Ads Area

অসমীয়া কাৰক বিভক্তিৰ প্ৰয়ােগ

অসমীয়া কাৰক বিভক্তিৰ প্ৰয়ােগ



কাৰক শব্দটো সম্বন্ধবাচক। ক্রিয়াৰ লগত যাৰ সম্বন্ধ সিয়েই কাৰক, অর্থাৎ ই ক্ৰিয়াৰ কাৰকতা (কাম নিষ্পন্ন হােৱা) সূচনা কৰে। অসমীয়া ভাষাত কাৰকৰ প্রয়ােগ দুটা উপায়েৰে কৰা হয়। (ক) বিভক্তি যােগ কৰি আৰু (খ) বিভক্তিৰ পাছত অনুসর্গ যােগ কৰি। অসমীয়াত সংস্কৃতৰ অনুৰূপত কাৰক প্ৰকৰণ কৰা হ'লেও আচলতে সম্প্রদান আৰু সম্বন্ধ কাৰক নাই। সম্বন্ধ আৰু সম্বােধন পদৰ ব্যৱহাৰ আছে। সম্প্রদান কাৰকৰ কাম কর্ম কাৰকৰ যােগেদি হয়।



প্রথমা বিভক্তি


অ, এ, ই


১। যি ক্রিয়া সম্পাদন কৰে, সিয়ে কর্তা। কর্তা কাৰকত প্রথমা বিভক্তি হয়। যেনেঃ ৰামে কিতাপ পঢ়িছে। শিখাই গীত গাইছে।


২। অকর্মক ক্রিয়াৰ কৰ্তাত প্ৰথমা বিভক্তি লােপ হয়। যেনেঃ ৰাম আহিল যদু গ'ল। কিছুমানত লােপ নহয়। যেনেঃ ৰামে হাঁহিছে। হৰিয়ে কান্দিছে।


৩। কোনাে নাম উল্লেখ কৰিলেই প্রথমা বিভক্তি হয়। অৱশ্যে বিভক্তিৰ চিন নাথাকে। যেনেঃ ৰাম, হৰি, আকাশ, পৃথিৱী, নদী ইত্যাদি।


৪। সম্বােধনত প্রথমা বিভক্তি হয়। যেনেঃ হে ৰাম, হে হৰি।


৫। তুলনাত্মক অব্যয়ঃ যেনে—সদৃশ, তুল্য, আদিৰ যােগত প্রথমা বিভক্তি হয়। যেনেঃ পদুমৰ পাহি যেন চকু, সাগৰ সদৃশ বিদ্যা, মাতৃ তুল্য নদী; ইত্যাদি।


৬। ধিক্ আৰু ধন্য শব্দৰ যােগত প্রথমা বিভক্তি হয়। যেনেঃ ধিক্ ৰাম! ধন্য লক্ষ্মণ! ধন্য তােমাৰ মাতৃভক্তি।


৭। আদি, প্রভৃতি, অনুসৰি, অনুসাৰে, নামে, নামেৰে, বুলি— আদিৰ যােগত প্রথমা বিভক্তি হয়। যেনেঃ ৰাম, যদু, মধু আদি ছাত্ৰসকল আহিছে। তেওঁৰ মত অনুসৰি (অনুসাৰে) কামটো কৰিলোঁ। অজাতশত্রু নামে এজন ৰজা আছিল। “ৰাম বুলি শুদ্ধ কৰা মন।”


৮। পৰস্পৰে একে কার্য সম্পাদন কৰিলে উভয় শব্দত প্ৰথমা বিভক্তি হয়। যেনেঃ হাতীয়ে মাখিয়ে যুঁজিছে। ল’ৰাই ল'ৰাই কাজিয়া কৰিছে।



দ্বিতীয়া বিভক্তি


ক (অক)


১। কর্তাই যাৰ ওপৰত কাম সম্পাদন কৰে, সিয়ে কর্ম। কর্ম কাৰকত ২ য়া বিভক্তি হয়। অসমীয়াত ২য়া বিভক্তিৰ চিন প্রায়ে লুপ্ত হয়। যেনেঃ মই ভাত খাইছোঁ। সি কিতাপ পঢ়িছে; ইত্যাদি।


২। নিমিত্ত বা উদ্দেশ্য বুজালে অসমীয়াত ২ য়া বিভক্তি হয়। যেনেঃ ধােবাক কাপােৰ দিছাে। দুখীয়াক পুতৌ কৰিবা; ইত্যাদি।


৩। জোৰ বুজাবলৈ ২য়া বিভক্তিৰ “ক” ৰ ঠাইত “কে”— হয়। যেনেঃ কিতাপখন মােকে দিয়া। তুমি এতিয়া পুথিকে পঢ়া।


৪। ধিক্ আৰু ধন্য যােগতাে ২য়া বিভক্তি হয়। যেনেঃ তােমাৰ কাপুৰুষতাক ধিক্। তােৰ সাহসক ধন্য। তাক ধিক্।


৫| আদি, অনুসৰি, পর্যন্ত শব্দৰ যােগত ২য়া বিভক্তি হয়। যেনেঃ ৰামকে আদি কৰি সকলাে আহিছে। আৰ্হি (ক) অনুসৰি কাম কৰিবা। আজি (ক) পর্যন্ত তাৰ কোনাে খবৰ পােৱা নগ’ল; ইত্যাদি।


তৃতীয়া বিভক্তি


ৰে, দি, দ্বাৰা, দ্বাৰাই


১। কর্তাই যাৰ দ্বাৰা কাম সম্পাদন কৰে, তাকে কৰণ কাৰক বােলে। কৰণ কাৰকত ৩য়া বিভক্তি হয়। যেনেঃ সি কুঠাৰেৰে কটিছে। ৰামে হৰিৰ দ্বাৰাই চিঠিখন লিখালে; ইত্যাদি।


২। কর্মবাচ্য আৰু ভাৱবাচ্যত কর্তাত ৩য়া বিভক্তি হয়। যেনেঃ পুলিচৰ দ্বাৰা চোৰটো ধৰা হ’ল। তেওঁৰ দ্বাৰা যােৱা হ'ল।


৩। সৈতে শব্দৰ যোগত ৩ য়া বিভক্তি হয়। যেনেঃ ৰাম, সীতা আৰু লক্ষ্মণৰ সৈতে বনলৈ গ'ল।


৪। অপাদান অর্থতাে ৩য়া বিভক্তি হয়। যেনেঃ তাৰ মুখেদি (মুখৰপৰা) খবৰটো পালাে।



চতুর্থ বিভক্তি


ক, লৈ


১। যাৰ অর্থ কোনাে বস্তু দান কৰা যায়, তাক সম্প্রদান বােলে। সম্প্ৰদানত ৪র্থী বিভক্তি হয়। যেনেঃ দুখীয়াসকলক কাপােৰ দিলাে। গুৰুক দক্ষিণা দিলাে।


২। নমস্কাৰ, প্রণাম আদি শব্দৰ যােগত ৪র্থী বিভক্তি হয়। যেনেঃ আইলৈ সেৱা; বন্ধুলৈ নমস্কাৰ, বন্ধুক নমস্কাৰ, ঈশ্বৰলৈ প্ৰণাম; ইত্যাদি।


৩। নিমিত্ত অর্থত ৪ র্থী বিভক্তি হয়। যেনেঃ মােলৈ ভাত নাৰান্ধিবা। চিকাৰলৈ অকলে নাযাবা।


৪। যা, চা, পাহৰ আদিৰ যােগত ৪ র্থী বিভক্তি হয়। যেনেঃ মােলৈ একেবাৰে পাহৰিলা। তেওঁ স্কুললৈ যাব। আমি ভাওনা চাবলৈ যাম। তালৈ অলপ চাবা। বেছি ৰাতিলৈ নাথাকিবা ইত্যাদি।


পঞ্চমী বিভক্তি


পৰা


১। য’ৰপৰা উৎপত্তি হােৱা, ভয় পােৱা, ৰক্ষা পােৱা আদি বুজায়, তাক অপাদান বােলে। অপাদান কাৰকত ৫মী বিভক্তি হয়। যেনেঃ মানুহৰপৰা মােৰ কোনাে ভয় নাই; বাঘৰপৰাহে ভয়।


২। ব্যাপ্তি, স্খলন, অপসৰণ, উৎপন্ন, শুনা, মুক্তি, লজ্জা, আৰম্ভ আদি ভাব বুজালে ৫মী বিভক্তি হয়। যেনেঃ তােমাৰ ঘৰৰপৰা স্কুললৈ কিমান দূৰ হে? সি গছৰপৰা পৰিল। তেওঁক কামৰপৰা বৰ্খাস্ত কৰা হ’ল। তিলৰপৰা তেল হয়। কথাটো তাৰপৰা শুনিলো। বুঢ়াজন পৃথিৱীৰপৰা সাৰিল। তাৰপৰা বৰ লাজ পাব লগা হৈছাে। আজিৰপৰ খেল-ধেমালি হ’ব ইত্যাদি।


৩। কালবাচক আৰু স্থানবাচক শব্দৰ অবধি (সীমা) বুজালে ৫মী বিভক্তি হয়। যেনেঃ সি সৰুৰেপৰা বহু দুষ্ট। গুৱাহাটীৰ পৰা নগাঁওলৈ ১২০ কিলােমিটাৰ দূৰ; ইত্যাদি।


৪। হেতু বুজালেও ৫ মী বিভক্তি হয়। যেনেঃ লােভৰপৰা পাপ, পাপৰপৰা মৃত্যু হয়।


৫। সিদ্ধা ক্রিয়া লােপ হ’লে অধিকৰণত ৫মী বিভক্তি হয়। যেনেঃ পৰ্বতৰ টিঙৰপৰা (টিঙত উঠি) পৃথিৱীখন এখন সৰু ফুলনি যেন দেখি! গছৰপৰা (গছত উঠি) ৰিঙিয়াওঁহে ৰিঙিয়াওঁ, তথাপি তাৰ লক্ষ্যই নাই; ইত্যাদি।



ষষ্ঠী বিভক্তি


ৰ, অৰ


১। সম্বন্ধ বুজালে ষষ্ঠী বিভক্তি হয়। যেনেঃ ৰামৰ কিতাপখন ৰঙা।


২। ভাব বাচ্যৰ কৰ্তাত ষষ্ঠী বিভক্তি হয়। যেনেঃ ৰামৰ যোৱা নহ'ব।


৩। প্রতি, নিমিত্তে, কাৰণে, অর্থে, মতে, হতুৱাই, নিচিনা, দৰে, বাজে, বাহিৰে, ভিতৰত, অনুসাৰে, পাছত, পাছে পাছে, ওপৰত, তলত আদি শব্দৰ যােগত ষষ্ঠী বিভক্তি হয়। যেনেঃ দুখীয়াৰ প্রতি দয়ালু হ’বা। ৰামৰ নিমিত্তে একো চিন্তা নকৰিবা। জ্ঞানৰ কাৰণেহে শিক্ষা। তেওঁৰ মতে চলিলে বিপদ হ'ব। শিক্ষাৰ অর্থে তেওঁ বিলাতলৈ গৈছে। মনীষাৰ হতুৱাই কামটো কৰাবা। ক্ষমাৰ নিচিনা ধর্ম নাই। তােৰ দৰে অকৃতজ্ঞ পৃথিৱীত নাই। হৰিৰ বাদে এনে কাম কোনে কৰিব? এইটোৰ বাহিৰে মোৰ চোলা নাই। ঘৰৰ ভিতৰতে তাৰ জীৱন আৱদ্ধ। ছুটীৰ পাছত খেল হ’ব। মৰীচিকাৰ পাছে পাছে নদৌৰিবা। ঈশ্বৰৰ ওপৰতহে সকলাে ভৰসা।


৪। কৃৎপ্রত্যয় যােগত কর্তা আৰু কৰ্মত ষষ্ঠী বিভক্তি হয়। যেনেঃ ৰাইজৰ ভােজন; মানুহৰ মত; দেৱতাৰ পূজা; ইত্যাদি।


৫। বিষয়, প্রসঙ্গ, আগতে আদিৰ যােগত ষষ্ঠী বিভক্তি হয়। যেনেঃ শিক্ষাৰ বিষয়ে মােৰ বিস্তৃত জ্ঞান নাই। মাধ্যমৰ প্রসঙ্গত মােৰ মন্তব্য নিষ্প্রয়ােজন। স্বাধীনতাৰ আগতে খাদ্য সমস্যা জটিল নাছিল। দুখৰ মাজতে আছে সুখৰ সন্ধান; ইত্যাদি।


৬। নিৰ্দ্ধাৰণ অৰ্থতাে ষষ্ঠী বিভক্তি হয়। যেনেঃ পশুৰ ধূর্ত শিয়াল। কবিৰ শ্ৰেষ্ঠ কালিদাস। নৰৰ শ্ৰেষ্ঠ ৰাম; ইত্যাদি।



সপ্তমী বিভক্তি


ত, এ


১। কর্তা আৰু কর্মই যাৰ ওপৰত ক্রিয়া সম্পাদন কৰে অর্থাৎ যি ক্রিয়াৰ আধাৰ সিয়ে অধিকৰণ। অধিকৰণত ৭মী বিভক্তি হয়। যেনেঃ পানীত মাছ থাকে। তিলত তেল আছে। হাবিত বাঘ থাকে।


২। অধিকৰণ দুবিধঃ (ক) কালাধিকৰণ (খ) আধাৰাধিকৰণ।


(ক) কালাধিকৰণঃ ক্রিয়া সম্পাদন হােৱাৰ যি সময়, সিয়ে কালাধিকৰণ। যেনেঃ গধূলি সময়ত গৰু ঘৰলৈ আহে। শাওণ-ভাদত বৰষুণ হয়; ইত্যাদি।


(খ) আধাৰাধিকৰণঃ যি ক্রিয়াৰ আধাৰ, সেয়ে আধাৰাধিকৰণ। যেনেঃ তিলত তেল আছে। পানীত মাছ থাকে।


আধাৰাধিকৰণ তিনিবিধঃ (১) একদেশ (2) ব্যাপ্তি আৰু (৩) বিষয়াধিকৰণ।।


১। একদেশ আধাৰাধিকৰণঃ আধাৰ যেতিয়া এটা গােটৰ অংশ বিশেষ হয়, তাক একদেশ আধাৰাধিকৰণ বােলে। যেনেঃ পানীত মাছ থাকে। ইয়াত পানীত মানে পানী ভাগৰ একাংশত। সেইদৰে বাঘ হাবিত থাকে অর্থাৎ হাবিৰ একাংশত থাকে; ইত্যাদি।


২। ব্যাপ্তি আধাৰাধিকৰণঃ আধাৰ যেতিয়া ব্যাপ্তি অর্থাৎ জুৰি থকা বুজায় তাক ব্যাপ্তি আধাৰাধিকৰণ বােলে। যেনেঃ তিলত তেল থাকে অর্থাৎ তিলৰ গােটেই অংশ ব্যাপী তেল থাকে।


৩। বিষয় আধাৰাধিকৰণঃ আধাৰ যেতিয়া কোনাে বিষয় হয় তাক বিষয় আধাৰাধিকৰণ বােলে। যেনেঃ তেওঁৰ অঙ্কত গভীৰ জ্ঞান আছে। তেওঁ সঙ্গীতত বিশাৰদ; ইত্যাদি।


৪। দুটাৰ ভিতৰত তুলনা বুজালে ৭মী বিভক্তি হয়। যেনেঃ ধনতকৈ বিদ্যা শ্রেষ্ঠ। দেশতকৈ মােমাই ডাঙৰ নহয়। উপদেশতকৈ আৰ্হি ভাল। বীণাতকৈ ৰীণা ডাঙৰ ইত্যাদি।


৫। বিনে, বিনা, বাজে, বাহিৰে আদিৰ যােগত ৭মী বিভক্তি হয়। যেনেঃ তােমাত বিনে (বিনা) অগতিৰ গতি নাই। ঈশ্বৰত বাদে বিপদত কোনে উদ্ধাৰ কৰিব। তােমাত বাহিৰে মােৰ ভৰসা নাই। বিনা ধনে কাম নিসিজে; ইত্যাদি।


৬। অসমাপিকা ক্রিয়া লােপ হলে ৭মী বিভক্তি হয়। যেনেঃ আমি ৰেলত (উঠি) ঘৰলৈ থাম। তাৰ আচৰণত (আচৰণ দেখি) মই ক্ষুব্ধ। তােমাৰ কথাত (কথা শুনি) মই স্তম্ভিত; ইত্যাদি।


৭। কর্মবাচ্যত কর্তাত ৭ মী বিভক্তি হয়। যেনেঃ কর্তৃর্বাচ্যৰ বাক্যঃ বানপানীয়ে গাঁওখন ডুবালে।


কর্মবাচ্যতঃ বানপানীত গাঁওখন ডুব গ'ল।


সেইদৰেঃ জুইত ঘৰটো পােৰা গ'ল। হাবিত জুই জ্বলিল; ইত্যাদি।


৮। উঠ, পৰ, বহ, ধৰ, কোবা আদি ক্রিয়াৰ যােগত ৭ মী বিভক্তি হয়। যেনেঃ টেনজিং নর্কে এভাৰেষ্টত উঠিছিল। ঔটো হাবিত পৰিল। ভকত কঠত বহক। হাতত ধৰা অপমানৰ কথা। সজ স্বভাৱৰ বাবেইতাে তাক পিঠিত কোবালে; ইত্যাদি।


৯। পাৰ্গত, নিপুণ আদি কিছুমান শব্দৰ যােগত ৭মী বিভক্তি হয়। যেনেঃ তেওঁ যুদ্ধত পাৰ্গত। এওঁ ৰণত নিপুণ। যদুনাথ বিদ্যাত বৃহস্পতি।


১০। নিমিত্ত বা হেতু অর্থত ৭ মী বিভক্তি হয়। যেনেঃ তেওঁ শােকত ম্ৰিয়মান। ময়ুৰীয়ে মেঘৰ মাদল শুনি আনন্দত পেখম ধৰিছে। চোৰৰ ভয়ত মােৰ ৰাতি টোপনি নাই। সীতাৰ অন্বেষণত হনুমানে লঙ্কাত উপস্থিত হৈছিল; ইত্যাদি।


১১। এটা ক্রিয়াৰ কালৰ দ্বাৰা আন এটা ক্রিয়াৰ কাল নিৰূপণ হ'লে ৭মী বিভক্তি হয় । (কেৱলীয়া কর্তাৰ ক্ৰিয়াত ৭মী বিভক্তি হয়।) যেনেঃ খেল শেষ হ’লত আমি ঘৰলৈ আহিলোঁ। ৰাম বনলৈ গ'লত দশৰথৰ মৃত্যু হ’ল; ইত্যাদি।


১২। পুনঃ পুনঃ উল্লেখ কৰিলে শব্দত ৭মী বিভক্তি হয়। যেনেঃ কুঞ্জে কুঞ্জে কত পুষ্পৰ সম্ভাৰ। বনে বনে বিহৰিছে বিবিধ বিহঙ্গ, ইত্যাদি।



Post a Comment

0 Comments