Ads Area

সাধু-নগৰী



এসময় এজনী অকণমানি ছোৱালী আছিল। পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু ব্যস্ত চহৰবোৰৰ দৰে এখন চহৰত তাই বাস কৰিছিল।


তাই সাধু শুনি সঁচাকৈয়ে বৰ ভাল পাইছিল। পিছে তাইক সাধু শুনাবলৈ তাইৰ চিনাকি মানুহবোৰৰ হাতত একেবাৰে সময় নাথাকে। তাইৰ মাকে কয় -"মোৰ এসোপা কাম কৰিবলৈ বাকী আছে।" তাইৰ দেউতাকে কয় - "মই এতিয়া বাতৰি কাকত পঢ়ি আছো।"


তাইৰ ককায়েকেও কয় - "তই বাৰু দেখা নাইনে যে মই এতিয়া ক্ৰিকেট খেলি আছো?"


কোনোবা চুবুৰীয়াৰ ওচৰলৈ তাই সাধু শুনিবলৈ গ'লে তেওঁ কয় - "মই কিছুমান বস্তু কিনিবৰ কাৰণে এতিয়া বজাৰলৈ যাব লাগিব।"


তাইৰ স্কুলৰ বাইদেৱে কয় - "ৰ'বা, প্ৰথমে আমি কেইটামান অংক কৰিম দেই।"


মুঠৰ ওপৰত চহৰখনৰ সকলোৱেই নিজ নিজ কামত বৰ ব্যস্ত হৈ থাকে।


সদায় কোনো মানুহৰে হাতত অকনো সময় নাথাকে।


এদিনাখন সেই অকণমানি ছোৱালীজনীৰ স্কুললৈ এজনী নতুন বাইদেউ আহিল।


বাইদেউজনী কিন্তু সেইখন স্কুলৰ শিক্ষয়িত্ৰী নাছিল আৰু স্কুলখনৰ ছাত্ৰীও নাছিল। স্কুলত পঢ়ি থকা ল'ৰা-ছোৱালীবোৰতকৈ সেই বাইদেউজনী বয়সত ডাঙৰ আছিল। আনহাতে স্কুলত পঢ়াই থকা বাইদেউবোৰতকৈ বয়সত সৰু আছিল।


তেওঁৰ চকুহাল বৰ মৰমিয়াল আৰু মুখখনত অনবৰতে এটি মিচিকিয়া হাঁহি দেখিবলৈ পোৱা যায়। সেই বাইদেউজনী আহি স্কুলৰ ল'ৰা-ছোৱালীবোৰৰ বন্ধু হৈ পৰিল, তেওঁ আনকি স্কুলত পঢ়ুওৱা বাইদেউ কেইগৰাকীৰো বন্ধু হৈ পৰিল।


সেয়েহে সেই অকণমানি ছোৱালীজনীয়ে ভাবিলে যে বাইদেউজনীয়ে কিজানি বহুত সাধু জানে।


তাই বাইদেউজনীৰ ওচৰলৈ গৈ লাজকুৰীয়া ভাবেৰে সুধিলে- "বাইদেউ, তোমাৰ হাতত বাৰু অলপ সময় আছেনে? তুমি মোক এটা সাধু ক'ব পাৰিবানে?"


অকণমানি ছোৱালীজনীৰ কথা শুনি বাইদেউজনীয়ে স্কুলৰ বাৰাণ্ডাৰ মাটিত বহি ল'লে। তেওঁ ছোৱালীজনীৰ আগত হাবিৰ মাজত বাট হেৰুৱাই পেলোৱা সিংহ এটাৰ সাধু ক'বলৈ আৰম্ভ কৰিলে।


বাইদেৱে বৰ বঢ়িয়াকৈ সাধুটো কৈ গ'ল। সাধুটো শুনিবলৈ ইমানেই ভাল আছিল যে অকণমানি ছোৱালীজনীয়ে যেন সাধুটোত কোৱা ডাঙৰ, ডাঙৰ গছবোৰ চকুৰ আগতে দেখিবলৈ পালে। বাইদেৱে সাধুটোত কোৱা বতাহে কোবাই যোৱা গছৰ ডাল-পাতৰ মৰ্মৰণি নতুবা ঘাহঁনি বা সিংহ পোৱালিৰ কোমল নোমবোৰৰ হিচ্ হিচনি, সিৰ্ সিৰনিৰ শব্দবোৰো যেন তাই নিজ কাণেৰে শুনিবলৈ পালে।


বাইদেৱে কনমানি ছোৱালীজনীক কিহৰ বিষয়ে কৈ আছে তাকে জানিবৰ কাৰণে তেওঁলোকৰ ওচৰতে খেলি থকা ছোৱালীজনীৰ লগৰীয়াবোৰেও বাইদেউজনীৰ কাষ চাপি আহিল।


সেই লগৰীয়াবোৰেও বৰ মনোযোগেৰে সাধুটো শুনিবলৈ তেওঁলোকৰ ওচৰত বহি ল'লে। অলপ সময়ৰ ভিতৰতে কণমানিজনীৰ শ্ৰেণীটোত থকা আটাইবোৰ ল'ৰা-ছোৱালীয়েই শ্ৰেণী-কোঠাৰ পৰা ওলাই আহি মনোযোগেৰে সাধুটো শুনিবলৈ ধৰিলে বাইদেউজনীয়ে কৈ যোৱা সাধুটোত থকা বহুত ঘটনাকে যেন সিহঁতে চকুৰ আগতে দেখিবলৈ পাই গ'ল।


ল'ৰা-ছোৱালীবোৰে বাইদেউজনীক আৰু বহুত সাধু ক'বলৈ খাটনি ধৰিলে। অতি সোনকালেই কণমানিজনী, তাইৰ লগৰীয়াবোৰে আৰু স্কুলখনত পঢ়ুৱাবলৈ অহা শিক্ষকসকলে গম পালে যে সেই বাইদেউজনীয়ে বহুত সাধু-কথা জানে।


বাইদেউজনীয়ে বান্দৰ আৰু চৰাই, খঙাল কুকুৰ আৰু দুষ্ট মেকুৰী, নীলা পানীৰ নদী আৰু গভীৰ মহাসাগৰত বাস কৰা মাছবোৰ, ওখ পৰ্বত আৰু সেউজীয়া ঘাঁহনি, চহৰ নতুবা গাঁৱত বাস কৰা ল'ৰা-ছোৱালী, ৰহস্যজনক অভিযান, ধুনীয়া চেহেৰাৰ ৰজা আৰু শুৱনি ৰাণী আদিৰ বিষয়ে বঢ়িয়াকৈ সাধু ক'ব পৰিছিল।


তদুপৰি কোনোবাই ভয় খালে অথবা কাৰোবাৰ মনত বেজাৰ লাগিলে কি কি কৰিব লাগে, কেনেকৈ লুকাই থকা গুপ্তধন বিচাৰিব লাগে, কেনেকৈ বৰ আচৰিত ৰহস্যবোৰ গম পাব পৰা যায় - সেইবোৰৰ বিষয়েও বাইদেউজনীয়ে অকণিহঁতৰ আগত কৈ গ'ল।


প্ৰতি দিনাই সেই ছোৱালীটিয়ে তাইৰ লগৰীয়াবোৰৰ


সৈতে আহি বাইদেউজনীৰ ওচৰত বহি সাধু শুনে।


পিছলৈ আনবোৰ শ্ৰেণীত পঢ়া ল'ৰা-ছোৱালীবোৰেও


সাধু শুনিবৰ কাৰণে বাইদেউজনীৰ ওচৰলৈ আহিবলৈ ল'লে।


বাইদেউৰ সাধু শুনিবলৈ ওচৰৰ স্কুলবোৰৰ পৰাও


ল'ৰা-ছোৱালীবোৰেও সাধু শুনিবলৈ বাইদেউৰ ওচৰ চাপিল।


আনকি যিবোৰ বয়সত বৰ সৰু হোৱা বাবে স্কুলত ভৰ্তি হ'ব পৰা নাছিল, সিহঁতেও সাধু শুনিবলৈ আহিবলৈ ল'লে।


কিছুমান ল'ৰা-ছোৱালীয়ে বহি বহি সাধুবোৰ শুনিলে,


কিছুমানে থিয় হৈয়েই সাধুবোৰ শুনিলে। সিহঁতে কেনেকৈ


সাধুবোৰ সাজি ক'ব লাগে, সাধু এটাক শুৱলাকৈ ক'ব লাগে,


এটা এটা শব্দৰে সাধুবোৰ কেনেকৈ কাপোৰ এখন বোৱাৰ দৰে


বৈ যাব পাৰি, সাধুবোৰত কাপোৰত তোলাৰ দৰে কেনেকৈ


ৰং, বিৰঙৰ সূতাৰে ফুল বাচিব পাৰি, কেনেদৰে সাধু এটাক


আঞ্জা ৰন্ধাৰ দৰে মচলা দি ৰান্ধিব পাৰি, আনকি নীলা


আকাশত চিলা উৰুওৱাৰ দৰে সাধুকো যে উৰুৱাৰ পাৰি


সেই কথাও শিকাবলৈ ধৰিলে।


লাহে লাহে সেই বাইদেউজনী, অকনমানি


ছোৱালীটি আৰু ল'ৰা-ছোৱালীবোৰৰ মাজেৰে


গোটেই নগৰখনতে সাধুবোৰ বিয়পি পৰিল।


নগৰখনৰ মানুহবোৰেও সাধু ক'বলৈ আৰম্ভ কৰিলে।


সাধু কোৱাৰ লগতে তেওঁলোকে সাধু শুনিবলৈকো ধৰিলে।


মাকবোৰে ঘৰুৱা কামবোৰ কৰিবলৈ বাদ দিলে। দেউতাকবোৰে বাতৰি কাকত পঢ়িবলৈ এৰি পেলালে। শিক্ষকসকলে অংকৰ কিতাপবোৰ জপাই থ'লে। ওচৰ-চবুৰীয়াইও বজাৰ কৰিবলৈ নোযোৱা হ'ল।


তেওঁলোক সকলোৱে সাধু ক'বলৈ আৰম্ভ কৰি দিলে। ককায়েকহঁতে ক্ৰিকেট খেলিবলৈ বাদ দিলে আৰু সৰু ভনীয়েক বোৰেও ৰছি লৈ জপিয়াবলৈ এৰি পেলালে। এতিয়া সিহঁতেও সাধু শুনিবলৈ আৰম্ভ কৰিলে।


পাচলিৰ বেপাৰীয়ে পাচলি বেচাটো বন্ধ কৰি দিলে। গুৱালে গাখীৰ নিদিয়া হ'ল।


পাণ দোকানীয়ে পাণ-তামোলবোৰ একাষে ঠেলি পঠিয়ালে। তেওঁলোক সকলোৱে ইজনে সিজনৰ পৰা সাধু শুনবলৈ আৰম্ভ কৰিলে।


বাছৰ চালকসকলে বাছ চলাবলৈ এৰি সাধু শুনিবলৈ আহিল।


বাছৰ একোজন কণ্ডাক্টৰে বাছৰ যাত্ৰী সকলক ইমান খৰখেদাকৈ সাধু ক'বলৈ ধৰিলে যে তেওঁ তেওঁৰ কান্ধত লৈ থকা টিকট আৰু পইচা থকা বেগটোৰ কথা পাহৰি পেলালে।


নগৰখনৰ ভিতৰত ৰেল গাড়ীৰ চলাচল বন্ধ হৈ গ'ল কাৰণ ৰেলৰ চালকসকলেও সাধু কোৱাত বৰ ব্যস্ত হৈ থাকিবলৈ ল'লে। নগৰখনৰ বাতৰি-কাকতবোৰো আৰু ছপা নোহোৱা হ'ল। আধা সজা ঘৰবোৰ তেনেকৈয়ে আধা হৈয়েই পৰি থাকিল, উৰণীয়া সাকোঁবোৰ সজা কামো পূৰা হৈ নুঠিল। কোনো চাহ দোকানত দোকানীয়ে খোৱা বস্তু দিবলৈ বাদ দিলে, চানাচুৰৱালাই চানাচুৰ বিক্ৰী নকৰা হ'ল। মাছ বেপাৰীয়ে মাছ বেচিবলৈ ঘৰৰ বাহিৰলৈ ওলাব নোখোজে। মুঠৰ ওপৰত সেই নগৰখনৰ কোনো মানুহে সাধু কোৱা আৰু সাধু শুনাৰ বাহিৰে আন কাম কৰিবলৈ ইচ্ছা নকৰা হ'ল।


পোষ্ট-অফিচৰ পিয়নসকলে সাধু কোৱা আৰু শুনাত ইমানেই ব্যস্ত হৈ থাকিল যে তেওঁলোকে মানুহৰ ঘৰে ঘৰে চিঠি বিলাবলৈ এৰি দিলে। যান-বাহন বিভাগৰ পুলিচসকলে আকৌ চাৰিআলি একোটাৰ মাজতে বহি ল'লে। এনেকৈয়ে তেওঁলোকে তেওঁলোকৰ কাষে-পাজৰে গৈ থকা গাড়ীবোৰক ৰখাই, গাড়ী চালকসকলক সাধু কোৱাত লাগি গ'ল।


সেই নগৰখনত থকা টেলিভিছনবোৰ বন্ধ হৈ থাকিল, কাৰণ মানুহবোৰে টেলিভিছন নাচাই সাধু শুনাতহে ব্যস্ত হৈ থাকিবলৈ ল'লে।


মুঠতে গোটেই নগৰখনৰে সকলো কাম-কাজ বন্ধ হৈ পৰিল। নগৰখনৰ নগৰ-পালিকাজন চিন্তাত পৰিল। সাগৰৰ পাৰত নগৰ-পালিকাজনৰ কেইবা মহলীয়া অফিচটো আছিল। তাৰে এটা ডাঙৰ কোঠাৰ ভিতৰত তহল দি থাকি তেওঁ তেওঁৰ সহকাৰী বিষয়াসকলক সুধিলে - "এতিয়া বাৰু আমি কি কৰিম?"


তেওঁ পুনৰ ক'লে- "নগৰখনৰ কোনেও কাম নকৰা হ'ল।"


নগৰ-পালিকাৰ কথা শুনি তেওঁৰ বিষয়াসকলে লৰালৰিকৈ বহুত আঁচনি নগৰখনত ঘোষণা কৰি দিলে। পিছে আঁচনিবোৰৰ কোনো কৈমেই হৈ নুঠিল, কাৰণ কোনেও তেওঁলোকৰ ঘোষণাবোৰ নুশুনিলে।


অৱশেষত সেই বাইদেউজনীৰ সৈতে কণমানি ছোৱালীজনীক নগৰ-পালিকাৰ সাগৰ পাৰত থকা অট্টালিকা যেন লগা অফিচটোলৈ মাতি পঠিওৱা হ'ল। কাৰণ নগৰ-পালিকাৰ সহকাৰী বিষয়াসকলে নগৰ-পালিকাক জনাই দিছিল যে এই দুজনীৰ কাৰণেহে নগৰখনত সাগৰৰ বানপানী দৰে সাধুৰ বানপানী হৈছে।


কণমানি ছোৱালীজনীয়ে নগৰ-পালিকাৰ প্ৰকাণ্ড অফিচটোৰ ওখ চিলিং বৃহৎ গম্বুজবোৰলৈ মাত্ৰ খন্তেক চালে। সকলোৰে সন্মুখত তাই বাইদেউজনীৰ হাত এখনত টানকৈ ধৰি থাকিল। শকত-আৱত ওখ-পাখ পুৰুষ আৰু মহিলা বিষয়াসকল মাজত বাইদেউজনীক দেখাত বৰ সৰু ছোৱালী যেন লাগিছিল। সকলো বিষয়াই সিহঁত দুজনীলৈ খঙেৰে চকু পকাই চাই ৰ'ল।


ডাঙৰকৈ ধমকি মাৰি নগৰ-পালিকাজনে সিহঁত দুজনীক সুধিলে- "তোমালোকৰ সাধুবোৰে আমাৰ নগৰখনৰ প্ৰতিজন মানুহৰ সকলো ধৰণৰ কাম-কাজ বন্ধ কৰি থৈছে। এই বিষয়ে আমি কি কৰিম?"


নগৰ-পালিকাৰ খং দেখি তেওঁৰ গোটেই অফিচটো নিজম পৰিল। কেৱল দূৰৈৰ পৰা অহা এটা গুণগুণনিৰ শব্দ ভাহি আহি মানুহবোৰৰ কাণত পৰিল- সেয়া হ'ল নগৰ-পালিকাৰ মালীজনে নগৰ-পালিকাৰ দেহ-ৰক্ষীসকলক সাধু এটা কৈ আছিল এইবাৰ কণমানি ছোৱালীজনীয়ে বাইদেউৰ হাতখন বৰ বেছি টানকৈ খামুচি ধৰিলে। বাইদেউজনীয়ে পিছে নগৰ-পালিকাজনৰ মুখখনলৈ পোনে পোনে চাই পঠিয়ালে। তাৰ পাছত বাইদেৱে সৰু অথচ বেছ স্পষ্ট মাতেৰে কৈ উঠিল- "ঠিক আছে, নগৰখনৰ মানুহবোৰে প্ৰতি ৰাতিপুৱা এটাকৈহে সাধু শুনিব পাৰিব। সেইদৰে সন্ধিয়াৰ পাছত এটাকৈহে সাধু শুনিব পাৰিব।'' এই মানুহবোৰে এনেকৈ চলিলে সকলো ঠাইতে সকলো মানুহে সাধু শুনিব পাৰিব। সাধুটো শুনা শেষ হলে তেওঁলোকে নিজ, নিজ কামলৈ উভতি যাব পাৰিব।


নগৰ-পালিকাই সন্তোষ মনেৰে ডাঙৰ মাতেৰে ক'লে- "অতি বঢ়িয়া উপায়।"


নগৰ-পালিকাৰ কথা শুনি তেওঁৰ সহকাৰী বিষয়াসকলে আনন্দতে হাত চাপৰি বজাবলৈ ধৰিলে। তাত উপস্থিত থকা সকলো শকত-আৱত ওখ-পাখ বিষয়াসকলৰ মুখত হাহিঁ বিৰিঙি উঠিল। এতিয়াহে কণমানি ছোৱালীজনীয়ে সাধু কোৱা বাইদেউৰ হাতখনত টানকৈ ধৰি থকা মুঠিটো ঢিলা কৰি দিলে।


Post a Comment

0 Comments