Ads Area

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান - অসমীয়া ৰচনা - Assamese Essay Class 8, 9, 10, 11, 12

Assamese Essay, বিজ্ঞানৰ অৱদান ৰচনা class 9,বিজ্ঞানৰ অৱদান ৰচনা class 10,দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান,ৰচনা বিজ্ঞানৰ অৱদান class 12,বিজ্ঞানৰ অপকাৰ,বিজ্ঞান আৰু আধুনিক প্ৰযুক্তি ৰচনা,বিজ্ঞানৰ ভূমিকা,বিজ্ঞান আৰু আধুনিক সমাজ ৰচনা.

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান
Assamese Essay, বিজ্ঞানৰ অৱদান ৰচনা class 9,বিজ্ঞানৰ অৱদান ৰচনা class 10,দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান,ৰচনা বিজ্ঞানৰ অৱদান clas

আৰম্ভণি : বর্তমান যুগটোক বহুতে বিভিন্ন ধৰণে নামকৰণ কৰিছে। কোনােৱে বিজ্ঞানৰ যুগ, কোনােৱে যান্ত্রিক যুগ আকৌ কোনােৱে প্লাষ্টিক যুগ আদি বুলিব বিচাৰিছে। প্ৰকৃততে যি নামকৰণেই নকৰক কিয় ইয়াৰ মূলতে হ’ল বিজ্ঞান। বিজ্ঞানে বর্তমান মানৱ জীৱন তথা সভ্যতাৰ সকলাে স্তৰতে এনেধৰণেৰে প্ৰভাৱ বিস্তাৰ কৰিছে যে বিশ্বৰ কোনাে মানুহেই, কোনাে দেশেই, কোনাে জাতিয়েই ইয়াক এটা মুহূর্তও এৰাই চলিব নােৱাৰে। গতিকে মানৱ সমাজ তথা মানব সভ্যতালৈ বিজ্ঞানৰ অৱদান অপৰিসীম আৰু অতি আশ্চর্যজনক।

বিজ্ঞানৰ অৱদানসমূহ : 

মানুহৰ এটি সহজাত প্রবৃত্তি হ’ল মানুহ বর্তমান যি অৱস্থাত আছে তাতকৈ উন্নত অৱস্থাৰ চিন্তা কৰে; যি জানিছে তাতকৈ অধিক জানিব বিচাৰে; যি পাইছে তাতে সন্তুষ্ট নাথাকি আৰু অধিক পাৰলৈ বিচাৰে। এই প্রবৃত্তি আৰু অনুসন্ধিৎসু মনেই মানুহক লৈ গৈছে বিজ্ঞানৰ ফালে, নতুন আৱিষ্কাৰৰ ফালে। আগতে । মানুহে 'ভাবিছিল পৃথিৱীৰ চাৰিওফালে সূর্যটো ঘূৰে; কিন্তু গেলিলিৱে যেতিয়া পৃথিবী সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি তথ্য আৱিষ্কাৰ কৰিলে তেওঁক ধর্মদ্রোহী বুলি কাৰাগাৰত বন্দী কৰি থ'লে। জর্জ ষ্টিফেনচনে ৰেলগাড়ী চলাই দেখুওৱাতাে সেয়া ভূত-প্রেতৰ কাৰ্য বুলি মানহে বিদ্রুপ কৰিছিল। কিন্তু তাৰ পিছত মানুহে তাক সত্য বুলি মানিবলৈ বাধ্য হ’ল। বিজ্ঞানে এনেদৰে প্রাচীন ভাব-ধাৰা, ৰীতি-নীতি, আৱ-হাৱা, কার্যপদ্ধতিৰ আমূল পৰিৱৰ্তন আনিবলৈ ধৰে। বিজ্ঞানৰ জৰিয়তে সকলাে দিশতে নতুন নতুন আৱিষ্কাৰ হ’ল। বিজ্ঞানৰ আৱিষ্কাৰসমূহে মানৱ জীৱনলৈ আশ্চর্যজনকভাৱে কঢ়িয়াই আনিলে সুখ আৰু স্বাচ্ছন্দ্য। আগতে মানুহৰ ব্যৱহার্য অস্ত্র আছিল শিল, বাঁহ, কাঠ আদি। বিজ্ঞানৰ জৰিয়তে পাছত লাে আৰু নানা ধাতুৰ আধুনিক অস্ত্র-শস্ত্র তৈয়াৰ কৰি লবলৈ শিকিলে। গছৰ বাৰােং, গুহা, হাবি-জংগলত থকা মানুহে প্রথমে কাঠ-বাঁহ বননিৰে সজা ঘৰত, তাৰ পাছত আধুনিক ধৰণেৰে সজা কাঠ-বাঁহ-খেৰ, টিনপাত, তাৰাে পিছত বর্তমান পকা ঘৰ সাজি থাকিবলৈ ল'লে। এই সকলাে ক্রমােন্নতি বিজ্ঞানৰেই সুফল। অতি প্রাচীন কালততাে মানুহে কাপােৰেই পিন্ধিব নাজানিছিল । পিছত লাজ আৰু জাৰ, বত আদিৰ পৰা ৰক্ষা পাবলৈ কঁপাহ আদি আঁহ জাতীয় বস্তুৰ পৰা হাতেৰে সূতা কাটি হাতেৰেই কাপোেৰ বৈ লৈছিল। আজি বিজ্ঞানে নানান যন্ত্র আৱিষ্কাৰ কৰি অত্যাধুনিক পােছাক-পাতি তৈয়াৰ কৰাৰ সুবিধা কৰি দিছে। হাতেৰে সূতা কাটি হাতেৰে বৈ কষ্ট কৰাৰ আৰু প্রয়ােজন নােহােৱা হ'ল। খাদ্যাদিৰ বাচন-বৰ্তন, অন্যান্য প্রয়ােজনীয় আহিলা-পাতি, বাচন-বৰ্তনসমূহাে বিজ্ঞানে আৱিষ্কাৰ কৰা যন্ত্রপাতিৰে তৈয়াৰ কৰিব পৰা হ'ল। খাদ্যাদি প্রস্তুতকৰণতাে বিজ্ঞানৰ প্রভাৱ পৰিল। বিজ্ঞান পদ্ধতিৰে তৃপ্তিদায়ক খাদ্যাদি তৈয়াৰ কৰা উপৰিও বহুদিনলৈ সংৰক্ষণণা কৰিব পৰা হ'ল। বিজুলী পৃথিৱীৰ এক চমকপ্রদ আৰু অতি প্রয়ােজনীয় আৱিষ্কাৰ। সাধাৰণ পােহবকে ভিতৰ কৰি সকলাে প্ৰকাৰ যান-বাহন, কল-কাৰখানা আজি বিজুলী শক্তিৰ দ্বাৰা পৰিচালিত হৈছে। গােটেই বিশ্ব ব্রহ্মাণ্ডই যেন বিজুলী শক্তিৰ দ্বাৰা চালিত হ'ব লাগিছে। দৈনন্দিন জীৱনত এনে এটা মুহূর্ত নাই যি বিজ্ঞানৰ দ্বাৰা চালিত হােৱা নাই। খেতিৰ সা-সঁজুলি, ৰাসায়নিক সাৰ, খেতিৰ আধুনিক পদ্ধতি আদি বিজ্ঞানৰেই অৱদান। বৈজ্ঞানিক পদ্ধতিৰে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত এডৰা মাটিতে অধিক উৎপাদন লাভ সম্ভৱ হৈ পৰিছে। যিয়ে এনে পদ্ধতি অৱলম্বন কৰিছে তাৰ আর্থিক অৱস্থাও স্বচ্ছল হৈছে। বিজ্ঞানৰ বলত মানুহ অধিক বিলাসী হৈ পৰিছে। সেয়ে প্রাকৃতিক প্রসাধন সামগ্ৰীৰ বাহিৰেও আজি বিজ্ঞানে নানা কৃত্রিম প্রসাধন সামগ্রী তৈয়াৰ কৰিছে।  শিক্ষাৰ বিভিন্ন সামগ্রী কাগজ, কমল, অন্যান্য যন্ত্রপাতি, আচ-বাব, কাৰিকৰী আৰু চিকিৎসাৰ সামান্যতমৰ পৰা আধুনিকতম যন্ত্রপাতি,সাজ-সৰঞ্জাম আদি, ৰােগ নির্ণয় পদ্ধতি, ঔষধ-পাতি আদি একমাত্র বিজ্ঞানৰেই মহৎ অৱদান।  মিনিটে মিনিটে দেশ-বিদেশৰ খা-খবৰ পােৱা ফোন, ডাক ব্যৱস্থা, ফেক্স আদি বিজ্ঞানৰ অভূতপূর্ব আৱিষ্কাৰ। মুহুৰ্তৰ খবৰ মূহুর্ততে বাতৰি প্ৰচাৰ কৰিব পৰা, ছপা যন্ত্র, কম্পিউটাৰ আদি অত্যাধুনিক যন্ত্রপাতি, দূৰদৰ্শন, ৰেডিঅ’, ‘ভিডিঅ’, ভি.চি.আৰ, টেপ আদিও মানুহলৈ বিজ্ঞানৰে উপহাৰ।  বিজ্ঞানে আজি বিশ্ব ব্রহ্মাণ্ডকে সৰু কৰি পেলাইছে। আধুনিক যাতায়াত ব্যৱস্থাই দূৰদূৰণি ঠাইতাে তন্মুহুর্ততে উপস্থিত হােৱাৰ সুবিধা কৰি দিছে। আনকি উৰি গৈ গ্রহনক্ষত্ৰৰ বুকুতে নামিব পৰা কৰি তুলিছে। বিজ্ঞানৰ বলত গ্রহ-নক্ষত্রৰ গতি-বিধি, গঠন, আকৃতি আদি বিষয়ে জানি আৰু নিৰীক্ষণ কৰি বিজ্ঞানীসকলে নতুন নতুন তথ্য আৱিষ্কাৰ কৰি মানৱ সভ্যতালৈ বিশেষ বৰঙণি আগবঢ়াইছে। ৰাজনীতি, সমাজনীতি, অর্থনীতি আদি সকলােতে বিজ্ঞানৰ অৱদান আছে। সমাজত অতীতৰে পৰা চলি থকা কিছুমান অন্ধ বিশ্বাসাে বিজ্ঞানৰ প্ৰভাৱতেই আজি আঁতৰ হৈছে। সমাজৰ সকলাে পর্যায়ৰ লােকৰ মনত এক আধুনিক আৰু উন্নত চিন্তাধাৰাৰ মানসিকতা গঢ় লৈ উঠাত একমাত্র বিজ্ঞানেই সহায় কৰিছে।

বিজ্ঞানৰ অপকাৰঃ  

বিজ্ঞানে মানৱ সমাজলৈ সুখ আৰু স্বাচ্ছন্দ্য কঢ়িয়াই আনিছে যদিও অপ্রয়ােগৰ ফলত মানৱ সমাজৰ অপকাৰৰা হৈছে উল্লেখযােগ্যভাৱে। বিজ্ঞানৰ দ্বাৰা আৱিষ্কৃত বিস্ফোৰক সামগ্ৰী আৰু মৰণাস্ত্রসমূহৰ কাৰণে মানুহ হৈ পৰিছে দানৱীয় প্ৰকৃতিৰ। ইয়াৰ ফলতেই যুদ্ধ-বিগ্রহৰ সূচনা সততে হৈ আছে আৰু হাজাৰ হাজাৰ নিৰীহ লােকৰ মৃত্যুও হ’ব লাগিছে। এই সমূহ অৱিষ্কাৰ মানুহৰ মহৎ কামত নিয়ােজিত কৰিব পাৰিলে এনে অপকাৰৰ পৰা মানৱসমাজ ৰক্ষা পৰিব।

সামৰণি : 

বর্তমান বিজ্ঞানমুখী চিন্তাধাৰাৰ প্ৰয়ােজন হৈ পৰিছে। বিজ্ঞান নাজানিলে আজিৰ যুগত চলিবই নােৱাৰি। বিজ্ঞানক জীৱনমুখী আৰু জীৱনক বিজ্ঞানমুখী কৰি তুলিব পাৰিলেহে বিজ্ঞানৰ অৱদানসমূহ উপলব্ধি কৰিব পৰা যায়। 
 
TAG: Assamese Essay, বিজ্ঞানৰ অৱদান ৰচনা class 9,বিজ্ঞানৰ অৱদান ৰচনা class 10,দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান,ৰচনা বিজ্ঞানৰ অৱদান clas

Post a Comment

0 Comments