কাল
যি সময়ত ক্রিয়া সম্পাদন হয়, সেই সময়ক কাল বােলে।
ধান কাল তিনিটাঃ
বর্তমান,
অতীত আৰু
ভৱিষ্যৎ কাল।
বর্তমান কাল
চলিত সময়, স্বভাৱ, অভ্যাস আদিৰ নিত্য ভাৱ বুজোৱা ক্রিয়াৰ কালক বর্তমান কাল বােলে। বর্তমান কাল দুবিধঃ (ক) নিত্য বর্তমান আৰু (খ) স্বৰূপ বর্তমান।
(ক) নিত্যবর্তমানঃ যি ক্রিয়াই নিয়ম, অভ্যাস বা চলিত বর্তমান আদি বুজায়, তাৰ কালক, নিত্যবর্তমান কাল বােলে। যেনেঃ সূর্য পূব ফালে উদয় হয়। শেৱালি ফুল ৰাতি ফুলে, পুৱা সৰে। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। আমি ৰাতিপুৱা কিতাপ পঢ়ো। মানুহে ভাত খায়। খেতিয়কে হাল বায়। ইত্যাদি।
ঐতিহাসিক ঘটনা, অতীত ঘটনা আদি বুজোৱা অতীত কালৰ ক্রিয়া পদক নিত্য-বর্তমান কালত ব্যৱহাৰ কৰা হয়। যেনেঃ ১৫৫৬ খ্রীষ্টাব্দত পাণিপথৰ যুদ্ধ হয়। শ্ৰীমন্ত শঙ্কৰদেৱ ১৪৪৯ খ্রীষ্টাব্দত আৱিৰ্ভাৱ হয় ইত্যাদি।
চিৰন্তন সত্যবােৰ সদায় নিত্য বর্তমান কালত ব্যৱহাৰ হয়। যেনেঃ বেলি পূৱ ফালে উদয় হয়, পশ্চিম ফালে মাৰ যায়। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। জীৱ মাত্রেই মৰে ইত্যাদি।
নিত্যবর্তমান কাল (১) নির্দেশক (Indicative), (২) অনুজ্ঞা (Imperative) আৰু (৩) সম্ভাৱ্য (Subjunctive) ৰূপে তিনি ধৰণে ব্যৱহাৰ হয়।
১। নির্দেশক ৰূপেঃ সকলাে পুৰুষ আৰু বচনত ব্যৱহাৰ হয়। যেনেঃ মই কৰোঁ, আমি কৰোঁ, তুমি কৰা, তােমালােকে কৰা; সি কৰে, সিহঁতে কৰে ইত্যাদি।।
২। অনুজ্ঞা ৰূপেঃ প্রথম পুৰুষ বাদে অন্য পুৰুষত ব্যৱহাৰ হয়। যেনেঃ তই পঢ়, তুমি পঢ়া, সি পঢ়ক ইত্যাদি।
৩। সম্ভাৱ ৰূপেঃ সকলাে পুৰুষ আৰু বচনত ব্যৱহাৰ হয়। যেনেঃ যদি মই কৰাে, যদি আমি কৰাে, যদি তুমি কৰা, যদি তােমালােকে কৰা, যদি তেওঁ কৰে, যদি তেওঁলােকে কৰে ইত্যাদি।
(খ) স্বৰূপ বর্তমানঃ যি ক্রিয়াৰ কাম শেষ হৈছে বা পূর্ণ হৈছে, কিন্তু ভাৱ ফল বা প্ৰভাৱ এতিয়াও আছে, নাইবা কামটো চলি আছে, এনে ভাৱ প্রকাশক ক্রিয়াৰ কালক স্বৰূপ বর্তমান কাল বােলে। যেনেঃ মই কিতাপ পঢ়িছোঁ। মই পঢ়ি আছো। মই গল্প লিখিছোঁ। মই চিঠি লিখি আছো ইত্যাদি।
স্বৰূপ বৰ্তমানৰ ব্যৱহাৰ তিনি প্রকাৰৰ-
১। নির্দেশকঃ সকলাে পুৰুষ আৰু বচনত ব্যৱহাৰ হয়। যেনেঃ মই পঢ়িছোঁ, আমি পঢ়িছো, তুমি পঢ়িছা, তােমালােকে পঢ়িছা, তেওঁ পঢ়িছে, তেওঁলােকে পঢ়িছে ইত্যাদি।
২। চলমান (Continuous)ঃ সকলাে পুৰুষ আৰু বচনত ব্যৱহাৰ হয়। যেনেঃ মই পঢ়ি আছো, আমি পঢ়ি আছো, তুমি পঢ়ি আছা, তােমালােকে পঢ়ি আছা। তেওঁ পঢ়ি আছে, তেওঁলােকে পঢ়ি আছে ইত্যাদি।
৩। ঘটমান (Progressive)ঃ কৰ্, ধৰ্, লাগ্ আদিৰ যােগতঃ সকলাে পুৰুষত আৰু বচনত ব্যৱহাৰ হয়। যেনেঃ মই পঢ়িব ধৰিছো, আমি পঢ়িব ধৰিছোঁ। তুমি পঢ়িব ধৰিছা, তােমালােকে পঢ়িব ধৰিছা। তেওঁ পঢ়িব ধৰিছে, তেওঁলােকে পঢ়িব ধৰিছে ইত্যাদি।
অতীত কাল
যি ক্রিয়াৰ কাৰ্য অতীতত হৈ গ'ল, তাক অতীত বা ভূত কাল বােলে। অতীত কাল তিনি বিধঃ
স্বৰূপ ভূত বা সামীপ্য ভূত বা সাধাৰণ ভূত কাল।
অপূর্ণ ভূত বা নিত্য ভূত বা পৰােক্ষ ভূত কাল আৰু
সম্ভাব্য ভূত কাল।
1. স্বৰূপ ভূতঃ যি ক্রিয়াৰ কাৰ্য আগতে শেষ হৈ গৈছে তেনে ক্রিয়াৰ কালক স্বৰূপ ভূত কাল বােলে। যেনেঃ মই খালো, আমি খালোঁ; তুমি খালা তােমালােকে খালা ইত্যাদি।
2. অপূর্ণ ভূতঃ যি ক্রিয়াৰ কাৰ্য অতীতত হৈ যােৱা কোনাে এটা কাৰ্যৰ আগৰ কালত হােৱা বুজায়, তেনে ক্ৰিয়াৰ কালক অপূর্ণ ভূত কাল বােলে।।
যেনেঃ তেওঁ যাওঁতে মই ভাত খাইছিলোঁ। মই আহোঁতে সি কাম কৰিছিল ইত্যাদি। সেইদৰে মই লিখিছিলাে। তুমি লিখিছিলা, তেওঁলােকে লিখিছিল ইত্যাদি।
চলমান অর্থত অপূর্ণ ভূত কালঃ মই লিখি আছিলাে, তুমি লিখি আছিলা, তেওঁ লিখি আছিল। ইত্যাদি।
ঘটমান অর্থত অপূর্ব ভূত কালঃ মই লিখিব ধৰিছিলাে, তুমি লিখিব ধৰিছিলা; তেওঁ লিখিব ধৰিছিল— ইত্যাদি।
3. সম্ভাব্য ভূত কালঃ অতীতত কোনাে কার্য হােৱাৰ সম্ভাৱনা আছিল কিন্তু কার্য নােহােৱাকৈ ক্রিয়া শেষ হ’ল, তেনে ক্রিয়াৰ কালক সম্ভাৱ্য ভূত কাল বােলে।
যেনেঃ মই কৰিলোঁহেতেন, তুমি কৰিলাহেঁতেন, তেওঁ কৰিলেহেঁতেন, ইত্যাদি।
ভৱিষ্যৎ কাল
ভৱিষ্যতে কোনাে কার্য সম্পাদন কৰা হ'ব এনে ভাব বুজোৱা ক্রিয়া কালক ভৱিষ্যৎ কাল বােলে। যেনেঃ মই কিতাপ পঢ়িম, তুমি বল খেলিবা, তেওঁ ভাত খাব; ইত্যাদি।
(ক) সাধাৰণ নির্দেশক ৰূপেঃ (Indicative) আমি ঘৰলৈ যাম, তুমি সভালৈ আহিবা, তেওঁ স্কুললৈ যাব ইত্যাদি।
(খ) অনুজ্ঞা ৰূপেঃ (আদেশ, অনুৰোধ, উপদেশ, নির্দেশ, প্রার্থনা, প্রতিজ্ঞা, আর্শীবাদ আদি বুজোৱা অৰ্থত)ঃ তই আজিয়েই ঘৰলৈ যাবি; তুমি আমালৈ নাপাহৰিবা; নিয়মিতভাৱে পঢ়া-শুনা কৰিবা; ভগৱানে তােমাৰ মঙ্গল কৰিব (কৰক); মই পৰীক্ষাত পাছ কৰিমেই ইত্যাদি।
(গ) ঘটমান (Progressive) আর্থতঃ আমি গৈ থাকিম, তুমি আহি থাকিবা, তুমি কামটো কৰি যাবা, মই চাই থাকিম ইত্যাদি।
0 Comments