পুথিভঁৰাল
ভূমিকা: পুথিভঁৰালক
সভ্যমানুহৰ জীৱন যাত্ৰাৰ এক আৱশ্যকীয় অঙ্গ বুলি অভিহিত কৰিব
পাৰি।প্ৰায়বােৰ শিক্ষিত মানুহৰ ঘৰতে ব্যক্তিগত পুথিভঁৰাল থাকে। কিন্তু
এইবােৰ সামূহিক স্বাৰ্থত ব্যৱহাৰ নহয়। ইয়াৰ কাৰণে চৰকাৰী পক্ষৰ পৰা
পুথিভঁৰাল স্থাপন কৰা হৈছে যদিও আজিকালি বহুতাে ক্লাৱ বা সংস্থায়াে
পুথিভঁৰাল প্রতিষ্ঠা কৰা দেখা যায়। এনেধৰণৰ পুথিভঁৰালবােৰে আমাৰ দেশৰ দৰে
দুখীয়া আৰু কম শিক্ষিত লােকৰ কাৰণে বিশেষ প্রয়ােজনীয়। ইয়াৰ যােগেদি
জ্ঞানৰ বিস্তাৰ হ'ব পাৰে। তদুপৰি পুথিভঁৰালৰ পৰা পােৱা আনন্দক দেৱমন্দিৰত
প্ৰৱেশ কৰাৰ আনন্দৰ লগত ৰিজাব পাৰি। নানা সমস্যা পীড়িত মানুহেও ইয়াত
সােমাই আনন্দ উপভােগ কৰিব পাৰে।
পুথিভঁৰাল জ্ঞানৰ ভঁৰাল:
আধুনিক বিজ্ঞানৰ এক মূল্যবান অৱদান হ’ল ছপাখানা সমূহ। ইয়াৰ যােগেদি
গ্রন্থসমূহ প্রকাশিত হয়। গ্রন্থ প্রকাশ হােৱাৰ লগে লগে এজন জ্ঞানবান
ব্যক্তিৰ জ্ঞানৰ দ্বাৰা আমি সাধাৰণ পাঠকসকল লাভবান হ’ব পাৰিছোঁ। পুথিভঁৰাল
হ’ল এনে গ্রন্থৰে মিলনক্ষেত্র। ইয়াত অতীত, ভৱিষ্যৎ আৰু বর্তমান সকলাে
মিলিত হােৱাৰ লগে লগে পৃথিৱীৰ জ্ঞানবােৰ একত্ৰিত হৈছে। গােটেই জীৱনজুৰি
মানুহে এনে জ্ঞানসমূহ সংগ্রহ কৰিব নােৱাৰে যিখিনি তেওঁ পুথিভঁৰালত অধ্যয়ন
কৰি লাভ কৰিব পাৰে। পুথিভঁৰাল অফুৰন্ত প্রাণ প্রবাহ। ইয়াত অৱগাহন কৰিলে
মানুহে সাধনাত সিদ্ধি লাভ কৰিব পাৰে।
গ্রন্থাগাৰৰ উদ্ভৱ:
প্রাচীন কালতেই জ্ঞানচর্চাৰ ফলত সাহিত্য ৰচিত হৈছিল কিন্তু অক্ষৰ আৱিষ্কাৰ
নােহােৱাৰ বাবে সেইবােৰ মুখে মুখে প্রচলিত হৈছিল। কালক্ৰমত অক্ষৰৰ সৃষ্টি
হ’ল। কাগজ হিচাপে ব্যৱহাৰ হ’ল সাঁচিপাত ভূমিপত্র। মানুহে কঠোৰ পৰিশ্ৰমেৰে
লেখাৰ সামগ্রী তৈয়াৰ কৰি গ্ৰন্থ ৰচনা কৰিবলৈ ধৰিলে আৰু সেই গ্রন্থবােৰেই
পুথিভঁৰাল নির্মাণ কৰে। প্রাচীন ভাৰতত এনে পুথিভঁৰালৰ ব্যৱস্থা আছিল। সেই
কালত জ্ঞানচর্চাৰ কলা হিচাপে নির্মিত বিশ্ববিদ্যালয়বােৰত পুথিভঁৰালৰ
ব্যৱস্থা আছিল।নালান্দা, তক্ষশিলা আদিত এনে পুথিভঁৰাল স্থাপিত হৈছিল আৰু
এইবােৰত নিজ দেশৰ উপৰিও আন দেশৰ পণ্ডিতসকলেও অধ্যয়নৰ কাৰণে আহিছিল।
প্রাচীন মন্দিৰবোৰত এনে গ্রন্থাগাৰ থকাৰ কথা গম পােৱা যায়। কাশী, সােমনাথ
প্রভৃতি হিন্দু মন্দিৰবােৰত এনে পুথিভঁৰাল আছিল। এই গ্রন্থাগাৰত সংৰক্ষিত
বহুতাে মূল্যবান গ্রন্থ বিদেশী আক্রমণকাৰীয়ে নাশ কৰি পেলায়।মুদ্রাযন্ত্রৰ
আৱিষ্কাৰৰ ফলত গ্রন্থবােৰৰ প্ৰচাৰৰ ক্ষেত্র বিস্তৃত হ’ল। তথাপিও সকলাে
ধৰণৰ গ্ৰন্থ এজন ব্যক্তিয়ে সংগ্রহ কৰাটো সম্ভৱপৰ নহয় কাৰণেই সামাজিক বা
ৰাজহুৱা পুথিভঁৰালৰ ব্যৱস্থা কৰা হয়। পুথিভঁৰালত নানা ধৰণৰ গ্ৰন্থবােৰ
সজাই থােৱা হয় আৰু পঢ়ুৱৈ সকলে ইয়াত প্ৰৱেশ কৰি সেইবােৰ অধ্যয়ন কৰাৰ
সুযােগ পায়। বর্তমান যুগত গৱেষণা, অধ্যয়ন আদিৰ প্ৰসাৰ বৃদ্ধি পাইছে।
গতিকে পুথিভঁৰালৰ প্রয়ােজনীয়তাও বাঢ়িছে। বিভিন্ন বিষয়ৰ গৱেষণা আৰু
আলােচনাৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইত বৃহৎ গ্রন্থাগাৰবােৰ স্থাপিত হৈছে।
আধুনিক কালত ৰুচিয়াৰ লেনিন গ্রন্থাগাৰ, পেৰিচৰ বহিব্লথিক নেচনেল, লণ্ডনৰ
বৃটিছমিউজিয়াম, ভাৰতৰ নেচনেল লাইব্রেৰী আদি আন্তর্জাতিক খ্যাতিসম্পন্ন
পুথিভঁৰাল। সাম্প্রতিক কালত উচ্চ শিক্ষা অনুষ্ঠানবােৰৰ লগতে একোটাকৈ
পুথিভঁৰাল সংযুক্ত হৈ থাকে। কলেজ, বিশ্ববিদ্যালয়ত কাৰিকৰী শিক্ষা
প্রতিষ্ঠান আদি প্রত্যেকতে থকা এই ধৰণৰ পুথিভঁৰালবােৰে ছাত্র-ছাত্রী,
গৱেষক, অধ্যাপক-অধ্যাপিকাসকলক প্রভূত পৰিমাণে সহায় কৰে।
ৰাজহুৱা
আৰু চৰকাৰী পুথিভঁৰাল: সর্বসাধাৰণৰ উপকাৰত অহাকৈ ৰাজহুৱা গ্রন্থাগাৰ বা
পুথিভঁৰালবােৰ স্থাপন কৰা হৈছে। স্বাধীনতা লাভৰ পাছত সৰ্বসাধাৰণ মানুহৰ
মাজত শিক্ষা আৰু জ্ঞানৰ প্ৰসাৰ ঘটাবলৈ এই পুথিভঁৰালসমূহ প্রতিষ্ঠা কৰা হয়।
ৰাজ্য চৰকাৰবােৰেও ৰাজহুৱা খণ্ডত একো একোটা কেন্দ্রীয় পুথিভঁৰাল স্থাপন
কৰি তাৰ সেৱা গ্রাম্য অঞ্চললৈও সম্প্রসাৰিত কৰা হৈছে। পুথিভঁৰালসমূহত
চৰকাৰী পক্ষৰ পৰা গ্রন্থখিনি যােগান ধৰাৰ ব্যৱস্থা কৰা হয়। গ্রন্থবােৰ
সজাই ৰখাৰ কৌশল আধুনিক যুগত বিশেষ সুবিধাজনক কৰি তােলা হৈছে। তাৰ ফলত
তৎক্ষণাৎ এজন পাঠকে গ্রন্থ এখন বিচাৰি পঢ়াৰ ব্যৱস্থা কৰিব পাৰে। বৈজ্ঞানিক
প্রণালীৰে পাঠকৰ অতি সুবিধাজনকভাৱে গ্ৰন্থৰ যােগান ধৰাৰ প্রশিক্ষণ দিবলৈ
পুথিভঁৰাল সম্পর্কীয় শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই প্রতিষ্ঠানবােৰত
অধ্যয়নপুষ্ট গ্রন্থাগাৰিকাবােৰে পাঠকসকলক গ্রন্থ নির্বাচনত বিশেষভাৱে
সহায় কৰিব পাৰে।
পুথিভঁৰালৰ প্ৰয়ােজনীয়তা: স্কুল কলেজত
বিদ্যা বা জ্ঞানৰ বিকাশ সাধন কৰা হয় যদিও সি মূলতঃ পাঠ্যকেন্দ্রিক। এই
নির্দিষ্ট শিক্ষা গ্রহণৰ দ্বাৰা পৃথিৱীত চলিব নােৱাৰি। ইয়াৰ বাবে আৰু
বিভিন্ন জ্ঞান জনাটো দৰকাৰ হৈ পৰে। সেয়া সম্ভৱ হ'ব পাৰে পুথিভঁৰালত
নিয়মিত অধ্যয়ন কৰিলেহে। অনানুষ্ঠানিক শিক্ষাৰ কেন্দ্রস্থল
পুথিভঁৰালবােৰেই প্ৰকৃতাৰ্থত জ্ঞানৰ প্ৰসাৰ ঘটাব পাৰে। পৃথিৱীৰ এনে বহুতাে
মানুহৰ কথা গম পােৱা যায় যিয়ে হয়তাে স্কুলীয়া বিদ্যাতকৈ অন্য ধৰণৰ
জ্ঞানলাভৰ যােগেদিহে নিজকে পৰিপূৰ্ণ কৰি ৰাখিছিল। এই ক্ষেত্ৰত তেওঁলােকে
পুথিভঁৰাল আদিৰ সহায় লৈছিল। তাৰ মাধ্যমেদি নীৰৱ অধ্যয়নৰ যােগেদি
তেওঁলােকে নিজৰ প্রতিভা বিকশিত কৰি তুলিছিল।ছাত্ৰাৱস্থাৰ পৰা পুথিভঁৰাললৈ
যােৱা অভ্যাস কৰিব লাগে। তেতিয়াহে বিভিন্ন জ্ঞানৰ আস্বাদন কৰিব পাৰি।
ইয়াৰ যােগেদিয়ে অধ্যয়নৰ প্রতি আগ্রহ গঢ় লৈ উঠে আৰু গ্রন্থ অধ্যয়নে
গঢ়ি তােলে উচ্চমানৰ ৰুচিসম্পন্ন এক আকর্ষণীয় ব্যক্তিত্ব।
সামৰণি: বহু
সময়ত মানুহৰ অধ্যয়নৰ ইচ্ছা থাকিলেও ধনৰ অভাৱত গ্রন্থ পাতি যােগাৰ কৰিব
নােৱাৰি সেই ইচ্ছা দমন কৰিব লগা হয়। পুথিভঁৰালত প্রায় সকলাে ধৰণৰ গ্ৰন্থই
পােৱা যায় আৰু সেইবােৰ বিনামূলীয়াকৈ পঢ়াৰ সুবিধা লাভ কৰিব পাৰি । গতিকে
পুথিভঁৰালেই অধ্যয়নৰ পৰিবেশ গঢ়ি তুলি ব্যক্তি জীৱনক গঢ়াৰ সূচল কৰি
দিয়ে। তদুপৰি কিছুমান দুষ্প্রাপ্য গ্রন্থও পুথিভঁৰালত ৰখা হয়। সেইবােৰ
তাৰপৰা অধ্যয়ন কৰি বহুতাে জ্ঞান লাভ কৰিব পাৰি। গতিকে সমাজত জ্ঞানৰ
সুঁতিটো প্ৰৱাহিত কৰি ৰখাৰ ক্ষেত্ৰত পুথিভঁৰালেই এক গুৰুত্বপূর্ণ ভূমিকা
পালন কৰি আহিছে। গতিকে পুথিভঁৰাল যিমানেই বাঢ়ে আমাৰ সমাজৰ কাৰণে সিমানেই
মঙ্গল।
0 Comments