SEBA Question Paper 2021 - Assam HSLC Previous Year Questions ( MIL - Assamese)
Previous Question Paper of Class 10 Seba Assamese (MIL)
১। তলৰ যিকোনাে সাতােটা প্ৰশ্নৰ উত্তৰ কৰিবা? ১×৭ = ৭
(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ “ শ্রীকৃষ্ণকথা ’ কি বিষয়ক গ্রন্থ?
(খ) সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া লেখকৰ নাম লিখ।
(গ) ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্রথমগৰাকী অসমীয়া কোন?
(ঘ) হস্তিবিদ্যাৰ্ণৱ ’ পুথিত কোনগৰাকী কুঁৱৰীৰ ছবি পােৱা যায়?
(ঙ) ঈশােপনিষদৰ নিষেধ বাক্যটি কি?
(চ) বাগানত কৰ্মৰত অৱস্থাত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্রতীক্ষা কৰিছিল?
(ছ) অসমীয়া চিনেমাৰ জনক কোন?
(জ) বসন্ত ৰােগ প্রধানকৈ কোনগৰাকী দেৱীৰ ৰােষত হােৱা বুলি মানুহে বিশ্বাস কৰিছিল?
(ঝ) পদকীয়া ’ মানে কাক বুজায়?
(ঞ)“ দি এনচিয়েণ্ট মেৰিনাৰ ’ শীর্ষক কবিতাটিৰ ৰচক কোন?
(ট) বৃন্দাবন ' নামৰ গল্প সংকলনটোৰ ৰচক কোন?
(ঠ) টিংখাঙৰপৰা বাগানৰ ডাক অনা বনুৱাজনৰ নামটো কি?
২) তলৰ যিকোনাে সাতােটা প্রশ্নৰ উত্তৰ কৰিবা। ২×৭ = ১৪
(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ লিখা।
(খ) প্রকৃষ্ট ’ আৰু ‘ অনিয়া-অনি' শব্দ দুটাৰ অর্থ কি?
(গ) কোনগৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত ‘ মগনিয়াৰ'ৰ সাদৃশ্য আছে?
(ঘ) বৃহৎ সংহিতা ” আৰু“ যশক্তিলক ’ গ্রন্থ দুখনৰ ৰূচক কোন?
(ঙ) শ্রদ্ধয়া দেয়, ‘ অশ্রদ্ধয়া অদেয়ৰ অর্থ কি?
(চ) চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখ।
(ছ) ‘ জয়মতী ’ কথাছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তিলাভ কৰিছিল?
(জ) শীলভদ্রই কোনখন উপন্যাসৰ বাবে, কোন চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ
কৰিছিল?
(ঝ) বৈজ্ঞানিক মানসিক কাক বােলে?
৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা: (যিকোনাে এছােৱা) ৪×১ = ৪
(ক) “ পানীমে মীন পিয়াসী।
মােক শুনুত শুনত লাগে হাসি।”
(খ) “ কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।”
(গ) “ ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ।”
(ঘ) “ বিজ্ঞানৰ গােটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।”
৪) যিকোনাে দুটা প্রশ্নৰ উত্তৰ লিখা? ৫×২ = ১০
(ক) ডিব্ৰুগড়ৰ অসমীয়া তিৰােতাসকলৰ কেনে ধৰণৰ গঢ়গতি আৰু কার্যকলাপত লক্ষ্মীনাথ
বেজবৰুৱা আনন্দ বিমিশ্রিত আচৰিত হৈ পৰিছিল চমুকৈ লিখা।
(খ) সংজ্ঞাসহ কথা-কবিতাৰ চাৰিটা বৈশিষ্ট্য লিখ।
(গ) হক্তিবিদ্যার্ণৱ ’ পুথিৰ গদ্যশৈলী সম্পর্কে এটি টোকা যুগুত কৰাঁ।
(ঘ) উপনিষদৰ যুগত শিক্ষা সাং কৰি গার্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খােজা বিদ্যার্থক
গুঝরে কি কি উপদেশ দিছিল নিজৰ ভাষাৰে লিখা।
(ঙ) অসমীয়া চলচ্চিত্র জগতলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে লিখ।
(চ) প্রকৃত বিজ্ঞানীৰ কাম কেনে হােৱা উচিত পাঠৰ আধাৰত আলােচনা।
৫ | তলৰ যিকোনাে পাঁচোটা প্রশ্নৰ উত্তৰ লিখা ১×৫ = ৫
(ক) বৰগীতৰ ভাষা কি?
(খ) গােমােস্তা ’ শব্দটিৰ অর্থ লিখ।
(গ) নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি?
(ঘ) প্রবুদ্ধ জনতা ’ শব্দটোৱে কি বুজাইছে?
(ঙ) “ বিশ্ব শিল্পী মহা বিশ্বৰ ’ – কবিয়ে কাক ‘ বিশ্ব শিল্পী বুলি অভিহিত কৰিছে?
(চ) ৰ'দ জিকিমিকি ’ কাব্যগ্রন্থখনৰ ৰচক কোন?
(ছ) নৱকান্ত বৰুৱাৰ কাব্য-চৰ্চাত কোনখুন আলােচনীৰ অৱদান স্মৰণীয়?
(জ) নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গৱেষণামূলক গ্রন্থৰ নাম লিখ।
৬। তলৰ যিকোনাে পাঁচোটা প্রশ্নৰ উত্তৰ লিখা? ২×৫ = ১০
(ক) শংকৰদেৱ আৰু মাধৱদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল?
(খ) সত্ত্ব, ৰজঃ, তমঃ গুণ কি?
(গ) নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাবৰ ব্যঞ্জনা প্রতিধ্বনিত হােৱা দুখন কাব্যগ্রন্থৰ নাম লিখা।
(ঘ)“ হে মােৰ আলােক-পূজাৰী প্রাণ ’ বুলি কবিয়ে কাক, কি যাচিবলৈ আহ্বান জনাইছে?
(ঙ) কাঠমিস্ত্রীৰ ঘৰ ’ কবিতাটি প্রথম কোন চনত আৰু কোনখন মুখপত্ৰত প্ৰকাশ হৈছিল?
(চ) আঘােণৰ পথাৰত কাম আৰু কাম। – কুবিয়ে আঘােণৰ পথাৰত থকা কি কি ‘ কাম’ৰ
বিষয়ে ইংগিত কৰিছে?
(ছ) কোন চনত আৰু ক'ত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল?
(জ) করুণতম ’ কবিতাত কবিৰ মনত মাতৃ-স্মৃতি কিহে কেনেকৈ জাগ্রত কৰিছে?
৭। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা ঃ (যিকোনাে এফাকি) ৪×১ = ৪
(ক) সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে
সাে হৰি যশােৱা কোলে।
ত্রিজগতৰ পতি ভকতি মিলিল
মূর্খ মাধৱে বােলে ৷৷
(খ) উঠা মিস্ত্রী, কঁহাৰ, কমাৰ
আন্ধাৰৰ শেষ আহিল তােমাৰ
লােৱ অধিকাৰ নিজ বাহুবলে
নিজে কৰা কৰ্মৰ,
কাঠ মিস্ত্রীৰ ঘৰ।
(গ) যন্ত্রণা মােৰ জীয়াৰ মন্ত্র
সেই মন্ত্রকে গালে।
জীয়াই থকাৰ ধেমালিটো মই
এবাইে খেলি গ'লোঁ
৮] যিকোনাে দুটা প্রশ্নৰ উত্তৰ লিখিবা? ৩×২=৬
(ক) সব পুৰুষৰ শিৰ ভূষণ ’ বুলি কোনে, কাক, কিয় কৈছে?
(খ) ‘ জনতাৰ আহ্বান ’ কবিতাটিত কবিয়ে কিহৰ জয় বিচাৰিছে লিখা।
(গ) আঘােণৰ পথাৰত কুঁৱলী নথকা হ'লে কবিয়ে কি কি দেখা পালেহেঁতেন প্রথম দুটা স্তৱকৰ
আলমত লিখা।
(ঘ) কবি নৱকান্ত বৰুৱাৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব?
৯। যিকোনাে দুটা প্ৰশ্নৰ উত্তৰ লিখিবা? ১×২ = ২
(ক) মূল্যবােধৰ ‘ ত্রিনীতি ’ কি?
(খ) কৈশােৰ কাল আন কি নামেৰে পৰিচিত?
(গ) মাধ্যমিক শিক্ষাক “ জীৱনৰ আলি-দোমােজা ’ বুলি কোনে অভিহিত কৰিছে?
১০৷ যিকোনাে দুটা প্রশ্নৰ উত্তৰ লিখিবা? ২×২ = ৪
(ক) মূল্যবােধসমূহৰ অর্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চৰিটা উল্লেখযােগ্য প্রকাৰৰ নাম লিখ।
(খ) কৈশােৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা প্রাথমিক আৰু মৌলিক
বিষয়কেইটা কি কি?
(গ) মাধ্যমিক স্তৰৰ শিক্ষাৰ প্রধান বিশেষত্ব দুটা কি কি?
১১। যিকোনাে এটা প্ৰশ্নৰ উত্তৰ লিখিবা ৪×১ = ৪
(ক) নন্দনতাত্ত্বিক মূল্যবােধ সম্পর্কে চমুকৈ লিখা।
(খ)“ আজিৰ যুগ বিশ্বায়নৰ যুগ, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জয়যাত্ৰাৰ যুগ। ” – ব্যাখ্যা কৰাঁ।
১২। (ক) কৃৎ প্রত্যয় আৰু তদ্ধিত প্রত্যয় কাক বােলে? দুয়ােটাৰে মাজত মূল পার্থক্য কি উদাহৰণসহ
বুজাই লিখা। ২ + ২ + ৩ = ৭
অথবা
(খ) শব্দ বিভক্তি আৰু কাৰক বুলিলে কি বুজা? অসমীয়া ভাষাৰ শব্দ বিভক্তিসমূহৰ এখনি
তালিকা যুগুত কৰাঁ। ২ + ২ + ৩ = ৭
১৩। তলৰ যিকোনাে পাঁচোটা শব্দত যােগ হােৱা প্রত্যয়বােৰ ভাঙি দেখুওৱা। ১×৫ = ৫
বিহুৱা, শােৱন, খুলীয়া, জুইকুৰা, নদীয়াল, মগনিয়াৰ, ৰােৱনী।
১৪। তলত দিয়া জতুৱা ঠাঁচবােৰৰ অৰ্থ লিখি একোটাকৈ বাক্য-ৰচনা কৰা (যিকোনাে চাৰিটা) ২ × ৪ = ৮
উনৈশত বা বলা,
নােম টেঙৰ,
পানীৰ তলৰ কাইট,
ভূতৰ ওপৰত দানহ,
অজীণ পাতকী,
চকু চৰহা।
১৫। তলৰ যিকোনাে এটি বিষয় লৈ এখন ৰচনা লিখা ৷ ১০
(ক) আধুনিক সমাজৰ ব্যাধিঃ অনুশাসনহীনতা।
(আৰম্ভণি – অনুশাসনহীনতাৰ উৎস – যুব যুব উচ্ছংখলতা উচ্ছংখলতা – – কর্মহীনতা আৰু
অনুশাসনহীনতা – মূল্যবােধৰ অৱক্ষয় – সামৰণি।)
(খ) সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা
(আৰম্ভণি – সাহিত্য আৰু সমাজ সৃষ্টিশীল সাহিত্য আৰু সমাজত ইয়াৰ ইব্বিাচক দিশ
– সামৰণি।)
(গ) জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অর্থনৈতিক সংকট
(আৰম্ভণি – জনসংখ্যা বৃদ্ধিৰ কাৰক — অনুপ্রৱেশ – জন বিস্ফোৰণ — অর্থনৈতিক
সংকট – সংকট মােচনৰ উপায় – সামৰণি।)
(ঘ) ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ
(আৰম্ভণি ছ'চিয়েল মিডিয়া কি? ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ জনপ্রিয়তাৰ মূল
কাৰণসমূহ – নেতিবাচক দিশ – সামৰণি।)
0 Comments