৱেম্বৰত ইন্টেল নামৰ জনপ্ৰিয় কোম্পানীয়ে বজাৰত লৈ আহে এটা চিপৰ মাইক্ৰপ্ৰচেচৰ ‘দ্য ইন্টেল ৪০০৪’
(Intel 4004).......
মাইক্ৰপ্ৰচেচৰ খন তৈৰিৰ পিছত যিসকলৰ বিশেষ অৱদান আছিল সেইসকল আছিল ইন্টেল ইঞ্জিনিয়াৰ ফেডেৰিকো ফগিন, টেড হফ ও স্ট্যান মেজৰ (Federico Faggin, Ted Hoff, and Stanley Mazor)......
এই আৱিষ্কাৰল ফলত ক্ষুদ্ৰতকৈ ক্ষুদ্র হবলৈ ধৰে ইলেকট্ৰনিক পণ্য, বিশেষ কৰি কম্পিউটাৰৰ আকাৰ। কাৰণ এই ইন্ট্ৰিগেট চিপৰ ফলত ক্ষুদ্ৰ হবলৈ ধৰে চেন্ট্ৰাল প্ৰচেচিং ইউনিট বা চিপিইউ(CPU),মেমৰি ও ইনপুট-আউটপুট কন্ট্ৰল।
প্ৰথম গগণচুম্বী ভৱন (The World's First Skyscraper) :
১৮৮৫ চনত আমেৰিকাৰ ইলিনয় প্ৰদেশেৰ ছিকাগো চহৰত নিৰ্মাণ কৰা ‘হোম ইন্সোৰেন্চ ভৱন (Home Insurance Building) বিশ্বৰ প্ৰথম গগণচুম্বী ভৱন বুলি কোৱা হয়।
১০ তলাবিশিষ্ট ১৩৮ ফুট উচ্চতাৰ এই ভৱনটো ইস্পাত ও চিমেন্টৰ সমন্বয়ত নিৰ্মাণ কৰা হয়। পিছত দুটি তলা বৃদ্ধি হয় আৰু উচ্চতা হয় ১৮০ ফুট। ১৯৩১ চনত ভৱনটো ভাঙি পেলোৱা হয়।
বিশ্বৰ প্ৰথম ছবি:
এ পৰ্যন্ত পোৱা সকলোতকৈ পুৰণি ছবি হল এইখন।বহুতে বিশ্বৰ প্ৰথম উঠোৱা ছবি হিচাপেও আখ্যা দিয়ে।
এই ছবিখন ১৮২৬ চনত তোলা হয়।
ফ্ৰান্সৰ উদ্ভাৱক ও ফটোগ্ৰাফাৰ নিসেফঁৰি নাইপি (Joseph Nicéphore Niépce)ফ্ৰান্সৰ চেইন্ট লুপ ডি ভেৰেনাচৰ লা গ্ৰাচ কাউন্টি স্টেটত বহি ছবিটো তুলিছিল। ছবিখন তোলাৰ বাবে ফটোগ্ৰাফাৰ নাইপি নিজৰ হাতেৰে বনোৱা অবচকিউৰ ফোকাচ কেমেৰা ব্যৱহাৰ কৰেছিল।
আঠ x দহ ইঞ্চিৰ এটা প্লেটত ছবিটো ধাৰণ কৰেছিল তেখেতে। প্ৰথম যুগত বৰ্তমানৰ দৰে বটন দবালেই ছবি উঠিব পৰা সুবিধা নাছিল। এটি ছবি তোলাৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা সময় লাগিছিল । এই ছবিখন তোলাৰ বাবে সময় লাগিছিল আঠ ঘণ্টা।
প্ৰথম কম্পিউটাৰ মাউচ (The World's First Mouse) :
১৯৬৪ চনৰ গৱেষণাৰ শেষ ভাগত স্ট্যানফোৰ্ড ৰিচাৰ্চ ইনস্টিটিউটৰ গৱেষক ডগলাস অ্যাঞ্জেলবাৰ্ট (Douglas Engelbart) য়ে সৰ্বপ্ৰথম মাউচ আৱিষ্কাৰ কৰে। সিহঁতে এনে এটি ডিভাইচ উদ্ভাৱনৰ চেষ্টাত আছিল যিটো ট্ৰাকিং বল, লাইট পেনেল বা জয়স্টিকেৰ মাধ্যমত কাম কৰিব সক্ষম হয়।
সেইয়া উদ্ভৱ কৰিব গৈ আৱিষ্কাৰ হল মাউচৰ।
প্ৰথম মাউচখন তৈৰি কৰা হৈছিল কাঠৰ চাৰিকোণীয়া ফ্ৰেমৰ মাজত। তাৰ ভিতৰত আছিল ধাতুৰ চকৰি তাৰ ওপৰত এটি ৰঙা ৰঙৰ বটন সংযুক্ত আছিল।
0 Comments