Ads Area

G.U B.A 1st Semester Assamese Honours ASM-HC-2016 Question Answers

ASM-HC-2016 QUESTION ANSWER,b.a assamese honours cbcs 1st sem question answer,TDC 1st Semester Assamese Solution,CBCS 1st Sem Assamese Notes and Suggestion, BA GU BA 1st Semester Assamese Question and Answer,b.a 1st sem Assamese question answer gu,ba 1st semester Assamese question answer 2022-23b.a 1st sem assamese question answer major/honours,ba 1st sem assamese 1st paper guide,ba 1st semester question answer,ba 1st sem assamese book pdf guwahati university,gu ba 1st semester assamese major ASM-HC-2016 question answer,ba 1st sem assamese major syllabus

 ASM-HC-2016 QUESTION ANSWER | Assamese Honours CBCS 1st Sem Question Answer | TDC 1st Semester Assamese Solution| CBCS 1st Sem Assamese Notes and Suggestion | BA GU BA 1st Semester Assamese Question and Answer | B.A 1st sem Assamese Question Answer GU

ASM-HC-2016 QUESTION ANSWER,b.a assamese honours cbcs 1st sem question answer,TDC 1st Semester Assamese Solution,CBCS 1st Sem Assamese Notes and Suggestion, BA GU BA 1st Semester Assamese Question and Answer,b.a 1st sem Assamese question answer gu,ba 1st semester Assamese question answer 2022-23b.a 1st sem assamese question answer major/honours,ba 1st sem assamese 1st paper guide,ba 1st semester question answer,ba 1st sem assamese book pdf guwahati university,gu ba 1st semester assamese major ASM-HC-2016 question answer,ba 1st sem assamese major syllabus

 - অসমীয়া সাহিত্যৰ বুৰঞ্জী -ASM-HC-2016 -

অসমীয়া সাহিত্য়ৰ যুগ বিভাগ

{ প্রশ্নোত্তৰ }


১/  অসমীয়া সাহিত্যৰ যুগবিভাগ প্রথমে কোনে কৰিছিল?

উত্তৰঃ অসমীয়া সাহিত্যৰ যুগবিভাগ প্রথমে পণ্ডিত হেমচন্দ্র গােস্বামীয়ে কৰিছিল।

২/  পণ্ডিত হেমচন্দ্র গােস্বামীয়ে কোনখন গ্ৰন্থত অসমীয়া সাহিত্যৰ যুগবিভাগৰ কথা উল্লেখ কৰিছিল?

উত্তৰঃ পণ্ডিত হেমচন্দ্র গােস্বামীয়ে অসমীয়া সাহিত্যৰ চানেকি (প্রথম খণ্ড) ত অসমীয়া সাহিত্যৰ যুগবিভাগৰ কথা উল্লেখ কৰিছিল।

৩/  দেবেন্দ্র নাথ বেজবৰুৱাই ৰচনা কৰা সাহিত্যৰ বুৰঞ্জী বিষয়ক গ্রন্থখনৰ নাম কি?

উত্তৰঃ অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী।

৪/  ড ° বাণীকান্ত কাকতিৰ গৱেষণা গ্রন্থখনৰ নাম কি?

উত্তৰঃ  ড ° বাণীকান্ত কাকতিৰ গৱেষণা গ্রন্থখনৰ নাম হ'ল- Assamese its Formation and Development .

৫/  ড ° সত্যেন্দ্রনাথ শৰ্মাই ৰচনা কৰা সাহিত্যৰ বুৰঞ্জী বিষয়ক গ্রন্থখনৰ নাম কি?

উত্তৰঃ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত।

৬/  ড ° মহেশ্বৰ নেওগে ৰচনা কৰা সাহিত্য বুৰঞ্জী বিষয়ক গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ অসমীয়া সাহিত্যৰ ৰূপৰেখা ।

৭/ পণ্ডিত হেমচন্দ্র গােস্বামীয়ে অসমীয়া সাহিত্যৰ প্রাচীনতম যুগটোক কি বুলি নামকৰণ কৰিছিল?

উত্তৰঃ গীতিযুগ ( খৃঃ ৬০০-৮০০ লৈ )।

৮/  অসমীয়া সাহিত্যৰ প্ৰাচীনতম লিখিত নিদৰ্শন কি?

উত্তৰঃ চর্যাপদ বা চর্যাগীতসমূহ ।

৯/ লােক-সাহিত্য কোন যুগৰ সাহিত্য?

উত্তৰঃ লােক-সাহিত্য যুগ নিৰপেক্ষ সাহিত্য।

১০/ চর্যাপদসমূহক কিয় অসমীয়া সাহিত্যৰ প্রাচীনতম লিখিত নিদর্শন বুলি ধৰা হয়?

উত্তৰঃ চর্যাপদৰ ৰচনা ৰীতি আৰু ভাষাত পৰৱৰ্তী অসমীয়া ভাষাৰ বহুতাে বৈশিষ্ট্য আৰু গীতিসাহিত্যৰ পূৰ্বাভিব্যক্তি দেখা যায়। সেইকাৰণে এই দোহা বা বৌদ্ধগান বা চর্যাপদসমূহক অসমীয়া সাহিত্যৰ প্রাচীনতম লিখিত নিদর্শন বুলি ধৰা হয়।

১১/ দেৱেন্দ্রনাথ বেজবৰুৱাই কৰা অসমীয়া সাহিত্যৰ যুগবিভাগ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ অসমীয়া সাহিত্যৰ যুগ-বিভাগ কৰা আলােচক পণ্ডিতসকলৰ ভিতৰত দেৱেন্দ্রনাথ বেজবৰুৱা অন্যতম। তেখেতে "অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী” গ্রন্থত অসমীয়া সাহিত্যৰ বুৰঞ্জীক তিনিটা ভাগত ভাগ কৰি আলােচনা কৰিছে। তেখেতৰ মতে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ ভাগ তিনিটা হল -

(ক) অসমীয়া ভাষাৰ আৰম্ভৰ পৰা শংকৰদেৱৰ জন্মলৈ;

(খ) মাজৰ বা উন্নতিৰ যুগ (শংকৰী যুগ) ও শংকৰদেৱৰ জন্মৰ পৰা ইংৰাজ গৱৰ্ণমেন্টে আমাৰ দেশৰ শাসনভাৰ লােৱালৈকে, অর্থাৎ ১৩৭১ শকৰ পৰা ১৭৪৮ শকলৈ; আৰু

(গ) বর্তমান যুগঃ ১৭৪৮ শক (১৮২৬ খৃঃ) ৰ পৰা বৰ্তমানলৈকে।

১২/  পণ্ডিত হেমচন্দ্র গােস্বামীয়ে অসমীয়া সাহিত্যৰ বুৰঞ্জীক কেইটা ভাগত ভাগ কৰিছে, আলােচনা কৰা।

উত্তৰঃ অসমীয়া সাহিত্যৰ ইতিহাস খৃঃ ৯ ম -১০ ম শতিকাতে আৰম্ভ হ'লেও অসমীয়া সাহিত্যৰ যুগবিভাগ বিংশ শতিকাতহে প্রথম কৰা হৈছিল।পণ্ডিত হেমচন্দ্র গােস্বামীয়ে “ অসমীয়া সাহিত্যৰ চানেকি (১ ম খণ্ড)" ত অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ পােন প্রথমবাৰৰ বাবে যুগবিভাগ কৰিছিল।গতিকে তেখেতক অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ যুগবিভাগৰ পথ-প্রদর্শক বুলি ক'লেও অত্যুক্তি কৰা নহয়। পণ্ডিত গােস্বামীয়ে অসমীয়া সাহিত্যৰ বুৰঞ্জীক তলত দিয়াৰ দৰে ছয়টা ভাগত ভাগ কৰি আলােচনা কৰিছিল—

(ক) গীতি যুগ (খৃঃ ৬০০-খৃঃ ৮০০ লৈ)

(খ) মন্ত্ৰ আৰু ভণিতা যুগ (খৃঃ ৮০০-খৃঃ ১২০০ লৈ)

(গ) প্রাক্-বৈষ্ণৱ যুগ (খৃঃ ১২০০-খৃঃ ১৪৫০ লৈ)

(ঘ) বৈষ্ণৱ যুগ (খৃঃ ১৪৫০-খৃঃ ১৬০০ লৈ)

(ঙ) বিস্তাৰ যুগ (খৃঃ ১৬০০-খৃঃ ১৮০০ লৈ) আৰু

(চ) বর্তমান যুগ (খৃঃ ১৮০০ ৰ পৰা বৰ্তমানলৈ)

পণ্ডিত গােস্বামীয়ে অসমীয়া সাহিত্যৰ প্ৰথম যুগ বিভাজন কৰিছিল যদিও নানা কাৰণত বর্তমান সেই বিভাজন অপ্ৰচলিত হৈছে

১৩/  ড ° বাণীকান্ত  কাকতিয়ে কৰা অসমীয়া ভাষা-সাহিত্যৰ যুগবিভাগ সম্পর্কে আলােচনা কৰা।

উত্তৰঃ অসমীয়া ভাষা সাহিত্যৰ গৱেষক পণ্ডিতসকলৰ ভিতৰত ড° বাণীকান্ত কাকতিৰ নাম প্ৰাতঃস্মৰণীয়।তেখেতে অসমীয়া ভাষাৰ স্বকীয়তা কথা আলোচনা কৰিবলৈ গৈ বিশেষত্বপূৰ্ণ অসমীয়া সাহিত্যৰ ১৪ শ শতিকাৰ পৰা আৰম্ভ হৈছে বুলি উল্লেখ কৰিছে।তেখেতে অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জীক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰি আলোচনা কৰিছে। সেই ভাগ তিনিটা হ'ল--

ক) প্ৰাচীন অসমীয়া (চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ) - প্ৰাক্ - বৈষ্ণৱ, বৈষ্ণৱ।

খ)মধ্যযুগীয় অসমীয়া ( সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈকে )

গ) আধুনিকত অসমীয়া - ( ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈকে )

ASM-HC-2016 QUESTION ANSWER,b.a assamese honours cbcs 1st sem question answer,TDC 1st Semester Assamese Solution,CBCS 1st Sem Assamese Notes and Suggestion, BA GU BA 1st Semester Assamese Question and Answer,b.a 1st sem Assamese question answer gu,ba 1st semester Assamese question answer 2022-23b.a 1st sem assamese question answer major/honours,ba 1st sem assamese 1st paper guide,ba 1st semester question answer,ba 1st sem assamese book pdf guwahati university,gu ba 1st semester assamese major ASM-HC-2016 question answer,ba 1st sem assamese major syllabus

Post a Comment

0 Comments