Ads Area

Assamese Grammar-অসমীয়া ব্যাকৰণ উপসৰ্গ অনুসৰ্গ | Assamese Grammar Upasarga

উপসৰ্গ আৰু অনুসৰ্গ -অসমীয়া ব্যাকৰণ


Assamese Grammar,অসমীয়া ব্যাকৰণ


উপসর্গ 

উপসর্গ এবিধ অব্যয়। ইহঁতে নিজে কোনাে অর্থ প্রকাশ কৰিব নােৱাৰে। কিন্তু ধাতুৰ আগত বহি বিভিন্ন অর্থ প্রকাশ কৰে। বেলেগ বেলেগ উপসর্গযুক্ত হৈ একেটা ধাতুৱে বিভিন্ন অর্থ। প্রকাশ কৰে। যেনেঃ হৃ ধাতুৰ অৰ্থ হৰণ কৰা। কিন্তু প্র + হৃ + ঘঞ্ = প্ৰহাৰ (আঘাত), আ + হৃ + ঘঞ্ = আহাৰ (ভােজন), উপ + হৃ + ঘঞ্ = উপহাৰ (উপটৌকন)। ইয়াত হৃ-ধাতুৰ বিভিন্ন অর্থ হৈছে। সেইদৰে ৰুধ ধাতুৰ অৰ্থ ৰােধ কৰা বা বাধা দিয়া। প্রতি + ৰুধ্ + ঘঞ্= প্রতিৰোধ (বাধা দান)। ইয়াত ৰুধ্ ধাতুৰ অর্থ প্রায় একেই আছে।

আকৌ বদ্ ধাতুৰ অৰ্থ কথা কোৱা। কিন্তু বি + বদ্ + ঘঞ্ = বিবাদ, অর্থ কাজিয়া। ইয়াত বদ্ ধাতুৰ নিজা অর্থ প্রকাশ নহৈ বেলেগ অর্থ প্রকাশ হৈছে। সেইদৰে গম্ ধাতুৰ অর্থ যােৱা। কিন্তু আ + গম্ + অনট্ = আগমন (অহা) কার্য। গতিকে সম্পূর্ণ বিপৰীত অৰ্থ হৈছে। ইয়াৰপৰা দেখা যায় যে উপসৰ্গৰ যােগত ধাতুৰ অৰ্থ (১) কেতিয়াবা একেই থাকে। (২) কেতিয়াবা বিপৰীত অর্থ বুজাই আৰু (৩) কেতিয়াবা অন্য অর্থ প্রকাশ কৰে।

উপসর্গ সংযুক্ত হৈ নিষ্পন্ন হােৱা পদবােৰ বিশেষ্য বা বিশেষণ হয়।

(ক) সংস্কৃত ভাষাত উপসর্গ কুৰিটাঃ প্র, পৰা, অপ, সম্, অনু, অৱ, নিৰ্, দুৰ, অভি, বি, অধি, সু, উৎ, অতি, নি, প্রতি, পৰি, অপি, উপ, আ।

সংস্কৃত ভাষাৰ উপসর্গযুক্ত প্রায় সকলােবিলাক পদেই অসমীয়াত ব্যৱহাৰ কৰা হয়। সেইবাবে উপসৰ্গৰ বিষয়ে জনা আৱশ্যক। উপসর্গযুক্ত কিছুমান শব্দ তলত দিয়া হ'লঃ

১। প্রঃ (খ্যাতি, উৎকর্ষ, গতি, অতিশয়, আৰম্ভ, উৎপত্তি, ব্যৱহাৰ, উদ্ভৱ, আধিক্য, দক্ষতা আদি অর্থত): প্রণাম, প্রণয়, প্রণতি, প্রমাদ, প্ৰহাৰ, প্রচ্ছদ, প্রণয়ন, প্রশংসা, প্রগাঢ়, প্রগতি, প্রকৃতি, প্রস্তাৱ, প্রচণ্ড, প্রচুৰ, প্রভূত, প্রৱেশ, প্রসাদ, প্রকাশ, প্রলয়, প্রবল, প্রচলন, প্রগলভ, প্রখৰ, প্ৰভাৱ, প্ৰতাৰণা, প্রমাণ, প্ৰৱঞ্চনা, প্রজ্ঞা, প্রভা, প্রস্থান, প্রক্ষিপ্ত, প্রকৃষ্ট, প্রসিদ্ধ, প্রহৰ, প্ৰহাৰ, প্ৰৱীণ, প্রয়ােগ, প্রফুল্ল, প্রলেপ, প্রশস্তি, প্রহসন, প্রবাস, প্রচেষ্টা, প্ৰব্ৰজন, প্রজনন, প্রভাত ইত্যাদি।

২। পৰাঃ (প্রাধান্য, ব্যতিক্রম, অনাদৰ, তিৰস্কাৰ, আধিক্য, আতিশয্য, বিভিন্ন, বিৰুদ্ধ, অপমান, আদি অর্থত): পৰাজয়, পৰাভৱ, পৰাক্ৰম, পৰাধীন, পৰাংমুখ, পৰাকাষ্ঠা, পৰাগ, পৰামর্শ, পৰায়ণ ইত্যাদি।

৩। অপঃ (অনাদৰ, ত্যাগ, অপমান, বিকৃতি, কুৎসিত, বৈপৰীত্য আদি অর্থত): অপমান, অপযশ, অপবাদ, অপকর্ম, অপৰাধ, অপকাৰ, অপব্যয়, অপদেৱতা, অপহৰণ, অপসাৰণ, অপমৃত্যু, অপপ্রচাৰ, অপৰূপ, অপঘাত, অপচয় ইত্যাদি।

৪। সমঃ (সমীপ, সংগত, সম্যক, উত্তম, অবিশ্রাম, একেলগে আদি অর্থত): সম্পর্ক, সমীপ, সঙ্গত, সম্যক, সন্মুখ, সংবাদ, সংগীত, সংযােগ, সংহাৰ, সঞ্চয়, সংকট, সংশয়, সম্পত্তি, সম্পদ, সংসাৰ, সংস্কাৰ, সন্ধান, সংলাপ, সন্মান, সম্ভাষণ, সম্ভেদ, সংস্কৃত, সংস্কৃতি, সম্ভোগ, সমাদৰ, সংগ্রহ, সংক্রমণ, সমাস, সংগম, সংজ্ঞা, সম্পৃক্ত, সম্ভৱ, সঙ্কলন, সন্তাপ, সন্তোষ, সন্মিলন, সম্ভাৰ, সংকীর্ণ, সমাৱৰ্ত্তন, সম্পূর্ণ, সংঘাত ইত্যাদি।

৫। অনুঃ (পাচত, তুল্য, হীন, সাদৃশ্য, নিকৃষ্ট আদি অর্থত): অনুকাৰ, অনুৰূপ, অনুপান, অনুৰােধ, অনুচৰ, অনুজ, অনুগ্রহ, অনুগত, অনুকূল, অনুতাপ, অনুনয়, অনুবাদ, অনুপ্রাস, অনুৰণন, অনুকৰণ, অনুসৰণ, অনুমতি, অনুপ্রৱেশ, অনুমান, অনুধাৱন, অনুসন্ধান, অনুমােদন, অনুশােচনা, অনুভৱ, অনুলিপি, অনুৰাগ, অনুপাত, অনুসাৰ, অন্বেষণ, অনুসর্গ ইত্যাদি।

৬। অৱঃ (ঘৃণা, নিন্দা, অভাৱ, নিশ্চয়, বিস্তাৰ আদি অর্থত) ঃ অৱতৰণ, অৱচেতন, অৱক্ষয়, অৱৰােহণ, অৱগাহন, অৱলম্বন, অৱমাননা, অৱজ্ঞা, অৱহেলা, অৱগত, অৱনত, অৱকাশ, অৱস্থা, অৱগতি, অৱনতি, অৱৰােধ, অৱতাৰ, অৱসৰ, অৱদান, অৱলম্বন, অৱগুণ্ঠন, অৱতীৰ্ণ, অৱচ্ছিন্ন, অৱধান, অৱসাদ, অৱলীলা ইত্যাদি।

৭। নিৰঃ (নিশ্চয়, অভাৱ, নিষেধ, সমীপ, বিনা, বাহিৰ, আদি অর্থত): নির্গত, নির্ণয়, নির্মাণ, নির্বাণ, নির্মল, নিশ্চয়, নির্দয়, নির্ভয়, নির্ধন, নিঃসংগ, নিৰ্মুক্ত, নিঃশব্দ, নির্যাস, নির্জন, নির্বোধ, নিৰীক্ষণ, নির্ঘাত, নিৰপৰাধ, নিৰন্তৰ, নির্লিপ্ত, নিৰূপণ, নির্জীৱ, নিৰাকাৰ, নিৰাময়, নিৰতিশয়, নিৰ্ভৰ, নিৰংকুশ, নিঃসম্বল, নিঃসংকোচ, নিৰস্ত, নিৰঞ্জন, নির্যান, নির্যাতন, নিষ্প্রভ, নির্মম, ইত্যাদি।

৮। দুৰঃ (নিন্দা, অভাৱ, ক্লেশ, বাধা, নিষেধ, দুখ আদি অর্থত): দুৰ্নাম, দুর্গম, দুঃসাহস, দুর্ভাগ্য, দুর্জন, দুর্দিন, দুর্গতি, দুৰন্ত, দুর্মদ, দুৰ্দান্ত, দুৰ্নীতি,দুৰ্বাৰ, দুৰাচাৰ, দুৰাশয়, দুঃশীল, দুর্জয়, দুঃস্বপ্ন, দুঃশাসন, দুঃসহ, দুষ্প্রাপ্য, দুর্গত, দুঃসময়, দুর্যোগ, দুর্ব্যৱহাৰ, দুৰভিসন্ধি, দুর্ভাগ্য, দুৰাকাংক্ষা, দুর্মুখ, দুস্কৃতি, দুর্মতি, দুৰাশা, দুর্ভিক্ষ, দুর্নিবাৰ, দুৰন্ত, দুর্ঘটনা, দুর্বিপাক, দুর্যশ, দুঃসাধ্য, দুৰদৃষ্ট, দুর্দ্দম, দুর্ভাবনা, দুর্বল, দুষ্ট, দুর্গন্ধ, দুঃখ ইত্যাদি।

৯। অভিঃ (প্রতি, প্রধান, সমীপ, সন্মুখ, বিৰুদ্ধ, প্রশংসা, উন্নতি, উত্তম আদি অর্থ) অভিমান, অভিযান, অভিলাষ, অভিমুখ, অভিভাৱক, অভিসন্ধি, অভিসাৰ, অভিভাষণ, অভ্যুত্থান, অভিধান, অভিজাত, অভিনয়, অভিযােগ, অভিবাদন, অভিনন্দন, অভিষেক, অভিলেখ, অভিশাপ, অভিৰাম, অভ্যুদয়, অভিনয়, অভীপ্সা, অভীষ্ট, অভিজ্ঞান, অভিজ্ঞ, অভিসম্পাত ইত্যাদি।

১০। বিঃ (অভাৱ, বাহিৰ, বিকাৰ, বিশেষ, বিশিষ্ট, হীন আদি অর্থত) বিষয়, বিশেষ, বিশেষণ, বিশিষ্ট, বিষাদ, বিমর্ষ, বিয়ােগ, বিপথ, বিষম, বিবাহ, বিপৰীত, বিখ্যাত, বিনয়, বিকল, বিবাদ, বিৰাগ, বিজ্ঞান, বিজ্ঞ, বিকাৰ, বিধান, বিৱৰণ, বিফল, বিয়ােগ, বিপর্যয়, বিৰূপ, বিলাপ, বিক্ষোভ, বিগত, বিজিত, বিজ্ঞাপন, বিতৰণ, বিচৰণ, বিবচন, বিদায়, বিকট, বিকাশ, বিজয়, বিবর্ণ, বিশুদ্ধ, বিন্যাস, বিচ্ছিন্ন, বিচাৰ, বিভৱ, বিসর্জন, বিজন, বিৰােধ, বিস্মৃতি, বিতৃষ্ণা, বিশিষ্ট, বিসদৃশ, বিশাল, বিলয়, বিহীন, বিৰুদ্ধ ইত্যাদি।

১১। অধিঃ (কর্তৃত্ব, গৰাকী, গতি, প্রধান, ওপৰ, আদি অর্থত) অধিকাৰ, অধীশ্বৰ, অধীন, অধিবাস, অধ্যয়ন, অধ্যৱসায়, অধিষ্ঠান, অধিৰােহণ, অধিবাসী, অধিৰাজ, অধিপতি, অধিনিয়ম, অধ্যাপনা, অধ্যুষিত, অধ্যক্ষ, অধিকৰণ, অধ্যায়, অধ্যাত্ম, অধিৱেশন, অধিত্যকা, অধিনায়ক, অধিগত, অধিষ্ঠাতা ইত্যাদি।।

১২। সুঃ (প্রশংসা, অতিশয়, মংগল, উজু আদি অর্থত): সুন্দৰ, সুদর্শন, সুশ্রী, সুগম, সুকোমল, সুশােভিত, সুবাস, শুশ্রাব্য, সুকণ্ঠ, সুনাম, সুদৃশ্য, সুদিন, সুনীতি, সুজলা, সুতীক্ষ্ণ, সুস্বাদ, সুস্থ, সুভাষ, সুভাষিত, স্বস্তি, স্বাগতম, সুখ্যাতি, সুবােধ, সুধীৰ, সুদৃঢ়, সুচিন্তা, সুদূৰ, সুহৃদ, সুশান্ত, সুজন, সুকীর্তি, সুকৃতি, সুকুমাৰ, সুজন, সুশােভন ইত্যাদি।

১৩। উৎঃ (অতিশয়, উৰ্দ্ধ, শ্রেষ্ঠ, বিপৰীত, বিৰুদ্ধ, আদি অর্থত) উন্নত, উন্নতি, উন্নয়ন, উত্থান, উজ্জ্বল, উত্তীর্ণ, উৎকর্ষ, উৎসৱ, উদ্যত, উদ্ধাৰ, উচ্ছ্বাস, উচ্ছংখল, উদ্বাহু, উল্লাস, উল্লসিত, উল্লিখিত, উদ্ভিদ, উৎখাত, উন্মেষ, উৎক্ষেপণ, উদগীৰণ, উৎসুক, উদ্ভাসিত, উচ্চাৰণ, উৎক্ষেপ, উৎকণ্ঠা, উদ্বেল, উদ্ধত, উদ্দাম, উদগতি, উদ্যোগ, উৎপত্তি, উদ্যম, উদ্বোধন, উদ্বেগ, উদ্দীপনা, উৎসাহ, উত্তাল, উন্মনা, উচ্ছল, উদাহৰণ, উৎসর্গ, উৎকর্ণ, উৎপত্তি, উত্তপ্ত, উন্মুখ, উদগ্রীৱ, উৎপাদন,উৎপাটন, উৎপাদক, উত্তম ইত্যাদি।

১৪। অতিঃ (অধিক, অতিশয়, অতিৰিক্ত, আদি অর্থত): অতীত, অতীব, অতিৰিক্ত, অতিশয়, অতিকায়, অত্যধিক, অত্যন্ত, অত্যুক্তি, অতিবাহিত, অতিমাত্র, অতিৰঞ্জিত, অতিক্রম, অত্যাচাৰ, অতিবৃষ্টি, অতিমানৱ, অতীন্দ্রিয়, অতিবুদ্ধি, অতিপ্রাকৃত, অত্যুগ্র, অত্যল্প, অত্যুচ্চ, অত্যাৱশ্যক, অতিৰঞ্জন, অত্যাশ্চর্য, অত্যুষ্ণ, অত্যুজ্জ্বল, অত্যুৎকৃষ্ট ইত্যাদি।

১৫। নিঃ (সমীপ, সম্যক, অন্তৰ, নিষেধ, নিশ্চয়, বিৰতি, সদৃশ, আদি অর্থত): নিষেধ, নিবাস, নিপাত, নিমাত, নিকৃষ্ট, নিমগ্ন, নিক্ষেপ, নিবিষ্ট, নিমজ্জন, নিমজ্জিত, নিদাৰুণ, নিকৰুণ,নিশকতীয়া, নিৰােধ, নিবেদন, নিবৃত্ত, নিযুক্ত, নিদ্রা, নিদর্শন, নিগম, নিদান, নিগ্রহ, নিকট, নিষাদ, নিবাৰণ, নিকাৰ ইত্যাদি।

১৬। প্রতিঃ (সমীপ, বিৰােধ, বিপৰীত, সাদৃশ্য, সন্মুখ, অনুৰূপ আদি অর্থত) প্রতিকূল, প্রতিকাৰ, প্রতিশােধ, প্রতিদান, প্রতিপন্ন, প্রতিশব্দ, প্রতিমূর্তি, প্রতিৰূপ, প্রতিবেশী,প্রবািদী, প্রতিবিধান, প্রতিহিংসা, প্রতিষ্ঠা, প্রতিষ্ঠান, প্রতীক্ষা, প্রত্যাশা, প্রত্যহ, প্রত্যুপকাৰ, প্রত্যর্পণ, প্রত্যাগমন, প্রতিৰোধ, প্রতিভা, প্রতিকৃতি, প্রতিশ্রুতি, প্রতিবাদ, প্রতিমা, প্রতিপাদন, প্রতিঘাত, প্রতিবাসী, প্রতিনিধি, প্রতিভূ, প্রতিপাল, প্রত্যুত্তৰ প্রতিগ্রহণ, প্রতিযােগিতা, প্রতিদ্বন্দ্বী, প্রতিপদ, প্রতিধ্বনি, প্রতিজ্ঞা, প্রতিক্রিয়া, প্রতিফল, প্রতীতি প্রত্যাখান প্রতিফলন, প্রত্যায়ন, ইত্যাদি।

১৭। অপিঃ (নিশ্চয়, সম্ভাৱনা, ওপৰ, ওচৰ, আদি অর্থত): অপনিহিতি, অপিধান, অপিনিধান, অপিনদ্ধ, অপিশুন, অপিগীর্ণ, অপিচ, অপিতু ইত্যাদি।

১৮। পৰিঃ (অনাদৰ, বিৰুদ্ধতা, সম্পূর্ণতা, ত্যাগ, অতিশয় আদি অথর্ত): পৰিত্যাগ, পৰিৱেশ, পৰিণয়, পৰিণত, পৰিচয়, পৰিণাম, পৰিমাণ, পৰিপক্ক, পৰিত্ৰাণ, পৰিমিত, পৰিসৰ, পৰিষদ, পৰিস্থিতি, পৰিজন, পৰিগ্রহ, পৰিশেষ, পৰিচ্ছেদ, পৰিচ্ছদ, পৰিপন্থী, পৰিহাস, পৰীক্ষা, পৰিৱৰ্তন, পৰিণতি, পৰিশিষ্ট, পৰিসীমা, পৰিবেষ্টন, পৰিপুষ্ট, পৰিতাপ, পৰিদর্শন, পৰিশ্ৰম, পৰিষ্কাৰ, পৰিপাটি, পৰিচর্যা, পৰিশােধ, পৰিতৃপ্ত, পৰিপূৰ্ণ, পৰিচালনা, পৰিপাক, পৰিচালক, পৰিক্ৰমা, পৰিধান, পৰিহাৰ, পৰিখা ইত্যাদি।।

১৯। উপঃ (প্রায়, তুল্য, সদৃশ, ওচৰ, সামান্য, আৰম্ভ, আদি অর্থত): উপকাৰ, উপহাৰ, উপচাৰ, উপকূল, উপযুক্ত, উপমা, উপদেশ, উপনিৱেশ, উপাসনা, উপচক্র, উপায়ুক্ত, উপস্থিত, উপনয়ন, উপসর্গ, উপশব্দ, উপকৰণ, উপঢৌকন, উপন্যাস, উপাখ্যান, উপনিষদ, উপবন, উপমন্ত্রী, উপমেয়, উপমান, উপপতি, উপপত্নী, উপশম, উপবাস, উপাদেয়, উপযাজক, উপকণ্ঠ, উপনদী, উপলব্ধি, উপদ্বীপ, উপকথা, উপমহাদেশ, উপহাস, উপসংহাৰ, উপপথ, উপগ্রহ, উপসাগৰ, উপত্যকা, উপনীত, উপলক্ষ, উপদ্ৰৱ, উপনগৰ, উপজাত, উপায় ইত্যাদি।

২০। আঃ (অলপ, পর্যন্ত, পুনৰ, সম্যক, ঈষৎ, সীমা, সম্পূর্ণ আদি অর্থত): আগম, আগমন, আনয়ন, আকাৰ, আহাৰ, আকাশ, আবাস, আলাপ, আৰাম, আদায়, আগ্রহ, আক্ষেপ, আজন্ম, আমৃত্যু, আনন্দ, আদর্শ, আকণ্ঠ, আচ্ছাদন, আৰক্ত, আক্রমণ, আবেশ, আদেশ, আৰম্ভ, আদান, আৱাহন, আভাস, আকুল, আহৰণ, আৰােহণ, আমৰণ, আশ্লেষ, আৱৰণ, আভৰণ, আকর্ণ, আসমুদ্র, আবালবৃদ্ধ, আবেদন, আধাৰ, আৰাধনা, আব্রহ্ম, আঘাত, আঘ্রাণ, আৰদ্ধ, আলম্বন, আহ্লাদ, আভা ইত্যাদি।


অসমীয়া উপসর্গ (Assamese Grammar  Upasarga)


অসমীয়া অব্যয়ৰ যােগতাে নানা শব্দ গঠন কৰা হয়। তলত কিছুমান অসমীয়া উপসৰ্গৰ উদাহৰণ দিয়া হ’লঃ


অঃ (বিসদৃশ, বিপৰীত আদি অর্থত) অনামা, অনামী, অচিনাকি, অহিংসা, অসুখ, অহিচাবী, অজান, অজানা, অসুৰ, অপৈণত, অগুণ, অকাজ, অসাৰ ইত্যাদি। (এইবােৰ সমাসনিষ্পন্ন পদ। ইয়াত নঞার্থক “অ” যােগ হৈছে।


আঃ (সংস্কৃত ‘আ’ উপসৰ্গৰ সমার্থক): আকাল, আমনি, আমৰণ, আহৰণ, আশকতি, আকাজী (একাজী) ইত্যাদি।


আওঃ (সংস্কৃত অপ আৰু অব উপসৰ্গৰ সমার্থক): আওহেলা, আওকাণ, আওকাঠ, আওবাৰ, আওপুৰণি, আওমৰণ ইত্যাদি।


অনাঃ অনাতাঁৰ, অনাভুৱা, অনাজৰী, (এনাজৰী), অনাগত, অনাহাৰ, অনাবৃষ্টি আদি।


উঃ (সংস্কৃত উৎ উপসৰ্গৰপৰা বিকৃত হৈ): উছৱ, উছৰ্গা, উছাহ, উলাহ, উলংগা, উলংগ, উল্লাস, উজান, উলহ-মালহ আদি।


নিঃ (সংস্কৃত নি আৰু নিৰ্ উপসৰ্গৰ অৰ্থত): নিৰহ, নিপানী, নিজান, নিমাত, নিতাল, নিলগ, নিগাজি, নিখুঁত, নিচিনা, নিছলা, নিবােকা, নিমাখিত, নিচেই, নিনাও, নিমাওমাও, নিকপকপীয়া, নিবাৰণ, নিদাৰুণ, নিমৰমিয়াল, নিকৰুণ, নিঘুণী ইত্যাদি।


সুঃ (সংস্কৃত সু উপসৰ্গৰ অৰ্থত) সু-খবৰ, সু-বাতৰি, সু-কাঠি, সুজান ইত্যাদি।


বিদেশী উপসর্গ (Assamese Grammar)


অসমীয়া ভাষাত বিদেশী উপসর্গযুক্ত অনেক শব্দ আধুনিক যুগত ব্যৱহাৰ হৈছে। তাৰ কিছু উদাহৰণ দাঙি ধৰা হ’লঃ


বেঃ (নিষেধ, নােহােৱা, আদি অর্থত) বেনামী, বেআইনী, বেদখল, বে-জোখ, বে-ৰসিক, বে-সামৰিক, বেঁতাৰ, বেপৰােৱা, বেসুৰীয়া, বেনজৰ ইত্যাদি।


গৰঃ গৰহাজিৰ, গৰমিল, গৰহিচাবী আদি।


কাৰঃ কাৰবাৰ, কাৰখানা কাৰচাজি, কাৰচুপি আদি।


বদ্ঃ বদনাম, বদমাইচ, বদহজমী, বদমতলবী, বদগুণ আদি।


বৰঃ বৰখাস্ত, বৰবাদ, বৰকন্দাজ, বৰদাস্ত, আদি।


অনুসর্গ ( Assamese Grammar Anusarga )

যিবােৰ বৰ্ণসমষ্টি ক্রিয়া বা অন্য পদৰ পিছত বহি সিহঁতৰ অর্থ বিশেষভাৱে দেখুৱায়, সেইবােৰক অনুসর্গ বােলা হয়। অসমীয়াত- হঁক, হ’বলা, চোন, ও, তাে, হে, হি, হ’লে, এই, এ, ই, কে, না, নাে, গৈ, দে, দেই, পাই, একা— আদি অনুসর্গ।

কোনাে কোনাে ব্যাকৰণবিদে এইবােৰক স্বার্থিক প্রত্যয় অথবা ক্রিয়াবাচক পৰসৰ্গ বুলি অভিহিত কৰিছে।

ব্যৱহাৰঃ

হঁকঃ (বহুবচনত অনুৰােধ অর্থত): আমি খেলোহঁক। ঘৰলৈ যাওঁ— আহাঁহঁক। তােমালােক আহিবা হঁক। ইত্যাদি।


হ’বলাঃ (অনিশ্চয়তা বুজোৱা অৰ্থত): সি তালৈ গৈছিল হ’বলা। তুমি ভাত খালা হ’বলা। আমি যাওঁ হ'বলা।


চোনঃ (আদেশ, অনুৰােধ, আশ্চর্য বুজোৱা অৰ্থত): তুমি এতিয়াই আহাঁচোন। চিঠিখন লিখাচোন। তাক চাকৰিটো দিব পাৰি নেকি চাবচোন। তুমিচোন এতিয়াই আহিলা?


ওঃ (সত্ত্বেও অর্থ): তুমি নাহিলেও মই যাম। ময়াে যাম, তুমিও আহিবা।


তােঃ (দৃঢ়তা বুজোৱা অৰ্থত): মই যামেইতো। মইতাে যামেই। সিতো আহিবই। যাবাতাে যাবাই, ভালে ভালে যােৱা।


হেঃ (দৃঢ়তা, নিশ্চয়তা বুজোৱা অৰ্থত): সিহে যাব। সি যাবহে। কিতাপহে পঢ়িম। হৰিহে চোৰ।


ইঃ (দৃঢ়তা বুজোৱা অৰ্থত): সি কালিলৈ গুৱাহাটীলৈ যাবই। মই কামটো কৰিমেই।


এঃ (য়ে): (দৃঢ়তা বুজোৱা অৰ্থত): মােৰ কলমটো সিয়ে নিছে। সি আহিয়ে অশুভ বাতৰিটোহে শুনিলে।


এইঃ (মেই, ৱেই): হৰিয়েই পুথি পঢ়ক। মই তেওঁক জানােৱেই।


কেঃ (লৈকে): মই কালিলৈকে খবৰটো শুনা নাছিলোঁ। সি ঘৰলৈকে যাওকগৈ।


গৈঃ মই কলিকতাৰপৰা আহিলোঁগৈ, মই বেগেতে আহোঁগৈ, আমােহ সৈন্যই মােগলক আবাটতে ভেটিলেগৈ।


হিঃ মােগল সৈন্য লুইতেদি উজাই শৰাইঘাট পালেহি। তুমি কেতিয়া পালাহি?


নােঃ মইনাে পঢ়ি কি কৰিম? ককায়েক হৈ মই যেনিবা তাক দুআষাৰ টান কথা ক’লোঁৱেই, তাতনো কি মহাভাৰতখন অশুদ্ধ হ’ল? সি আহিনাে কি কচুফুল ফুলাব?


দেঃ তই আজি ইয়াতে থাক দে। সি ঘৰলৈকে যাওক দে।


দেইঃ মই আজিলৈ আহোঁ দেই। তুমি কালিলৈ আহিবা দেই। দেখােনঃ সি গ’ল দেখােন। তােমাক মাতি থকা সত্বেও নাহিলা দেখােন।


একাঃ তাৰ স্বভাৱ ভাল নহয় একা। কৈ থলো সি শুদাই নেৰিব একা।


পায়ঃ তাৰ যিহে খং, মাতিবই নােৱাৰোঁ পায়। মােক হলে বেয়া নাপাবা।


দেওঃ মই তালৈ যাব নােৱাৰোঁ দেও! কেনেনো অঘাইটং ল’ৰা দেও।


হ’লেঃ মই হ’লে সভাত থাকিব নােৱাৰিম! তুনি নগ’লে মােৰ হ’লে বৰ অসুবিধা হ’ব।

Post a Comment

0 Comments