Ads Area

Class 11 Assamese Book Unit I Chapter 8 Short Answer | HS 1st Year Assamese Book Chapter 8 এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Short Question Answer


এভাৰেষ্টৰ সপোন আৰু বিভীষিকা

অধ্যায় ৮

 

 

Class 11 Assamese Book Unit I Chapter 8 Short Answer | HS 1st Year Assamese Book Chapter 8 এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Short Question Answer | চমু প্ৰশ্ন উত্তৰ |


চমু প্ৰশ্নউত্তৰঃ

 ১। ‘এভাৰেষ্ট’ৰ সপোন আৰু বিভীষিকা পাঠৰ বিষয় বস্তু কি?

উত্তৰঃ ‘এভাৰেষ্ট’ৰ সপোন আৰু বিভীষিকা পাঠটিৰ বিষয়বস্তু হ’ল ‘পৰ্বতাৰোহনকাৰী দলৰ এভাৰেষ্ট শৃঙ্গ আৰোহণ অভিযান’।


২। এভাৰেষ্টৰ সপোন আৰু বিভীষিকা পাঠটিৰ পাঠ্যপুথিত নিৰ্বাচন কৰাৰ উদ্দেশ্য কি?

উত্তৰঃ পাঠটিৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলক পৰ্বতাৰোহণৰ দৰে দুঃসাহসিক অভিযান সম্পর্কে অৱগত কৰা। এই ধৰণৰ দুঃসাহসিক অভিযান তথা অসাধ্য সাধন কৰিবলৈ হলে যে মনৰ একাগ্ৰতা, দৃঢ় মনোবলৰ লগতে যে সপোন দেখাৰো প্ৰয়োজন। সফলতাৰ পথ যে বৰ উজু নহয় এই কথা ছাত্র-ছত্ৰীসকলক জনোৱাটোও পাঠটিৰ উদ্দেশ্য আছিল।

৩। ‘এভাৰেষ্টৰ সপোন আৰু বিভীষিকা’ পাঠটিৰ লিখক কোন?

উত্তৰঃ প্ৰণয় বৰদলৈ।


৪। প্ৰণয় বৰদলৈৰ পেছা আৰু নিচা কি?

উত্তৰঃ পণয় বৰদলৈৰ পেছা হ’ল সাংবাদিকতা আৰু নিচা হ’ল দুঃসাহসিক অভিযান ।


৫। ‘ক্ৰেভাছ’ কি?

উত্তৰঃ ক্ৰেভাছ হ’ল বৰফৰ ফাঁট, যিটোৰ গভীৰতা পাছ ফুটৰ পৰা সহস্ৰাধিক ফুট হ’ব পাৰে।


৬। প্ৰণয় বৰদলৈ ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম লিখা।

উত্তৰঃ প্ৰণয় বৰদলৈ ৰচনা কৰা গ্ৰন্থকেইখন হৈছে- চাইক্লিং, পেৰামট'ৰিং, পেৰা গ্ৰাইডিং, পেৰা জাম্পিং আদি।


৭। ‘অসম এভাৰেষ্ট অভিযান নামৰ দলটোৰ শ্বেপাচৰ্দাৰ জনৰ নাম কি আছিল?

উত্তৰঃ লাপা ৰনডুক শ্বেৰ্পা।


৮। হিমানী সম্প্রপাত কি?

উত্তৰঃ পৰ্বতৰ গাৰে শিলাস্তম্ভৰ সৈতে বৈ অহা বৰফৰাশিকে হিমানী সম্প্রপাত বোলে।


৯। প্ৰণয় বৰদলৈক সাহস যোগোৱা পৰ্বতাৰোহীজনৰ নাম কি আছিল?

উত্তৰঃ নেছিম আখতাৰ।


১০। ‘অসম এভাৰেষ্ট অভিযান’ত সহযোগ কৰা সংগঠন কেইটামানৰ নাম লিখা ?

উত্তৰঃ এক্সপ্ল’ৰাৰ্ছ, শিখৰ, কাৰ্বি আংলং পর্বতাৰোহণ সংস্থা আদি।


১১। ১৯১৬ চনত এভাৰেষ্ট জয় কৰা অসমীয়া চাৰি গৰাকীৰ নাম লিখা ?

উত্তৰঃ নৱ ফুকন, হেনৰি ডেভিদ টেৰণ, খৰছিং তেৰাং আৰু নন্দ দুলাল দাস।


১২। প্ৰণয় বৰদলৈয়ে হিমালয়ৰ কি কি শিখৰত বিজয়ধ্বজা উৰুৱাইছিল?

উত্তৰঃ যোগীন – ১, যোগীন- ৩, কাং, চচ’ কাং-নেলডা আদি।


১৩। প্ৰণয় বৰদলৈয়ে কৰি ভাল পোৱা দুঃসাহসিক কাৰ্য কেইবিধমানৰ নাম লিখা ?

উত্তৰঃ পৰ্বত আৰোহণ, চাইক্লিং, পেৰামটাৰিং, পেৰা জাম্পিং, ৰাফ্‌টিং আদি।


১৪।  মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?

উত্তৰঃ ২৯,০৩৫ ফুট উচ্চতাত।


১৫। পৰ্বত আৰোহণ অভিযানক কি বুলি কোৱা হয়?

উত্তৰঃ পৰ্বত আৰোহণ অভিযানক টিম গেম বুলি কোৱা হয়।


১৬। প্ৰণয় বৰদলৈয়ে অংশ লোৱা এভাৰেষ্ট অভিযানটোত কেইজন শ্বেপাই ভাগ লৈছিল?

উত্তৰঃ ৮ জন।


১৭। পৰ্বত অভিযানত শাৰীৰিক শক্তিৰ উপৰিও কি শক্তিৰ প্ৰয়োজন হয়?

উত্তৰঃ মানসিক শক্তিৰ প্ৰয়োজন হয়।


১৮। প্ৰণয় বৰদলৈয়ে ৰচনা কৰা  গ্ৰন্থ এখনৰ নাম লিখা।

উত্তৰঃ প্ৰণয় বৰদলৈয়ে ৰচনা কৰা গ্ৰন্থ এখনৰ নাম হৈছে- 'হিমালয়ৰ শিখৰে মাতিছে'।


১৯। ২০১৬ চনত এভাৰেষ্ট জয় কৰা চাৰিগৰাকী অসমীয়া নাম লিখা।

উত্তৰঃ ২০১৬ চনত এভাৰেষ্ট জয় কৰা চাৰিগৰাকী অসমীয়া নাম হৈছে- নৱ ফুকন, হেনৰি ডেভিদ টৰণ, খৰছিং তেৰাং আৰু নন্দ দুলাল দাস।


২০। শুভ্ৰ শব্দৰ অৰ্থ কি?

উত্তৰঃ শুভ্ৰ শব্দৰ অৰ্থ হৈছে- বগা।


২১। প্ৰতিৰোধ শব্দৰ অৰ্থ কি?

উত্তৰঃ প্ৰতিৰোধ শব্দৰ অৰ্থ হৈছে- বাধা, বিঘিনি।


২২। তুষাৰ শব্দৰ অৰ্থ কি?

উত্তৰঃ তুষাৰ শব্দৰ অৰ্থ হৈছে- বৰফ, হিম।


২৩। অনুশীলন শব্দৰ অৰ্থ কি?

উত্তৰঃ অনুশীলন শব্দৰ অৰ্থ হৈছে- অভ্যাস, চৰ্চা।


২৪। হিমানী সম্প্ৰপাত শব্দৰ অৰ্থ কি?

উত্তৰঃ হিমানী সম্প্ৰপাত শব্দৰ অৰ্থ হৈছে- পৰ্বতৰ গাৰে শিলাস্তম্ভৰ সৈতে বৈ অহা বৰফাৰাশি।


২৫। লেখক প্ৰণয় বৰদলৈৰ চমু পৰিচয় লিখা।

উত্তৰঃ প্ৰণয় বৰদলৈৰ জন্ম হয় ১৯৬৪ চনত, গুৱাহাটীত। পিতৃৰ নাম হৰেন বৰদলৈ, মাতৃৰ নাম বীণা বৰদলৈ । শিক্ষাগ্ৰহণ কৰে কটন কলেজিয়েট স্কুলত। উচ্চতৰ মাধ্যমিক আৰু স্নাতক শিক্ষা আর্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা সমাপ্ত কৰে। মহাবিদ্যালয়ত পঢ়াৰ দিনৰে পৰা লিখা মেলাত মনোনিবেশ কৰে। ‘জ্ঞানদ্বীপ’ আলোচনীৰ উপ-সম্পাদকৰ পদত থকাৰ উপৰি ‘আজিৰ অসম’, ‘আজিৰ বাতৰি’, ‘জনসাধাৰণ’ ইত্যাদি কাকতৰ উপ-সম্পাদক তথা কাৰ্যবাহী সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে। দুঃসাহসিক ক্রিয়াকলাপৰ লগত জড়িত বৰদলৈয়ে বন্যপ্রাণী সংৰক্ষণৰ দিশতো আগভাগ লয়। প্রকাশিত গ্রন্থঃ ‘হিমালয়ৰ শিখৰে মাতিছে’, ‘উত্তুঙ্গ যোগীন’ আদি। বর্তমান কেবাখনো গ্রন্থ প্ৰকাশৰ পথত। তেওঁ বৰ্তমান ‘DY 365’ নামৰ নিউজ চেনেলৰ পৰিচালন সম্পাদক ৰূপে কৰ্মৰত। পেছাত সাংবাদিক হ’লেও তেওঁৰ নিচা হ’ল দুঃসাহসিক অভিযান। চাইক্লিং, পেৰামট’ৰিং, পেৰা গ্লাইডিং, পেৰা জাম্পিং আদি দুঃসাহসিক ক্রীড়াত তেওঁ সিদ্ধহস্ত। তেওঁ বৰ্তমান দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ কাৰ্যবাহী সভাপতিৰ দায়িত্বত আছে।

 

Post a Comment

0 Comments