Class 10 | English Grammar | TENSES| SEBA
1. My father gave me a new pen.
2. I come to school on a bicycle.
3. We will meet him at the station.
প্রথম sentence- টোৱে past বা অতীতত কাম এটা হােৱা বুজাইছে; দ্বিতীয় sentence- টোৱে present বা বর্তমান কামটো হােৱা বুজাইছে; আৰু তৃতীয় sentence- টোৱে future বা ভৱিষ্যতত কাম এটা হব — এই অর্থ প্রকাশ কৰিছে। Tense মুখ্যতঃ তিনিবিধ past, present আৰু future. Tense- এ সাধাৰণতে কোন সময়ত verb- টো সম্পন্ন হৈছে তাকে প্রকাশ কৰে।
তলত দিয়া বাক্যবােৰলৈ লক্ষ্য কৰা -
1. I give ........
2. I am giving ..........
3. I have given ..........
4. I have been giving .......
ওপৰৰ আটাইকেইটা বাক্যই বর্তমান সময় বা present time বুজাইছে।
প্রথম sentence- টোৱে যি কথা প্রকাশ কৰিছে সি সম্পূর্ণ হৈছেনে নাই তাক নির্দিষ্টকৈ ধৰিব নােৱাৰি।
সেইবাবে প্রথম sentence- টোৰ verb- টোক present indefinite tense- অত থকা বুলি কোৱা হয়।
দ্বিতীয় sentence- টোত স্পষ্টকৈ প্রকাশ পাইছে যে কথাটো কোৱাৰ সময়তাে কামটো continuing
অর্থাৎ হৈয়েই আছে। সেইবাবে এই sentence- টোৰ verb- টোক present continuous tense- অৰ বুলি কোৱা হয়।
তৃতীয় sentence- টোত ধৰিব পাৰি যে কামটো completed বা perfected বা সম্পূর্ণ হৈছে। সেইবাবে এই sentence- টোৰ verb- টোক present perfect tense- অত থকা বুলি কোৱা হয়।
চতুৰ্থ sentence- টোত verb টোক present perfect continuous tense ত থকা বুলি কোৱা হয়, কাৰণ বাক্যটোৰপৰা এনেকুৱা অর্থ প্রকাশ পায় যে কাম এটা অতীতৰ কোনাে এটা সময়ত আৰম্ভ হৈ চলি আছে আৰু এতিয়াও কামটো হৈয়েই আছে। গতিকে present tense- অৰ চাৰিটা form আমি পালোঁ। যেনে—
1. I give ------- present indefinite or simple present.
2. I am giving ----- present continuous.
3. I have given ------ present perfect.
4. I have been giving ----- present perfect continuous.
যিদৰে present tense- অৰ চাৰিটা form আছে সেইদৰে past tense- ৰ চাৰিটা form আছে
1. I gave ---- past indefinite or simple past.
2. I was giving --- past continuous.
3. I had given ----- past perfect.
4. I had been giving ----- past perfect continuous.
Present tense আৰু past tense- অৰ দৰে future tense- অৰৰ চাৰিটা form আছে।
1. I will give --- future indefinite or simple future.
2. I will be giving ---- future continuous.
3. I will have given ---- future perfect.
4. I will have been giving ---- future perfect continuous.
Tense- বিলাকৰ যিবােৰ forms এতিয়ালৈকে দিয়া হৈছে ইহঁত আটাইবােৰৰ verb, active voice অত আছে। কিন্তু এই verb- বােৰক passive voice- অত প্ৰকাশ কৰিলে আমি passive form- বােৰাে পাম।
Active আৰু passive Voice- অৰ বিষয়ে পিছৰ অধ্যায় এটাত আলােচনা কৰা হ'ব।
The Uses of Tenses
I. Use of the Present Indefinite or Simple Present:
1.
Birds fly in the air..
He works hard.
Jayanta goes for a walk every morning.
ওপৰৰ sentence- বােৰৰপৰা দেখা পােৱা গৈছে যে প্রত্যেকটো sentence- এ একোটা অভ্যাসগত কাম হােৱা বুজাইছে। এইদৰে একোটা অভ্যাসগত কাম (habitual action) প্রকাশ কৰিবলৈ present indefinite tense- অৰ ব্যৱহাৰ হয়।
2.
Man is mortal..
The earth is round.
Honey is sweet..
Heat expands bodies.
ওপৰৰ sentence- বােৰে একো একোটা সাধাৰণ সত্য অর্থাৎ universal বা general truth প্রকাশ কৰিছে।
এইদৰে একোটা universal বা general truth প্রকাশ কৰিবলৈকো present indefinite- অৰ ব্যৱহাৰ হয়।
3. Here comes Hari!
See how he walks!
Look, it rains!
ওপৰৰ sentence- বােৰে এনেকুৱা কিছুমান কাম প্রকাশ কৰিছে যিবােৰ কোৱা মুহূর্ততে ঘটি আছে, অর্থাৎ সেই মুহূর্তত হৈ থকা কাম present indefinite- এ প্রকাশ কৰিছে। এই ধৰণৰ কামবােৰ সাধাৰণতে present continuous tense- এ প্রকাশ কৰে। এইদৰে কোৱা সময়ত হৈ থকা কামবােৰ present indefinite- এও প্রকাশ কৰিব পাৰে। ইয়াক actual present বুলি কোৱা হয়।
4. The Prime Minister arrives at Guwahati tomorrow.
The school re-opens on Monday.
We leave for Shillong next Saturday.
ওপৰৰ sentence- বােৰত present indefinite- এ ভৱিষ্যত বা future- অৰ একো একোটা কাম প্রকাশ কৰিছে। এই sentence- বােৰত ব্যৱহাৰ হােৱা adverb- বিলাকৰ পৰা (tomorrow, Monday, next Saturday)।
future- অৰ অৰ্থটো স্পষ্টকৈ প্রকাশ পাইছে। এনেকুৱা adverb of time- অৰ সৈতে present indefinite- এ ' come', ' go', ' start', return ',' leave ' ইত্যাদি verb- অৰ future action একোটা প্রকাশ কৰিব পাৰে ।
5. Alexander now rushes up on the enemy.
The messenger arrives with the news of the disaster.
At once preparations are made to send relief to the victims of the flood.
ওপৰৰ sentence- কেইটাত অতীতৰ ঘটনা বা কথা প্রকাশ কৰিবলৈ present indefinite ব্যৱহাৰ হৈছে।এইদৰে কেতিয়াবা অতীতৰ ঘটনাক সজীৱকৈ প্ৰকাশ কৰিবলৈ present indefinite tense ব্যৱহাৰ কৰা হয়। ইয়াক historic present বুলি কোৱা হয়।
6.
I hear you have bought a car. We understand you arrived only yesterday.
ওপৰৰ sentence- বােৰক এইদৰে বহলাব পাৰি
I hear (= have heard) you have bought a car.
We understand (= have understood) you arrived only yesterday.
ইয়াৰ পৰা দেখা গ'ল যে Present Perfect- অৰ পৰিৱর্তেও Present indefinite বহিব পাৰে।
কেতিয়াবা অতীতৰ ঘটনা বা অভিজ্ঞতা এটাৰ বৰ্তমানৰ ফল দেখুৱাবৰ বাবে present perfect- অৰ ঠাইত
present indefinite বহে। সাধাৰণতে ' hear', ' see', ' learn', ' understand' এই verb- বােৰৰ সৈতে present perfect- অৰ ঠাইত present indefinite বহিব পাৰে। ইয়াক perfect present বুলিও কোৱা হয়।
7. Shakespear says, " All that glitters is not gold."
It is said in the Bible, " Thou shalt not steal."
কোনােবা গ্রন্থ বা গ্রন্থকাৰৰ পৰা উদ্ধৃতি দিবলৈ হ'লেও present indefinite ব্যৱহাৰ হয়।
II. Uses of the Present Continuous Tense:
1. The baby is sleeping.
Mira is writing.
Mother is cooking.
ওপৰৰ sentence- বিলাকে কৈ থকা মুহূর্তত কামবােৰ হৈ থকা বুজাইছে। এইদৰে কাম হৈয়ে আছে বা চলি আছে বুজাবলৈ present continuous tense- অৰ ব্যৱহাৰ হয়। (এই অর্থত present indefinite- অত কৈ present continuous- হে বেছিকৈ ব্যৱহাৰ কৰা হয় ।
2. I am going to Dibrugarh tomorrow.
She is coming soon to our town.
Hari is leaving for Dibrugarh on Wednesday.
Present continuous- এ ওপৰৰ sentence- বােৰত future বা ভৱিষ্যতৰ একোটা কাম প্রকাশ কৰিছে।
এইদৰে future- অৰ কাম বুজাবলৈকো present continuous ব্যৱহাৰ কৰিব পৰা হয়। সাধাৰণতে এনেবােৰ sentence অত সময়ৰ উল্লেখ থাকে। (যেনে– Wednesday, tomorrow, soon
Note:
(a) এইদৰে Present continuous- এ future- অত কাম সম্পাদন হােৱা বুজালে " going to" এই form টোৰ ব্যৱহাৰ কৰিব পাৰি। যেনে:-
(i) We are playing football this afternoon.
(ii) We are going to play football this afternoon.
ওপৰৰ sentence দুটাৰ ভিতৰত অৰ্থৰ কোনাে বিশেষ পার্থক্য নাই।
(b) যদি পাৰি future অত কিবা এটা ঘটা বা সম্পাদন হােৱা প্রায় নিশ্চিত, তেতিয়া হ'লেও going to এই form- টো ব্যৱহাৰ কৰিব পাৰি।
যেনে:-
It is going to rain, look at those clouds.
He is very ill, I am afraid he is going to die.
3. People are eating more meat these days.
We are having rainy weather at present.
ওপৰৰ Sentence বোৰে এটা newly acquired
habit বা temporary habit বা সাময়িকভাৱে আহৰণ কৰা অভ্যাস আদি প্ৰকাশ কৰিবলৈয়ো present continues ৰ ব্যৱহাৰ হয়।তেতিয়া অৱশ্যে ইয়াৰ লগত 'these days', ' at present ইত্যাদি ব্যৱহাৰ হয়।
লক্ষ্য কৰিবলগীয়া:
তলত দিয়া verb- বােৰ সাধাৰণতে present continuous tense- অত ব্যৱহাৰ নহয়। সিহঁতে present indefinite tense- অৰ সহায়তেই present continuous tense প্রকাশ কৰে।
এই verb- বােৰে সাধাৰণতে এটা ভাব বা আবেগ (emotion), কিবা এটা জনা (knowing) বা কিবা এটা ভবা (thinking) অর্থ প্রকাশ কৰে।
Verbs of Senses: See, hear, smell, notice, recognise.
Verbs of emotion: love, hate, like, wish, want, desire, forgive etc.
Verbs of thinking and knowing: think, feel, realise, understand, know, believe, expect,
remember, forget etc.
ইয়াৰ বাহিৰেও belong, consist, contain, matter, possess, resemble ইত্যাদি verb- ও present continuous- অত ব্যৱহাৰ নহয়।
যেনে:-
I see (not ' am seeing' him.
I wish (not ' am wishing' you success.
অৱশ্যে বিশেষ অর্থ বুজাবৰ কাৰণে এই verb- বােৰক present continuous tense- অত ব্যৱহাৰ
কৰিব পাৰি। যেনে—
I see a bird in the sky. কিন্তু---
I am seeing a play to-night. (a future activity এই অর্থত)
ঠিক সেইদৰে
Do you mind ifI open the window? fpe He is minding (looking after) the baby while
his wife is cooking.
III. Uses of the Present Perfect Tense:
1.
I have finished the letter.
The sun has set.
Mina has applied for leave of absence.
ওপৰৰ sentence- বােৰত কাম এটা এই মাত্র শেষ হােৱা বুজাইছে। এইদৰে এতিয়া শেষ হােৱা কাম একোটা প্রকাশ কৰিবলৈ present perfect- অৰ ব্যৱহাৰ হয়।
2. We have known each other for ten years.
We have lived in this house since 2009.
I have never drunk tea.
এই sentence- বােৰে এনেকুৱা কিছুমান কাম প্রকাশ কৰিছে যিবােৰ past বা অতীতৰ পৰা present moment অর্থাৎ বর্তমান মুহূৰ্তলৈকে continue কৰি আছে। এনেকৈ continue কৰি থকা কাম প্রকাশ কৰিবৰ বাবে present perfect ব্যৱহাৰ কৰিব পাৰি। আৰু এইটোৱেই হ’ল present perfect tense- অৰ continuative use.
আমি ' We have lived in this house since 1952", এই sentence- টোক " We have been living in this house since 1952" বুলিও প্রকাশ কৰিব পাৰোঁ।
Note: Present perfect tense-vya sto adverbials of past time opefte yesterday, last week,three days ago আদি ব্যৱহৃত হ’ব নােৱাৰে।
অর্থাৎ I have come yesterday '. হ’ব নােৱাৰে। I came yesterday- হে হ'ব।
কিন্তু present perfect tense- অৰ লগত adverbials of durations (since yesterday, since 2009, for the last week etc.), adverbials of present time (today, this week, this month etc.) আৰু adverbials of frequencey (ever, never, always, after etc.) ব্যৱহাৰ কৰা হয়।
3.
I have seen him this morning.
We have been busy this afternoon.
It has been cold this winter.
ওপৰৰ sentence- বােৰত কামটো শেষ হােৱা বুজাইছে। কিন্তু কাম সম্পন্ন হােৱা সময়টো শেষ হােৱা নাই। এইদৰে সম্পাদিত হােৱা কামটোৰ সময়টো যদি এতিয়াও চলি আছে তেনেহ'লে সেই কামটো আমি present perfect tense- অৰ সহায়েৰে প্ৰকাশ কৰিব পাৰোঁ।
4. যদি এটা কাম past বা অতীতত সম্পাদিত হৈছে অথচ present বা বর্তমানত তাৰ ফলটো বা result- টো চলি আছে বা প্রকাশ পাইছে তেনেহ'লে তেনেকুৱা কামবােৰাে present perfect- অৰ সহায়েৰে প্রকাশ কৰিব পৰা হয়।
যেনে—
I have cut my finger. (Result: It is still bleeding)
We have bought a bicycle.( Result: so we now have a bicycle.)
You have torn your coat .(Result: There is a tear in your coat)
Note: Go, come, set, use আদি কিছুমান intransitive verb-ৰ present perfect tense' be ' verb অৰ সৈতেও হ'ব পাৰে।
যেনে—
He is gone. (= He has gone.)
The sun is set. (=The moon has risen.)
IV. Uses of Present Perfect Continuous Tense :
I have been doing this for six months.
I have been living in this house since 2010.
ওপৰৰ sentence-বােৰৰ কামবােৰ past বা অতীততে আৰম্ত হােৱা বুজাইছে আৰু এতিয়াও চলি থকা অর্থ প্রকাশ কৰিছে। আগতে আৰম্ভ হৈছে অথচ এতিয়াও চলি আছে, এনে ধৰণৰ কামবােৰ present perfect continuous tense ৰ সহায়ত প্ৰকাশ কৰা হয়।
Note : Present continuous-অৰ লগত যিবোৰ verb-ব্যৱহাৰ নহয় বুলি আগতে কোৱা হৈছে সেই verb বোৰ present perfect continuous tense ৰ সৈতেও ব্যৱহাৰ হয় !
Incorrect: We have been knowing each other for ten years.
Correct : We have known each other for ten years.
V. Uses of Past Indefinite or Simple Past:
1. He was born in 1906.
I met him last week.
He came here recently.
Did you sleep well last night?
ওপৰৰ sentence-বােৰে শেষ হােৱা কিছুমান কাম প্রকাশ কৰিছে। এই কামবােৰ past-অত হৈছে ইইতৰ।present বা বর্তমানৰ লগত কোনাে সম্পর্ক নাই। সময়টোকো কিছুমান adverb past time-এ (in 1906, last week, recently, last night) প্ৰকাশ কৰিছে।
এইদৰে অতীততে শেষ হােৱা আৰু বর্তমানৰ লগত সম্পর্ক নথকা কাম বা অৱস্থা কিছুমান প্রকাশ কৰিবলৈ past indefinite অৰ ব্যৱহাৰ হয়।
2. He worked in that bank for four years.
He lived in Kolkata for a long time.
My mother once saw Mahatma Gandhi.
ওপৰৰ sentence-কেইটাত কামবােৰ সঠিককৈ কেতিয়া হৈছিল তাৰ উল্লেখ নাই; কিন্তু সেই সময়টো অতীতত হৈ গৈছে। এনেকৈ কামটো কৰাৰ সঠিক সময় দিয়া নাথাকিলেও কামটো কৰাৰ সময়টো যদি।অতীত হৈ যায় তেনেহলে আমি past indefinite tense ব্যবহাৰ কৰিব পাৰোঁ।
3. He studied hard.
During summer we went for swimming everyday.
He held his class here.
They never drank tea.
ওপৰৰ sentence-বােৰে কিছুমান বাৰে বাৰে কৰিথকা বা অভ্যাসগত কাম (repeated বা habitual activities) অতীতত হােবা বুজাইছে। এইদৰে অতীতৰ কিছুমান repeated বা habitual activity-ৰ কাৰণে past indefinite tense ব্যৱহাৰ কৰা হয়।
ওপৰৰ বাক্যবােৰ 'used' ব্যৱহাৰ কৰিও লিখিব পাৰি।
যেনে:
He studied hard.
He used to study hard, etc.
Note :
(a) efoRa a hesitation), (modesty) 1a a a can, may, will।আদি verb-অৰ past form-বােৰ ব্যবহাৰ কৰা হয়।
Could you lend me fifty rupees?
Would you please tell me the time?
The report might be true.
Might I trouble you for a pen?
(b) কেতিয়াবা ইচ্ছা (willingness), অনিচ্ছা বা আগ্রহ (refusal or inclination) আদি প্রকাশ কৰিবৰ বাবেও 'can', 'will', 'shall' আদি verb-অব past form-বোৰাে ব্যবৱহাৰ কৰা হয়।
I could (feel inclined to) laugh for joy.
He would not (refuse to) tell us secret.
(c) বর্তমানৰ অর্থ এটা প্রকাশ কৰিবলৈ 'it is'-অৰ পাছত past indefinite ব্যৱহাৰ কৰিব পাৰি।
যেনেঃ
It is time we left.
VI. Uses of Past Continuous Tense:
While she was reading someone knocked at the door.
When I came it was still raining.
The sun was just setting as we reached home.
Where were you living when the war broke out?
ওপৰৰ sentence-বােৰৰ প্রত্যেকটোতে অতীতৰ দুটা কাম প্রকাশ কৰা হৈছে। এটা কাম হৈ থাকোতে আন এটা কাম ঘটিছে। যি কামটো হৈ আছিল তাক past continuous আৰু যিটো কাম নতুনকৈ ঘটিছে তাক past indefinite-অৰ সহায়ত প্রকাশ কৰা হয়।
"While she was reading'- টো হৈ থকা বা প্ৰথম কাম (first activity); 'someone knocked at the door' faP (second activity) I সেইবাবে first activity টো past continuous- ত আৰু second activity টো past indefinite ত প্ৰকাশ পাইছে।
I was washing the clothes and mother was cooking. While Dinesh was digging up potatoes, Haren was picking plums.
ওপৰৰ sentence দুটাৰপৰা দেখা গল যে past-অত একেলগে চলি থকা বা হৈ থকা দুটা কাম প্রকাশ কৰিবৰ বাবেও continuous-অৰ ব্যবহাৰ কৰিব পাৰি।
Note : (a) Reported speech ত reporting verb টো যদি past tense ত থাকে তেনেহলে reported verb ৰ present continuous ৰ ৰূপটো past continuous লৈ পৰিৱৰ্তিত হয়।
যেনেঃ
He said, "I am coming,"
He said (that) he was coming.
(b) Past-অত কিবা এটা কামৰ বঢ়া-টুটা (increasing-decreasing) বুজাবৰ বাবেও past continuous ব্যৱহাৰ হয়।
It was getting darker.
They were stealing more and more of his money.
VII. Uses of Past Perfect Tense:
1.
He had left before I came.
He left after I had gone away.
When he had counted the money, he put it।away.
He did not come back till she had left the place.
ওপৰৰ sentence-বােৰৰ প্রত্যেকটোতে দুটাকৈ কাম হৈছে। এটা কাম ঘটাৰ পিছত আৰু এটা কাম ঘটিছে। যিটো কাম আগতে ঘটিছে তাক past perfect-অৰ দ্বাৰা প্রকাশ কৰা হৈছে।
He had left before I came-এই বাক্যটোত দুটা কাম ঘটিছে " সি গল - he had left" আৰু মই আহিলোঁ -I came" কিন্তু সি যােৱাটো আগতে হৈছে আৰু মই অহাটো পিছত হৈছে। সেইবাবে-"সি যােৱাটো
He had left আৰু মই অহাটো I came ৰ দ্বাৰা প্ৰকাশ হৈ He had left before i came হৈছে।
লক্ষ্য কৰাঃ
এনেকুৱা বাক্যবোৰ প্ৰকাশ কৰোতে 'when', 'before', 'as soon as', 'till', 'until', 'after আদি conjunction-অব ব্যৱহাৰ হয়।
2. Reported Speech ত reporting verb- টো past tense ত থাকিলে reported verb-ৰ past indefinite আৰু present perfect এই দুয়োটা ৰূপ past perfect-লৈ পৰিৱৰ্তিত হয়।
(a) He said, "I played football yesterday."
He said (that) he had played football the previous day.
(b) He said, "I have played football."
He said that he had played football.
3. বর্ণনা কর্বোতে যদি ঘটনাবােৰ কোনটোৰ পিছত কোনটো ঘটিছে সি এনেয়ে প্রকাশ পায় (অর্থাৎ
seauence of events) ৰ অর্থ যদি স্পষ্ট হৈ থাকে তেনেহলে past perfect ব্যৱহাৰ নকৰিলেও হয়।
যেনেঃ
I saw him before he saw me.
He opened the window before he got into bed.
কিন্তু Past ত হােবা ঘটনাবােবৰ পৰা যদি কিবা ফল হােৱা বুজায় তেনেহলে past perfect ৰ ব্যৱহাৰ হব লাগিব।
Whende reached the station, the train had already left.
(So we game back).
সেইদৰে
He suddenly realised that he had left the purse in the bus.
(So he had no money in the pocket.)
When I came in he had just finished his home work. (He was probably putting his book away.)
Note: কেতিয়াবা অতীতত কোনাে ঘটনা সম্বন্ধে অবাস্তৱ কল্পনা’ বা ‘অনুমান’ বুজাবৰ সময়ত 'if' বা 'I wish'-অৰ পাছত past perfect-অৰ ব্যৱহাৰ হয়।
যেনে—
If I had eaten it I should have died. (But I did not eat it.)
I wish I had helped him. (But I did not help him.)
VIII. Uses of Past Perfect Continuous Tense:
1. He had been singing for two hours and so he felt tired.
He had been working when we came. He had been singing-এই কামটো অতীতকালৰ কোনাে এটা সময়ত আৰম্ভ হৈছিল আৰু এটা নির্দিষ্ট সময়লৈকে চলি আছিল; এনেকুৱা ধৰণৰ অতীতৰ কাম প্রকাশ কৰিবলৈ past perfect continuous tense ব্যৱহাৰ কৰা হয়।
IX. Uses of Future Indefinite Tense :
1.
Tomorrow will be Sunday.
He will go home tomorrow.
We shall complete the work in April.
I shall do the work.
ওপৰৰ sentence-বােৰত প্রত্যেকটোৰ আগলৈ অর্থাৎ ভৱিষ্যতত (future) হােৱা গতানুগতিক বা সাধাৰণ কামবােৰ প্ৰকাশ কৰিবলৈ future indefinite tense-অৰ ব্যৱহাৰ কৰা হৈছে।
Note: (a) Modern English-অত 1st, 2nd আৰু 3rd আটাইকেইটা Person-অতে সাধাৰণতে ‘will ব্যৱহাৰ হয়। যেনে – I/We/You/ He / She/ They will play cricket tomorrow, 1st Person-অত ‘shall-অৰ ব্যৱহাৰ হয় যদিও শুনিবলৈ প্ৰায়েই আনুষ্ঠানিক (formal) যেন লাগে।
(b) 1' আৰু ‘we ৰ সৈতে এতিয়াও দিহা দিয়া (suggession), যচা (offer) বা অভিপ্রায় (intention) অর্থ প্রকাশ কৰিবলৈ “shall” ব্যৱহাৰ হয়।
যেনে—
Let's start, shall we? Shall we order some coffee? I shall let you know soon.
(c) প্রতিজ্ঞা (promise), আদেশ (command), ভাবুকি (threat) আৰু নিষেধ (prohibition) অর্থ প্রকাশ কৰিবলৈ second আৰু third person-অত 'shall' ব্যৱহৃত হ'ব পাৰে।
You shall have the money next week. (promise) You shall have to answer for your crimes. (threat) You shall do it. (command)
Nobody shall leave the room without my permission. (prohibition)
'Future time' বুজোৱা principal clause-টোত future tense-এই বহে কিন্তু ইয়াৰ লগত থকা subordinate adverb clause-টোত simple present-হে বহে।
যেনে-
We will not go out if it rains.
I will buy a new car when the price comes down.
Note : মৌখিক ভাষাত first person-অৰ লগত 'will'-অৰ সংক্ষিপ্ত ৰূপটোহেI'll, we'll সচৰাচৰ ব্যৱহৃত হােৱা দেখা যায়।
X. Uses of Future Continuous Tense:
He will be reading a story book then.
I will be waiting for you this time next Sunday.
ওপৰৰ sentence-বােৰৰ প্ৰত্যেকটোতে এনেকুৱা একোটা কামৰ কথা কোৱা হৈছে—যি ভৱিষ্যতত ঘটি থকা বুজাব। এনেকুৱা ভৱিষ্যতত ঘটি থকা অৱস্থাত থকা কামবােৰ প্ৰকাশ কৰিবলৈ future continuous tense- অৰ ব্যৱহাৰ কৰা হয়।
The future continuous tense is used to express an action to be going on in the future. 1. Difference between:
(1) We are meeting tomorrow.
(i) We will be meeting tomorrow.
"We are meetingtomorrow" এই sentence-টোত যি কথাটো প্রকাশ হৈছে সি অর্থাৎ “লগ পােৱাটো” প্ৰায় নিশ্চিত নহয়। এইটো এটা উক্তি হে।
2.অৱশ্যে কেতিয়াবা future continuous আৰু present continuous-এ একে অর্থ প্রকাশ কৰে।
যেনে-
He will be taking his examination next week.
He is taking his examination next week.
এই বাক্য দুটাৰ ভিতৰত অৰ্থৰ বিশেষ কোনো পাৰ্থক্য নাই।
XI. Uses of Future Perfect Tense :
We shall have reached home before it rains. They will have finished their work by 5 P.M.
By the end of the year your servant will have broken all the cups and plates.
ওপৰৰ sentence-বােৰত ভৱিষ্যতৰ কোনাে নির্দিষ্ট সময়ৰ পূর্বেই বা এটা ঘটনা ঘটাৰ আগতেই আন এটা ঘটনা ঘটি যাব, এই অর্থটো প্ৰকাশ কৰিছে। প্রথম sentence-টোত ভৱিষ্যতত “বৰষুণ দিয়াৰ আগতেই ঘৰ পােৱাগৈ হ’ব”; দ্বিতীয় sentence-টোত “আবেলি ৫ বজাৰ আগতেই তেওঁলােকৰ কাম কৰা হৈ যাব”-এই অর্থ প্রকাশ হৈছে। ভৱিষ্যতে কোনাে নির্দিষ্ট সময়ৰ পূর্বেই বা এটা ঘটনা ঘটাৰ আগতেই কোনাে কাম বা ঘটনা ঘটি যাব এই অর্থ প্রকাশ কৰিবৰ বাবে future perfect tense-অৰ ব্যৱহাৰ হয়।
The future perfect tense is used to express an action that will have finished at or before time in the future.
0 Comments