Ads Area

Hs 2nd Year/Class 12 Assamese Question Answer | Hs 2nd Year Question Answer সাহিত্য সৌৰভ

Hs 2nd Year English Question Answer.Hs 2nd Year Advance Assamese Question Answer.Class 12 Assamese Book Question Answer.Hs 2nd Year Assamese Book Question Answer PDF.Hs 2nd Year Assamese Question Answer 2021.Hs 2nd Year Assamese Question Answer PDF Download.Hs 2nd Year Assamese Question Paper.Hs 2nd Year Assamese Question Paper 2021.

চিঠি(Chithi) দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ: Class 12 Question Answer-Assam Higher Secondary Education Council - উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ বাবে Higher Secondary 2nd Year Subjects Solution H.S. 2nd Year -Hs 2nd Year Assamese Question Answer

Hs 2nd Year English Question Answer.Hs 2nd Year Advance Assamese Question Answer.Class 12 Assamese Book Question Answer.Hs 2nd Year Assamese Book Question Answer PDF.Hs 2nd Year Assamese Question Answer 2021.Hs 2nd Year Assamese Question Answer PDF Download.Hs 2nd Year Assamese Question Paper.Hs 2nd Year Assamese Question Paper 2021.

 

লেখক পৰিচিতিঃ শীলভদ্ৰৰ প্ৰকৃত নাম আছিল ৰেৱতীমোহন দত্ত চৌধুৰী। সাহিত্য ৰচনাৰ বাবে তেওঁ শীলভদ্ৰ ছদ্মনাম গ্ৰহণ কৰিছিল। তেওঁৰ জন্ম হয় ধুবুৰী জিলাৰ গৌৰিপুৰত ১৯২৪ চনত।

          ১৯৭১ চনত তেওঁৰ প্ৰথম সংকলন মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পায়। আনহাতে ১৯৭৫ চনত প্ৰথম গল্প সংকলন বাস্তৱ প্ৰকাশ পায়। তেওঁৰ আন কেইখনমান গল্প সংকলনৰ নাম কোনো ক্ষোভ নাই, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, চিঠি আৰু অন্যান্য গল্প, আদি। শীলভদ্ৰই ৰিপভান উইংকল আৰু কেইটামান গল্প’ ‘ৰূপান্তৰ’ নামৰ দুখন গ্ৰন্থ অনুবাদো কৰিছিল।

 বঁটা আৰু সন্মানঃঃ  শীলভদ্ৰই ১৯৯০ চনত অনুসন্ধান নামৰ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা আৰু ১৯৯২ চনত দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰে। ১৯৯৪ চনত তেওঁ তেওঁৰ মধুপুৰ বহুদূৰ শীৰ্ষক গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেওঁক অসম উপত্যকা বঁটাৰে সন্মানিত কৰা হয়।

আৰ্হি প্ৰশ্নঃ

() অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -)

১। চিঠি গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?

উত্তৰঃ চিঠি গল্পটো শীলভদ্ৰৰ চিঠি আৰু অন্যান্য গল্প’ শীৰ্ষক সংকলনৰ পৰা লোৱা হৈছে।

২। শীলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ শীলভদ্ৰই মধুপুৰ বহুদূৰ শীৰ্ষক গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

৩। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?

উত্তৰঃ প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল।

৪। প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?

উত্তৰঃ প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো প্ৰশান্ত শৰ্মাৰ ভতিজা ৰাজনে ভূদেৱ চৌধুৰীক দিছিল।

৫। ভূদেৱ চৌধুৰীয়ে টিংখঙলৈ কিয় গৈছিল?

উত্তৰঃ ভূদেৱ চৌধুৰীলৈ তেওঁৰ পৰিবাৰে কিবা চিঠি পঠিয়াইছিল নেকি তাকে চাবলৈ ভূদেৱ চৌধুৰীয়ে টিংখঙলৈ গৈছিল।

1

 

() চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - অথবা )

১। চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে?

উত্তৰঃ চিঠি গল্পটোত বৰ্ণিত মতে ভূদেৱ চৌধুৰীয়ে তেওঁৰ একান্ত বিশ্বাসী নলে-গলে লগা বন্ধু প্ৰশান্ত শৰ্মা আৰু বাগানত থকা কালত তেওঁৰ(চৌধুৰীৰ) পৰিবাৰৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা উল্লেখ আছে।

২। শীলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা।

উত্তৰঃ (বিঃ দ্ৰঃ লেখক পৰিচিতি চোৱা।)

৩। ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল?

উত্তৰঃ ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা দুয়ো সৰুৰে পৰা বহুত ঘনিষ্ঠ বন্ধু আছিল। বৰ্তমান দুয়োৰে ঘৰ চহৰৰ ভিন্ন প্ৰান্তত। দুয়োৰে বয়সো হৈছে। আধুনিক জীৱনৰ আপৰিহাৰ্য সামগ্ৰী গাড়ী আৰু টেলিফোন এজনৰো নাই। চিটি বাছতো যাত্ৰীৰ ভিৰৰ বাবে উঠিব নোৱাৰে। তেনেস্থলত পুৰণি বন্ধুৰ সৈতে নূন্যতম যোগাযোগ ৰাখিবৰ বাবে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ চিঠি লিখিছিল।

 

৪। কাৰ চিঠিৰ পুৰুষানুক্ৰমে সঞ্চয় কৰি বলগীয়া সম্পত্তি বুলি কোৱা হৈছে ? তেওৰ চিঠি কিয় মূল্যৱান।

উত্তৰঃ চিঠি শীৰ্ষক পাঠটোত উল্লেখ কৰা অনুসৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠিসমূহ পুৰুষানুক্ৰমে সঞ্চয় কৰি বলগীয়া সম্পত্তি বুলি কোৱা হৈছে।

        প্ৰকৃততে চিঠি এখনেই চিঠিৰ মূল্য। যাৰবাবে ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ ৫০ বছৰ পিছতো এতিয়াও বঙালী আলোচনীসমূহত তেওঁৰ চিঠিবোৰ প্ৰকাশিত হৈ আহিছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰলৈ পৰিচিত-অপৰিচিত অজস্ৰজনে চিঠি লিখিছিল। প্ৰত্যুত্তৰত সেই চিঠিৰ উত্তৰ স্বৰূপে এশাৰী কিবা উত্তৰ পালে বা এটা বাক্য লিখিলেও সেয়াই অমূল্য সম্পত্তি আৰু সেয়া পুৰুষানুক্ৰমে সঞ্চয় কৰি বলগীয়া সম্পত্তি।

        দৰাচলতে চিঠিৰ কাৰণে চিঠিৰ মূল্য। চিঠি এখনত কি লিখা থাকে তাতকৈ চিঠিখনৰ মূল্য বহুত বেছি। কাৰণ চিঠি এখনে আন বহু কিবা-কিবি কঢ়িয়াই আনে। প্ৰিয়জনৰ পৰা পোৱা চিঠি এখনৰ আনন্দ অপৰিসীম। তেনেস্থলত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা পোৱা চিঠিৰ মূল্য বহুত বেছি। সেয়ে অৰ্থতঃ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি মূল্যৱান।

 

৫। বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি ?

উত্তৰঃ বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ মাজৰ যোগাযোগ দ্ৰুততৰ কৰি তুলিছে যাৰ ফলত চিঠিৰ প্ৰাসংগিকতা একেবাৰে নাইকিয়া হৈ পৰিছে।

() দীঘল প্ৰশ্ন(প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - অথবা )

১। শীলভদ্ৰৰ সাহিত্য-কৃতিৰ চমু পৰিচয় দিয়া।

উত্তৰঃ (বিঃ দ্ৰঃ লেখক পৰিচিতি চোৱা।)

৩। ভূদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল?

উত্তৰঃ অসমীয়া সাহিত্যৰ সবল গল্পকাৰ তথা সুসাহিত্যিক শীলভদ্ৰৰ চিঠি শীৰ্ষক গল্পটো এটি সুখপাঠ্য গল্প। এই গল্পটোৰ মাধ্যমত মানুহৰ মাজত থকা বন্ধুত্বৰ এনাজৰীডাল কিমান সুদৃঢ় পাৰে প্ৰাসংগিক ভাৱে সেই কথা উল্লেখ কৰিছে। কিমানখিনি আত্মিক সম্পৰ্ক থাকিলে এজন বন্ধুৱে আন এজন বন্ধলৈ অধীৰ অপেক্ষাৰে বাট চাব পাৰে তাৰ উমান আমি এই গল্পটোত পাওঁ।

           ভূদেৱ চৌধুৰীৰ চিঠিখনে বন্ধু প্ৰশান্ত শৰ্মাৰ ঘৰত বৰ আদৰ-সন্মান তথা গুৰুত্ব পাইছিল। প্ৰিয় বন্ধুৰ পৰা চিঠি এখন পাই প্ৰশান্ত শৰ্মা হৃদয়ৰ পৰা আনন্দিত হৈছিল আৰু তেওৰ মনোজগত বৰ আৱেগিক হৈ পৰিছিল চিঠিখন পোৱাৰ পিছত সকলোৰে আগত ভূদেৱ চৌধুৰীৰ কথাকে কৈছিল। বিগত সময়বোৰ দুয়ো বন্ধুৱে কেনেদৰে কটাইছিল তাৰেই প্ৰসংগ স্মৰণ কৰিছিল। আনকি বন্ধুৰ চিঠিৰ উত্তৰ দিবলৈ প্ৰশান্ত শৰ্মাই পুতেকৰ হতুৱাই লেফাফাও অনাইছিল। কিন্তু সময়ত সেয়া লিখাৰ আগতেই প্ৰশান্ত শৰ্মা ঢুকাই থাকিল।

          আনফালে ভূদেৱ চৌধুৰীয়ে যেতিয়া বন্ধু প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ পাই খবৰ লোৱাৰ উদ্দেশ্যে মৃতকৰ ঘৰত উপস্থিত তেতিয়া শৰ্মাৰ ঘৈণিয়েক, পুতেককে আদি কৰি সকলোৱে চৌধুৰীৰ শলাগ লৈছিল। কাৰণ বন্ধু চৌধুৰী দেৱৰ পৰা এখন চিঠি পাই প্ৰশান্ত শৰ্মা যিমানখিনি আনন্দিত হৈ পৰিছিল হয়তো সেই আনন্দৰ তুলনা নাছিল।

        এনেদৰেই ভূদেৱ চৌধুৰীৰ চিঠিখনে বন্ধু প্ৰশান্ত শৰ্মাৰ ঘৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

 

৪। আপোনজনৰ পৰা পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটোত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ অসমীয়া সাহিত্যৰ বলিষ্ঠ গল্পকাৰ শীলভদ্ৰৰ চিঠি শীৰ্ষক গল্পটো এটি সুখপাঠ্য গল্প। এই গল্পটোৰ জৰিয়তে আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটোত সুন্দৰভাৱে প্ৰতিফলিত হৈছে।

       চিঠি এখনেই চিঠিৰ মূল্য। চিঠি এখনত যি লিখা থাকে তাতোকৈ বহুতো কিবাকিবি কঢ়িয়াই আনে। শীলভদ্ৰৰ চিঠি শীৰ্ষক গল্পটোৰ কেন্দ্ৰীয় চৰিত্ৰ ভূদেৱ চৌধুৰীয়ে যোগাযোগৰ অভাৱৰ বাবে তেওৰ একালৰ বন্ধু প্ৰশান্ত শৰ্মালৈ বুলি এখন চিঠি লিখে। আনফালে প্ৰিয় বন্ধুৰ পৰা চিঠি পাই প্ৰশান্ত শৰ্মাই নিজকে ধন্য মানে আৰু নোৱাৰাকৈয়ে এক অনাবিল আনন্দ অনুভৱ কৰে। শৰ্মাদেৱ ইমানেই আনন্দিত হৈ পৰে যে এইকেইদিন তেওৰ ঘৰলৈ যিয়ে আহিছে প্ৰসংগক্ৰমে বন্ধু চৌধুৰীদেৱৰ পৰা পোৱা চিঠিখনৰ কথা উনুকিয়াইছে।

         আনহাতে ভূদেৱ চৌধুৰীয়ে চিঠিখন পঠোৱাৰ পিছত উত্তৰ স্বৰূপে বন্ধু প্ৰশান্ত শৰ্মাৰ পৰা এখন চিঠি পোৱাৰ বাবে আকুলতাৰে অধীৰ অপেক্ষা কৰিছিল। ডাকোৱালজন অহাৰ সময়খিনিত বাহিৰৰ কোঠাত বহি বাটৰ ফালে দৃষ্টি নিবন্ধ ৰাখে জানোবা বন্ধুৰ পৰা চিঠি এখন আহেই। কিবা কাৰণত এইখিনি সময়ত চৌধুৰী ঘৰত নাথাকিলে ঘৰলৈ আহিয়েই পৰিবাৰক প্ৰশ্ন কৰে -চিঠি-পত্ৰ কিবা আহিছে নেকি?

        এনেদৰে ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ অপেক্ষাত থাকোতে তেওৰ পুৰণি দিনৰ স্মৃতিয়ে মনৰ মাজেৰে আঁহ-জাঁহ কৰে। বিয়াৰ পিছত কিছুমান অসুবিধাৰ বাবে চৌধুৰী কিছুদিন বাগানত অকলে আছিল। তেও তেওৰ পৰিবাৰক কিছুদিনৰ কাৰণে গাৱৰ ঘৰত ৰাখিছিল। এই সময়খিনিত পৰিবাৰৰ এখন চিঠিৰ কাৰণে চৌধুৰী ব্যাকুল হৈ পৰিছিল।

       ঠিক এনেদৰে গল্পটোৰ জৰিয়তে আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটোত সুন্দৰভাৱে প্ৰতিফলিত হৈছে।

 

অতিৰিক্তঃঃ

১। চুটি গল্পৰ কেইটামান বৈশিষ্ট্য লিখা।

উত্তৰঃ  চুটি গল্পৰ কেইটামান বৈশিষ্ট্য তলত উল্লেখ কৰা

) চুটিগল্পৰ আৰম্ভণি আকস্মিক।

) চুটিগল্পৰ সামৰণি নাটকীয়।

) চুটিগল্পত ভাবৰ একমুখিতা থাকিব লাগে।

) চুটিগল্পত সাধাৰণতে পূৰ্ণচিত্ৰৰ পৰিৱৰ্তে কোনো নিৰ্দিষ্ট দিশৰ উপস্থাপন কৰা হয়।

) চুটিগল্পত সাধাৰণতে কম চৰিত্ৰৰ সমাৱেশ ঘটে।

) চুটিগল্পৰ পৰিসৰ সাধাৰণতে কম হোৱা দেখা যায়।

২। টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি?

উত্তৰঃ টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম ফাগু।

৩। শীলভদ্ৰই ৰচনা কৰা চুটি গল্পসমূহৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ শীলভদ্ৰই ৰচনা কৰা চুটি গল্পসমূহৰ বৈশিষ্ট্য

     ) বাস্তৱ জীৱনৰ সৰু-সৰু ঘটনা একোটাক বিষয়-বস্তু হিচাপে তেওঁ গল্প লিখিছিল।

     ) সহজ-সৰল ভাষা আৰু মেদহীন বৰ্ণনা তেওঁৰ চুটি গল্পসমূহত দেখা যায়।


Hs 2nd Year English Question Answer.Hs 2nd Year Advance Assamese Question Answer.Class 12 Assamese Book Question Answer.Hs 2nd Year Assamese Book Question Answer PDF.Hs 2nd Year Assamese Question Answer 2021.Hs 2nd Year Assamese Question Answer PDF Download.Hs 2nd Year Assamese Question Paper.Hs 2nd Year Assamese Question Paper 2021.Hs 2nd Year Question Paper 2021 Arts.Hs 2nd Year Question Paper 2021 Arts.Hs 2nd Year English Question Answer.Hs 2nd Year Education Book PDF.Seba Class 11 English Question Paper.Hs 2nd Year Political Science Question Answer.Hs 2nd Year Education Question Paper 2021.Logic and Philosophy Class 12 Question Answer.Hs Question Paper 2021 Physics.2021 Hs Political Science Question Paper.2021 Hs Math Question Paper.H.s Question Paper 2021 PDF Download.Hs 2nd Year Question Paper 2021 Arts.Hs 2nd Year Important Questions.Ahsec Solved Question Paper 2021.Hs English Paper 2021.Advance Assamese 1st Year Question Answer.

Post a Comment

0 Comments