Ads Area

Assamese Grammar Learning | Assamese Grammar SEBA/HSLC/HS/Class 10/Class 12

শব্দ কাক বোলে? 

অর্থ প্রকাশক বর্ণ বা বর্ণসমষ্টিকে শব্দ বােলে। 

যেনে:- দ, ৰ, ব, ক, গৰু, ঘোঁৰা, মানুহ, ভাল বেয়া ইত্যাদি।

Assamese Grammar Class 8 - Assamese Grammar Class 9 - Assamese Grammar class 10 - অসমীয়া ব্যাকৰণ

Assamese Grammar

অসমীয়া ভাষাৰ শব্দসম্ভাৰ (Assamese Grammar)


১। তদ্ভৱ শব্দঃ মূল আর্য ভাষাৰপৰা পালি, প্রাকৃতৰ মাজেদি সামান্য গঢ় সলাই উদ্ভৱ হােৱা শব্দবিলাকক তদ্ভৱ শব্দ বােলে। যেনেঃ হস্ত→হাত, হস্তী-হাতী, কর্ণ- কাণ, অদ্য-আজি, ওষ্ঠ-ওঁঠ, সর্প—সাপ, গৰ্ত্ত-গাঁত ইত্যাদি।


২। (ক) তৎসম শব্দঃ যিবােৰ সংস্কৃত শব্দ মূল সংস্কৃত শব্দ ৰূপেই ব্যৱহাৰ হয়, সেইবােৰক তৎসম শব্দ বােলে। যেনে:- চন্দ্র, সূর্য, নদী, কৃষ্টি, লতা, ধন, ফল ইত্যাদি।


(খ) অৰ্দ্ধতৎসম শব্দঃ- যিবােৰ সংস্কৃত শব্দ অসমীয়া ভাষাত উচ্চাৰণৰ বিকৃতি ঘটাৰ ফলত ৰূপান্তৰ হৈছে, তেনে শব্দক অৰ্দ্ধতৎসম শব্দ বােলা হয়। যেনে: - ভক্তি-ভকতি, ধৰ্ম্ম-ধৰম, কর্ম-কৰম, শ্ৰী-চিৰি, উৎসৱ-উছ, স্বাদ-সােৱাদ, মিত্র-মিতিৰ, মিথ্যা-মিছা, সত্য-সঁচা, স্থিৰ-থিৰ, ৰত্ন-ৰতন ইত্যাদি।


৩। দেশীয় শব্দঃ- যিবােৰ শব্দৰ মূল বিচাৰি পােৱা নাযায়, সেইবােৰক দেশীয় শব্দ বােলে। যেনে : জোন, বেলি, জুই, গাড়ী, পেট ইত্যাদি।


৪। বিদেশী আৰু ভাৰতৰ অন্যান্য গােষ্ঠীৰ শব্দঃ- ইউৰােপীয় আৰু অন্যান্য ভাৰতীয় ভাষাৰ বহুত শব্দ পােনে পােনে বা সামান্য পৰিৱৰ্তন হৈ অসমীয়া ভাষাত সােমাইছে। যেনেঃ


(ক) ইংৰাজী শব্দঃ স্কুল, কলেজ, পেন্সিল, অফিছ, ৰেল, পুলিচ, স্কেল, পেন, কম্পিউটাৰ, বাচ, লাইট, লেটাৰ বক্স, ট্রেফিক, বাইক, বিল্ডিং, টিউবেল ইত্যাদি। সামান্য পৰিৱৰ্তন হৈ- গ্লাছ-গিলাচ, বক্স-বাকচ, ডক্তৰ—ডাক্তৰ, জাজ-জজ, লর্ড-লাট ইত্যাদি।


(খ) আৰবী শব্দঃ কাগজ, কলম, চিয়াঁহী, দোৱাত, কিতাপ, হাজিৰ, দাখিল, দৌলত, তলব, হুকুম আদি।


(গ) পাৰ্চী শব্দঃ হাকিম, পেস্কাৰ, বজাৰ, মচগুল, কিস্তি, আদালত, আন্দাজ, দৰজা, চাবুক, তাবিজ ইত্যাদি।


(ঘ) হিন্দী শব্দঃ চকীদাৰ, হাইজা, মহঙা, খচৰা, নথি, খাতা চপ্পল, মকান আদি।


(ঙ) ওলন্দাজ শব্দঃ হর্তন, ইস্কাপন, চিৰিতন, ৰােহিতন ইচস্ক্রপ আদি।


(চ) ফৰাচী শব্দঃ চাবােন, কার্তিজ, বুর্জোৱা আদি।


(ছ) পর্তুগীজ শব্দঃ আলপিন, আলমাৰি, আয়া, ইস্তিৰি, ইস্পাত, কিৰিচ, কবি, চাবি, বুটাম, বাটি, বেহেলা, বােমা, বয়স, নীলাম আদি।


(জ) চীনা শব্দঃ চেনী, লিচু ইত্যাদি।


(ঞ) জাপানী শব্দঃ চামুৰাই, জুদু, ৰিক্সা, টচিবা ইত্যাদি।


(ঝ) আফ্রিকান শব্দঃ জেব্রা।


(ট) টাই ভাষাৰপৰাঃ বুৰঞ্জী, ৰংঘৰ, কাৰেংঘৰ, নামচাং, নামডাং, নামৰূপ, বান বাটি, বান কাহী, পং, পােখা, মৈদাম, তিপাম, টিয়ক, টিৰাপ চাংমাই, মাইহাং, হেংদান, ফুকন, গোঁহাই, তামুলী, স্বৰ্গদেউ, ৰাজমাও, পুথাও, এনাই আদি।


(ঠ) বড়াে ভাষাৰ শব্দঃ ডিব্ৰু, ডিগাৰু, ডিগবৈ, দিখৌ, ডিক্রং, দিচাং, ভােগদৈ, মঙলদৈ, হাজো, হাকামা, বিহামপুৰ, দিছপুৰ, মৈৰাং, লাওখােলা, জোং, হােলােঙা, ৰংজুলী ইত্যাদি।


(ড) অষ্ট্রিক গােষ্ঠীৰ শব্দঃ কিংখাপ, খং, ডিঙা, জঞ্জাল, জগা, উই, চিকৰা, নাঙল, তামােল আদি।


এইদৰে বিভিন্ন ভাষা গােষ্ঠীৰপৰা নানা শব্দ অসমীয়া ভাষাত প্ৰৱেশ কৰি ভাষাটো চহকী কৰি তুলিছে।


শব্দৰ গঠন ( Assamese Grammar )

অসমীয়া ভাষাত ব্যৱহাৰ হােৱা শব্দবিলাকৰ কিছুমান মূল শব্দ আৰু কিছুমান ধাতু আৰু অন্য শব্দত প্রত্যয় আদি যােগ কৰি গঠিত হােৱা শব্দ। গঠন অনুযায়ী শব্দবিলাকক তিনি ভাগত ভগােৱা হৈছে ৷


(1) কৃদন্ত শব্দ


(2) তদ্ধিতান্ত শব্দ আৰু


(3) সমাসনিষ্পন্ন শব্দ


১। কৃদন্ত শব্দঃ

ধাতুৰ পিছত কৃৎ প্রত্যয় যােগ হৈ হােৱা শব্দক কৃদন্ত শব্দ বােলে।

অসমীয়া কৃদন্ত শব্দ-

খা + অন = খাৱন,


শাে + অন = শােৱন


লিখ্ + আৰু = লিখাৰু


খুন্দ + অনা = খুন্দনা


বিচ্ + অনী = বিচনী ইত্যাদি।


সংস্কৃত কৃদন্ত শব্দ-


কৃ + তব্য = কর্ত্তব্য (কর্তব্য)


কৃ + যৎ = কাৰ্য্য (কার্য)।


পঠ্ + ঘঞ্ = পাঠ।


পূজ্ + ঙ + (স্ত্রী-আ) = পূজা ইত্যাদি।


২। তদ্ধিতান্ত শব্দঃ 

প্রাতিপদিকৰ পিছত তদ্ধিত প্রত্যয় যােগ হৈ নিষ্পন্ন হােৱা শব্দক তদ্ধিতান্ত শব্দ বােলে।


অসমীয়া তদ্ধিতান্ত শব্দ


বন + অনি = বননি


নাও + অৰীয়া = নাৱৰীয়া


তল + অতীয়া = তলতীয়া


বাট + অৰুৱা = বাটৰুৱা ইত্যাদি।


সংস্কৃত তদ্ধিতান্ত শব্দ


পাণ্ডু + ঞ্চ = পাণ্ডৱ


কুৰু + ঞ্চ = কৌৰৱ।


মেধা + বিন্ = মেধাৱী।


মধুৰ + ইমন্ = মধুৰিমা ইত্যাদি।


৩। সমাসনিষ্পন্ন শব্দঃ 

সমাস নিষ্পন্ন হৈ উদ্ভৱ হােৱা বেছি ভাগ শব্দই সংস্কৃত ভাষাৰপৰা আহিছে। যেনেঃ পংকত জন্মে যি = পঙ্কজ। সৰসত জন্মে যি= সৰসিজ, নীলা অম্বৰ যাৰ নীলাম্বৰ ইত্যাদি। অসমীয়া সমাসনিষ্পন্ন শব্দঃ হতাহতি, চুলিয়াচুলি, সেঁকীয়াপতীয়া, বেঙেনাবুলীয়া, হাত দীঘল ইত্যাদি।

অন্যান্য শব্দ { Assamese Grammar }

যৌগিক শব্দঃ যিবিলাক শব্দই প্রকৃতি আৰু প্ৰত্যয়ৰ অর্থকে প্রকাশ কৰে, সেইবােৰক যৌগিক শব্দ বােলে। যেনেঃ কৃ + তব্য = কৰ্ত্তব্য (কর্তব্য), কৃ + অনীয় = কৰণীয়, দা + ক্ত =দত্ত, হন + ক্ত =হত; চৰ্ + অনট্ = চৰণ, নী + অনট্ = নয়ন। এইবােৰত প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থ একে আছে।


অসমীয়াতঃ খা + অন = খাৱন, খুন্দ + অনা = খুন্দনা শাে + অন = শােৱন ইত্যাদি।


ৰূঢ় শব্দঃ 

যিবােৰ শব্দই প্রকৃতি আৰু প্ৰত্যয়ৰ অর্থ নুবুজাই সুকীয়া অর্থ বুজায়, সেইবােৰ শব্দক ৰূঢ় শব্দ বােলে। 

যেনেঃ প্র+হৃ+ঘঞ্চ্=প্ৰহাৰ। ইয়াত প্ৰ উপসৰ্গৰ অর্থ—ভালদৰে; হৃ ধাতুৰ অর্থ-হৰণ কৰা। গতিকে প্রহাৰ শব্দৰ অৰ্থ—ভালকৈ হৰণ কৰা হ'ব লাগিছিল। কিন্তু শব্দৰ প্রকৃত অর্থ আঘাত কৰা হে।


যােগৰূঢ় শব্দঃ 

যিবোৰ শব্দই প্রকৃতি আৰু প্রত্যয়ৰ অৰ্থৰ উপৰিও আন বিশেষ অর্থ বুজায় সেইবােৰক যােগৰূঢ় শব্দ বােলে। যেনেঃ পংকজ = পংক + জন্+ ড = পংকত জন্ম যাৰ। কিন্তু পংকজ শব্দই বােকাত জন্মা সকলােকে নুবুজাই পদুম ফুলকহে বুজায়। সেইদৰে- হস্তী = হস্ত + ঈ— হাত যাৰ আছে। কিন্তু হস্তী শব্দৰ অৰ্থ হাতী।


অনুৰূপ শব্দঃ 

আচল শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ আচল শব্দৰ আগত বা পিছত একে নিচিনা অথচ অর্থশূন্য যিবােৰ শব্দ ব্যৱহাৰ কৰা হয়, সেই শব্দবােৰক অনুৰূপ শব্দ বােলে। যেনেঃ মাছ-তাছ, চাহ-তাহ, ডা-ডাঙৰীয়া, ভাত-চাত, ঘৰ-চৰ ইত্যাদি।


অনুৰূপ শব্দ তিনি প্রকাৰৰঃ


অনুকাৰ অনুৰূপঃ 

মূল শব্দৰ পিছত প্ৰায় একে নিচিনা অথচ অর্থশূন্য যিবােৰ শব্দ যােগ কৰা হয়, সেইবােৰক অনুকাৰ অনুৰূপ শব্দ বােলে। যেনেঃ মাছ-তাছ, ভাত-চাত, টকা-চকা, কিতাপ-চিতাপ, পুথি-চুথি ইত্যাদি।


দ্বিৰুক্ত অনুৰূপঃ 

কেতিয়াবা মূল শব্দৰ আদিধ্বনিত জোৰ দি ধ্বনিটো দ্বিৰুক্তি কৰা হয়, এনে অনুৰূপ শব্দক দ্বিৰুক্ত অনুৰূপ শব্দ বােলে। যেনেঃ জা-জলপান, পা-পইচা, বা-বাতৰি, ডা-ডাঙৰীয়া ইত্যাদি।


যুৰীয়া বা অনিয়মিত অনুৰূপঃ 

কেতিয়াবা বেলেগ উচ্চাৰণযুক্ত যুৰীয়া শব্দ ব্যৱহাৰ কৰি অনুৰূপ শব্দ কৰা হয়। এইবােৰক যুৰীয়া বা অনিয়মিত অনুৰূপ বােলে। যেনেঃ চাকৰ-নাকৰ, তেল-কুৰ, ৰূপ-বান মা-মছলা, জা-জলপান ইত্যাদি।


অনুকাৰ শব্দ বা ধ্বন্যাত্মক শব্দঃ 

কোনাে ধ্বনি বা জীৱ-জন্তুৰ মাত অনুকৰণ কৰি যি শব্দ তৈয়াৰ কৰা হয়, তাক অনুকাৰ শব্দ বােলে। যেনেঃ কেৰ্ কেৰ্, মেৰ্ মেৰ্, হিৰ্ হিৰ্, কা কা, টং টং, ফোঁচ্ ফোঁচ্ ইত্যাদি।


প্ৰতিপদিক 

নাম বুজোৱা শব্দবিলাককে প্রাতিপদিক বােলে।

যেনেঃ গছ, লতা, গৰু, মানুহ, দয়া, ক্ষমা ইত্যাদি।


ধাতুঃ 

যিবােৰ শব্দই কার্য সম্পাদন কৰা বুজায়, সেইবােৰক ধাতু বােলে। (ক্রিয়াৰ মূলকে ধাতু বােলে)।

যেনেঃ কৰ্, ধৰ্, খা, যা, পঢ়্ ইত্যাদি।


প্রকৃতিঃ 

প্রাতিপদিক আৰু ধাতুক প্রকৃতি বােলে।

Post a Comment

0 Comments