Ads Area

ৰচনা: আনন্দৰাম বৰুৱা | অসমীয়া ৰচনা pdf | অসমীয়া ৰচনা - Asomiya Rosona | Asaamese Essay on Anandaram Baruah

Assamese rosona, assamese essay app, assamese essay pdf download, assamese essay pdf,assamese essay for class 12, assamese essay for class 9, assamese essay for class 10, assamese essay for hslc, Assamese Essay Tumar priyo grontho,Assamese Essay Mur priyo grontho,ৰচনা class 10,ৰচনা মোৰ প্ৰিয় গ্ৰন্থ,দশম শ্ৰেণীৰ অসমীয়া ৰচনা,অসম ৰচনা,ৰচনা প্ৰিয় গ্ৰন্থ,ৰচনা বানপানী,ৰচনা প্ৰবাহ pdf,কৰোনা ৰচনা,মোৰ প্ৰিয় গ্ৰন্থ অগ্নিৰ ডেউকা,একবিংশ শতিকাৰ অসমীয়া গ্ৰন্থ ৰচনা,প্ৰিয় গ্ৰন্থ ৰচনা চিৰাজ,মোৰ প্ৰিয় গ্ৰন্থ বুঢ়ী আইৰ সাধু,অসমীয়া ৰচনা pdf,rosona assamese,assamese ৰচনা,অসমীয়া ৰচনা pdf,কৰনা মহামাৰী ৰচনা pdf,assamese ৰচনা,দশম শ্ৰেণীৰ অসমীয়া ৰচনা,প্রিয় সাহিত্যিক ৰচনা,একবিংশ শতিকাৰ প্ৰিয় সাহিত্যিক,লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য সমালোচনা,পুথিভৰাল ৰচনা,

 আনন্দৰাম বৰুৱা

ভূমিকাঃ সুজলা-সুফলা শস্য-শ্যামলা অসমভূমিৰ বুকুত যুগে যুগে জন্ম লাভ কৰিছে একো একোজন অনান্য পুৰুষে । তেনে মহান ব্যক্তিত্বসম্পন্ন পুৰুষ সকলৰ মাজত প্ৰতিভাৰ স্যামন্তক মণি লুকাই থাকে । বৰ্তমান যুগতো এনে বহুজন সু-সন্তান খ্যাতি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে । জীৱনৰ খন্তেকীয়া সময়ছোৱাত অসমীয়া ভাষা-সাহিত্যক নতুনত্বৰ আলোকেৰে আলোকিত কৰা তেনে এজন ব্যক্তি হল পণ্ডিত আনন্দৰাম বৰুৱা । অতি কম সময়ৰ এটি জীৱনত আনন্দৰাম বৰুৱাই অসমীয়া ভাষা-সংস্কৃতিৰ জগত উজ্বল মণি মুকুতাৰে খোদিত কৰি থৈ গল ।

প্ৰতিভাৰ পৰিচয় খোজে খোজে :

কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ প্ৰসিদ্ধ মজিন্দাৰ বৰুৱাৰ বংশত ১৮৫০ চনত তেওঁৰ জন্ম হৈছিল । তেওঁৰ পিতৃ আছিল গৰ্গৰাম বৰুৱা আৰু মাতৃ আছিল দুৰ্লভেশ্বৰী বৰুৱানী । কম বয়সতে আনন্দৰাম বৰুৱাই মাতৃক হেৰুৱাব লগা হয় । তেওঁ প্ৰাথমিক শিক্ষাৰ লগে লগে ঘৰতে এগৰাকী পণ্ডিতৰ অধীনত সংস্কৃত শিক্ষা লাভ কৰিছিল । এই ক্ষেত্ৰত অনন্দ ৰামে অতি কম সময়তে নিজৰ কৃতিত্বৰ পৰিচয় দিছিল । ১৮৬৪ চনত চৈধ্যবছৰীয়া আনন্দৰাম উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰীক্ষা, অৰ্থাৎ, এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয় । কলেজীয়া শিক্ষা লাভৰ বাবে তেওঁ কলকাতালৈ ৰাওনা হৈছিল । শিক্ষা জীৱনৰ প্ৰতিটো পদক্ষেপতে আনন্দৰাম বৰুৱাই সফলতাৰ উচ্চ শিখৰত পদাৰ্পন কৰিছিল । ১৮৬৬ চনত তেওঁ এফ এ পৰীক্ষাত বিশ্ববিদ্যালয়ত ষষ্ঠ স্থান অধিকাৰ কৰি গণিতত সৰ্বোচ্চ নম্বৰেৰে 'ডাফ স্কলাৰশ্বিপ' বৃত্তি লাভ কৰে । আনন্দৰাম বৰুৱাৰ আগতে কোনো অসমীয়া কোনো অসমীয়া ছাত্ৰই বিশ্ববিদ্যালয়ৰ কোনো সন্মান লাভ কৰা নাছিল । প্ৰেচিডেন্সি কলেজৰ পৰা ১৮৬৯ চনত প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰি স্নাতক (বি এ) পৰীক্ষাত উত্তীৰ্ণ হয় । তেওঁ অসমৰ প্ৰথম স্নাতক । উচ্চশিক্ষা লাভৰ উদ্দেশ্যে প্ৰতিযোগিতামূলক পৰীক্ষা দি 'ষ্টেট স্কলাৰশ্বিপ' আৰু 'গিলক্ৰাইষ্ট স্কলাৰশ্বিপ' লৈ আনন্দৰাম বৰুৱাই ইংলেণ্ডলৈ যাত্ৰা কৰে । বিলাতত একলগে তিনিটা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় । একেলগে আৰু সুখ্যাতিৰে আই চি এছ, বি চি এছ, আৰু আইন পৰীক্ষাত উত্তীৰ্ণ হল । তেওঁ প্ৰথমজন অসমীয়া বেৰিষ্টাৰ আৰু আই চি এছ পৰীক্ষাত উত্তীৰ্ণ হোৱা লোক । উচ্চ শিক্ষাত বিৰল দৃষ্টান্ত দেখুৱাই তেওঁ ১৮৭২ চনত স্বদেশলৈ প্ৰত্যাবৰ্তন কৰে । শিক্ষা গ্ৰহণৰ কালছোৱাত অনন্দৰাম বৰুৱাই অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পণ্ডিত মেক্স মুলাৰৰ সান্নিধ্য লাভ কৰিছিল । বিলাতৰ পৰা ঘূৰি অহাৰ পিছত আনন্দৰাম বৰুৱাই সহকাৰী উপায়ুক্তৰূপে নিযুক্তি লাভ কৰি শিৱসাগৰ জিলাত কৰ্মজীৱন আৰম্ভ কৰে । তাত কিছুদিন কাৰ্যনিৰ্বাহ কৰাৰ পিছত বংগলৈ বদলি হৈ যায় আৰু তাতেই জীৱনৰ বাকীছোৱা সময় পাৰ কৰে । কৰ্মজীৱনত অন্দনৰাম বৰুৱাই বহু জনহিতকৰ কাৰ্য সম্পাদন কৰিছিল । বিদ্যালয় স্থাপন, পুখুৰী খন্দা, আলি-পদূলি বন্ধা, আদি কামত আগভাগ লৈছিল । তাৰ বহু নিদৰ্শন বংগত আজিও বিদ্যমান । সমাজৰ অৰ্থনৈতিকভাবে দুৰ্দশাগ্ৰস্থ লোকসকলক কল্যাণৰ অৰ্থে তেওঁ বহু কম কৰিছিল ।

ভাষা-সাহিত্যলৈ অবদান :

আনন্দৰাম বৰুৱাৰ জীৱনত মহত্ব প্ৰদান কৰা মুখ্য দিশটো হল ভাষা-সাহিত্যৰ দিশত আগবঢ়োৱা তেওঁৰ অবদান । প্ৰাচীন ভাৰতীয় ভাষা সংস্কৃতত তেওঁৰ অগাধ পাণ্ডিত্য আছিল । সেই পাণ্ডিত্যৰ পৰিচয় পোৱা যায় তিনিটা খণ্ডৰ ইংৰাজী-সংস্কৃত অভিধানখনৰ পৰা । এই সেই বৃহৎ অভিধানৰখনৰ দ্বিতীয় আৰু তৃতীয় খণ্ডৰ লগত বৰুৱাৰ মৌলিক ৰচনা ক্ৰমে 'হায়াৰ সংস্কৃত গ্ৰামাৰ' আৰু 'এনচিয়েন্ট জীঅ'গ্ৰাফী অব ইণ্ডিয়া' নামে দুটা বৰ মূল্যৱান সংযোজনা আছে । মহাকবি ভৱভূতিৰ 'মহাবীৰ চৰিত'ৰ সম্পাদনা আৰু তাৰ লগতে সংযোগ কৰা মন্তব্য 'জানকীৰাম ভাষ্য' আনন্দৰাম বৰুৱাৰ অন্য এক উল্লেখযোগ্য অৱদান। ভবভুতি আৰু সংস্কৃত সাহিত্যত তেওঁৰ স্থান, সৰস্বতীৰ কণ্ঠাভৰন, ধাতুবৃত্তিসাৰ, অমৰসিংহ নামলিংগানুশাসন (১ম, ২য়, ৩য় খণ্ড), ধাতুকোষ, সংকৃত ভাষাৰ বৃহৎ ব্যাকৰণ আদি আনন্দৰাম বৰুৱাৰ উল্লেখযোগ্য গ্ৰন্থ।

কর্ম জীৱনঃ আনন্দৰাম বৰুৱা অসমৰ প্ৰথম আৰু ভাৰতৰ পঞ্চমজন চিভিলিয়ান (আই, ছি, এচ) বিষয়া আছিল। প্রথমে তেওঁ শিৱসাগৰ জিলাৰ উপায়ুক্তৰ সহকাৰী বিষয়া হিচাপে কামত যােগ দিয়ে। শিৱসাগৰতে তেওঁ এছিষ্টেন্ট মেজিষ্ট্রেট। পদবী পায়। তাৰ পাছত কলিকতালৈ বদলি হয়। বিচাৰকৰ দায়িত্ব লৈ বংগদেশৰ। বিভিন্ন ঠাইত তেওঁ চাকৰি কৰিছিল।

সামৰণিঃ  অসম গৌৰৱ আনন্দৰাম বৰুৱাৰ মাত্র ৩৯ বছৰ বয়সত, ১৮৮৯খ্রীঃ জানুৱাৰী মাহৰ ১৯ তাৰিখে কলিকতাত পৰলােক হয়। আনন্দৰাম বৰুৱা যেনেকৈ এজন তীক্ষ্ণ বুদ্ধিৰ বিদ্যান আছিল, ঠিক সেইদৰে তেওঁ সৰল জীৱন যাপন কৰিছিল। উচ্চ পদপীত থাকিলেও তেওঁ সকলােকে সমান চকুৰে চাইছিল। তেওঁ অবিবাহিত আছিল। তেওঁৰ সুবিশাল পুথিভঁৰালটোয়েই পৰিয়াল স্বৰূপ আছিল। “মহামহা পুৰুষৰ চানেকিৰে জীৱনৰ দৰে আমিও আনন্দৰাম বৰুৱাৰ জীৱনী অধ্যয়নৰ দ্বাৰা বহুতো কথা শিকিব পাৰোঁ।

Tag:Assamese rosona, assamese essay app, assamese essay pdf download, assamese essay pdf,assamese essay for class 12, assamese essay for class 9, assamese essay for class 10, assamese essay for hslc, Assamese Essay Tumar priyo grontho,Assamese Essay Mur priyo grontho,ৰচনা class 10,ৰচনা মোৰ প্ৰিয় গ্ৰন্থ,দশম শ্ৰেণীৰ অসমীয়া ৰচনা,অসম ৰচনা,ৰচনা প্ৰিয় গ্ৰন্থ,ৰচনা বানপানী,ৰচনা প্ৰবাহ pdf,কৰোনা ৰচনা,মোৰ প্ৰিয় গ্ৰন্থ অগ্নিৰ ডেউকা,একবিংশ শতিকাৰ অসমীয়া গ্ৰন্থ ৰচনা,প্ৰিয় গ্ৰন্থ ৰচনা চিৰাজ,মোৰ প্ৰিয় গ্ৰন্থ বুঢ়ী আইৰ সাধু,অসমীয়া ৰচনা pdf,rosona assamese,assamese ৰচনা,অসমীয়া ৰচনা pdf,কৰনা মহামাৰী ৰচনা pdf,assamese ৰচনা,দশম শ্ৰেণীৰ অসমীয়া ৰচনা,প্রিয় সাহিত্যিক ৰচনা,একবিংশ শতিকাৰ প্ৰিয় সাহিত্যিক,লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য সমালোচনা,পুথিভৰাল ৰচনা,

Post a Comment

0 Comments