ধাতু, প্রাতিপদিক আৰু বিভক্তি
ক্রিয়াৰ মূলক ধাতু, (Roots) বােলে। বস্তু অথবা বস্তুৰ বিশেষ অৱস্থাবাচক মূলক প্রাতিপদিক বােলে।
কোনাে বাক্যত শব্দৰ পাৰস্পৰিক সম্বন্ধ ৰক্ষা কৰি অৰ্থ প্ৰকাশৰ বাবে মূলৰ (ধাতু আৰু প্রাতিপদিক) পিছত যােগ হােৱা ধ্বনিৰ নামেই বিভক্তি।
পদ প্রকৰণ
ধাতু আৰু প্রাতিপদিকৰ পিছত বিভক্তি যুক্ত হৈ পদ হয়। পদ প্ৰকৃততে চাৰিবিধঃ বিশেষ্য, বিশেষণ, সর্বনাম আৰু ক্রিয়া। অব্যয়ৰ লগত বিভক্তি যুক্ত নহয়, সেইবাবে অব্যয়ক পদ বুলি ধৰা নহয়। কিন্তু অব্যয়ৰ ব্যৱহাৰ বিশাল। সেয়েহে বহুতাে ব্যাকৰণত অব্যয়কো পদ বুলি ধৰা দেখা যায়।
বিশেষ্য পদ
যি পদে কোনাে নাম বুজায়, সেই পদক বিশেষ্য পদ বােলে। বিশেষ্য-পদ পাঁচ প্রকাৰৰ। জাতিবাচক, সংজ্ঞা বা নামবাচক, বস্তুবাচক, গুণবাচক আৰু ক্রিয়াবাচক।
১। জাতিবাচকঃ যি বিশেষ্য পদে কোনাে জাতিৰ নাম বুজায়, তাক জাতিবাচক বিশেষ্য বােলে। জাতিবাচক বিশেষ্যৰ দুটা ভাগঃ (ক) প্রাণীবাচক আৰু (খ) অপ্রাণীবাচক।
প্রাণীবাচকঃ মানুহ, গৰু, ঘোঁৰা, বাঘ, ঘােং, মতা, তিৰােতা, ল’ৰা, ছােৱালী ইত্যাদি।
অপ্রাণীবাচকঃ গছ, লতা, পর্বত, পাহাৰ, নৈ, বিল ইত্যাদি।
২। সংজ্ঞা বা নামবাচকঃ যি বিশেষ্য পদে ব্যক্তিৰ বা আন কোনাে নাম বুজায়, তাক সংজ্ঞাবাচক বিশেষ্য বােলে। ইও প্রাণী আৰু অপ্রাণীবাচক হিচাপে দুভাগ।
প্রাণীবাচকঃ ৰাম, হৰি, যদু, মধু, নৰনাৰায়ণ, অশােক, শঙ্কৰদেৱ, হজৰত মহম্মদ, এলিজাবেথ ইত্যাদি।
অপ্রাণীবাচকঃ গুৱাহাটী, নগাঁও, ভাৰত, অসম, লণ্ডন, ৰামায়ণ, মহাভাৰত, জোন, বেলি, ব্রহ্মপুত্র, হিমালয় ইত্যাদি।
৩। বস্তুবাচক বিশেষ্যঃ বস্তু বা পদাৰ্থৰ নাম বুজোৱা বিশেষ্য পদক বস্তুবাচক বিশেষ্য পদ বােলে। যেনেঃ ধান, মাহ, সৰিয়হ, গাখীৰ, পানী, লােহা, দা, কটাৰী, ভাত, মাছ ইত্যাদি।
৪। গুণবাচক বিশেষ্য পদঃ যি বিশেষ্য পদে গুণ, অৱস্থা আদিৰ নাম বুজায় তাক গুণবাচক বিশেষ্য বােলে। যেনেঃ দয়া, ক্ষমা, হিংসা, ঈর্ষা, সৌন্দর্য, মাধুর্য, বিনয়, সাধুতা, নম্রতা, বিদ্যা, শিক্ষা ইত্যাদি।
৫৷ ক্রিয়াবাচক বিশেষ্যঃ যি বিশেষ্য পদে ক্রিয়া বা কাৰ্যৰ নাম বুজায়, তাক ক্রিয়াবাচক বিশেষ্য বােলে। যেনেঃ হাঁহন, কান্দন, নাচন, ভ্রমণ, হৰণ, ভগন, শােৱন, খাৱন, শয়ন, লালন-পালন ইত্যাদি। ইয়াৰ বাহিৰেও সময়ৰ নাম বুজোৱা পদবিলাকক আজিকালি সুকীয়াকৈ কালবােধক বিশেষ্য নাম দিয়া হৈছে। যেনেঃ দিন, ৰাতি, পুৱা, সন্ধ্যা, ঘণ্টা, মিনিট, দণ্ড, পল, বাৰ, মাহ, বছৰ ইত্যাদি।
বিশেষণ পদ
যি পদে আন পদৰ দোষ, গুণ, অৱস্থা, পৰিমাণ আদি বুজায়, তাক বিশেষণ পদ বােলে। যেনেঃ ধুনীয়া ফুল, মনােৰম অসম, শুৱলা-সংগীত।
বিশেষণ তিনি প্রকাৰৰঃ
বিশেষ্যৰ বিশেষণ,
বিশেষণীয় বিশেষণ আৰু
ক্রিয়া বিশেষণ
১। বিশেষ্যৰ বিশেষণঃ যি পদে বিশেষ্যৰ দোষ, গুণ, অৱস্থা, আদি বুজায়, তাক বিশেষ্যৰ বিশেষণ বােলে। যেনেঃ বিশাল সমুদ্রৰ ঢৌত জাহাজখন অদৃশ্য হৈ গ’ল। কুলিৰ মধুৰ কাকলিয়ে পৃথিৱীলৈ বসন্ত নামিছে।
২। বিশেষণীয় বিশেষণঃ যি বিশেষণ পদে আন বিশেষণ পদক বিশেষকৈ দেখুৱায়, তাক বিশেষণীয় বিশেষণ বােলে। যেনেঃ পৰম পৱিত্র বশিষ্ঠাশ্ৰমত প্রৱেশ কৰি মনে মােৰ সৰগ ধিয়ায়। হে স্রষ্টা, অনিন্দ্য সুন্দৰ তােমাৰ সৃষ্টি। অতি পাতকী লােকক নাম নালাগে। নিয়মে-সঞ্জয়ে তৰে। গাঢ় শ্যাম দূর্বাদল; ইত্যাদি।
৩। ক্রিয়া বিশেষণঃ যি বিশেষণ পদে ক্রিয়াৰ অৱস্থা, গুণ আদি বুজায়, তাক ক্রিয়া বিশেষণ বােলে। যেনেঃ ধীৰে ধীৰে লিখিবা। লাহে লাহে খাবা, মনে মনে আহিবা; দূৰে দূৰে থাকিবা ইত্যাদি। সংখ্যাবাচক পদবােৰ বিশেষণ হিচাপে ব্যৱহাৰ হয়। যেনেঃ এটা আম। দহটা মানুহ। হাজাৰ ফুল; ইত্যাদি।
বিশেষণৰ তুলনা
দুটাৰ ভিতৰত অথবা বহুতৰ মাজত তুলনা কৰিবলৈ সংস্কৃতত বিশেষণ পদৰ পিছত ক্রমান্বয়ে ‘তৰ’ আৰু ‘ঈয়স্’, আৰু ‘তম্’ আৰু ‘ইষ্ঠ’ প্রত্যয় যােগ কৰা হয়। অসমীয়াতো তৎসম ৰূপত সেইবােৰ শব্দ ব্যৱহাৰ হয়।
যেনেঃ বৃহৎ-বৃহত্তৰ-বৃহত্তম্। গুৰু-গৰীয়ান-গৰিষ্ঠ।
তদুপৰি অসমীয়াত নিজাকৈ তিনিটা উপায়েৰে বিশেষণৰ তুলনা কৰা হয়।
(ক) যাৰ লগত তুলনা কৰা হয় তাৰ পাছত সপ্তমী বিভক্তিৰ চিন— অত + কৈ যােগ কৰি। যেনে - যদুতকৈ মধু সৰু।
(খ) বিশেষণটোৰ আগত বেছি, নিচেই আদি তুলনাবাচক শব্দ যােগ কৰি। যেনেঃ ৰাম হৰিতকৈ বেছি বুধিয়ক।
(গ) বহুতৰ মাজত তুলনা কৰোঁতে ‘মাজত’ ‘ভিতৰত’ আদি শব্দ ব্যৱহাৰ কৰি। যেনেঃ সিহঁতৰ ভিতৰত তায়েই মেধাৱী ।
0 Comments