Ads Area

বচন

 বচন


বচন মানে কথা, বাক্য, আদেশ ইত্যাদি। কিন্তু ব্যাকৰণত বচন এটা সংখ্যাবােধক পদ। এটাক বুজালে একবচন আৰু দুটা বা অধিক বুজালে বহুবচন। অসমীয়াত বিলাক, বােৰ, হঁত, সকল, লােক আদি ব্যৱহাৰ কৰি একবচনৰ পদক বহুবচনলৈ নিয়া হয়। সংখ্যাবাচক শব্দ, বহুত আদি ব্যৱহাৰ কৰিও বহুবচন কৰা হয়।


মখা, গণ, জাক, দল, থােক, থােপা, থুপি আদি সমষ্টি বুজাবলৈ ব্যৱহাৰ কৰা হয়।


১। বিলাকঃ মান্য অর্থত সাধাৰণতে মানুহ আদি প্রাণীবাচক শব্দৰ পাছত ‘বিলাক’ যােগ দি বহুবচন কৰা হয়। যেনেঃ মানুহবিলাক, ল’ৰাবিলাক, ছােৱালীবিলাক, ছাত্রবিলাক, অসমীয়াবিলাক ইত্যাদি।


কেতিয়াবা অপ্ৰাণীবাচক আৰু বস্তুবাচক বিশেষ্য পদৰ পাছতাে বচনত ‘বিলাক’ ব্যৱহাৰ কৰা হয়। যেনেঃ লঠঙা গছবিলাক থিয় হৈ আছে। ধানবিলাক গৰুৱে খাইছে। খালী ঘৰবিলাকে নীৰৱ বিননি তুলিছে; ইত্যাদি।


২। বোৰঃ প্রায় সকলাে সংজ্ঞা শব্দৰে পাছত বচনত ‘বােৰ’ ব্যৱহাৰ কৰা হয়। যেনেঃ মানুহবােৰ, ল’ৰাবােৰ, চোৰবােৰ, গৰুবােৰ, হাঁহবােৰ, ফুলবােৰ ইত্যাদি।


কেতিয়াবা বস্তুবাচক বিশেষ্যৰ পাছতাে বহুচনত ‘বােৰ’ ব্যৱহাৰ কৰা হয়। যেনেঃ পানীবোৰ, গাখীৰবােৰ, চেনিবােৰ, চাউলবােৰ ইত্যাদি।


৩। হঁতঃ মানুহ বুজোৱা শব্দৰ পাছত তুচ্ছাৰ্থত বা অনাদৰত বহুবচনত ব্যৱহাৰ কৰা হয়। যেনেঃ ল’ৰাহঁত, ইহঁত, সিহঁত, তহঁত, খৰিকটীয়াহঁত, কমাৰহঁত ইত্যাদি।


মানুহক জীৱ-জন্তুৰ লগত তুলনা কৰিলে, বহুবচনত ‘হঁত” ব্যৱহাৰ কৰা হয়। যেনেঃ হেৰৌ গৰুহঁত, নপঢ়ি হাই-উৰুমিহে কৰিছ? হেৰৌ বান্দৰহঁত ধিতিঙালি কৰিছ কিয়? ইত্যাদি।


আপােন বা নিজৰ লগত সম্বন্ধ বুজাবলৈ সম্ভ্ৰম বা গৌৰৱ অৰ্থতাে ‘হঁত’ বহুবচনত ব্যৱহাৰ কৰা হয়। যেনেঃ দেউতাহঁত এইমাত্র গুৱাহাটীৰপৰা আহি পাইছে। আইতাহঁত ফুৰিবলৈ গৈছে। ভাইহঁত, একতাই বল। ৰামহঁতৰ অৱস্থা জয়জয় ময়ময়।


৪। সকলঃ সম্ভ্ৰম আৰু মান্যার্থত বহুবচনত ‘সকল’ ব্যবহাৰ কৰা হয়। যেনেঃ প্রভুসকল, সভাসদসকল, বন্ধুসকল, আইসকল, ভাইসকল, দেউতাসকল, তেখেতসকল, এখেতসকল, আপােনসকল ইত্যাদি।


৫। লােকঃ সৰ্ব্বনামৰ বহুবচনত ‘লােক’ ব্যৱহাৰ কৰা হয়। যেনেঃ আমালােক, তােমালােক, তেওঁলােক, এওঁলােক ইত্যাদি।


৬। (ক) কেতিয়াবা বাক্য শুৱলা কৰিবৰ কাৰণে বিশেষণৰ দ্বিৰুক্তি কৰিও বহুবচন বুজোৱা হয়। যেনেঃ সভাত ডাঙৰ ডাঙৰ মানুহৰ সমাবেশ ঘটিছে। শাৰী শাৰী ফুল ফুলি বাগিচাখন জাতিষ্কাৰ হৈছে। সুন্দৰ সুন্দৰ ফুলেৰে ফুলনি ৰম জম হৈছে। ভঙা ভঙা মাতেৰে তেওঁ ৰাইজৰ অভিনন্দনক ওলগনি জনাইছে ইত্যাদি।


(খ) সংখ্যাবাচক শব্দৰ যােগতাে বহুবচন কৰা হয়। যেনেঃ দুটা মানুহ, দহটা গৰু, হাজাৰ ফুল, লাখ টকা ইত্যাদি।


৭। জাক, মখা, গণ, দল, থােক, থােপা, থুপি, পাল, পুঞ্জ, বর্গ, বৃন্দ, মালা, মণ্ডলী, ৰাজি, শ্ৰেণী, লানি আদি শব্দই সমষ্টি, গােট, সমূহ আদি বুজায়। যেনেঃ


জাকঃ গৰুজাক, হাঁহজাক, বৰষুণজাক আদি।


মখাঃ সান্দহমখা, ল’ৰামখা, বান্দৰমখা আদি।


গণঃ মুনিগণ, দেৱতাগণ, পাৰিষদগণ আদি।


দলঃ সৈন্যদল, ছাত্রদল, যুৱকদল আদি।


থােকঃ কলথােক, নাৰিকলথােক, তামােলথােক আদি।


থােপাঃ আমথােপা, তেঁতেলিথােপা, আঙ্গুৰথােপা, মণিথােপা আদি।


থুপিঃ ফুলথুপি।


পালঃ গৰুপাল, ভেড়াপাল, হাতীপাল আদি।


পুঞ্জঃ দ্বীপপুঞ্জ, জাতিপুঞ্জ আদি।


বর্গঃ শিষ্যবর্গ, পাৰিষদবর্গ, বন্ধুবর্গ, পৰিয়ালবৰ্গ আদি।


বৃন্দ, বৃন্দাঃ ভক্তবৃন্দ, সুধীবৃন্দ, ছাত্রবৃন্দ, ছাত্রীবৃন্দা আদি। মালাঃ পর্বতমালা, আগ্নেয়মালা, গিৰিমালা আদি।


মণ্ডলীঃ বিদ্বানমণ্ডলী, মন্ত্রীমণ্ডলী, পণ্ডিতমণ্ডলী আদি।


ৰাজিঃ গ্রন্থৰাজি, বৃক্ষৰাজি, পুষ্পৰাজি আদি।


শ্রেণীঃ পর্বতশ্রেণী, শাসকশ্রেণী, ব্যৱসায়শ্রেণী আদি।


 লানিঃ বক্ত্ৃতালানি, মাছলানি, সোঁতলানি আদি।

Post a Comment

0 Comments