Ads Area

Hs 2nd Year/Class 12 Assamese Question Answer | Hs 2nd Year Question Answer Arts

Hs 2nd Year English Question Answer.Hs 2nd Year Advance Assamese Question Answer.Class 12 Assamese Book Question Answer.Hs 2nd Year Assamese Book Question Answer PDF.Hs 2nd Year Assamese Question Answer 2021.Hs 2nd Year Assamese Question Answer PDF Download.Hs 2nd Year Assamese Question Paper.Hs 2nd Year Assamese Question Paper 2021.Hs 2nd Year Question Paper 2021 Arts.Hs 2nd Year Question Paper 2021 Arts.Hs 2nd Year English Question Answer.Hs 2nd Year Education Book PDF.Seba Class 11 English Question Paper.Hs 2nd Year Political Science Question Answer.Hs 2nd Year Education Question Paper 2021.Logic and Philosophy Class 12 Question Answer.Hs Question Paper 2021 Physics.2021 Hs Political Science Question Paper.2021 Hs Math Question Paper.H.s Question Paper 2021 PDF Download.Hs 2nd Year Question Paper 2021 Arts.Hs 2nd Year Important Questions.Ahsec Solved Question Paper 2021.Hs English Paper 2021.Advance Assamese 1st Year Question Answer.Class 12 Assamese Question answer.hs 2nd Year English Question answer.hs 2nd Year Advance Assamese Question answer.hs 2nd Year Assamese Book Question Answer PDF.class 12 Assamese Book Question answer.hs 2nd year.question Paper 2021 arts.hs 2nd Year Political Science Question answer.class 12 Assamese Question Answer Seba

জনতাৰ আহ্বান (Jonotar Ahban) দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ



জনতাৰ আহ্বান 
Hs 2nd Year Assamese Question Answer
Class 12 Assamese Question Answer


 

আৰ্হি প্ৰশ্নঃ

ক) অতি চমু প্ৰশ্নঃ


১) অসমীয়া সাহিত্য-সংস্কৃতি জগতত ৰূপকোঁৱৰ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হয়?

উত্তৰঃ অসমীয়া সাহিত্য-সংস্কৃতি জগতত ৰূপকোঁৱৰ অভিধাৰে জ্যোতিপ্ৰসাদ আগৰৱালাক বিভূষিত কৰা হয়।



২) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ লুইতৰ পাৰৰ অগ্নিসুৰ।

৩) জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি?

উত্তৰঃ শোণিতকুঁৱৰী।

৪) জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীলৈ কিয় গৈছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীলৈ গৈ কথাছবি প্ৰযোজনা আৰু পৰিচালনা বিষয়ত প্ৰশিক্ষণ লৈছিল।

৫) প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?

উত্তৰঃ জয়মতী (১৯৩৫)।

 

খ) চমু প্ৰশ্নঃ


১) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য হল- জাতীয়তাবোধআৰু দেশৰ আৰু বুৰঞ্জীৰ লগত একাত্মবোধ।

২) আজি সুন্দৰৰ পূজা থাপনাত

    যাচিবি কিহেৰে ষোড়শোপচাৰ –ইয়াত ষোড়শোপচাৰে কি বুজাইছে?

উত্তৰঃ ষোড়শোপচাৰ হল পূজাৰ ১৬ বিধ উপকৰণ। সেইবোৰ হল—আসন, স্বাগত, পাদ্য, অৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, দীপ, নৈবেদ্য আৰু বন্দনা।

৩) কবিতাটোত কবিয়ে আজি পৃথিৱীৰ আকাশে-আকাশে জনতাৰ আহ্বান বুলি কিয় কৈছে

উত্তৰঃ জনতাৰ আহ্বান শীৰ্ষক কবিতাটিত আজি পৃথিৱীৰ আকাশে-আকাশে জনতাৰ আহ্বান বুলি কোৱাৰ এক তাত্ত্বিক অৰ্থ তথা কাৰণ আছে। কবিৰ মতে আজিৰ ৰূপান্তৰৰ পৃথিৱীত সুন্দৰৰ যি সাধনা চলিছে, সেই সাধনাৰ জৰিয়তে মানুহ পোহৰৰ অভিমুখী হৈছে। এক আলোক সন্ধানী যাত্ৰাত মানুহ ব্ৰতী হৈছে। ফলস্বৰূপে মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানুহৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে।

৪) হে মোৰ আলোক-পূজাৰী প্ৰাণ -কথাষাৰৰ তাৎপৰ্য বাখ্যা কৰা।

উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত জনতাৰ আহ্বান কবিতাটো মানুহৰ চেতনা জাগ্ৰত কৰা আৰু এন্ধাৰ বিনাশী পোহৰক প্ৰতিষ্ঠা কৰিব বিচৰা এটি কবিতা। এই কবিতাটোত কবিয়ে মানুহক আলোক-পূজাৰী প্ৰাণ বুলি সম্বোধন কৰিছে। কবিয়ে সুন্দৰৰ আৰাধনাত মানুহক ষোড়শোপচাৰেৰে অৰ্ঘ্য দিবলৈ আহ্বান জনাইছে। পৃথিৱীৰ বুকুৰ পৰা এন্ধাৰ নাশি চৌপাশে পোহৰ প্ৰতিষ্ঠা কৰিবলৈ মানুহ আজি যি সাধনাত ব্ৰতী হৈছে সেই সাধনাই মানুহক আলোক সন্ধানী কৰি তুলিছে। আজি পৃথিৱীৰ আকাশে-আকাশে মানুহৰ আলোক সন্ধানী আহ্বান। পদুম ফুলৰ দৰে বেলি মুৱা হৈ হাঁহি-হাঁহি জগতক সৌৰভ বিলোৱাৰ দৰে জনতাৰ পংকজ ৰূপেও পদুমৰ দৰে বিকশিত হৈ মানুহৰ পৃথিৱীখনত শান্তি-সুৰভি বিলাই বিশ্বত সৌন্দৰ্যৰ মেলা স্থাপন কৰা বুলি কবিয়ে কল্পনা কৰিছে।

৫) কথাছবি নিৰ্মাতা হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি চমু পৰিচয় লিখা।

উত্তৰঃ ১৯০৩ চনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। ৰূপকোঁৱক জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯২৬ চনত উচ্চ শিক্ষা লাভৰ বাবে ইংলেণ্ডত যায় যদিও কোনো ডিগ্ৰী নোলোৱাকৈয়ে উভতি আহে। তাৰ পিছত তেও জাৰ্মানীলৈ গৈ তাত কথাছবি প্ৰযোজনা আৰু পৰিচালনা বিষয়ত প্ৰশিক্ষণ লয়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক জয়মতী কুঁৱৰীৰ আধাৰত আগৰৱালাদেৱে ১৯৩৫ চনত প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণ কৰে। ইয়াৰ পিছত ১৯৩৯ চনত নিজৰ কাহিনীৰে ইন্দ্ৰমালতী নিৰ্মাণ কৰে। জয়মতী আছিল অতীত গৌৰৱ কাহিনী আৰু আনহাতে ইন্দ্ৰমালতী আছিল স্বাধীনতা আন্দোলনৰ ছবি

 

গ) দীঘল প্ৰশ্নঃ


১) জনতাৰ আহ্বান  কবিতাটোৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰঃ বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান  এটি সুখ পাঠ্য কবিতা। এই কবিতাটোৰ মাধ্যমেৰে পৰিৱৰ্তনশীল মানৱ জীৱনৰ সংগ্ৰামময় জীৱনৰ এখন ছবি অংকন কৰা হৈছে।

        কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক অভ্যুদ্বয়ৰ কথা বৰ্ণনা কৰিছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি আৰম্ভ হৈছে তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। বোকাত জন্ম লাভ কৰা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে পোহৰ বিলাইছে। এন্ধাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি সাৰ্থক হবলৈ আগবাঢ়িছে। ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্ৰৰ জয়, মহামানৱতন্ত্ৰৰ জয়। থূলমূলভাৱে এয়াই কবিতাটোৰ মূলভাৱ।

২) ‘জনতাৰ আহ্বান  কবিতাটোত সাধাৰণ মানুহৰ প্ৰতি কবিৰ কেনে মনোভাৱ প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান  কবিতাটিৰ জৰিয়তে সাধাৰণ মানুহৰ প্ৰতি এক গভীৰ বিশ্বাস আৰু আস্থাৰ ভাৱ প্ৰকাশ পাইছে। কবি জ্যোতিপ্ৰসাদ আগৰৱালাই পৃথিৱীৰ জনতাৰ মাজত এক নতুন চেতনা জাগ্ৰত কৰি গোটেই পৃথিৱীখনতে জনতাৰ আহ্বান বিয়পাই দিব বিচাৰিছে, যাৰবাবে সুন্দৰৰ পূজা আৰম্ভ কৰি আৰাধনাত মগ্ন হৈ পৰিছে।

         কবিয়ে পৃথিৱীখনৰ পৰিৱৰ্তন বিচাৰি যি সাধনা আৰম্ভ কৰিছে তাত সাধাৰণ জনতাই মুক্ত মনেৰে অংশগ্ৰহণ কৰিছে। সমাজৰ স্থিতাৱস্থা আঁতৰাই এখন নতুন প্ৰগতিশীল সমাজ গঢ়াৰ বাবে কবিয়ে পৃথিৱীৰ প্ৰতিটো প্ৰান্তত পাৰ্যমানে প্ৰচেষ্টা আৰম্ভ কৰিছে। সংঘাতময় জীৱন অতিবাহিত কৰা সাধাৰণ লোকসকলে মানুহৰ এই পৃথিৱীখনত শান্তি-সুৰভি বিলাই দিবলৈ কবিৰ আহ্বানৰ লগে-লগে সংগঠিত হৈ পৰিছে। যাৰ ফলত পৃথিৱীখন এন্ধাৰ বিনাশী এক নতুন দিগন্তৰ পিনে আগবাঢ়িছে।

       গতিকে দেখা যায় যে কবিতাটোৰ মাজেৰে সাধাৰণ মানুহৰ প্ৰতি কবিৰ গভীৰ বিশ্বাস আৰু আস্থাৰ ভাব প্ৰকাশ পাইছে।

৩) কবিয়ে কেনেকুৱা জনতন্ত্ৰ কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা।

উত্তৰঃ বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান  কবিতাটিৰ জৰিয়তে সাধাৰণ জনতাৰ জয়গীত গাইছে আৰু এক সাৰ্বজনীন জনতন্ত্ৰ কামনা কৰিছে। এই সাৰ্বজনীন জনতন্ত্ৰই এখন সুস্থ সমাজৰ ইংগিত দিয় যত পৃথিৱীৰ প্ৰতিজন জনতাই সম-অধিকাৰ আৰু সম-মৰ্যাদা লাভ কৰি স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে।

            জনতাৰ আহ্বান  কবিতাটোত উল্লেখ কৰা ধৰণে ৰূপান্তৰৰ পৃথিৱীৰ প্ৰতিটো প্ৰান্ততে এক নতুন চেতনাৰ অভ্যুদ্বয় ধটিছে। যি চেতনাৰ দ্বাৰা জনতাই নিজৰ অধিকাৰ সম্বন্ধে সচেতন হৈ নিজৰ প্ৰাপ্যৰ বাবে আগবাঢ়ি যাবলৈ সাহস পাইছে। কবিয়ে সাধাৰণ মানুহবোৰক সম-মৰ্যাদা, সম-অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে। এখন সুস্থ আৰু শক্তিশালী মানৱ সমাজ গঠনৰ জৰিয়তে প্ৰবুদ্ধ জনতন্ত্ৰ গঠনৰ পোষকতা কৰি কবিয়ে পৃথিৱীবাসী মানৱক আহ্বান জনাইছে।

           এনেদৰে কবিয়ে সৰ্বস্তৰৰ লোকসকলক সমদৃষ্টি নিক্ষেপ কৰি এক শক্তিশালী জনতন্ত্ৰৰ পোষকতা কৰে।

৪) জনতাৰ আহ্বান কবিতাটোত জনতাৰ মহাপ্ৰাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা।

উত্তৰঃ বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান  কবিতাটিত কবিয়ে মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি সাৰ্থক হবলৈ আগবাঢ়িছে। ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্ৰৰ জয়, মহামানৱতন্ত্ৰৰ জয়।

            এনেদৰে জনতাৰ আহ্বান কবিতাটোত কবিয়ে সুন্দৰভাৱে  পৃথিৱীখন সুন্দৰ কৰাৰ মানসেৰে  জনতাৰ মহাপ্ৰাণ সংহতভাৱে জাগৰিত হোৱাৰ কথা উল্লেখ কৰিছে।

৫) প্ৰসংগ-সংগতি দৰ্শাই বাখ্যা কৰাঃ

    আজি জনতাৰ পংকজ ৰূপ

   জাগে পদুমৰ দৰে

   বোকাত জনমা মানুহে আজি

   আলোকলে উঠি আহে

   বেলিমুৱা হৈ হাঁহে

উত্তৰঃ উৰ্দ্ধৃত কবিতাৰ পংক্তিটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত জনতাৰ আহ্বান শীৰ্ষক কবিতাটিৰ পৰা লোৱা হৈছে।

       সাম্প্ৰতিক সময়ত জনতাৰ বিভিন্ন দিশত উদ্ভাসিত হোৱা উত্তৰণ তথা প্ৰগতিৰ কথা কবলৈ যোৱাৰ প্ৰসংগত উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে।

        ৰূপান্তৰেহে জগতখন ধুনীয়া কৰে। ৰূপান্তৰৰ মূল চালিকা শক্তি হল জনগণ। অথচ এই জনগণেই যুগে-যুগে বঞ্চিত আৰু নিষ্পেষিত হৈ আহিছে আজিৰ জনতাৰ সচেতনতাৰ বাবে মানৱ সভ্যতাৰ বিকাশ সম্ভৱ হৈছে, ধ্যান-ধাৰণাৰ উন্নতি হৈছে। যুগ-যুগ ধৰি পদদলিত হৈ এন্ধাৰ তথা বোকাত ডুব গৈ থকা জনতাই পদুম ফুলৰ দৰে ফুলি উঠিবলৈ সক্ষম হৈছে। বোকাত জন্ম হৈ আকাশত চকু দিয়া আৰু নিজ জ্যোতিৰে পৃথিৱীক চমক দেখুওৱা পদুমৰ দৰে জনতাইও অন্ধকাৰ বিনাশী আকাশক লক্ষ্য কৰি মূৰ দাঙি থিয় হৈছে আৰু সূৰ্যৰ ফালে দৃষ্টি নিক্ষেপ কৰিব পাৰিছে। জনতাৰ এনে পৰিৱৰ্তন তথা অভ্যুত্থানেই ৰূপান্তৰৰ মূল শক্তি। এই ৰূপান্তৰে এদিন মানৱজাতিৰ ক্ৰমোন্নতি সাধন কৰিব বুলি এক দৃঢ় বিশ্বাস কবিতাংশত প্ৰতিফলিত হৈছে।

 

অতিৰিক্ত প্ৰশ্নোত্তৰ


১) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ৩খন নাটকৰ নাম লিখা।

উত্তৰঃ শোণিতকুঁৱৰী, নিমাতী কইনা, কনকলতা, সোণ-পখিলী আদি।

২) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ ১৯৫২ চনত।

৩) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কোন চনত আৰু কত হৈছিল?

উত্তৰঃ ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত।

৪) জনতাৰ আহ্বান কবিতাটিত কিহৰ প্ৰভাৱ পৰিলক্ষিত হৈছে?

উত্তৰঃ জনতাৰ আহ্বান কবিতাটিত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হৈছে।

৫) জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃ-মাতৃৰ নাম কি?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃৰ নাম হল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা।

Post a Comment

0 Comments