Ads Area

ঐতিহাসিক ভাষাবিজ্ঞানৰ সীমাবদ্ধতা আৰু তুলনামূলক ভাষাবিজ্ঞান (Comparative Linguistics)

 ঐতিহাসিক ভাষাবিজ্ঞানৰ সীমাবদ্ধতা আৰু তুলনামূলক ভাষাবিজ্ঞান (Comparative Linguistics) 





    ঐতিহাসিক ভাষাবিজ্ঞানত কোনো এটা ভাষাৰ ক্রমবিবর্তনৰ ধাৰা সম্পর্কে আলোচনা আগবঢ়োৱা হয়। সময়ৰ সোঁতত বিভিন্নজনৰ মুখ বাগৰি আহোঁতে ভাষা এটাৰ আমুল পৰিবৰ্তন ঘটে। সময়ৰ গতিশীল সোঁতত ভাষা এটাই নানা বিবর্তনৰ মাজেৰে আহি বৰ্তমানৰ ৰূপ লাভ কৰে। ভাষা এটাৰ মূল উৎস কি আছিল, ক'ৰপৰা কেনেদৰে আহি বৰ্তমানৰ অৱস্থা পাইছে আদি কথাবোৰ ঐতিহাসিক ভাষাবিজ্ঞানৰ আলোচনাৰ বিষয়। ভাষাৰ এনে পৰিবর্তন সম্পর্কে আলোচনা কৰোতেও ধ্বনিগত, রূপগত, বাক্যগত, অর্থগত এই চাবিটা দিশত মনোযোগ দিয়া হয়। এই আটাইকেইটা দিশ চালিজাৰি চাই বর্তমানৰ ভাষাটোৰ ৰূপৰ লগত সংগতি ৰাখি অতীতক খুচৰি চাই ভাষাৰ ক্রমবিবর্তনৰ এটি ইতিহাস দাঙি ধৰা হয়। বর্ণনাত্মক ভাষাবিজ্ঞানীয়ে ভাষাৰ কথিত ৰূপটোত অধিক গুরুত্ব দিয়ে, কিন্তু ঐতিহাসিক ভাষাবিজ্ঞানীয়ে ভাষাৰ অধ্যয়নত বিশেষকৈ ধ্বনি সম্পর্কীয় আলোচনাত প্রাচীন নথি-পত্ৰৰ ওপৰত অধিক গুরুত্ব দিয়ে। প্রাচীন শিলালিপি, তাম্রফলি, পৰিব্ৰাজকৰ টোকা, প্রাচীন হাতেলিখা পুথি আদি বিভিন্ন পাঠ (Text) ঐতিহাসিক ভাষাবিজ্ঞানৰ অধ্যয়নত প্রয়োজন হয়। থোৰতে ক'ব পাৰি যে, ঐতিহাসিক ভাষাবিজ্ঞানৰ প্রধান কাম হৈছে, ভাষাটোৰ প্রাচীন স্তবৰ পৰা আধুনিক স্তবলৈকে স্তবভেদে সকলোবোৰ প্রাচীন লিখিত নিদর্শন সংগ্ৰহ কৰি সময়ে সময়ে ঘটা ভাষাটোৰ পৰিৱৰ্তনৰ বিভিন্ন দিশৰ পুংখানুপুংখভাবে অধ্যয়ন চলোৱা। ঐতিহাসিক ভাষাবিজ্ঞানৰ অধ্যয়নৰ যোগেদি পৃথিৱীৰ ভাষাসমূহ বৰ্গীকৰণ কৰাত যথেষ্ট সহায় হয়। ঐতিহাসিক ভাষাবিজ্ঞানৰ দৃষ্টিভংগীৰে লিখা অসমীয়া আৰু বঙলা ভাষাৰ পুথি ক্রমে ড° বাণীকান্ত কাকতিৰ 'Assamese, Its Formation and Development' (1941) আৰু ড° সুনীতি কুমাৰ চেটার্জীৰ 'The Origin and Development of the Bengali Language' (1926) বিশেষভাবে উল্লেখযোগ্য। অর্থতত্ত্বৰ দিশত বিশেষকৈ পৰিৱর্তনৰ ধাৰা সম্পৰ্কীয় আলোচনাত ঐতিহাসিক ভাষাবিজ্ঞানৰ যথেষ্ট গুৰুত্ব আছে। যুগৰ পৰিবৰ্তনৰ লগে লগে ভাষা এটাৰ শব্দৰ অৰ্থ কিয় পৰিৱর্তন হয়, কেনেদৰে হয় আৰু কি কাৰণত হয় এনেধৰণৰ আলোচনা ঐতিহাসিক ভাষাবিজ্ঞানৰ বিশ্লেষণৰ বিষয়। পৃথিৱীৰ ভাষাসমূহত শব্দৰ অর্থ পৰিৱৰ্তনৰ বিভিন্ন উদাহৰণ পোৱা যায়। সংস্কৃত 'ধুৰন্ধৰ' শব্দৰ অৰ্থ আছিল শ্রেষ্ঠ, কার্যদক্ষ, পাকৈত; উড়িয়া ভাষাতো এই অর্থ ৰক্ষিত হৈছে, কিন্তু আধুনিক অসমীয়া ভাষাত 'ধুৰন্ধৰ' শব্দটিৰ অৰ্থ সলনি ঘাট 'বদমাচ', 'দুষ্ট বুদ্ধি সম্পন্ন' লোককহে বুজোৱা হ'ল। ঠিক তেনেদৰে ইংৰাজী ভাষাৰ 'meat' শব্দটোৱে প্রথমে আহাৰক বুজাইছিল। কিন্তু পাছলৈ 'meat' শব্দই কেবল মাংসকহে বুজোৱা হ'ল। গতিকে ভাষাৰ অর্থ পৰিবৰ্তনৰ ত্রিধাৰা-অর্থবিস্তাৰ, অর্থসংকোচ আৰু অর্থসংশ্লেষণৰ আলোচনাত ঐতিহাসিক ভাষাবিজ্ঞানে গুরুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে।


তুলনামূলক ভাষাবিজ্ঞান (Comparative Linguistics) : 

     ভাষাৰ প্ৰণালীবদ্ধ (Systematic) অধ্যয়নত বর্ণনাত্মক আৰু ঐতিহাসিক ভাষাবিজ্ঞানৰ যেনেদৰে গুৰুত্ব আছে ঠিক তেনেদৰে তুলনামূলক ভাষাবিজ্ঞানৰো ভাষাৰ প্ৰণালীবদ্ধ আলোচনাত সমানেই গুরুত্ব আছে। বর্ণনাত্মক ভাষাবিজ্ঞানত ভাষাৰ এটা কাল স্তৰৰ গাঁথনিক স্বরূপ দাঙি ধৰা হয়। আনহাতে ঐতিহাসিক ভাষাবিজ্ঞানত এটা কাল স্তৰৰপৰা আন এটা কাল স্তৰলৈকে ভাষাৰ পৰিবৰ্তনৰ গতি-প্রকৃতি সম্পর্কে আলোচনা কৰা হয় আৰু ভাষাটোৰ মূল নির্ণয় কৰা হয়। ঐতিহাসিক দৃষ্টিভংগীবে ভাষা এটাৰ অধ্যয়নৰ কাম সমাপ্ত হোৱাৰ পাছত সেই ভাষাৰ লগত আন আন ভাষাৰ সাদৃশ্য-বৈসাদৃশ্য নির্ণয় কৰাৰ প্রয়োজন বোধ কৰা হয়। তুলনামূলক ভাষাবিজ্ঞানত সমগোত্রীয় দুটা বা ততোধিক ভাষাৰ মাজত। ধ্বনিগত, রূপগত, বাক্যগত, অর্থগত আদি দিশত পৰস্পৰৰ সম্পৰ্ক দেখুৱাই অধ্যয়ন কৰা হয়। এনে তুলনামূলক অধ্যয়নৰ দ্বাৰা আলোচ্য ভাষাসমূহ যে, একে মূলৰ পৰা ওলোবা এই কথাৰ সত্যতা প্রমাণ কৰি দেখুৱাব পাৰি। ঐতিহাসিক ভাষাবিজ্ঞানৰ গাত আওজিয়ে তুলনামূলক ভাষাবিজ্ঞানে আগবাঢ়িব পাৰে।

    তুলনামূলক ভাষাবিজ্ঞানৰ অধ্যয়নৰ দ্বাৰা প্ৰধানকৈ ভাষাগত দুটা দিশত উপকৃত হ'ব পৰা যায়। এটা দিশ হৈছে- ভাষা এটাই সময়ৰ সোঁতত যে পৰিৱৰ্তন লাভ কৰে এই কথাৰ সত্যতা প্রমাণ কবি দেখুৱাব পাৰি আৰু আনটো দিশ হৈছে - ভাষাসমূহৰ পূৰ্ব ৰূপ নির্ণয় কৰাত তুলনামূলক ভাষাবিজ্ঞানৰ অধ্যয়নে সহায় কৰে। ভাষাৰ বৰ্গীকৰণৰ ক্ষেত্ৰতো তুলনামূলক ভাষাবিজ্ঞানৰ অধ্যয়নে সহায় কৰে। তুলনামূলক অধ্যয়নৰ দ্বাৰাই ওঠৰ শতিকাত সংস্কৃত, গ্রীক আৰু লেটিন ভাষা যে একে মূলৰ হয় সেই সিদ্ধান্তত উপনীত হৈছিল। তদুপৰি পৃথিৱীৰ অসংখ্য ভাষাসমূহৰ ভিতৰত ইংৰাজী, জার্মান, ইটালীয়, স্পেনীয়, পর্তুগীজ, ফৰাচী, লেটিন আদি ভাষাসমূহ পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়াল ভাৰত- ইউৰোপীয় ভাষাৰ যে অন্তর্গত এনে কথাও এই তুলনামূলক ভাষাবিজ্ঞানৰ অধ্যয়নৰ দ্বাৰাই দৃষ্টিগোচৰ হৈছে। তুলনামূলক ভাষাবিজ্ঞানৰ দৃষ্টিভংগীৰে অধ্যয়ন কৰা গ্ৰন্থৰ ভিতৰত J. Beamesৰ 'Comparative Grammar of Modern Aryan Language' (1872), R. Caldwell 'A Comparative Grammar of the Dravidian Language' (1913) নামৰ গ্ৰন্থ দুখন বিশেষভাবে উল্লেখযোগ্য।

Post a Comment

0 Comments