সপোন দেখা কণমানি ছোৱালীদুজনী
এসময়ত এজনী ছোৱালী আছিল, তাই বহুত সপোন দেখিছিল ।
তাই সাগৰৰ সপোন দেখিছিল, জংঘল, পথাৰ আৰু সমতল,
পাহাৰ-পৰ্বত নদীৰ সপোন দেখিছিল ।
কেতিয়াবা তাই আকাশত উৰাৰ সপোনো দেখিছিল ।
কেতিয়াবা সাগৰৰ তললৈ যোৱাৰ সপোন দেখিছিল;
কিন্তু সকলোতকৈ ভাল সপোনটো আছিল পঢ়াশালিত ছুটীৰ ঘন্টা বাজিছে,
আৰু ল‘ৰা-ছোৱালীবোৰে হাতত বেগ লৈ আনন্দ মনেৰে দৌৰি অহাৰ সপোন ।
কেতিয়াবা তাই সাৰ পাই আৱিস্কাৰ কৰে, যে তাই ঘৰত কম্বলৰ তলত নাই,
আচলতে তাই পঢ়াশালিতে টোপনিয়াই আছে আৰু বাস্তৱিকতে ছুটীৰ ঘন্টা বাজিছে !
সেই ছোৱালী জনীৰ নাম আছিল বিজয়া - তাই পানী খোৱাৰ ছুটী হ‘লে,
আৰু পঢ়াশালি ছুটী হ‘লে বৰ ভাল পাইছিল ।
তেতিয়া তাই গৈ আম্মুৰ লগত খেলিব পাৰে ।
আম্মু হ‘ল তাইৰ প্রিয় বান্ধৱী ।
পঢ়াশালিৰ পৰা চাইকেলেৰে ঘৰলৈ আহোতে সিহঁতে বহুত কথা পাতে ।
সকলো বন্ধুৱে তাইক বিজি বুলি মাতে । বিজিয়ে আম্মুক তাইৰ সপোনৰ বিষয়ে ক‘বলৈ ভাল পায়,
কাৰণ তাই আগ্রহৰে শুনে ।
সেয়ে নহয়, তেনে ভাল লগা সপোন তায়ো দেখিবলৈ ইচ্ছা কৰে ।
আম্মু হ‘ল এজনী শান্ত মনৰ শ্রোতা আৰু এজনী ভাল মনৰ ছোৱালী ।
অন্য কোনোবাই তাইক আমনি কৰিলে বৰ সোনকালেই কান্দি পেলায়,
কিন্তু বিজে তাইক এইবোৰৰ পৰা ৰক্ষা কৰে ।
দুষ্ট ল‘ৰা-ছোৱালী বোৰে বিজি কাষত নাথাকিলে আম্মুক কন্দুৱাবলৈ ভাল পায়,
কাৰণ তাই চকু কেইটা ডাঙৰ ডাঙৰ কৈ ভয় লগাকৈ মেলি সিহঁতলৈ চাই থাকে ।
সেই ছোৱালীহঁতক তাই ডাঙৰ মাতেৰে জোৰকৈ গালি পাৰে যাতে,
তাই এনে কৰিলে শিক্ষকৰ মনোযোগ আকৰ্ষণ কৰে বুলি সিহঁতে ভয় কৰে ।
বিজিয়ে আম্মুৰ দেখা শুনা কৰিবলৈ ভাল পায় ।
সিহঁত দুয়ো সপোনত দেখা ঠাইবোৰৰ বিষয়ে একেলগে আলোচনা কৰে ।
সিহঁত আচৰিত হয়, সেই ঠাইবোৰনো ক‘ত থাকিব পাৰে ? সম্ভৱ ই আমেৰিকাত হ‘ব পাৰে ?
আম্মুৱে উত্তৰ বিচাৰি ফুৰে ।
বিজিয়ে আমেৰিকা নামটো ভাল নাপায় ।
তাই কয়, ইয়াৰ পিছত তাই সেই সপোনটো দেখিলে,
কাৰবাৰ পৰা সেই ঠাইৰ বিষয়ে খবৰ কৰি জানি ল‘ব ।
এদিন ভিজি পঢ়াশালিলৈ অহা নাছিল আৰু আম্মু গোটেই দিনটো
কাৰো লগত একো কথা নোকোৱাকৈ থাকিবলগীয়া হৈছিল ।
তাই বৰ আগ্রহেৰে তাইৰ প্রিয় বান্ধ ৱীৰ কাৰণে অপেক্ষা কৰি আছিল ।
কিন্তু বিজ পিছদিনাও অনুপস্থিত আছিল ।
গোটেই সপ্তাহটো এইদৰেই পাৰ হ‘ল ।
তাই খবৰ লৈ গম পালে, বিজৰ আইতাক বৰ অসুস্থ ।
সেয়েহে বিজ আৰু মাক-দেউতাক লৰালৰিকৈ অন্ধ্র প্রদেশত
থকা মাকৰ ঘৰলৈ যাবলগীয়া হ‘ল ।
সপ্তাহৰ শেষতো ভিজহঁতৰ কোনো খবৰ তাই নাপালে ।
দেওঁবাৰে ৰাতি আম্মুৱে শুবলৈ যোৱাৰ আগতে বৰকৈ প্রাৰ্থনা কৰিলে -
যাতে বিজয়া পিছদিনা উভতি আহি পঢ়াশালিলৈ আহিব পাৰে ।
ভিজে আইতাকক কিমান ভাল পায়, সেই কথা মনত পেলাই
তাই আইতাকৰ সুস্বাস্থ্যৰ কাৰণেও প্রাৰ্থনা কৰিলে ।
সেই ৰাতি আম্মুৱে এটা সপোন দেখিলে ।
তাই স্পষ্টকৈ দেখিলে, তাই এখন গভীৰ জংঘলৰ মাজেৰে বিজিৰ লগত খোজ কাঢ়ি গৈ আছিল ।
সিহঁত সৰু সৰু আৰু গছ বোৰ দীঘল আৰু ডাঙৰ ডাঙৰ ।
সিহঁত খোজকাঢ়ি গৈ থাকোতে তলত পৰি থকা পাতবোৰ ভৰিৰ খোজত মোহাৰি ভাগি-ছিগি গৈছিল ।
বহুত দূৰ অহাৰ পিছত জংঘলৰ শেষ হোৱাত সিহঁত আহি
এখন মুকলি সেউজীয়া পথাৰত উপস্থিত হৈছিলহি ।
কিছুদূৰত এটা সৰু পজাত সূৰ্য পোহৰ পৰিছিল ।
তাই ইয়াৰ কাষতে দুজনী গৰু আৰু দুটা গাৱলীয়া মূৰ্গী দেখিবলৈ পালে ।
কোনোবাই কাষৰ জেওৰাৰ ভিতৰৰ পৰা সিহঁতৰ ফালে হাত লৰাই আছিল ।
সিহঁত দুয়ো তেওঁক অভিবাদন কৰিবলৈ দৌৰি গৈছিল ।
সেয়া আছিল এগৰাকী বুঢ়া মানুহ, যথেষ্ট ওখ আৰু স্বাস্থ্যৱান ।
তেওঁৰ দীঘল পকা চুলিখিনি এডাল বেণী কৰি পিছফালে বান্ধি থোৱা আছে ।
এটা বৰ ডাঙৰ হাঁহি আৰু গভীৰ শান্ত আৰু সুন্দৰ চকু ।
তেওঁ তললৈ হাওলি সিহঁতক দুই হাতেৰে উঠাই ল‘লে ।
বিজিয়ে চিঞৰি উঠিল "আম্মা !"
সেয়া আছিল তাইৰ সুস্থ শৰীৰৰে তাই আইতাক ।
সঁচাকৈয়ে তেওঁ তাইক দেখি বৰ ভাল পাইছিল !
আম্মুৱে পিছহূৰ্ততে টোপনিৰ পৰা জগাবৰ কাৰণে মাকে তাইক জোৰেৰে ধৰি জোঁকাৰি থকা পালে ।
"আইজনী, তুমি কিয় ইমান হাঁহি আছা ? তেওঁ সুধিলে ।
তুমি আৰু অকণমান সময় বেচিকৈ শোৱাহ‘লে আজি পঢ়াশালিলৈ যাবলৈ দেৰি হৈ গ‘লহেঁতেন !
আহা, তোমাক তৈয়াৰ কৰি দিব লাগিব ।"
আম্মুৰ টোপনি ভালদৰে ভগাই নাছিল । তাইৰ মাকে কৈ গ‘ল,
"অ‘, আৰু বিজয়াৰ মাকে আজি তেওঁলোকৰ ঘৰৰ পৰা তোমাৰ চাইকেলখন লৈ যাবলৈ কৈছে ।
বিজয়া পঢ়াশালিলৈ গৈছে । যোৱা ৰাতি আইতাকৰ লগত আহোতে তেওঁলোকৰ দেৰি হল । "
এই কথা শুনি আম্মু বিছনাৰ পৰা একে জাঁপে উঠিল । তাইৰ টোপনি ভাগি গ‘ল । তাই এইটো জানিছিল !
তাই এই সকলোবোৰ সপোনত দেখা নাছিল নে ? তাই বিজিক এই কথা ক‘বলৈক অলপ অপেক্ষা কৰিব লাগিব !
এইটো তাইৰ জীৱনৰ সকলোতকৈ ভাল লগা সোমবাৰ হ‘ব ।
😀😝😝😝😂😂😂😝😝😝😀
0 Comments