- অসমীয়া ৰচনা -
অসমীয়া প্রবচন আৰু ফকৰা-যােজনা
ভূমিকাঃ
অসমীয়া মৌখিক সাহিত্যৰ উল্লেখযােগ্য ৰচনা হ’ল প্রবচন আৰু ফকৰা যােজনাসমূহ। অসমীয়া ভাষাত ডাক পুৰুষৰ নামত চলিত বা জড়িত প্রবচনসমূহেই আটাইতকৈ প্রাচীন এনেধৰণৰ মৌখিক সাহিত্য।
ডাকৰ বচনঃ
অসমীয়া মৌখিক সাহিত্যৰ এলানি উল্লেখযােগ্য প্রবচন বা নীতিবাক্য হ’ল ডাকৰ বচন। অসমীয়া ভাষাত ডাক পুৰুষৰ নামত চলিত বা জড়িত ‘ডাকৰ বচন'ৰূপে প্রসিদ্ধ প্রবচনসমূহকেই আটাইতকৈ প্রাচীন এনেধৰণৰ মৌখিক সাহিত্যৰূপে আখ্যা দিয়া হৈছে। ডাকক চতুর্থ-ষষ্ঠ শতিকাৰ বৰাহ-মিহিৰৰ সমসাময়িক বুলি ভবা হয় আৰু বৰপেটা অঞ্চলৰ লােহি বা লােহিডঙৰা নামৰ ঠাইত তেওঁৰ (ডাকৰ) জন্ম বুলি অনুমান কৰা হয়। জনপ্রবাদ অনুসৰি এক কুমাৰীৰ ঘৰত ডাকৰ জন্ম হৈছিল। উপজিয়েই মাত (ডাক) দিয়া বাবে তেওঁৰ নাম ডাক হয়। ল'ৰাকালতে ভেঁট ফুল তুলিবলৈ যাওঁতে লগৰ লগৰীয়াই পানীত পেলাই মাৰে। আন এক প্রবাদমতে ডাকে হেনো মাত্র ‘এদিন-এনিশা'লৈ জন্মগ্রহণ কৰিছিল। এনে সামঞ্জস্যহীন প্রবাদৰ পৰা ডাকক ঐতিহাসিক ব্যক্তি বুলি মানি ল'বলৈ টান। সেয়েহে বহু পণ্ডিতৰ মতে ডাক এটা কাল্পনিক নাম। ডাক শব্দৰ অৰ্থ হ’ল উচ্চৰণ কৰা, সম্বােধন কৰা বা আহ্বান কৰা, গতিকে যিবােৰ উপদেশে সমাজত কেনেকৈ চলিব লাগে সকীয়াই দিয়ে, সিয়ে হয়তাে ডাকৰ বচনৰূপে প্রসিদ্ধি লভে। বা ক'ব পাৰি, আগৰে পৰা যিবােৰ ৰীতিনীতিৰ কথা বা জ্ঞানীৰ উপদেশ জনসাধাৰণৰ মাজত ছন্দৰ মাজেদি চলি আহিছিল, সিবােৰকে হয়ত কালক্ৰমত ‘ডাক'নামে কাল্পনিক পুৰুষ এজনৰ নামত প্ৰচাৰ কৰা হ'ল। হয়তাে চহা জীৱনৰ গুৰুত্বপূৰ্ণ আৰু ব্যৱহাৰিক জ্ঞানৰ কথাবােৰেই ডাকৰ নামত সমাজত প্রচলিত হৈছিল। সম্ভবতঃ এনেও হ’ব পাৰে যে অসমীয়া প্রবচনৱলীৰ বাছকবনীয়া ভাগ ডাকৰ বচনৰূপে খ্যাত হৈছে। ডাকৰ বচনবােৰত কৃষি, বতৰ, ভেষজ বিদ্যা, ৰাজনীতি আৰু জীৱনৰ সকলাে ধৰণৰ অভিজ্ঞতা, বর্হিজগতৰ আৰু মানৱ জীৱনৰ ঘনিষ্ঠ জ্ঞানকে ধৰি সকলাে ধৰণৰ বিষযেই ঠাই পাইছে। পয়াৰ ছন্দত ৰচিত ডাকৰ বচনবােৰৰ ভাষাৰ মনােগ্রাহিতা আৰু প্ৰৱেশিকা শক্তি চমকপ্রদ। কি মাটিত খেতি কৰিব লাগে, কেনে গৰু কিনিব লাগে, কেনে মাকৰ ছােৱালী অনা যুগুত, সু-নাৰী, কু-নাৰীৰ লক্ষণ, কেনেকৈ ৰন্ধা-বঢ়া কৰিব লাগে, কেতিয়া কোনফালে যাত্ৰা কৰিব লাগে-নালাগে, শৰীৰ ভালে ৰখাৰ নানা উপায়, এনে নানা ধৰণৰ দিহা ডাকৰ বচনবােৰত পােৱা যায়।
নাগৰিক জীৱন বা সভ্যতাৰ আঁচোৰ ডাকৰ বচনত নাই। ৰজাৰ উল্লেখ আৰু ৰাজধৰ্মৰ সামান্য আঁচোৰ কোনাে গুৰুত্ব ডাকৰ বচনত দিয়া হােৱা নাই। 'ডাক’ কথাটি তিব্বতী ভাষাতো প্রচলিত, অর্থ জ্ঞানী। গতিকে ডাকৰ বচন মানে জ্ঞানীৰ বচন বুলিয়েই ঠাৱৰ কৰিব পাৰি।
বংগদেশত খনাৰ বচনৰ লগতাে ডাকৰ কেতবােৰ বচনৰ সাদৃশ্য আছে। জনসাধাৰণৰ মাজত চলা এই বচনবিলাক বিশ্লেষণ কৰিলে অনাখৰি চহা লােকৰাে যে সৎ-অসৎ জ্ঞান আছে, ধনী-দুখীয়া নাইবা বলী-নির্বলীৰ মাজত থকা পার্থক্যৰ বােধ আছে, তাক উপলব্ধি কৰিব পাৰি।
ফকৰা-যােজনাঃ
ফকৰা-যােজনাসমূহকো প্রবচনৰ সমার্থক বুলি বহুক্ষেত্ৰত ধৰা হয়। দহৰ জ্ঞান এক বাণী (The wisdom of many and the wit of one)ঃ এয়ে ফকৰা-যােজনাৰ মূল কথা। চুটি চুটি বাক্যত একোটি সাৰগর্ভ সত্য বা অভিজ্ঞতা প্রকাশ কৰিব পৰা এক অদ্ভুত শক্তি অধিকাৰী ফকৰা-যােজনাবােৰত সাংসাৰিক অভিজ্ঞতালব্ধ জ্ঞানমূলক নীতি, নাৰী-মন, নাৰী-সমাজ, পুৰুষ প্রধান সমাজত নাৰী সম্পৰ্কে ধাৰণা, বিভিন্ন সময়ত প্রচলিত জীৱনচর্যা আৰু আদর্শবাদ, জাতিৰ মনস্তত্ব, আচাৰ-ব্যৱহাৰ আৰু বহুক্ষেত্ৰত সমালােচনাও পােৱা যায়। যেতিয়াই সাদৃশ্যপূর্ণ ঘটনাৰ সন্মুখীন হয়, তেতিয়াই এইবিলাক স্বতঃস্ফূর্তভাৱে উক্ত হয়.
সামৰণিঃ
ফকৰাবােৰ সাধাৰণতে গূঢ়ার্থক, ছন্দোবদ্ধ আৰু আপাত বক্তব্যৰ অন্তৰালত একোটা নিগূঢ় অর্থ সােমাই থাকে। যেনেঃ 'সাগৰৰ মৌ, পৰ্বতৰ ঢৌ, বাপেকৰ তিৰী নাই পুতেকৰ সাত বৌ'। যােজনাবিলাকত এফাঁকি কথা পুৰাবলৈ আন এফাঁকি কথা যােগ কৰি দিয়া হয়। যােগ কৰি দিয়া ফাঁকিৰ বহু ক্ষেত্ৰত অর্থ নাথাকিবও পাৰে। বক্তাৰ কথা কোৱা চমকাৰিত্ব, বুদ্ধিদীপ্ততা, পর্যবেক্ষণ শক্তি, চমু সাৰগর্ভ মন্তব্য, অন্তৰ সৰকি যােৱা ব্যংগ আৰু সাংসাৰিক জ্ঞানৰ স্বাক্ষৰ এই প্রবচন বা প্রবাদ বাক্য আৰু ফকৰা-যােজনাবােৰে বহন কৰে। ফকৰা-যােজনাবিলাকত শব্দৰ স্পষ্টতা আৰু অৰ্থৰ আধিক্য মন কৰিবলগীয়া। এইবিলাকৰ সহায়েৰে চমু কথাৰেই বহু কথা ক'ব পৰা হয়, এইবিলাক কথাৰ সাগৰ। কেতিয়াবা একোটাহঁত প্রবাদ বচনৰ অন্তৰালত একোটা মনােৰম সাধুৱেও উমলৈ থাকে। ফকৰা-যােজনাসমূহৰ ৰচনাৰ সময় নির্ণয় কৰা টান যদিও বুৰঞ্জীৰ ঘটনাৰ উল্লেখ থকা বা বৈষ্ণৱ নীতি-সদাচাৰ সম্পৰ্কীয় বচনসমূহৰ মােটামুটি সময় নির্ণয় কৰিব পৰা যায়। অৱশ্যে এটা কথা ঠিক যে প্রবাদ-প্রবচন, ফকৰা-যােজনা —এই সকলােৰে উৎপত্তি হ'ল কৃষিকেন্দ্রিক সমাজ। নাগৰিক জীৱন বা সভ্যতাৰ লগত এইবােৰৰ সম্পর্ক নাই বুলিলেও হয়।
0 Comments