Ads Area

ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা Class 7,8,9,10,11,12 | Duties of Student Assamese Essay

 ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা Class 7,8,9,10,11,12 | Duties of Student Assamese Essay

ছাত্ৰৰ কৰ্তব্য ৰচনা class 9,ছাত্ৰৰ কৰ্তব্য ৰচনা class 7,ছাত্ৰৰ কৰ্তব্য ৰচনা class 8,ছাত্ৰৰ কৰ্তব্য ৰ বিষয়ে ৰচনা class 10,ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা,সমাজ সংগঠনত ছাত্ৰৰ ভূমিকা ৰচনা,কর্তব্য বাক্য ৰচনা,ছাত্র কর্তব্য ৰচনা.


ছাত্ৰৰ কর্তব্য


আৰম্ভণি : শিক্ষা আহৰণত যিসকল লোক ব্ৰতী সেইসকলকে ছাত্র বােলা হয়। শিক্ষা। আহৰণৰ ক্ষেত্ৰত বয়সৰ কোনাে নির্ধাৰিত সীমা নাই যদিও ছাত্র-ছাত্রী বুলিলে প্রাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পর্যন্ত যিসকল সৰু ল'ৰা-ছােৱালী আৰু ডেকাগাভৰুৱে শিক্ষা আহৰণত ব্যস্ত থাকে সেইসকলকে সাধাৰণতে ছাত্র-ছাত্রী বুলি ধৰা হয়। এইসকল ছাত্র-ছাত্রীৰ কর্তব্য সম্পর্কেই ইয়াত আলােচনা কৰা হ'ব।

ছাত্র-ছাত্রীৰ কৰ্তব্য আৰু সমাজ সেৱা : শিক্ষা আহৰণ তথা অধ্যয়নত ব্যস্ত লৰা ছােৱালীকে যিহেতু ছাত্র-ছাত্রী বােলা হয় গতিকে বুজা যায় ছাত্র-ছাত্রীৰ প্ৰথম আৰু প্রধান কর্তব্যই হৈছে অধ্যয়ন। সংস্কৃতত কোৱা হয় ‘ছাত্রানাম অধ্যয়নং তপঃ ছাত্ৰৰ অধ্যয়নেই তপস্যা। অধ্যয়নৰ জৰিয়তেই ছাত্র-ছাত্রীসকলে ভৱিষ্যৎ জীৱন গঢ়ি তুলিব পাৰে। এই সময়ছােৱাত অধ্যয়নৰ প্রতি তথা শিক্ষা আহৰণৰ প্ৰতি যিসকলে আওহেলা কৰে, অকণমান সময়ে অবাবত নষ্ট কৰে সেইসকলৰ ভৱিষ্যৎ জীৱন অন্ধকাৰ। ভৱিষ্যতে তেওঁলােকে কোনাে কামৰে উপযােগী হৈ নপৰে। সংসাৰত মানুহ হিচাপে চলিবলৈ বিভিন্ন সামগ্রীৰ লগতে অনেক গুণৰাে প্রয়ােজন হয়। এই গুণ আৰু প্ৰতিভাসমূহ লাভ হয় ছাত্র-জীৱনত অধ্যয়নৰ জৰিয়তে। অধ্যয়নেই ছাত্ৰৰ মহা ব্ৰত আৰু এই ব্রত ফলৱতী হয় সাধনাৰ জৰিয়তহে। অধ্যয়নত একান্ত আন্তৰিকতাপূর্ণ। মনােযােগ, অধ্যৱসায়, ঐকান্তিক অনুশীলন আৰু অনুসন্ধিৎসাৰ যােগেদিহে সাধনা আহে। সমাজৰ কাৰণে নিজকে এজন অতি প্রয়ােজনীয় আৰু অপৰিহাৰ্য ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে ছাত্ৰসকলে একমাত্র অধ্যয়নৰ জৰিয়তে। পিতৃ-মাতৃ, আত্মীয়-স্বজনৰ প্ৰতি কর্তব্য, ঘৰ, গাঁও, সমাজ তথা দেশৰ প্রতি কর্তব্য, ৰাজনীতি, সমাজনীতি, অর্থনীতি, বিজ্ঞান, আনকি আধ্যাত্মিক চিন্তাধাৰা আদিসমূহ বিষয়ৰ শিক্ষা লাভ হয় ছাত্র জীৱনতে। এই সকলাে আদর্শ শিক্ষাও ছাত্র-ছাত্রীৰ পাঠ্যক্ৰমৰ অন্তর্ভুক্ত কৰা হৈছে। গতিকে নিজকে এজন পূর্ণ মানুহ হিচাপে গঢ়ি তুলিবলৈ ছাত্র জীৱনত একান্ত মনােযােগেৰে অধ্যয়ন আৰু সাধনাৰ জৰিয়তে আহৰণ কৰিব লাগে। 
ছাত্র জীৱনটো হ’ল নিজৰ বাবে, সমাজ তথা দেশৰ বাবে উপযুক্ত কৰি গঢ়াৰ অমূল্য সময়। এই সময় এবাৰ হেৰাই গ'লে পুনৰ ঘূৰাই পােৱাটো কেতিয়াও সম্ভৱ নহয়। অধ্যয়নেই ছাত্ৰসকলৰ মুখ্য কাম আৰু ব্ৰত যদিও ইয়াক মুখ্য ব্রত হিচাপে গ্ৰহণ কৰি ইয়াৰ মাজেৰেও ছাত্র-ছাত্রীসকলে সমাজৰ প্ৰতি কৰিবলগীয়া কাম আছে। যিহেতু ছাত্ৰসকল একোখন সমাজৰ উল্লেখযােগ্য অংগ গতিকে সমাজৰ প্ৰতি থকা তেওঁলােকৰ দায়িত্বও উল্লেখযােগ্য। ছাত্ৰসকলৰ এই দায়িত্ব সমাজৰ প্রতি এক প্ৰকাৰ সেৱা। সমাজ বাদ দি। মানুহে সুস্থ, উন্নত আৰু সুখী-সমুজ্জ্বল জীৱন-যাপন কৰাটো কল্পনাই কৰিব নােৱাৰে। ছাত্র-ছাত্রীসকলে নিজ পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্রী, গুৰুজন, সন্মানীয় ব্যক্তিসকলৰ প্রতি বাধ্য আৰু শ্ৰদ্ধাভক্তিশীল হােৱা উচিত।  ইয়াে তেওঁলােকৰ সামাজিক কর্তব্য। ছাত্রসমাজৰ ৩ব্যসমূহেই সামাজিক সংগঠনৰ একোটা উল্লেখযােগ্য দিশ। কিয়নাে ছাত্ৰসকলে ছাত্রজীৱনতে আহৰণ কৰিব, যি ভূমিকা ল'ব সেয়াই ভৱিষ্যৎ, সমাজখনৰ ভাল বেয়া নির্ণয় কৰিব। সকলৈ অধ্যয়নত ৰত্ন থাকিও আজৰি সময়ত, বন্ধৰ দিনত সমাজৰ অন্যান্য ব্যক্তিৰ সহযােগত সমাজ উন্নয়নৰ বিভিন্ন সেৱা আগবঢ়াব পাৰে। গাঁও বা অঞ্চলত অনুষ্ঠিত সংঘ, পুথিভঁৰাল, উৎসৱ, উদ্যাপন আদিত সাধাৰণতে মুখ্য ভূমিকা লয় ছাত্র-ছাত্রীসকলেই।সমাজৰ, গাঁৱৰ বিভিন্ন সেৱা, সংগঠন আৰু উন্নয়নৰ বাবেই এনেবােৰ অনুষ্ঠান নিয়ােজিত হয়।  গাঁও বা অঞ্চলৰ নিৰক্ষৰতা দূৰীকৰণ, ঐক্য সংহতি স্থাপন কৰি ভাতৃত্ব আৰু সহযােগী মনােভাব গঢ়ি তােলা, ৰাস্তা-ঘাট আদিৰ উন্নয়ন, মেৰামতিকৰণ সামাজিক অন্ধবিশ্বাস দূৰ কৰি বর্তমান বৈজ্ঞানিক দৃষ্টিভংগীৰে সকলাে কথা চালি-জাৰি চোৱা, আর্থিক স্বাৱলম্বিতাৰ বাবে চৰকাৰী আঁচনিসমূহৰ সুযােগ গ্রহণ কৰিবলৈ দুখীয়া তথানিচলা লােকসকলক উদগনি দিয়া, বিভিন্ন প্রাকৃতিক দুর্যোগ, মহামাৰী আদিত আঞ্চলিক ৰাইজক সহায়-সহযােগ আগবঢ়োরা, দুখীয়া মেধাবী ছাত্র-ছাত্রীৰ অধ্যয়নৰ পথত আহি পৰা বাধা আঁতৰ কৰিবলৈ দান-বৰঙণি তুলি সহায় আগবঢ়োৱা, অঞ্চলত গঢ়ি উঠা বিভিন্ন শিক্ষা, সংস্কৃতিমূলক অনুষ্ঠানৰ সততে জড়িত হােৱা আদি সকলাে কামতে কম বেছি পৰিমাণে ছাত্ৰসকলৰ ভূমিকা উল্লেখযােগ্যভাৱে থাকিব লাগে আৰু বর্তমান সময়ত আছেও। আনকি বর্তমান ছাত্রসমাজ ৰাজনীতিতে পােনপটীয়াভাৱে জড়িত হৈ পৰা দেখা যায় যদিও ছাত্রসমাজৰ বাবে ই একেবাৰে শুভ নহয়। ছাত্র-ছাত্রীসকলক ৰাজনীতি বিজ্ঞানৰ শিক্ষা দিয়া হয় যদিও পােনপটীয়াভাৱে ৰাজনীতিত নামি পৰিলে অধ্যয়ন আৰু প্রকৃত কর্তব্যত বাধা আহি পৰে। ছাত্ৰ-ছাত্ৰীসকল ৰাজনৈতিক নেতাসকলৰ কেতিয়াও - দালাল হ'ব নালাগে। বর্তমান শিক্ষাত যিদৰে বিজ্ঞানক আগস্থান দিয়া হৈছে সেইদৰে বিভিন্ন পাঠ্যক্রমাে বিজ্ঞানসন্মতভাৱে সজোৱা হৈছে। গতিকে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ কেনেকুৱা, বর্তমান সময়ত বিজ্ঞান শিক্ষাৰ প্ৰয়ােজনীয়তা কিমান,- এই কথা কেরল ছাত্রছাত্রীসকল আৰু শিক্ষিত সমাজেহে বাৰুকৈয়ে উপলব্ধি কৰিব পাৰে। গতিকে এ অবস্থাত সাধাৰণ মানুহৰ মাজতাে বিজ্ঞানৰ প্ৰভাৱ আৰু প্রয়ােজনীয়তা সম্পর্কে বুজাই দিয়াৰ দায়িত্বও ছাত্র সমাজৰেই।

সামৰণিঃ মুঠতে সমাজৰ এটা উল্লেখযােগ্য অংগ হিচাপে ছাত্রসমাজৰ অধ্যয়নৰ উপৰিও সামাজিক দায়বদ্ধতাও.অধিক। সমাজ উন্নয়নৰ এনে এটা কাম নাই য'ত ছাত্ৰসকল জড়িত নহয়। 
 
 
 
TAG: ছাত্ৰৰ কৰ্তব্য ৰচনা class 9,ছাত্ৰৰ কৰ্তব্য ৰচনা class 7,ছাত্ৰৰ কৰ্তব্য ৰচনা class 8,ছাত্ৰৰ কৰ্তব্য ৰ বিষয়ে ৰচনা class 10,ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা,সমাজ সংগঠনত ছাত্ৰৰ ভূমিকা ৰচনা,কর্তব্য বাক্য ৰচনা,ছাত্র কর্তব্য ৰচনা.



Post a Comment

0 Comments