Ads Area

Assamese Grammar - সর্ব্বনাম পদ

  সর্ব্বনাম পদ


বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয়, তাক সর্ব্বনাম পদ বােলে। যেনেঃ দীপাঙ্কৰ এজন ভাল ল’ৰা; তেওঁ সদায় পাঠ আওৰায়; তেওঁৰ স্বভাৱ-চৰিত্ৰ সুন্দৰ; তেওঁক সকলােৱে মৰম কৰে ইত্যাদি।


সৰ্ব্বনাম চাৰি প্ৰকাৰৰঃ


ব্যক্তিবাচক


স্থানবাচক


কালবাচক আৰু


বিশেষণ সৰ্ব্বনাম।


১। ব্যক্তিবাচক সর্ব্বনামঃ ব্যক্তি, জাতি, বা বস্তু আদিৰ নামৰ সলনি ব্যৱহাৰ হােৱা পদক ব্যক্তিবাচক সৰ্ব্বনাম পদ বােলে। যেনেঃ মই, আমি, তুমি, তেওঁ, তেখেত, কোন ইত্যাদি।


২। স্থানবাচক সর্ব্বনামঃ ঠাইৰ নামৰ সলনি ব্যৱহাৰ হােৱা পদক স্থানবাচক সৰ্ব্বনাম পদ বােলে। যেনেঃ ক’ত, য'ত, ইয়াত, তাত, ইয়ালৈ, তালৈ, য'লৈ ইত্যাদি।


৩৷ কালবাচক সর্ব্বনামঃ কাল বা সময়ৰ মানৰ সলনি ব্যৱহাৰ হােৱা পদক কালবাচক সর্ব্বনাম পদ বােলে। যেনেঃ আজি, কালি, এতিয়া, তেতিয়া, যেতিয়া, কাহানি, তাহানি, ইত্যাদি।


৪। বিশেষণ সৰ্ব্বনামঃ যিবিলাক সৰ্ব্বনাম পদ, অন্য সংজ্ঞা পদৰ আগত বহি অৱস্থা, গুণ আদি নির্ণয় কৰে, তাক বিশেষণ সৰ্ব্বনাম বােলে। যেনেঃ এনেকুৱা, তেনেকুৱা, ইমান, তিমান, সৌ, সৌৱা ইত্যাদি।





সৰ্ব্বনামৰ পুৰুষ


পুৰুষ মানে ব্যক্তি। ব্যক্তিবাচক সৰ্ব্বনামৰ পুৰুষ তিনিটাঃ


প্ৰথম পুৰুষ


দ্বিতীয় পুৰুষ আৰু


তৃতীয় পুৰুষ।


কোনাে কথা কওঁতে এজনে কয়, আন এজনৰ আগত কয় আৰু আন এজনৰ বিষয়ে কয়। কওঁতাজন বক্তা, যাৰ আগত কয় তেওঁ শ্রোতা আৰু যাৰ বিষয়ে কোৱা হয় তেওঁ শ্রোতব্য। গতিকে যি কয়, তেওঁ প্ৰথম পুৰুষ (বক্তা)। যাক কোৱা হয়, তেওঁ দ্বিতীয় পুৰুষ (শ্রোতা)। যাৰ বিষয়ে কোৱা হয়, তেওঁ তৃতীয় পুৰুষ (শ্রোতব্য)।


১। প্রথম পুৰুষঃ মই, আমি, মােক, আমাক, আমালােক; ইত্যাদি।


২। দ্বিতীয় পুৰুষঃ তুমি, তােমালােক, তােমাক, তােমালােকক ইত্যাদি। তুচ্ছাৰ্থতঃ  তই, তোক, তহঁত, তহঁতক ইত্যাদি।


৩। তৃতীয় পুৰুষঃ তেওঁ, তেওঁলােক, তেখেতসকল; ইত্যাদি। তুচ্ছাৰ্থতঃ সি, সিহঁত, সিহঁতক।


স্ত্রী লিঙ্গৰঃ তুচ্ছাৰ্থতঃ তাই, তাইহঁত, তাইক, তাইহঁতক, ইত্যাদি।


নামবাচক সকলােবােৰ বিশেষ্য পদ তৃতীয় পুৰুষৰ। বাক্যত তৃতীয় পুৰুষ প্রথমতে, দ্বিতীয় পুৰুষ মাজত আৰু প্ৰথম পুৰুষ সদায় শেষত বহে। যেনেঃ


১। কামটো তেৱেঁ, তুমিয়ে আৰু ময়ে কৰিলোঁ।


২। সবাহলৈ তেওঁ, তুমি আৰু মই গৈছিলোঁ।


তির্যক ৰূপ (Oblique form): ব্যক্তিবাচক সৰ্ব্বনাম ৰূপ কৰোঁতে কর্তা কাৰকৰ বাহিৰে বাকীবােৰ কাৰকৰ প্ৰথম পুৰুষত (একবচন আৰু বহুবচন), দ্বিতীয় আৰু তৃতীয় পুৰুষৰ অকল মূল পদৰ ৰূপান্তৰ ঘটে, ইয়াকে তির্যক ৰূপ বোলা হয়৷ যেনেঃ ম‌ই-মো৷ আমি-আমা৷ ত‌ই-তো৷ তুমি-তোমা ইত্যাদি৷


ক্রিয়া পদ


যি পদে কোনাে কার্য সম্পাদন কৰা বা নকৰা বুজায় তাক ক্রিয়া পদ বােলে। ক্রিয়া পদ দুবিধঃ


সমাপিকা,


অসমাপিকা।


১। সমাপিকা ক্রিয়াঃ যি ক্রিয়াই বাক্য সম্পূর্ণ কৰে তাক সমাপিকা ক্রিয়া বােলে। যেনেঃ মই পঢ়াশালিলৈ যাওঁ। তেওঁ ঘৰলৈ যাব। ৰামে ভাত খাইছে। হৰি পলমকৈ আহিছিল। ইয়াত যাওঁ, যাব, খাইছে, আহিছিল ক্রিয়াই বাক্য সম্পূর্ণ কৰিছে। গতিকে ইহঁত সমাপিকা ক্রিয়া।


ধাতুৰ পাছত ক্রিয়া বিভক্তি যােগ কৰি বেলেগ বেলেগ কাল আৰু পুৰুষত সাধন হয় বাবে সমাপিকা ক্রিয়াকে সাধ্যা ক্রিয়াও বােলে।


২। অসমাপিকা ক্রিয়াঃ যি ক্রিয়াৰ বাক্য অসম্পূর্ণ হৈ থাকে সেই ক্রিয়াক অসমাপিকা ক্রিয়া বােলে। যেনেঃ তেওঁ বিদ্যালয়ৰপৰা আহি খেলিবলৈ গল। মই মুখ-হাত ধুই কিতাপ পঢ়িম।


ওপৰৰ বাক্য দুটাত আহি আৰু ধুই ক্রিয়াই বাক্য সম্পূর্ণ কৰিব পৰা নাই। গতিকে আহি আৰু ধুই অসমাপিকা ক্রিয়া। ধাতুৰ পাছত প্রত্যয় যােগ হৈ সিদ্ধ হােৱা বাবে অসমাপিকা ক্রিয়াক সিদ্ধা ক্রিয়াও বােলে।



অকর্মক ক্রিয়া


যি ক্রিয়াৰ কৰ্ম নাই, তাক অকর্মক ক্রিয়া বােলে। যেনেঃ ৰামে হাঁহিছে। কেঁচুৱাটোৱে কান্দিছে। তেওঁ শুইছে। এই বাক্য কেইটাত হাঁহিছে, কান্দিছে, শুইছে আদি ক্রিয়াৰ কর্ম নাই। এতেকে ইহঁত অকর্মক ক্রিয়া।



সকর্মক ক্রিয়া


যি ক্রিয়াৰ কৰ্ম থাকে, তাক সকর্মক ক্রিয়া বােলে। যেনেঃ মই ভাত খাওঁ। তেওঁ আম খাইছে। যদুৱে মােক কিতাপখন দিলে। –এই বাক্যকেইটাত ভাত, আম, কিতাপখন, যথাক্রমে খাওঁ, খাইছে, দিলে ক্রিয়াৰ কৰ্ম। গতিকে ইহঁত সকর্মক ক্রিয়া।



কর্ম অনুসৰি ক্রিয়া


কর্ম অনুসৰি ক্রিয়া দুবিধঃ 


এক কর্মক ক্রিয়া আৰু


দ্বিকর্মক ক্রিয়া।


(ক) মই পকা আমটো খালোঁ। (খ) যদুৱে ৰামক কিতাপখন দিলে।


ওপৰৰ বাক্য দুটাৰ প্ৰথমটোত ‘খালোঁ’— ক্রিয়াৰ কর্ম—পকা আমটো; অথাৎ ‘খালোঁ’—ক্রিয়াৰ কর্ম এটা। গতিকে ‘খালোঁ – এক কর্মক ক্রিয়া।


দ্বিতীয় বাক্যটোত ‘দিলে’– ক্রিয়াৰ কৰ্ম ৰামক আৰু কিতাপখন, অর্থাৎ ‘দিলাে’ ক্রিয়াৰ কর্ম দুটা। এতেকে ‘দিলে’– দ্বিকর্মক ক্রিয়া।



গৌণ কর্ম আৰু মুখ্য কর্মঃ


গৌণ কর্ম আৰু মুখ্য কর্মঃ 


(ক) মই পকা আমটো খালোঁ। (খ) যদুৱে ৰামক কিতাপখন দিলে।


ওপৰৰ দ্বিতীয় বাক্যটোত অপ্রাণীবাচক কর্ম – ‘কিতাপখন’ আৰু ‘দিলে’ – ক্রিয়াৰ কার্য— ইয়াৰ ওপৰতে প্ৰধানকৈ সম্পাদন হৈছে। গতিকে ‘কিতাপখন’ মুখ্য কর্ম।


প্রাণীবাচক কর্ম – “ৰামক”, আৰু “দিলে” ক্ৰিয়াৰ কাৰ্য ইয়াৰ ওপৰত অপ্রধান ভাবেহে সম্পাদন হৈছে। গতিকে “ৰামক”– গৌণ কর্ম।


কেৱলীয়া কর্তা


কেৱলীয়া কর্তাঃ “বেলি ডুবিলত, আমি ঘৰলৈ আহিলোঁ। এই বাক্যত “ডুবিলত”— অসমাপিকা ক্রিয়াই “আহিলোঁ— সমাপিকা ক্রিয়াৰ সময় নির্ধাৰণ কৰিছে। “ডুবিলত” ক্ৰিয়াৰ কর্তা “বেলি”। গতিকে “বেলি”—কেৱলীয়া কর্তা।


সূত্রঃ যি কৰ্তাৰ ক্রিয়াই আন এটা ক্রিয়াৰ কালৰ সময় নির্ধাৰণ কৰে, তেনে কর্তাক কেৱলীয়া কর্তা বােলে।



লগৰীয়া বা সহকাৰী (সহায়কাৰী) ক্রিয়া


“মই আমটো খাই পেলালোঁ।”– ইয়াত “খাই” মূল ক্রিয়া। তাৰ অৰ্থ প্ৰৱলকৈ বুজাবলৈ “পেলালোঁ”– ক্রিয়া ব্যৱহাৰ কৰা হৈছে। গতিকে “পেলালোঁ”– লগৰীয়া বা সহকাৰী ক্রিয়া।


সূত্রঃ যি কৰ্তাৰ ক্ৰিয়াই আন এটা ক্রিয়াৰ অৰ্থ প্ৰৱলকৈ বুজাবলৈ সহায়ক হিচাপে ব্যৱহাৰ কৰা হয় তাক লগৰীয়া বা সহকাৰী ক্রিয়া বােলে।


আন উদাহৰণঃ তেওঁ মােক দেখি উচুপি উচুপি কান্দিবলৈ ধৰিলে। তেওঁ থিয় হৈ হৈয়ে পঢ়িবলৈ লাগিল।


অনিয়মিত ক্রিয়া


যিবােৰ ক্ৰিয়াৰ সকলাে কাল আৰু সকলাে পুৰুষতে ৰূপ নহয়, তেনে ক্রিয়াক অনিয়মিত ক্রিয়া বােলে। অনিয়মিত ক্রিয়া চাৰিটাঃ নাই, আছ, থাক, ব’ল।


(ক) নাইঃ সংস্কৃত নিত্য বর্তমান (লট বিভক্তি) কালৰ তৃতীয় পুৰুষৰ এক বচনত নােহােৱা বুজাবলৈ ন + অস্তি =নাস্তি হয়। তাৰ পৰা-নাস্তি-নাথি-নাহি-নাই হৈছে।


ই নিত্য বর্তমান আৰু স্বৰূপ বর্তমান কালত সকলাে পুৰুষতে ব্যৱহাৰ হয়। যেনেঃ


নিত্য বর্তমানঃ মই নাই/আমি নাই।


তই নাই/তহঁত নাই/সি নাই/সিহঁত নাই


তুমি নাই/তােমালােক নাই/তেওঁ নাই/তেওঁলােক নাই।


স্বৰূপ বর্তমানঃ নােহােৱা অৰ্থ বুজাবলৈ মূল ক্রিয়াটো কৃদন্ত হােৱাৰ পাছত নাই যােগ হয়। যেনেঃ


মই/আমি পঢ়িছোঁ-মই/আমি পঢ়া নাই।


তই/তহঁতে পঢ়িছ-তই/তহঁতে পঢ়া নাই।


তুমি/তােমালােকে পঢ়িছা-তুমি/তােমালােকে পঢ়া নাই। সি/সিহঁতে পঢ়িছে-সি/সিহঁতে পঢ়া নাই।


তেওঁ/তেওঁলােকে পঢ়িছে-তেওঁ/তেওঁলােকে পঢ়া নাই।


(খ) আছঃ ই সকলাে পুৰুষতে স্বৰূপ বর্তমান আৰু অপূর্ণ ভূত (পৰােক্ষ ভূত) কালতহে ব্যৱহাৰ হয়।


স্বৰূপ বর্তমানঃ মই আছে-আমি আছোঁ।


তই আছ-তহঁত আছ।


সি আছে- সিহঁত আছে।।


তুমি আছা-তােমালােক আছা।


তেওঁ আছে -তেওঁলােক আছে।


অপূর্ণ ভূত (পৰােক্ষ ভূত)ঃ


মই/আমি আছিলোঁ


তই/তহঁত আছিলি।


তুমি/তােমালােক আছিলা


সি/সিহঁত আছিল।


তেওঁ/তেওঁলােক আছিল।


(গ) থাক্‌ঃ নিত্য বর্তমান, স্বৰূপ ভূত, সম্ভাব্য ভূত আৰু ভৱিষ্যত কালত সকলাে পুৰুষতে ব্যৱহাৰ হয়। অনুজ্ঞা ৰূপে নিত্য বর্তমান আৰু ভৱিষ্যত কালত ২য় আৰু ৩য় পুৰুষত ব্যৱহাৰ হয়।


(ঘ) ব’ল ধাতুঃ অনুজ্ঞা (আদেশ, অনুৰােধ আদি) অর্থত নিত্য বর্তমান আৰু ভৱিষ্যত কালত দ্বিতীয় আৰু তৃতীয় পুৰুত ব্যৱহাৰ হয়।


নিত্য বৰ্তমানঃ অনুজ্ঞাঃ


২য় পুঃ (তুচ্ছার্থত)ঃ তই ব’ল, তহঁত ব’ল।


২য় পুঃ (সাধাৰণ অৰ্থত)ঃ তুমি ব’লা, তােমালােক ব’লা বা ব’লাহঁক।


৩য় পুঃ সি/তেওঁ তেখেত ব’লক, সিহঁত তেওঁলােক, তেখেতসকল ব’লক।


অনুৰােধ, প্রস্তাৱ আদিৰ ক্ষেত্ৰত তিনিও পুৰুষত ব্যৱহাৰ হয়।


১ম পুৰুষ— আমি যাম ব’লা।


২য় পুৰুষ— তই/তহঁত যাবি ব’ল। তুমি/ তােমালােক যাবা বলা।


৩য় পুৰুষ— তেওঁ/তেওঁলােক, সি/সিহঁত যাব ব’লক


পাঁচনী ক্রিয়া


যি ক্রিয়াই আনক পাচি বা আনৰ হতুৱাই কোনাে কার্য সম্পাদন কৰােৱা বুজায়, তাক পাঁচনী ক্রিয়া বােলে। যেনে সাধাৰণ ক্রিয়াঃ মই কিতাপ পঢ়িছোঁ।


পাঁচনী ক্রিয়াঃ মই তাক কিতাপ পঢ়াইছোঁ


মৌলিক ধাতুত পাঁচনী অর্থত আ, ওৱা বা উৱা প্রত্যয় যােগ কৰি পাঁচনী ক্রিয়া কৰা হয়।


যেনেঃ কৰ + আ = কৰা।


মই কৰাওঁ/আমি কৰাওঁ/সি কৰায়/সিহঁতে কৰায়


তই কৰাৱ/তহঁতে কৰাৱ/তেওঁ কৰায়/তেওঁলােকে কৰায়


তুমি কৰােৱা/তােমালােকে কৰােৱা/তেখেতে কৰায়/তেখেতসকলে কৰায়


সেইদৰে খা + ওবা (উবা) = খুৱা (খুউৱা)


মই/ আমি খুৱাওঁ, তুমি / তােমালােকে খুউবা।


সি/তেওঁ খুৱায়, সিহঁতে/তেওঁলােকে খুৱায় ইত্যাদি।




নামধাতু


সংজ্ঞা শব্দৰ পাছত প্রত্যয় যােগ হৈ যিবােৰ ধাতু নিষ্পন্ন হয়, সিহঁতক নামধাতু বােলে। আ, ইয়া আৰু উৱা— এই তিনিটা প্রত্যয় সংজ্ঞা শব্দত যােগ কৰি নামধাতু কৰা হয়। উদাহৰণঃ মই তাক এটা চৰ মাৰিলোঁ। ইয়াত চৰ সংজ্ঞা শব্দ। কিন্তু চৰ্ + আ = চৰা-নামধাতু।


যেনেঃ মই তাক চৰালোঁ। ৰামে হৰিক চৰালে।


সেইদৰেঃ ডাবি+ ইয়া = ডাবিয়া। সি তাক ডাবিয়ালে।


ভুকু + উৱা = ভূকুৱা। হৰেনে ভায়েকক ভুকুৱালে ইত্যাদি।

Post a Comment

0 Comments