হস্তী চৰাই
এটা পাখী থকা বৃহদাকায় হস্তী চৰাইটোৱে ঘোঁৰাটো গিলি পেলোৱা নাছিল বুলি মুনিয়াই জানিছিল। চৰাইটো ঘোঁৰাটো গিলিব পৰাকৈ ডাঙৰ আছিল যদিও, এই কথাই এইটো প্রমাণ নকৰে যে, সি ঘোঁৰাটো গিলিছে! আধনীয়া গাঁৱত দুটা ঘোঁৰাই টনা মাত্র এখনহে গাড়ী আছিল। ঘোঁৰা দুটাৰ নাম আছিল, বায়ু আৰু দ্রুত। ইয়াৰে বায়ু নামৰ ঘোৰাটো হস্তী চৰাইটো বাস কৰা জংঘলৰ কাষৰ পৰা এদিন হঠাৎ নোহোৱা হৈছিল।
বহু পুৰুষৰ পৰাই গাওঁবাসীয়ে হস্তী চৰাইটোৰ বিষয়ে জানিছিল।
এইটোৱেই হ‘ল এই প্রজাতিৰ শেষ চৰাই - এই লুপ্ত প্রায় প্ৰজাতিৰ চৰাই বিধ শ‘ শ‘ বছৰৰ আগতেই নোহোৱা হৈছে বুলি কোৱা হয়। এই জীৱিত স্মৃতিৰ অৱশেষ, চৰাইবিধে সিহঁতৰ সকলোবোৰ পাখি হেৰুৱাই মাত্র এটা পাখি থকা চৰাইলৈ পৰিণত হয়। আৰু সিহঁতৰে এটা চৰাই আধানীয়াৰ জংঘলত এতিয়াও ঘূৰি ফুৰিছে বুলি পৃথিৱীৰ কোনো মানুহে নাজানিছিল।
চৰাইটো আৰু গাওঁবাসীয়ে পৰস্পৰে পৰস্পৰৰ
মাজত এক নিৰাপদ দূৰত্ব বজায় ৰক্ষা কৰি চলে; কিন্তু মুনিয়া আৰু চৰাইটোৰ মাজত তেনে কোনো দূৰত্ব নাছিল। ভৰিৰে অলপ দুপিয়াই খোজকাঢ়ে যদিও মুনিয়া এজনী সাহসী ছোৱালী। চৰাইটো নিৰীক্ষণ কৰিবৰ কাৰণে তাই প্রায়েই জংঘলৰ মাজলৈ যায় ।
হস্তী চৰাইটো দিনৰ বেলাত হ্রদৰ কাষত খেলিবলৈ আহে, ৰ‘দত দীঘল দি শুই গা গৰম কৰে, আৰু হ্রদৰ পানীত গা ধুই, পানী ছটিয়াই খেলা কৰে। কেতিয়াবা সি পানীত আধালৈকে ডুবি বহি থাকে আৰু কোনো দিনা তাৰ দেখাই পোৱা নাযায়।
হয়তো সি গভীৰ জংঘলৰ কোনো এটা চুকত বহি জিৰণি লয়। থিয় হ‘লে সি এজোপা গছৰ সমান ওখ হয়। তাৰ ডিঙিটোও বৰ শক্তিশালী আৰু দীঘল। ভৰি কেইটাত হাতোৰা থকা, আৰু কাঁইট থকা মূৰটো গধুৰ। তাৰ দীঘল হাতোৰা আৰু নখবোৰ ঘাৰে খহটা যেন লাগে ।
কিন্তু মুনিয়াই অতি সোনকালে আৱিস্কাৰ কৰিলে, চৰাইটো বৰ লাজকুৰীয়া। সি হ্রদৰ কাষৰ গছ-গছনিবোৰৰ পাত খাই জীয়াই থাকে।
মুনিয়াই তাইৰ লগত চৰাইটোৰ কিবা এটা মিল থকা যেন অনুভৱ কৰিছিল। হস্তী চৰাইটো উৰিব নোৱাৰে আৰু মুনিয়াই দৌৰিব নোৱাৰে - সিহঁতৰ মাজৰ মিল এইটোৱেই! গাঁৱৰ অন্য লৰা-ছোৱালী হঁতে তাইৰ দৰে খোৰাই খোৰাই খোজকাঢ়ি তাইক উপলুঙা কৰে আৰু সিহঁতৰ লগত খেলিবলৈ নিদিয়ে। সেয়েহে তাই অকলে থাকিবলৈ ভাল পায়।
সদায় ৰাতিপুৱা মুনিয়াই গাঁৱৰ কুঁৱাৰ পৰা তিনি কলহ পানী কঢ়িয়াই আনি মাকক সহায় কৰাৰ লগতে জংঘলৰ পৰা খৰিও বিচাৰি আনে, যাতে মাকে চৌকা জ্বলাই ৰন্ধা-বঢ়া কৰিব পাৰে। এই কাম কেইটা কৰাৰ পিছত মুনিয়া বহুত সময়ৰ কাৰণে ঘৰৰ বাহিৰত থাকিব পাৰে। মাকে ভাবে, তাই লগৰ লৰা-ছোৱালীহঁতৰ লগত খেলিবলৈ যায়। মুনিয়া যে জংঘলৰ হ্ৰদটোৰ কাষত থকা হস্তী চৰাইটোৰ ওচৰলৈ যায়, সেই কথা মাকে একেবাৰে নাজানিছিল ।
এদিন সাহস গোটাই মুনিয়াই হ্রদৰ কাষৰ খোলা ঠাইখিনিৰ মাজলৈ সোমাই গ‘ল। হস্তী চৰাইটোৱে তাৰ মূৰ নুঘূৰোৱাকৈ মুনিয়াৰ ফালে চাই চকু কেইটা পকাই আকৌ চকু বন্ধ কৰিলে। চৰাইটোৱে তাই তাৰ কাষলৈ যোৱাৰ কথাটোত অকণো গুৰুত্ব নিদিলে।
মাখিবোৰে তাৰ মূৰৰ ওপৰত ভোঁ ভোঁৱাই কৰা শব্দবোৰে মনোযোগ নোপোৱাৰ দৰে মুনিয়ায়ো মনোযোগ নাপাই, তাই জঁপিয়াই শব্দ কৰিলে। শব্দ শুনি হঠাৎ হস্তী চৰাইটোৱে তাৰ এখন হাতোৰা ডাঙি দিলে। মুনিয়াই চিঞৰি উঠি মূৰটো তললৈ কৰি হ্রদৰ অগভীৰ পানীত পৰি গ‘ল। তাই পানীত ভিজি জুৰুলা হৈ উঠি আহি চৰাইটোক চাৰিওফালে লৰি ফুৰা দেখিলে । সি হাঁহি আছিল!
"বৰ মজা পাইছা, নহয় নে ?" তাই খঙতে ক‘লে আৰু যাবৰ কাৰণে ঘূৰিল । মুনিয়াই তাইৰ ভৰিৰ পৰা কিবা এটা এৰুৱাই যাবলৈ লোৱাৰ আগতেই কিবা ফল এটা হস্তী চৰাইটোৱে তাইৰ গালৈ দলিয়াই দিলে। চৰাইটোৱে তাইৰ লগত খেলিবলৈ ইচ্ছা কৰিছিল !
সংকুচিত ভাৱে মুনিয়াইয়ো ফলটো চৰাইটোৰ গালৈ দলিয়াই দিলে। সি অকণমান কাষলৈ আঁতৰ হৈ গৈ তাৰ ঠোঁটেৰে ফলটো ধৰি ল‘লে। এইদৰে হস্তী চৰাইটোৰ লগত তাইৰ বন্ধু্ত্ব গঢ়ি উঠিল। অৱশেষত তাই এটা বন্ধু্ লগ পােৱাৰ সময়তে বায়ু নামৰ ঘোঁৰাটো হেৰাল! সকলোৰে সন্দেহ গৈ হস্তী চৰাইটোৰ ওপৰত গৈ পৰিলগৈ।
বায়ুক সকলো ঠাইতে বিচাৰি গাঁওবাসী আহি পুৰণা বৰ গছজোপাৰ তলত গোট খালেহি। আধানীয়াত কোনো চোৰ নাই বুলি সকলো গাওঁবাসী একমত । সিহঁতে সকলোৱে ইজনে সিজনক বিশ্বাস কৰিছিল। গাখীৰ বেচা মানুহটোৱে শপত খাই ক‘লে ,সি বায়ুক হ্রদৰ ফালে দৌৰি যোৱা দেখিছিল। গাঁৱৰ মানুহ এটাই গাওঁবুঢ়াক ক‘লে,"বায়ুৰ কোনো খবৰ নাই। জংঘলৰ ভিতৰতে এনে কিবা এটা আছে, যি বায়ুক ধৰিছে ! এই কামটো দৈত্যকায় হস্তী চৰাইটোৰ বাহিৰে আন কোনে কৰিব পাৰে ? তাক মাৰিব লাগিব!" গাখীৰ দিয়া মানুহটোৱে ক‘লে, “বহুত বছৰৰ পৰা এই বেয়া কামটো কৰিবৰ কাৰণে কৌশলৰে চৰাইটোৱে নীৰৱে অপেক্ষা কৰি আছিল ।
উপস্থিত গাওঁবাসী এই কথাত সন্মত হ‘ল । মুনিয়াই মনে মনে কথাবোৰ শুনি আছিল। তাই কিবা ক‘বলৈ বিচাৰিছিল; কিন্তু কিবা ক‘লে শাস্তি দিব বুলি ভয়ো কৰিছিল । তাৰোপৰি তাই কিবা ক‘লেও তাইৰ কথানো কোনে বিশ্বাস কৰিব ?" মুনিয়াৰ দেউতাকে ক‘লে,"ইমান বছৰ অকৰ্মণ্য হৈ বাস কৰা দৈত্যকায় চৰাইটো এতিয়া ভয়ঙ্কৰ হৈ উঠিছে । “আজি এটা ঘোঁৰা, হয়তোবা কালিলৈ অন্য কোনোবা ল‘ৰা-ছোৱালীও ..."
গাওঁবুঢ়াই খঙৰে চিঞৰ মাৰি ক‘লে,"ভাইসকল, যদিও আমি দৈত্যকায় চৰাইটোৰ মুখামুখি হ‘বলৈ যাম; কিন্তু আমাৰ লগত বহুত মানুহ আছে। গতিকে ব‘লা, আমি গৈ তাক শেষ কৰি থৈ আহোগৈ!"
সকলোৱে সন্মতি দি চিঞৰি উঠিল। তেনেতে মুনিয়াই অকণমান আগুৱাই আহি অলপ ডাঙৰ মাতেৰে ক‘লে,"হস্তী চৰাইটোৱে ঘোঁৰাটোক নাই খোৱা। বায়ু হেৰোৱাৰ সময়ত মই চৰাইটোৰ লগতে আছিলো !" উপস্থিত লোকসকলৰ মাজত মাত নোহোৱা হ‘ল । "
ইয়াৰ মানে কি ?"গাওঁবুঢ়াই ডাঙৰ মাতেৰে সুধিলে ।"হস্তী চৰাইটো মোৰ বন্ধু, আৰু সি এই কাম কৰা নাই !"
"ছোৱালীজনী পাগল হ‘ল!" পিছফালে থকা কোনোবাই চিঞৰিলে ।
" চৰাইটোৱে মাত্র গছৰ পাতহে খায়! সি বায়ুক কেনেকৈ খাব ?" নিজৰ ঠাইৰ পৰা এখোজো লৰচৰ নকৰাকৈ মুনিয়াই চিঞৰি উঠিল।
"তই নিজৰ চুলিখিনিকে ঠিক কৰি বান্ধিব নোৱাৰ আৰু আমাক উপদেশ দিবলৈ আহিছ ?" মুনিয়াৰ দেউতাকে খং কৰি তাইৰ ফালে আগুৱাই আহি ক‘লে, "যা, নিজৰ লগৰীয়াৰ লগত খেলগৈ! মুনিয়াই ক‘লে,“হস্তী চৰাইটোৱেই মোৰ একমাত্র লগ।" তাইৰ দেউতাকে তাইৰ ফালে খঙৰে চালে; কিন্তু তাই সেই চাৱনি দেখি নাকান্দিলে, আৰু সেই ঠাইতে গাওঁবাসীৰ ফালে মুখ কৰি থিয় হৈ থাকিল। "তাইৰ কথা নাভাবিবা। আমি ৰাতিপুৱা হস্তী চৰাইটোক বিচাৰিম।",গাওঁবুঢ়াই ক‘লে আৰু ইয়াৰ পিছত গাওঁবাসী তাৰ পৰা গ‘লগৈ।
হস্তী চৰাইটো দোষী নহয় বুলি প্রমাণ কৰিবলৈ মুনিয়াৰ হাতত মাত্র এটা ৰাতি হে সময় আছে।" ভাব, মুনিয়া ভাব!" তাই নিজকে ফুচফুচাই ক‘লে । "গাখীৰ দিয়া মানুহটোৱে হ্রদৰ ফালে যোৱা ৰাস্তাৰে বায়ুক দৌৰি যোৱা দেখিছিল; কিন্তু হ্রদ পোৱাৰ আগতেই ৰাস্তাটো চন্দচেৰাৰ ফালে বেঁকা হৈ ঘূৰি গৈছে। বায়ু সেই ফালেওতো যাব পাৰে ?"
মুনিয়াৰ মাক-দেউতাকে তাইৰ ওপৰত খং কৰি এটাও কথা নপতাকৈ তাইক শুবলৈ পঠিয়াই দিলে। তেওঁলোকৰ টোপনি যোৱাত তাই লেম্পটো হাতত লৈ ঘৰৰ পৰা ওলাই গ‘ল ।
তাই আধানীয়া পাৰ হৈ কাষতে থকা চন্দচেৰা গাঁৱলৈ যোৱা জংঘলৰ ৰাস্তাটো পালেহি । উ উ উ..জংঘলৰ ক‘ৰবাৰ পৰা এটা ফেঁচাৰ মাত ভাঁহি আহিল । দূৰৰ পৰা এটা শিয়ালৰ চিঞৰো আহি কাণত পৰিলহি । গছৰ ছাঁবোৰ দীঘল দীঘল আঙুলিৰ দৰে অহা-যোৱা কৰা দেখা গ‘ল । তাই অকণমান সময়ৰ কাৰণে থমকি ৰৈছিল; কিন্তু চৰাইটো জংঘলৰ মাজত অকলে শান্তিৰে শুই থকা কথা তাইৰ মনলৈ আহিল। তাই যদি কিবা এটা নকৰে , তেতিয়াহ‘লে চৰাইটো হয়তো কালিলৈ জীয়াই নাথাকিব । সেয়েহে তাই এটা দীঘল উশাহ লৈ সেই গভীৰ ৰাতি অকলেই জংঘলৰ আৰু ভিতৰলৈ খোৰাই খোৰাই সোমাই গ‘ল ।
পিছদিনা গাওঁবাসীয়ে হাতত জাঠি জোং, দা-কটাৰী ,লাঠি, শিল আদি লৈ হ্রদৰ পাৰত গোট খালে। মানুহ বিলাকে চৰাইটোৰ ফালে আগবাঢ়ি যাওঁতে সি শান্তিৰে জিৰণি লৈ আছিল। তাৰ পাখি নথকা পিছফালটোত সূৰ্য ৰশ্মি পৰি চিকমিকাই আছিল। মানুহবোৰক দেখি চৰাইটোৱে লাহেকৈ উঠি সিহঁতৰ ফালে চালে। তাৰ আকাৰ দেখি গাওঁবাসী অলপ দূৰত ৰৈ গ‘ল । অলপ সময় ৰৈ গাওঁবুঢ়াই চিঞৰিলে,"সাজু হোৱা!" হাতত থকা অস্ত্র-শস্ত্র বোৰ টান কৈ ধৰি মানুহবোৰেও চিঞৰি উঠিল । সিহঁত দৈত্যকায় এটা পাখি থকা হস্তী চৰাইটোক খেদি যাবলৈ সাজু আছিল।
"ৰ‘বা !" হুলস্থুলৰ মাজত মুনিয়াৰ সৰু মাতটো শুনিবলৈ পোৱা গ‘ল। তাই গাওঁবাসী আৰু চৰাইটোৰ মাজত থিয় হ‘ল । তাইৰ দেউতাকে ক‘লে, "মুনিয়া ! তই গুচি আহ !" অন্য কোনোবা এজনে চিঞৰিলে,"তাইক ধৰা !" মুনিয়াৰ দেউতাক
আৰু অন্য লোকসকল তাইৰ ফালে দৌৰি গ‘ল। হস্তী চৰাইটো কেইখোজমান আগুৱাই আহিল আৰু মানুববোৰ ৰৈ গ‘ল । "বাৰু... তহঁতে বিচাৰিছ যদি আমি তহঁত দুয়োকে একেলগে ব্যৱস্থা কৰিম !" জোং লৈ থকা মানুহ এটাই চিঞৰি উঠিল ।
এনে সময়তে কোনোবা এজন মানুহ আহি গাওঁ বাসীৰ পিছফালৰ পৰা চিঞৰি সুধিলে, ইয়াত কি হৈছে ? অলপ কুঁজা দীঘল দাঢ়ি থকা মানুহ এজন ঘোঁৰাৰ লেকামত ধৰি আগুৱাই আহিল। গাওঁবুঢ়াই আচৰিত দৃষ্টিৰে চাই প্রশ্ন কৰিলে,“ সাৰথী, তুমি ইয়াত কি কৰিছা ? আৰু বায়ু যে তোমাৰ লগত, তাৰ কাৰণ কি ?
"অ‘, জানানে, কেই বছৰ মানৰ আগতে মই বায়ুক বিক্রী কৰি দিছিলো । কালি মই ৰাতিপুৱা তোমালোকৰ গাঁৱৰ মাজেৰে জবৰু আৰু গবৰুৱে টনা মোৰ বাগীখনত গৈ আছিলো - বায়ু হ‘ল, জবৰু আৰু গবৰুৰ ভায়েক । ক‘ব নোৱাৰো, কেনেকৈ বায়ুৱে বান্ধোন খুলি আমাৰ পিছে পিছে চান্দচেৰা পালেগৈ! মই তাক চিনি পোৱা নাছিলো আৰু তাকনো কি কৰিম, সেইকথাও ভাবি পোৱা নাছিলো । আজি ৰাতিপুৱা সৰু ছোৱালী এজনীয়ে ঘৰে ঘৰে সোমাই হেৰোৱা ঘোঁৰা এটাৰ বিষয়ে খবৰ কৰি থকালৈকে একো চিন্তা কৰিব পৰা নাছিলো; কিন্তু এতিয়ানো ইয়াত কি হৈছে ?"তেওঁ আকৌ সুধিলে ।
গাওঁবাসীয়ে সাৰথীক কোনো উত্তৰ নিদিলে। সিহঁতে লাজতে মূৰ তল কৰিলে । মুনিয়াৰ দেউতাক তাইৰ কাষলৈ গৈ তাইক কোঁচত উঠাই লৈ গাঁৱলৈ ঘূৰি আহিল। সেই দিনাৰ পিছত আৰু কোনো ল‘ৰা- ছোৱালীয়ে মুনিয়াক খোৰা হোৱাৰ কথা কৈ হাঁহিবলৈ এৰিলে । এতিয়া সকলোৱে তাইৰ লগত বন্ধু্ত্ব কৰিবলৈ বিচাৰে । আৰু সিহঁতে হস্তী চৰাইটোৰ লগত বন্ধু্ত্ব কৰিবলৈ আগবাঢ়ি আহিল ।
মুনিয়াৰ এই কথাটো বহু দূৰৰ গাঁৱতো বিয়পি পৰিল আৰু দূৰ-দূৰণিৰ গাঁৱত ইজনে সিজনে এই বিষয়ে আলোচনাও কৰিছিল । মুনিয়াই ঘোঁৰাটো যে এটা পাখি থকা দৈতকায় চৰাইটোৱে খোৱা নাই, সেই কথা জানিছিল ।
0 Comments