Ads Area

Assamese Grammar Sandhi | সন্ধি-প্ৰকৰণ | সন্ধি ভাঙা আৰু পাতা | অসমীয়া সন্ধি

সন্ধি কাক বোলে?সন্ধি কেই প্ৰকাৰৰ আৰু কি কি?সন্ধিৰ উদাহৰণ দিয়া ৷

ওচৰা-ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বর্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন ঘটাকে সন্ধি বােলে। 

Assamese Grammar Sandhi

সন্ধি-প্ৰকৰণ-সন্ধি-প্ৰকৰণ আৰু সন্ধি ভাঙা আৰু পাতা

সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ আটাইতকৈ বেছি। সন্ধি সংস্কৃত সাহিত্যৰ অবিচ্ছেদ্য অংগ। সেই বাবে ইয়াক সংস্কৃত সাহিত্যৰ অলংকাৰ বুলি ক'লেও বঢ়াই কোৱা নহয়। সন্ধিয়ে ধ্বনিৰ উচ্চাৰণ দ্রুত কৰে; ভাষাৰ লালিত্য বঢ়ায় আৰু উচ্চাৰণ মধুৰ কৰি ভাষাৰ সৌন্দর্য বৃদ্ধি কৰে।

উদাহৰণস্বৰূপে – “আমি বীণাপাণিৰ চৰণত পুষ্প অঞ্জলি প্রদান কৰোঁ।” আৰু “আমি বীণাপাণিৰ চৰণত পুষ্পাঞ্জলি প্রদান কৰোঁ।” – এই বাক্য দুটাৰ প্ৰথমটোতকৈ দ্বিতীয়টো বেছি শুৱলা হৈছে। সেইদৰে—“পৰ অধীন জাতিৰ সন্মান নাই”— বুলি কোৱাতকৈ “পৰাধীন জাতিৰ সন্মান নাই” বুলি ক'লে বাক্যটো বেছি শুৱলা আৰু উচ্চাৰণো মধুৰ হয়। গতিকেই সন্ধিৰ আৱশ্যকতা অনস্বীকার্য।

সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ?


সন্ধি তিনিবিধঃ 

স্বৰসন্ধি, 

ব্যঞ্জনসন্ধি 

বিসর্গসন্ধি।।

স্বৰ সন্ধি কাক বোলে ? উদাহৰণ দিয়া ?

স্বৰসন্ধি

স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয়, তাক স্বৰসন্ধি বােলে।

১। অ + অ = আ


দেৱ + অসুৰ = দেৱাসুৰ


ফল + অফল = ফলাফল।


নৰক + অসুৰ = নৰকাসুৰ


লাভ + অলাভ = লাভালাভ


অজ + অসুৰ = অজাসুৰ


পুষ্প + অঞ্জলি = পুষ্পাঞ্জলি


চল + অচল = চলাচল


শােক + অভিভূত = শােকাভিভূত


পঞ্চ + অমৃত = পঞ্চামৃত


শােক + অশ্ৰু = শােকাশ্ৰু


হিত + অহিত = হিতাহিত


অজৰ + অমৰ = অজৰামৰ


ৰ + অধীন = পৰাধীন


শত + অব্দ = শতাব্দ


স্ব + অধীন = স্বাধীন।


শংকৰ + অব্দ = শংকৰাব্দ


নীল + অচল = নীলাচল


দেশ + অন্তৰ = দেশান্তৰ

চৰ+অচৰ = চৰাচৰ


নৰ + অধম = নৰাধম


দাব + অনল = দাবানল


গােল + অৰ্দ্ধ = গােলার্ধ


সাধ্য + অতীত = সাধ্যাতীত


জল + অধিপতি = জলাধিপতি


পদ + অর্পণ = পদার্পণ


হস্ত + অক্ষৰ = হস্তাক্ষৰ


২। অ + আ = আ


পৰম + আনন্দ = পৰমানন্দ


হত + আহত = হতাহত


শুভ + আগমন = শুভাগমন


জীৱন + আলেখ্য = জীৱনালেখ্য


শােক + আতুৰ = শােকাতুৰ


মেঘ + আলয় = মেঘালয়


পিঞ্জৰ +.আবদ্ধ = পিঞ্জৰাবদ্ধ


শৃংখল + আবদ্ধ = শৃংখলাবদ্ধ


চিত্ত+আকর্ষক= চিত্তাকর্ষক


দশ + আনন = দশানন


ভােক + আতুৰ = ভােকাতুৰ


হিম্ + আলয় = হিমালয়


দেৱ + আলয় = দেৱালয়


হত + আশা = হতাশা।


ষড় + আনন = ষড়ানন


বিবেক + আনন্দ = বিবেকানন্দ


পূর্ণ + আহুতি = পূর্ণাহুতি


ৰত্ন + আকৰ = ৰত্নাকৰ


৩| আ + আ = আ


মহা + আশয় = মহাশয়।


বিদ্যা + আলয় = বিদ্যালয়।

সুধা + আকৰ = সুধাকৰ


শ্রদ্ধা + আস্পদ= শ্রদ্ধাস্পদ


সদা + আনন্দ = সদানন্দ,


উমা + আনন্দ = উমানন্দ


কাৰা + আগাৰ = কাৰাগাৰ


গৱেষণা + আগাৰ = গৱেষণাগাৰ


মন্ত্রণা + আলয় = মন্ত্রণালয়


ৰমা + আনন্দ = ৰমানন্দ


দয়া + আর্দ্র = দয়ার্দ্র


মহা + আলয় = মহালয়


৪। আ + অ = আ


কথা + অমৃত = কথামৃত।


যাত্রা + অভিনয় = যাত্রাভিনয়


ধাৰণা + অতীত = ধাৰণাতীত


সীমা +অন্ত = সীমান্ত


মহামহিমা + অৰ্ণৱ = মহামহিমার্ণৱ


আশা + অতীত = আশাতীত


আশা + অনুৰূপ = আশানুৰূপ


মহা + অর্ঘ = মহার্ঘ।


বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ


বিদ্যা + অৰ্ণৱ = বিদ্যার্ণৱ


৫৷ ই + ই = ঈ


মুনি + ইন্দ্র = মুনীন্দ্র


অতি + ইত = অতীত।


অতি + ইব = অতীব


অভি + ইষ্ট = অভীষ্ট


প্রতি + ইতি = প্রতীতি


অতি + ইন্দ্রিয় = অতীন্দ্রিয়


৬। ই + ঈ =ঈ


পৰি + ঈক্ষা = পৰীক্ষা

ক্ষিতি + ঈশ = ক্ষিতীশ


গিৰি + ঈশ = গিৰীশ।


প্রতি + ঈক্ষা = প্রতীক্ষা


অধি + ঈশ্বৰ = অধীশ্বৰ


যতি + ঈষ = যতীশ


৭। ঈ + ঈ = ঈ


সতী + ঈশ = সতীশ


মহী + ঈশ = মহীশ


শ্ৰী + ঈশ = শ্ৰীশ।


দিল্লী + ঈশ্বৰ = দিল্লীশ্বৰ


৮। ঈ + ই = ঈ


মহী + ইন্দ্র = মহীন্দ্র


মহতী + ইচ্ছা = মহতীচ্ছা


সুধী + ইন্দ্র = সুধীন্দ্র


শচী + ইন্দ্র = শচীন্দ্র


৯। অ +ই = এ


দেৱ + ইন্দ্র = দেৱেন্দ্র


গজ + ইন্দ্র = গজেন্দ্র


নৰ + ইন্দ্র = নৰেন্দ্ৰ


ভৱ + ইন্দ্র = ভৱেন্দ্র


ইতৰ + ইতৰ = ইতৰেতৰ


যােগ + ইন্দ্র = যােগেন্দ্র


১০। অ + ঈ = এ


গণ + ঈশ = গণেশ


নৰ + ঈশ = নৰেশ


ভৱ + ঈশ = ভৱেশ


দীন + ঈশ = দীনেশ


দেৱ + ঈশ্বৰ = দেৱেশ্বৰ


পৰম + ঈশ্বৰ = পৰমেশ্বৰ


১১। আ +ই = এ


মহা + ইন্দ্র = মহেন্দ্র


যথা + ইষ্ট = যথেষ্ট


যথা + ইচ্ছা = যথেচ্ছা


১২। আ + ঈ = এ


মহা + ঈশ = মহেশ


মা + ঈশ = ৰমেশ


তাৰকা + ঈশ্বৰী = তাৰকেশ্বৰী


১৩। অ + উ = ও


সূর্য + উদয় = সূর্যোদয়


পাদ + উদক = পাদোদক


ষােড়শ + উপচাৰ = ষােড়শােপচাৰ


প্রশ্ন + উত্তৰ= প্রশ্নোত্তৰ


বৃক + উদৰ = বৃকোদৰ


হিত + উপদেশ = হিতােপদেশ


শীত + উষ্ণ = শীতােষ্ণ


স্নাতক + উত্তৰ = স্নাতকোত্তৰ


নন্দ + উৎসৱ = নন্দোৎসৱ


১৪। আ + উ = ও


‍‍‍‌‍মহা + উদয় = মহােদয়


যথা + উচিত = যথােচিত


বিদ্যা + উৎসাহী = বিদ্যোৎসাহী


গঙ্গা + উদক = গংগােদক


মহা + উদৰ = মহােদৰ


মহা + উৎসৱ = মহােৎসৱ


মহা + উদধি = মহােদধি


যথা + উপযুক্ত = যথােপযুক্ত


কথা + উপকথন = কথােপকথন


১৫। অ + ঋ = ‘ৰ্’ (ৰে’ফ) আৰু আ + ঋ = ‘ৰ্’ (ৰে’ফ)


দেৱ + ঋষি = দেৱর্ষি


ৰাজা + ঋষি = ৰাজর্ষি


সপ্ত + ঋষি = সপ্তর্ষি


মহা + ঋষি = মহর্ষি


উত্তম + ঋণ= উত্তমর্ণ


অধম + ঋণ = অধমর্ণ

১৬। অ + ঋত = আর্ত; আ + ঋত = আর্ত


শীত + ঋত = শীতার্ত,


শােক + ঋত = শােকার্ত,


তৃষ্ণা + ঋত = তৃষ্ণার্ত


ক্ষুধা + ঋত = ক্ষুধার্ত


ভােক + ঋত = ভােকার্ত


১৭। অ + এ = ঐ; অ + ঐ = ঐ; আ + এ = ঐ; আ + ঐ = ঐ


জন + এক = জনৈক,


হিত + এষী =হিতৈষী,


এক + এক = একৈক,


পৰম + ঐশ্বর্য =পৰমৈশ্বর্য,


মত + ঐক্য =মতৈক্য,


তথা + এবচ = তথৈবচ,


মহা + ঐশ্বর্য = মহৈশ্বর্য,


কিন্তু অসমীয়াতঃ আ + এ = এ। যেনেঃ মাহ + এক = মাহেক, পষ + এক = পষেক; দিন + এক = দিনেক; বছৰ + এক বছৰেক (বছৰেক) |


১৮। অ + ও = ঔ; অ + ঔ = ঔ; আ + ঔ = ঔ; আ + ঔ = ঔ। জল + ওকা = জলৌকা, বন + ঔষধি = বনৌষধি, মহা + ঔষধ = মহৌষধ।


১৯। (ক) ই + অ = ‍্য (য-কাৰ)


যদি + অপি = যদ্যপি,


প্রতি + অহ = প্রত্যহ,


অতি + অন্ত = অত্যন্ত,


অতি + অধিক = অত্যধিক,


আদি + অন্ত = আদ্যন্ত, .


(খ) ই + আ = ‍্য (য-কাৰ)


প্রতি + আশা = প্রত্যাশা,


ইতি + আদি = ইত্যাদি,


(গ) ঈ + অ = ‍্য (য-কাৰ)


নদী + অম্বু = নদ্যম্বু


(ঘ) ই + উ = ‍্য (য-কাৰ)


অতি + উত্তম = অত্যুত্তম,


প্রতি + উপকাৰ = প্রত্যুপকাৰ,


অভি + উদয় = অভ্যুদয়,


উপৰি + উপৰি = উপর্যুপৰি।


(ঙ) ই + এ = ‍্য (য-কাৰ)


প্রতি + এক প্রত্যেক।

২০৷ উ + অ = ৱ; উ + আ = ৱা; উ + এ = ৱে।


অনু + অয় = অন্বয়,


সু + অস্তি = স্বস্তি,


মনু + অন্তৰ = মন্বন্তৰ


সু+ আগত = স্বাগত,


মনু + আদি = মন্থাদি,


বহু + আৰম্ভ = বৰম্ভ


অনু + ইত = অন্বিত,


অনু + এষণ = অন্বেষণ,


২১। এ + অ = অয়; ঐ + অ = আয়।


নে + অন = নয়ন,


নৈ+ অক = নায়ক,


বিনৈ + অক = বিনায়ক


শে + অন= শয়ন,


গৈ + অক = গায়ক,


২২। (ক) ও + অ = অৱঃ ভাে + অন = ভৱন,  পাে + অন = পৱন।


(খ) ও + ই = অৱঃ ভাে + ইতা = ভৱিতা, পাে + ইত্ৰ = পৱিত্ৰ।


(গ) ও + এ = অৱঃ গাে + এষণা = গৱেষণা।


(ঘ) ঔ + অ = আৱঃ পৌ + অক = পাৱক, ভৌ + অক = ভাৱক


স্থৌ + অক = স্থাৱক


(ঙ) ঔ + ই = আৱঃ  নৌ + ইক = নাৱিক।


(চ) ঔ + উ = আৱঃ ভৌ + উ = ভাবুক।

২৩। তলৰ সন্ধিবােৰ সিদ্ধ হােৱাৰ কোনাে নিয়ম নাই। সেয়ে ইহঁতক ‘নিপাতনে সিদ্ধ সন্ধি’ বুলি কোৱা হয়।


গাে + অক্ষ = গৱাক্ষ,


গাে + ইন্দ্র = গৱেন্দ্র,


গাে + ঈশ = গৱেশ


প্র + উঢ় = প্রৌঢ়,


প্র + এষ্য = প্ৰেষ্য,


কুল + অটা = কুলটা


অক্ষ + ঊহিনী = অক্ষৌহিণী,


স্ব + ঈৰিণী = স্বৈৰিণী,


সাৰ + অংগ = সাৰংগ।

ব্যঞ্জনসন্ধি

ব্যঞ্জনবর্ণৰ লগত ব্যঞ্জনবর্ণ বা ব্যঞ্জনবৰ্ণৰ লগত স্বৰবৰ্ণৰ বা স্বৰবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণৰ মিলনেই ব্যঞ্জনসন্ধি।


১। দিক্ + অন্ত = দিগন্ত,


ণিচ্ + অন্ত = ণিজন্ত,


দিক্ + গজ = দিগগজ


বাক্ + ঈশ = বাগীশ,


ষট্ + আনন = ষড়ানন,


সৎ + আশয় = সদাশয়


সৎ +উপদেশ = সদুপদেশ,


উৎ + যম = উদ্যম,


উৎ + যাপন = উদযাপন


উৎ + গতি = উদ্গতি,


উৎ + হাৰ = উদ্ধাৰ,


উৎ + ঘাটন = উদ্ঘাটন


উৎ + হত = উদ্ধত,


উৎ + নতি = উন্নতি,


তৎ + হিত = তদ্ধিত


তৎ + উপৰি = তদুপৰি,


কৃৎ + অন্ত = কৃদন্ত,


জগৎ + ঈশ = জগদীশ


আকৃষ্+ ত = আকৃষ্ট,


২। সৎ + চৰিত্ৰ = সচ্চৰিত্ৰ,


সৎ + জন = সজ্জন,


উৎ + শৃংখল = উচ্ছৃঙ্খল


চলৎ + চিত্র = চলচ্চিত্র,


উৎ + লাস = উল্লাস,


উৎ + চাৰণ = উচ্চাৰণ


উৎ + ডীন = উড্ডীন,


উৎ + ছেদ = উচ্ছেদ,


উৎ + শিষ্ট = উচ্ছিষ্ট


উৎ + শ্বাস = উচ্ছ্বাস,


উৎ + লিখিত = উল্লিখিত,


যাবৎ + জীৱন = যাৱজ্জীৱন

৩। বাক্ + ময় = বাংময়,


পৰাক্‌+ মুখ = পৰাংমুখ,


মৃৎ + ময় = মৃন্ময়


চিৎ + ময় = চিন্ময়,


জগৎ + নাথ = জগন্নাথ,


উৎ+ মত্ত = উন্মত্ত,


উৎ + মাদ = উন্মাদ,


৪। যজ+ন = যজ্ঞ,


ৰাজ +নী = ৰাজ্ঞী


সম্ + ৰাজ + নী = সম্রাজ্ঞী,


৫। সম্ + গতি = সংগতি,


সম্ + গীত = সংগীত,


সম + ক লন = সংকলন


সম + জয় = সঞ্জয়,


সম্ + কীর্ণ = সংকীর্ণ,


সম্ + তান = সন্তান


গম্ + তব্য = গন্তব্য,


শম্ + ক = শংকৰ,


কিম্ + তু= কিন্তু


কিম্+নৰ = কিন্নৰ,

৬। সম্ + শয় = সংশয়,


সম্ + লগ্ন = সংলগ্ন,


 সম্ + যােগ = সংযােগ


সম্ + বাদ = সংবাদ,


সম্ + যুক্ত = সংযুক্ত,


 সম্ + হাৰ = সংহাৰ


কিন্তু, সম্ + ৰাট = সম্রাট


৭। হৃষ্ + ত = হৃষ্ট,


পুম্ + ত = পুষ্ট,


ষষ্ + থ = ষষ্ঠ


বৃষ + তি = বৃষ্টি,


আকৃষ + ত = আকৃষ্ট,


উৎ + কৃষ + ত = উৎকৃষ্ট


প্র + কৃষ+ ত = প্রকৃষ্ট,


৮। উৎ + থান = উত্থান,


উৎ+ স্থাপন = উত্থাপন,


উৎ + স্থিত = উত্থিত


৯। সম্ + কৃত = সংস্কৃত,


সম্ + কাৰ = সংস্কাৰ,


সম্ +কৰণ = সংস্কৰণ


১০। আ + ছন্ন = আচ্ছন্ন,


বি + ছেদ= বিচ্ছেদ,


বি + ছিন্ন = বিচ্ছিন্ন,


আ + ছাদন = আচ্ছাদন,


পৰি + ছেদ = পৰিচ্ছেদ,


পৰি + ছন্ন= পৰিচ্ছন্ন

১। তলৰ সন্ধিবােৰ নিপাতনে সিদ্ধঃ


তৎ + কৰ = তস্কৰ,


ষট্ + দশ = ষােড়শ,


পতৎ + অঞ্জলি = পতঞ্জলি


বৃহৎ + পতি = বৃহস্পতি,


সম্ + কাম = সকাম,


গাে + পদ = গােস্পদ


জাতি + কাৰ = জাতিষ্কাৰ,


পৰি + কাৰ = পৰিষ্কাৰ,


দিক্ + লোক = দ্যুলােক


হৰি + চন্দ্র = হৰিশ্চন্দ্র,


বন + পতি = বনস্পতি,


মনস্ + ঈষা = মনীষা


শ্রদ্ধা + পদ = শ্রদ্ধাস্পদ,


এক + দশ = একাদশ,

Post a Comment

0 Comments