Ads Area

Swiggy ত Delivery Executive ৰ চাকৰি | How to join Swiggy delivery partner?

Swiggy ত Delivery Executive ৰ চাকৰি | How to join Swiggy delivery partner?


Swiggy ত Delivery Executive ৰ চাকৰি | How to join Swiggy delivery partner?


আজকালি নিজৰ ঘৰতে বহি নিজৰ পছন্দৰ খাদ্য ঘৰ পৰ্যন্ত আনি খাবলৈ একদমেই সহজ হৈ পৰিছে। ইয়াৰ বাবে ইমান একো কৰিব দৰকাৰ নপৰে, নিজৰ হাতৰ মোবাইল ফোনটো লৈ তাত Food Delivery কৰা যিকোনো কোম্পানী এটাৰ Apps খুলি লৈ  নিজৰ পছন্দৰ খাদ্য অৰ্ডাৰ দিলেই হয়।

তেনেকৈয়ে খাদ্য বস্তু অৰ্ডাৰ লোৱা আৰু আপোনাৰ খাদ্য  ঘৰলৈ লৈকে লৈ অহা কোম্পানী এটা হল Swiggy.

Swiggy এটা খুব পৰিচিত নাম । আপুনিও শুনিছে  হয়তো । বৰ্তমান সময়ত অসমকে ধৰি গোটেই দেশত নিবনুৱা সমস্যা এক বৃহৎ ভয়াবহ সমস্যা হৈ থিয় দিছে। ঠিক এনে সময়তে Swiggy ৰ দৰে কোম্পানীসমূহে বিভিন্ন পদৰ চাকৰি মুকলি কৰি দেশৰ যুৱ সমাজক কিছুধৰণে হলেও সকাহ দিছে। 
আজি এই পোষ্টত জনাম আপুনি কিদৰে SwiggyDelivery Executive  হিচাপে কাম কৰিব পাৰিব, আবেদন কৰিব পাৰিব।লগতে Swiggy ত কাম কৰি উপাৰ্জন কৰিব পাৰিব মাহেকত ৩০ হাজাৰ টকা পৰ্যন্ত ।

তেন্তে বলক জানোঁ Swiggy ত কেনেকৈ আবেদন কৰিব আৰু দৰমহা কিমান:

উপাৰ্জন :

প্ৰতি মাহত আপুনি ৩০ হেজাৰ বা তাতোকৈ অধিক উপাৰ্জন কৰিব পাৰিব ।

দৰমহা কেনেকৈ দিব:

প্ৰত্যেক সপ্তাহত আপোনাৰ যি বেংক একাউন্ট থাকিব তাতে আপোনাৰ দৰমহাৰ পইছা জমা হব ।
কামৰ পাৰদৰ্শিতা ভাল প্ৰদৰ্শন কৰিলে তাৰ ওপৰত লাভ কৰিব পাৰিব ইনছেনটিভ । 

অন্যান্য সুবিদা:

১ লাখ টকাৰ স্বাস্থ্য বিমাৰ লগতে ৫ লাখ টকাৰ এক্সিডেন্টেল  বিমা ।

এতিয়া আহোঁ কামৰ ওপৰত

আপোনাৰ কাম কি কৰিব লাগিব: 


১)ৰেস্টুৰেন্টৰ পৰা অৰ্ডাৰ গ্ৰহণ কৰা । 
২) গ্ৰহণ কৰা অৰ্ডাৰসমূহ গ্ৰাহকৰ ঘৰত গৈ দিয়া থৈ আহা । 
৩)গ্ৰাহকৰ পৰা অৰ্ডাৰৰ বিনিময়ত সেই অৰ্ডাৰৰ পইচা সংগ্ৰহ কৰা ।


হয়তো বুজি পাইছে কেনেকৈ কি কাম কৰিব লাগিব।
এতিয়া আহোঁ অৰ্হতাৰ ফালে।যি কোনো কামৰ বাবে অৰ্হতাৰ প্ৰয়োজন।আপোনাৰ অৰ্হতাৰ ওপৰতেই ভিত্তি কৰি আপোনাৰ কাম আৰু আপোনাৰ দৰমহা হয়।

অৰ্হতা- 

যিকোনো  10th পাছ, HSপাছ নাইবা অন্য়ান্য় সকলোৱে আবেদন কৰিব পাৰিব । 
চাইকেল বা মটৰ চাইকেল চলোৱা জানিব লাগিব । 

কিদৰে আবেদন কৰিব - 

আপুনি অনলাইন নাইবা অফলাইন আবেদন কৰিব পাৰে । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । 

অফলাইন আবেদন কৰিবলৈ আপোনাৰ প্ৰয়োজনীয় নথি পত্ৰ যেনে Driving License , PAN Card , Aadhaar Card নাইবা Voter ID লৈ তলত দিয়া ঠিকনালৈ যাওক - 
6th Floor, Adityam Building, Lachit Nagar, Guwahati - 781007  

আবেদন কৰিবলৈ ক্লিক কৰক - CLICK HERE

Post a Comment

0 Comments