SEBA/HSLC-Class 10 - অসমীয়া ব্যাকৰণ-Assamese Grammar- সমাস
- সমাস -
সমাসৰ সংজ্ঞাঃ
পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততােধিক পদ লগ লাগি এক পদ হােৱাকে সমাস বােলে।
সাধাৰণতে শব্দ বা কথা চুটি আৰু শ্রুতিমধুৰ কৰিবলৈ সমাস ব্যৱহাৰ কৰা।
যেনেঃ ঘৰত যি ওপজে = ঘৰওপজা।
সমাসৰ বৈশিষ্ট্যঃ
(ক) দুই বা তাতােকৈ অধিক পদ বা পদ থকা বাক্য লগ এক পদ হ'লেই সমাস হয়।
(খ) সমাস হােৱা পদবােৰে কেতিয়াবা প্রকৃত অর্থ।
(গ) সমাসত পদবােৰৰ বিভক্তিৰ চিন লুপ্ত সি হ'ব লগীয়া পদবিলাকৰ ব্যাক্যৰ অনেক পদ ললাপ হয়।
ব্যাসবাক্যঃ
সমাসৰ অর্থ প্রকাশ কৰা বাক্য বা বাক্যাংশক ব্যাসবাক্য বােলে।
যেনেঃ পীতাম্বৰ পদটোৰ ব্যাসবাক্য হ'ল পীত বৰণীয়া অম্বৰ (কাপােৰ) পৰিধান কৰে যি-পীতাম্বৰ ।\
সমস্ত পদঃ
পদবােৰৰ লগ লাগি শেষত যিটো পদ গঠিত হয়, সেই সমাসবদ্ধ পদটোক সমস্ত পদ বােলে।যেনেঃ তিনিটা ৰং যাৰ তিনিবৰণীয়া; ইয়াত তিনিবৰণীয়া হৈছে সমস্ত পদ।
ব্যস্ত পদঃ যিকেইটা পদৰ সমাস হয়, সিহঁতৰ প্রত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বােলে।
যেন হাতেকটা; সমাসবদ্ধ পদৰ হাতেৰে আৰু কটা প্ৰতিটো পদেই ব্যস্ত পদ।
লগতে পঢ়ক:- সন্ধি ভাঙা আৰু পাতা
সমাসৰ বিভিন্ন প্ৰকাৰ
সমাস সাধাৰণতে ছয় প্রকাৰৰ।
(ক) দ্বন্দ্ব সমাস
(খ) তৎপুরুষ সমাস
(গ) কর্মধৰয় সমাস
(ঘ) দ্বিগু সমাস
(ঙ) বস্ত্রীহি সমাস আৰু
(চ) অব্যয়ীভাৱ সমাস।
(ক) দ্বন্দ্ব সমাসঃ দুটা বা তাতােকৈ অধিক সংত ব্দ বা বিভিন্ন অর্থ বুজোৱা পদৰ মাজৰ সংযােজক অব্যয় লােপ পাই হােৱা সমাসকে সমাস বােলে। দ্বন্দ মানে হৈছে জোৰা।এই সমাসত সমস্যমান সংজ্ঞা শব্দবােৰ সংযোযক অব্যয় ‘ আৰু ৰ দ্বাৰা লগ লাগি থাকে।
যেনেঃ ভাই আৰু ককাই = ভাই ককাই
দ্বন্দ্ব সমাস তিনিবিধ হ'ল
(১) ইতৰেতৰ দ্বন্দ্ব,
(২) সমাহাৰ দ্বন্দ্ব,
(৩) একশেষ দ্বন্দ্ব
(খ) তৎ পুৰুষ সমাসঃ যি সমাসত দুটা ব্যস্ত পদৰ প্রথম পদটো প্রথম বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে,আৰু এই বিভক্তি লােপ হৈ সমাস হয় তাকে তৎপুৰুষ সমাস বােলে ৷
যেনেঃ চোৰক ধৰা = চোৰধৰা, গুক কটা = গুৱাকটা ইত্যাদি।
তৎপুৰুষ সমাস ছয় প্রকাৰৰ
(১) দ্বিতীয়া তৎপুৰুষ
(২) তৃতীয়া তৎপুৰুষ
(৩) চতুর্থী তৎপুৰুষ
(৪) পঞ্চমী তৎপুৰুষ
(৫) ষষ্ঠী তৎপুৰুষ আৰু
(৬) সপ্তমী তৎপুৰুষ।
(গ) কর্মধৰয় সমাসঃ যি সমাসত ব্যস্ত পদবােৰ বিশেষ্য আৰু বিশেষণ পদ হিচাপে লগ লগােৱা হয়,তাকে কর্মধায় সমাস বােলে। এইসমাসত প্রথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়।
যেনেঃ পিতল বৰণৰ যি চকু-পিতলচকু,
শুক্ল যি পক্ষ-শুক্লপক্ষ, পুণ্য যি ভূমি- পূণ্যভূমি।
কর্মধায় সমাস দুবিধ হ'ল
(১) মধ্যপদলােপী আৰু
(২) অত্যপদলােপী সমাস।
(ঘ) দ্বিগু সমাসঃ দুই বা তাতােকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয়, তাকে দ্বিগু সমাস বোলে।
যেনেঃ সাত বিহুৰ সমাহাৰ-সাত বিহু,
নৱ ৰত্নৰ সমাহাৰ নৱৰত্ন,
ত্রি ভূৱনৰ সমাহাৰ-ত্রিভূৱন।ইত্যাদি।
(ঙ) বহুব্রীহি সমাসঃ যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অর্থনুবুজাই আন কোনাে বিশেষ অর্থহে বুজায়, তাকে বব্রীহি সমাস বােলে।
যেনেঃ পদ্ম আছে নাভিত যাৰ-পদ্মনাভ,
হত হৈছে ভাগ্য যাৰ তেওঁ-হতভাগ্য,
বাঘে খাইছে যাক-বাঘেখােৱা ইত্যাদি।
বহুব্রীহি সমাস তিনি প্রকাৰৰ
(১) কর্মধায় বহুব্রীহি বা সমানাধিকৰণ বহুব্রীহি,
(২) ব্যাধিকৰণ বহুব্রীহি বা তৎপুৰুষ বহুব্রীহি আৰু
(৩) ব্যতিহাৰ বহুব্রীহি।
লগতে পঢ়ক:- সন্ধি ভাঙা
(চ) অব্যয়ীভাৱ সমাসঃ সামীপ্য, অভাৱ, পৰ্য্যন্ত, সদৃশ, যােগ্য আদি অর্থ প্রকাশক অব্যয় শব্দৰ লগত আন পদৰ যি সমাস হয় তাকেই অব্যয়ীভাৱ সমাস বােলে।
যেনেঃ বনৰ সমীপ = উপবন,
সুখৰ অভাৱ = অসুখ,
জীৱন পর্যন্ত = আজীৱন ইত্যাদি।
ব্যাসবাক্য লিখি বিভিন্ন শব্দৰ সমাসৰ নাম
বৃকোদৰ - বৃক নামে অগ্নি আছে উদৰত যাৰ তেওঁ = বহুব্রীহি সমাস।
পীতাম্বৰ - পীতবৰণীয়া অম্বৰ (কাপােৰ) যাৰ =বহুব্রীহি সমাস।
কুকুৰনেটীয়া = কুকুৰৰ নেজৰ দৰে নেজ যাৰ =বহুব্রীহি সমাস।
ত্রিফলা= ত্ৰি ফলৰ সমাহাৰ = দ্বিগু সমাস।
তেলপানী = তেল আৰু পানী = দ্বন্দ্ব সমাস।
কাপুৰুষ = কু যি পুৰুষ = কর্মধৰয় সমাস।
পুণ্যভূমি = পূণ্য যি ভূমি= কর্মধৰয় সমাস।
অহিংসা=হিংসাৰ অভাৱ= অব্যয়ীভাৱ সমাস।
অস্ত্র-শস্ত্র =অস্ত্ৰ আৰু শস্ত = দ্বন্দ্ব সমাস।
সাতপুৰুষ=সাত পুৰুষৰ যি =কর্মধৰয় সমাস।
বনবাস = বনত বাস =তৎপুরুষ সমাস।
দেশপ্রাণ=দেশৰ পলৈ প্ৰাণ= তৎপুরুষ সমাস।
পৰােক্ষ =অক্ষৰ পাছত =অব্যয়ীভাৱ সমাস।
পাঁচৰজীয়া = পাঁছ ৰজাৰ সমাহাৰত = দ্বিগু সমাস।
হৰিহৰ= হৰি আৰু হৰ = দ্বন্দ্ব সমাস।
Tag: Hslc অসমীয়া ব্যাকৰণ,সমাস কাক বোলে ই কেই প্ৰকাৰ আৰু কি কি,অসমীয়া ব্যাকৰণ Class 10,দশম শ্ৰেণীৰ অসমীয়া ব্যাকৰণ সমাস,ব্যাসবাক্য সহ সমাসৰ নাম লিখা হৰগৌৰী,ৰঘুপতি কি সমাস,সমাস নির্ণয় কৰা সিংহাসন,মাতৃভূমি সমাস,অসমীয়া ব্যাকৰণ বাক্য ৰচনা,অসমীয়া ব্যাকৰণ Class 10,অসমীয়া ব্যাকৰণ সমাস,অসমীয়া ব্যাকৰণ সন্ধি,দশম শ্ৰেণীৰ অসমীয়া ব্যাকৰণ,প্ৰথম অসমীয়া ব্যাকৰণ,অসমীয়া ব্যাকৰণ প্ৰৱেশ,অসমীয়া ব্যাকৰণ প্ৰত্যয়,অসমীয়া ব্যাকৰণ সন্ধি,অসমীয়া ব্যাকৰণ সমাস,অসমীয়া ব্যাকৰণ Class 10,অসমীয়া ব্যাকৰণৰ ইতিহাস,অসমীয়া ব্যাকৰণ বিপৰীত শব্দ,অসমীয়া ব্যাকৰণ দশম শ্ৰেণী,অসমীয়া ব্যাকৰণ pdf,অসমীয়া ব্যাকৰণ বাক্য ৰচনা
2 Comments
ধন্যবাদ
ReplyDeleteই
ReplyDelete