Ads Area

Assamese Grammar | অসমীয়া ব্যাকৰণ | ভাষা- ধ্বনি আৰু বৰ্ণ - ধ্বনি-পৰিৱৰ্তন

assamese grammar pdf,assamese grammar class 9,assamese grammar class 10,assamese grammar class 12,অসমীয়া ব্যাকৰণ class 10,অসমীয়া ব্যাকৰণ বিভক্তি,অসমীয়া ভাষাৰ ব্যাকৰণ class 12,অসমীয়া ব্যাকৰণ বাক্য,ধাতু কাক বোলে উদাহৰণ দিয়া,ধাতু কাক বোলে class 6,অসমীয়া ব্যাকৰণ pdf,ভাষা কাক বোলে class 3,ভাষা বিজ্ঞান কাক বোলে,অসমীয়া ভাষা কাক বোলে,মান্য ভাষা কাক বোলে,কথিত ভাষা কাক বোলে,উমৈহতীয়া ভাষা কাক বোলে,লিখিত ভাষা কাক বোলে,পৰিভাষা কাক বোলে,অসমীয়া ভাষাৰ বিশিষ্ট ধ্বনি কেইটা,অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিৰ তালিকা,অসমীয়া ভাষাত উচ্চাৰিত বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা কিমান,অক্ষৰ আৰু ইয়াৰ প্ৰকাৰ,অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব,বিশিষ্ট ধ্বনি কাক বোলে,অসমীয়া ভাষাৰ উষ্ম ধ্বনি কেইটা,ধ্বনি পৰিৱৰ্তনৰ নিয়ম,

 Assamese Grammar | অসমীয়া ব্যাকৰণ | ভাষা- ধ্বনি আৰু বৰ্ণ - ধ্বনি-পৰিৱৰ্তন -

ভাষা কাক বোলে উদাহৰণ দিয়া!

কোনো বিশিষ্ট জনসমষ্টিৰ মাজত পাৰস্পৰিক মনৰ ভাব আদান-প্ৰদানৰ অৰ্থে ব্যৱহাৰ হোৱা স্পষ্ট অর্থযুক্ত ধ্বনিসমষ্টিকে ভাষা বোলা হয়।

SEBA/HSLC/HS - Class 10 -Class 12  - অসমীয়া ব্যাকৰণ-Assamese Grammar

ভাষাৰ কথিত আৰু লিখিত ৰূপ বেলেগ বেলেগ। পৃথিৱীৰ প্ৰত্যেক ভাষাতে কথিত আৰু লিখিত দুটা ৰূপ পোৱা যায়। ভাষাৰ আন এটা মন কৰিবলগীয়া কথা হ’ল— বৃহৎ অঞ্চল এটাত বিয়পি পৰা ভাষা এটাই অঞ্চলটোৰ খণ্ড বা অংশ বিশেষে সুকীয়া ৰূপ লোৱা দেখা যায়। ইয়াৰ ফলত মূলতঃ একোটা ভাষা হ'লেও খণ্ডই খণ্ডই লোৱা সুকীয়া ৰূপৰ বাবে খণ্ডই খণ্ডই ভাষাটোৰ ধ্বনি, ৰূপ, শব্দ, বাক্য গঠন, প্রকাশভংগী আদিত পাৰ্থক্যই দেখা দিয়ে। এনেদৰে মূল ভাষাটোৰপৰা সামান্য ফালৰি কাটি গঢ় লোৱা খণ্ড বা অংশ একোটাৰ ভাষাকে মূল ভাষাটোৰ উপভাষা (Dialect) বোলে। উদাহৰণস্বৰূপে অসমীয়া ভাষাৰ কামৰূপ অঞ্চলত প্ৰচলিত কামৰূপী উপভাষাৰ কথা ক’ব পাৰি। একেদৰে বৃহৎ অঞ্চলটোৰ খণ্ডই খণ্ডই গঢ় লৈ উঠা উপভাষাসমূহৰ মাজৰ যিটো ভাষাক অঞ্চলটোৰ সমূহীয়া কাম-কাজ চলাবলৈ নিৰ্বাচন কৰি লোৱা হয়, সেই ভাষাটোকে মান্যভাষা (Standard Language) বোলে। উদাহৰণস্বৰূপে মান্য অসমীয়া ভাষাৰ কথা কব পাৰি। অসমৰ উজনি, নামনি আৰু মধ্য অঞ্চলত প্ৰচলিত উপভাষাসমূহৰ মাজৰপৰাই অসমীয়া ভাষাৰ মান্যৰূপটো গ্ৰহণ কৰি উমৈহতীয়া কাম-কাজ চলোৱা হৈছে। ভাষাৰ এই মান্যৰূপটোৱে হ’ল উমৈহতীয়া লিখিত ৰূপ। এই ৰূপটোতে পুথি-পাজি লিখা হয় আৰু বিদ্যায়তনিক কাম-কাজ চলোৱা হয়।

অসমীয়া ভাষা

প্রাচীন ভাৰতীয় আৰ্যভাষা বুলিলে বৈদিক আৰু সংস্কৃত উভয়কে বুজায়। ইয়াৰপৰা বিভিন্ন প্রাকৃতৰ জন্ম হৈছিল। প্রধান তিনিটা প্ৰাকৃত হ’ল: মাগধী, মহাৰাষ্ট্ৰী আৰু শৌৰসেনী। পূব-ভাৰতৰ প্রধান প্রাকৃত ভাষাটো আছিল মাগধী। তাৰপৰাই কালক্ৰমত অসমীয়া ভাষাৰ উৎপত্তি হয়। বাংলা আৰু উড়ীয়া ভাষাৰো উৎস একেটাই। অসমীয়া ভাষাত আৰ্যভিন্ন আন ভাষা-গোষ্ঠীৰো প্ৰভাৱ পৰিছে। ইংৰাজী আৰু অন্যান্য ইউৰোপীয় ভাষাৰপৰাও প্ৰচুৰ শব্দ অসমীয়া ভাষাত সোমাইছে।

ধ্বনি আৰু বর্ণ

ভাষাৰ মূল হ’ল ধ্বনি। ধ্বনি-উচ্চাৰণ এটা জৈৱিক প্রক্রিয়া। ভিতৰলৈ সোমাই যোৱা বায়ু আৰু ভিতৰৰপৰা বাহিৰলৈ ওলাই অহা বায়ুৰ মাজত মুখ-গহ্বৰত হোৱা সংঘৰ্ষৰ ফলত সংকেত বা মাতৰ উদ্ভৱ হয়। সেয়েই ধ্বনি। মুখখন হ’ল ঘাই বাকযন্ত্ৰ। ইয়াৰ আন আন অংগবোৰ হ’ল- ওঁঠ, দাত, দাঁতৰ আলু, তালু, জিভা,ঘটিকা (কণ্ঠ) আৰু নাক। এইবোৰৰ সহায়ত বায়ু প্ৰৱাহক ৰোধ অথবা নিয়ন্ত্ৰণ কৰি ধ্বনিৰ সৃষ্টি কৰা হয়। উচ্চাৰণৰ স্থান আৰু ধৰণ অনুযায়ী ধ্বনিৰ ভিন ভিন ৰূপ হয়।

ধ্বনিজ্ঞাপক চিনবোৰকে বৰ্ণ বোলা হয়। বর্ণ দুবিধ: স্বৰবৰ্ণ আৰু ব্যঞ্জনবর্ণ।

স্বৰবৰ্ণ

যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে বায়ুপ্রৱাহ বাধাপ্রাপ্ত নহয়, জিভাৰ সঞ্চালনৰ যোগেদি সোঁত নিয়ন্ত্ৰিত হৈ থাকে তাকে স্বৰধ্বনি বোলে। সেইবাবে স্বৰধ্বনি একেৰাহে দীঘলীয়াকৈ উচ্চাৰণ কৰিব পাৰি। এনে ধ্বনিসূচক চিনবোৰেই স্বৰবৰ্ণ।

সংস্কৃত ভাষাৰ আৰ্হিতে অসমীয়া ভাষাৰ বর্ণমালা অথবা আখৰবোৰ গঢ় দিয়া হৈছে। প্রচলিত স্বৰবৰ্ণ এঘাৰটা। অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ,। অসমীয়া স্বৰধ্বনি বিভাগ সন্মুখ, মধ্য আৰু পশ্চাত বা শেষৰ ফালে উচ্চাৰিত হয়।

সংস্কৃতত উচ্চাৰণৰ মাত্রাভেদে স্বৰবৰ্ণক হ্রস্ব আৰু দীৰ্ঘ দুটা ভাগত ভগোৱা হৈছে। অসমীয়া ভাষাত কওঁতে হ্রস্ব আৰু দীৰ্ঘ শব্দ ব্যৱহাৰ কৰিলেও আচল অৰ্থত এনে মাত্রাভেদ নাই।

সংস্কৃত ব্যাকৰণৰ অনুৰূপত অ, ই, উ, ঋ হ্রস্বস্বৰ আৰু আ, ঈ, ঊ, এ, ঐ, ও, ঔ দীর্ঘস্বৰ। ঐ আৰু ঔ-ক দ্বিস্বৰ বোলা হয়। কিয়নো, অ+ই=ঐ আৰু অ+উ=ওঁ।

ব্যঞ্জনবর্ণ

যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে প্রয়োজন অনুসৰি বাক যন্ত্ৰৰ বিভিন্ন অংগৰ জৰিয়তে বাহিৰলৈ ওলাই অহা বায়ুক সম্পূর্ণ অথবা আংশিকভাৱে ৰোধ কৰা হয়, তাকে ব্যঞ্জনধ্বনি বোলে। তেনে ধ্বনিসূচক চিনবোৰেই ব্যঞ্জনবর্ণ।

ব্যঞ্জনবৰ্ণবোৰ: ক খ গ ঘ ঙ। চ ছ জ ঝ ঞ। ট ঠ ড ঢ ণ। ত থ দ ধ ন। প ফ ব ভ ম। য ৰ ল ৱ। শ ষ স হ। মুঠতে ব্যঞ্জনবর্ণ ৩৩ টা।

ক্ষ—ক আৰু ষ যুক্ত হৈ আছে। সেইদৰে ড় ঢ় য় ৎ– ক্ৰমে ড ঢ য ত-ৰ পৃথক ৰূপহে; বেলেগ বর্ণ নহয়।

ঁ-- (চন্দ্রবিন্দু): ঙ ঞ ণ ন ম-ৰ অনুনাসিক ৰূপ।

ং ঃ – (অনুস্বাৰ, বিসর্গ): এই দুটা বর্ণ স্বৰবৰ্ণ বা ব্যঞ্জনবৰ্ণৰ লগত যোগ নাই আৰু স্বতন্ত্র স্থানো নাই; অথচ ব্যৱহাৰ আছে। সেইবাবে ইহঁতক অযোগবাহবৰ্ণ বোলে।

1. স্পর্শবর্ণ ক-ৰ পৰা ম-লৈ এই পঁচিশটা বৰ্ণ উচ্চাৰণ কৰোতে জিভাই মুখৰ একোটা একোটা অংশ স্পর্শ কৰে। গতিকে ইহঁতৰ নাম স্পর্শবর্ণ। স্পর্শবর্ণৰ পাচটা বৰ্ণ লগ লাগি একোটা বৰ্গ হয়।

ক খ গ ঘ ঙ— ক-বর্গ।

চ ছ জ ঝ ঞ— চ-বৰ্গ।

ট ঠ ড ঢ ণ— ট-বর্গ।

ত থ দ ধ ন— ত-বর্গ।

প ফ ব ভ ম— প-বর্গ।

2. শ ষ স হ– এইকেইটা বৰ্ণ উচ্চাৰণ কৰোতে মুখৰ বায়ু জোৰেৰে ওলাই উষ্ম বা তপত হয়। গতিকে ইহঁতৰ নাম উষ্মবর্ণ।

3. য ৰ ল ব – এইকেইটা বর্ণ স্পর্শবর্ণ আৰু উষ্মবৰ্ণৰ মধ্যবর্তী স্থানত থকা বাবে ইহঁতৰ নাম অন্তঃস্থবৰ্ণ।

4. প্রতি বর্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণ কোমল বাবে ইহঁতৰ নাম অল্পপ্ৰাণ বৰ্ণ। ক গ ঙ, চ জ ঞ, ট ড ণ ত দ ন, প ৰ ম অল্পপ্ৰাণ বর্ণ।

5. প্ৰতি বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণৰ উচ্চাৰণ কঠিন বাবে ইহঁতক মহাপ্ৰাণ বৰ্ণ বোলে। খ ঘ, ছ ঝ, ঠ ঢ, থ ধ, ফ ভ- মহাপ্রাণবর্ণ।

6. প্রতি বর্গৰ প্ৰথম আৰু দ্বিতীয় বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্রী কপি নুঠে। গতিকে ইহঁতৰ নাম অঘোষবৰ্ণ বা শ্বাসবর্ণ। ক খ, চ ছ, ট ঠ, ত থ, প ফ – অঘোষবর্ণ।

7. প্রতি বৰ্গৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বৰ্ণ উচ্চাৰণ কৰোতে স্বৰতন্ত্রী কপি উঠে। গতিকে ইহঁতক ঘোষ বা নাদবর্ণ বোলে। গ ঘ ঙ, জ ঝ ঞ, ড ঢ ণ, দ ধ ন, ব ভ ম- ঘোষবৰ্ণ ।

উচ্চাৰণৰ স্থান অনুযায়ী বর্ণৰ ভাগ

(ক) অ আ ক খ গ ঘ ঙ হ– এইকেইটা বর্ণ কণ্ঠৰপৰা উচ্চাৰিত হয় কাৰণে ইহঁতক কণ্ঠ্যবর্ণ বোলে।

(খ) ই ঈ এ ঐ চ ছ জ ঝ ঞ শ – এই কেইটা বৰ্ণ তালুৰপৰা উচ্চাৰিত হয় বাবে ইহঁতক তালব্যবৰ্ণ বোলে।

(গ) ঋ ট ঠ ড ঢ ণ ৰ ষ - মূর্ধা বা মূৰৰপৰা উচ্চাৰিত হয়। গতিকে ইহঁত মূৰ্দ্ধন্যবর্ণ

(ঘ) ত থ দ ধ ন ল ৱ স— দাঁতৰ পৰা উচ্চাৰিত হয়। গতিকে ইহঁত দন্ত্যবৰ্ণ।

(ঙ) উ উ ও ঔ প ফ ব ভ ম– ওঁঠৰপৰা উচ্চাৰিত হয়। গতিকে ইহঁতক উষ্ঠ্যবর্ণ বোলে।

(চ) ঙ ঞ ণ ন ম— ইহঁত কণ্ঠ্য, তালব্য, মূৰ্দ্ধন্য, দন্ত্য আৰু ঔষ্ঠ্য বৰ্ণৰ অন্তৰ্গত হলেও অৱস্থা বিশেষ নাকৰপৰা উচ্চাৰিত হয়। গতিকে ইহঁতক অনুনাসিক বর্ণও বোলে। ওপৰৰ বৰ্ণবিভাগ সংস্কৃতৰ অনুৰূপ। অসমীয়া ভাষাত বিশুদ্ধ দন্ত্য, মূৰ্দ্ধন্য আৰু তালব্য ধ্বনি নাই। এইবোৰ ধ্বনি প্রকৃততে দন্তমূলীয়া ধ্বনিত পৰিণত হৈছে। সেয়ে প্ৰকৃততে উচ্চাৰণৰ ফালৰপৰা চালে অসমীয়াত স্বৰধ্বনি ৮ টা আৰু ব্যঞ্জনধ্বনি ২৩ টা বুলিহে ভাষাবিদসকলে কৈছে। ইয়াৰপৰা দেখা যায় যে সংস্কৃতৰ দৰে অসমীয়াত ধ্বনিৰ সমানে বর্ণ নাই; অর্থাৎ লিখিত আৰু উচ্চাৰিত ধ্বনিৰ মাজত পাৰ্থক্য আছে।

ধ্বনি-পৰিৱৰ্তন

বাক যন্ত্ৰৰ পৰাই ধ্বনিৰ সৃষ্টি হয়। গতিকে ধ্বনিপৰিৱৰ্তন আৰু বাক যন্ত্ৰৰ মাজত ওতপ্রোত সম্বন্ধ। প্রতি ভাষাৰে স্বকীয় উচ্চাৰণ ৰীতি আছে। একোটা শব্দৰ নিজ নিজ ৰীতি অনুসৰি উচ্চাৰণ কৰোঁতে তাৰ নান পৰিৱৰ্তন ঘটে। বিশেষকৈ উচ্চাৰণবোৰ জটিল কৰাৰ পৰিৱৰ্তে সদায় সহজ আৰু সৰল কৰিবলৈহে মানুহে প্ৰয়াস কৰে। অসমীয়া ভাষা অতি সহজ আৰু সৰল ভাষা। এই ভাষাত প্ৰয়োগ হোৱা মূল সংস্কৃত ভাষাৰ আৰু অন্যান্য ভাষাৰ শব্দবোৰৰো নানাভাৱে পৰিৱৰ্তন ঘটিছে। তলত তাৰ কিছুমান উদাহৰণ দাঙি ধৰা হ’ল।

স্বৰভক্তি বা বিপ্ৰকর্ষ(Anataxis বা Vowel Insertion): 

শব্দৰ উচ্চাৰণ সদায় সহজ আৰু সৰল হোৱাটো অসমীয়া ভাষাৰ বিশেষ বৈশিষ্ট্য। গতিকে শব্দৰ মাজৰ যুক্ত ব্যঞ্জনবৰ্ণবোৰ ভাঙি সহজ কৰি তাৰ মাজলৈ অন্য মৃদু স্বৰ-ধ্বনি অনা হয়। ধ্বনি পৰিৱৰ্তনৰ এই ৰীতিকে স্বৰভক্তি বা বিপ্ৰকর্ষ বোলা হয়। যেনে: মাংস-মঙহ, বংশ-বঙহ, ৰত্ন-ৰতন, যত্ন-যতন, অৰ্চনা-অৰিহণা, পদ্ম-পদুম, গ্লাছ-গিলাছ, বক্স-বাকচ, দ্বাৰ-দুৱাৰ, মূখ-মূৰুখ, সূর্য-সূৰুজ, শ্ৰাদ্ধ-শৰাধ, মুক্তা-মুকুতা, হৰ্ষ-হৰিষ, প্রীতি-পীৰিতি ইত্যাদি।

স্বৰাগম/বর্ণাগম (Prosthesis):

উচ্চাৰণত জটিল কিছুমান শব্দ সহজকৈ উচ্চাৰণৰ সুবিধাৰ কাৰণে শব্দটোৰ আদিতে, মাজত বা শেষত স্বৰবৰ্ণ বা ব্যঞ্জনবর্ণ যুক্ত কৰা হয়। ইয়াকে স্বাৰাগম বা বর্ণাগম বোলে৷ যেনেঃ স্কুল-ইস্কুল, স্ত্রী-ইস্তিৰী, স্কেল-ইস্কেল, স্পিৰিট-ইম্পিটি, বেঞ্চ-বেঞ্চি, বানৰ-বান্দৰ, পখী-পংখী ইত্যাদি।

অপনিহিতি (Epenthesis): 

কোনো শব্দৰ পিছৰ অক্ষত থকা ই বা উ স্বৰধ্বনি আগৰ অক্ষৰৰ সৈতে যুক্ত হৈ উচ্চাৰিত হোৱা ৰীতিকে অপনিহিতি বোলা হয়। এই ধ্বনি দুটাৰ আন নাম অপনিহিতি স্বৰ (Epenthetic vowel)। এই ৰীতি ব্যাপকভাৱে কামৰূপ জিলাত দেখা যায়। যেনেঃ হালোৱা-হাউলা, খাৱৰীয়া-খাউইৰা, কেৱলীয়া-কেউইলা, কটীয়া-কইট্যা ইত্যাদি। অসমৰ অন্যান্য অঞ্চলত সাধাৰণতে য(্য) ৰ পৰিৱৰ্তে ই উচ্চাৰণ হয়। যেনেঃ কন্যা-কইনা, পুণ্য-পুইণ, ভাগ্য-ভাইগ, লক্ষ্য-লইক্ষ, অজ্ঞান—অইগান, ৰাজ্য-ৰাইজ, অন্য-অইন ইত্যাদি।

অভিশ্ৰুতি (Umlaut বা Vowel Mutation): 

শব্দৰ মাজত থকা ই বা উ আদি পূৰ্বৰ স্বৰ ধনিৰ সৈতে মিলি এ, ও আদিলৈ পৰিৱৰ্তন হোৱা ৰীতিকে অভিশ্ৰুতি বোলে। যেনেঃ

ময়ুৰ-মৈৰা-ম’ৰা, ৰৌদ্ৰ-ৰ’দ, চতুৰ্থ-চ’থা, মুকুল-মৌল-ম’ল-মৈল, সীমান্ত-সেওঁতা, দীপালিকা-দেৱালী, গৌৰ-গউৰ-গ’ৰা, কলীয়া-কইলা-ক’লা,

চৈত্র-চইত-চ’ত ইত্যাদি।

অপশ্ৰুতি (Ablaut বা Changes of Vowel): 

পদত থকা ধাতুৰ মূল স্বৰধ্বনিৰ যি বিকৃতি ঘটে, তাক অপশ্ৰুতি বোলে। গুণ, বৃদ্ধি আৰু সম্প্ৰসাৰণ প্ৰক্ৰিয়াৰে অন্য নাম অপশ্ৰুতি। যেনেঃ দেৱ+ঋষি-দেৱৰ্ষি, ভয়+ঋত-ভয়াৰ্ত, ভূগোল-ভৌগোলিক, ইহ-ঐহিক, বেদ-বৈদিক, ঋষি-আর্য ইত্যাদি।

স্বৰ সঙ্গতি (Vowel harmony): 

শব্দৰ মাজত থকা পূর্ববর্তী স্বৰবৰ্ণৰ প্ৰভাৱত পিছৰ স্বৰবৰ্ণৰ বা পিছৰ স্বৰবৰ্ণৰ প্ৰভাৱত পূর্ববর্তী স্বৰবৰ্ণৰ যি পৰিৱর্তন ঘটে, তাক স্বৰসঙ্গতি বোলে। যেনেঃ কুকিল-কুলি, স্তুপ-থুপি, প্র’স্থি-পূর্বী, গূধিকা-গুঁই, লোহিত-লুইত, ধূলি-ধূলা, ধোবা-ধুবুনী, চোৰ-চুৰুণী, নাগৰী-নাগেৰী ইত্যাদি।

য়-শ্রুতি আৰু ৱ-শ্রুতি (Euphonic Glides): 

একে শব্দতে ওচৰা-ওচৰিকৈ দুটা স্বৰবৰ্ণ থাকিলে উচ্চাৰণৰ সুবিধাৰ কাৰণে বা শ্রুতিমধুৰতাৰ কাৰণে দুই স্বৰৰ মাজত য় বা ৱ ধ্বনিৰ আগম হয়। ইয়াকে য়-শ্রতি আৰু ৱ-শ্রুতি বোলে৷ যেনেঃ বাবু অনী-বাবুৱনী, সাধু এ-সাধুৱে, গৰু এ-গৰুৱে, মই ও-ময়ো শু আ-শুৱা, ধো আ-ধোৱা, ছাঁ আ-ছায়া ইত্যাদি।

বর্ণ সমীকৰণ বা সমীভৱন (Assimilation): 

ওচৰা ওচৰিকৈ থকা দুটা ধ্বনি পৰস্পৰৰ প্ৰভাৱত পৰিৱৰ্তন ঘটি সমতা লাভ কৰে। তাকে সমীকৰণ বা সমীভৱন বোলে। যেনেঃ দুধ্ দুদ্নৈ, আধা তোলা-আদ্তোলা, আধা বাট-আদবাট, সাত দিনীয়া-সাদিনীয়া, বুধ বাৰ-বুদবাৰ ইত্যাদি।

অন্ত্য স্বৰাগম (Apotheosis): 

উচ্চাৰণৰ সুবিধাৰ কাৰণে শব্দৰ শেষত স্বৰধ্বনি যুক্ত কৰা ৰীতিকে অন্ত স্বৰাগম বোলে৷ যেনেঃ বেঞ্চ-বেঞ্চি, ইঞ্চ-ইঞ্চি লিষ্ট-লিষ্টি, ধোবা ধুবী ইত্যাদি।

অসমীকৰণ বা বিষমীভৱন (Dissimilation): 

শব্দত থকা দুটা একেই ব্যঞ্জনধ্বনি কেতিয়াবা পৰিৱৰ্তন হয়। তাকে অসমীকৰণ বা বিষমীভৱন বোলে৷ যেনেঃ শৃংখল শিকলি, স্কন্ধ-কান্ধ, ভ্ৰষ্ট-ভাটা, মিষ্ট-মিঠা, গোস্ফ-গোঁফ, শৰীৰ-শৰীল, স্তব্ধ-তধা ইত্যাদি।

বর্ণ-বপর্যয় (Metathesis): 

কোনো ধ্বনি উচ্চাৰণৰ বিপর্যয়ৰ কাৰণে মাজত থকা ধ্বনিৰ স্থান পৰিৱৰ্তনকে বণ-বিপর্যয় বোলে। যেনেঃ লসুন-ৰসুন-নসৰু-নহৰু, সৰ্সপ-সৰিসৱ-সৰিৱস-সৰিয়হ, বাৰানসী-বেনাৰসী, দ্বাদশ-বাহৰ-বাৰহ-বাৰ, ৰিক্সা-ৰিচ্কা, ডেস্ক-ডেক্চ ইত্যাদি।

বৰ্ণলোপ(Haplology): 

কোনো পদৰ আগত বা মাজত থকা কোনো বর্ণ উচ্চাৰণৰ সুবিধাৰ কাৰণে লুপ্ত কৰা হয়। তাকে বর্ণলোপ বোলে৷ যেনেঃ মুখশুদ্ধি-মুহুদি, সাহস-সাহ, স্ফটিক-ফটিক, আধা সেৰ-আধেৰ, ককাইটি-কাইটি, অমাৱাসীকা-অৱাৱাসীয়া-আঁউসী, দদাইটি-দাইটি, মজদুৰ-মজুৰ, মচ্জিদ-মজিদ ইত্যাদি।

বর্ণাগমঃ 

উচ্চাৰণৰ সুবিধাৰ কাৰণে শব্দৰ আদিত, মাজত বা শেষত কোনো বর্ণ আগম হ'লে তাকে বর্ণাগম বোলে। যেনেঃ বয়ন-বয়ান, বানৰ-বান্দৰ, অন্ন-অম্বল, পক্ষীৰাজ-পংখীৰাজ ইত্যাদি।

মহাপ্রাণিতকৰণ বা পীনায়ন (Aspiration): 

উচ্চাৰণৰ সময়ত কোনো কোনো অল্পপ্ৰাণ ধ্বনিৰ সৈতে মহাপ্ৰাণধ্বনি যুক্ত হয়। তাকে মহাপ্রাণিতকৰণ বা পীনায়ন বোলে৷ যেনেঃ বেশ-ভেশ , চতুর্থ-চৌথা, প্রগহ-পঘা, ভাপ-ভাফ ইত্যাদি।

অল্পপ্রাণিতকৰণ বা ক্ষীণায়ন (De-aspiration): 

মহাপ্রাণবৰ্ণক অল্পপ্ৰাণ হিচাপে উচ্চাৰণ কৰাকে অল্পপ্রাণিতকৰণ বা ক্ষীণায়ন বোলে। যেনেঃ শিৰস্থান-শিতান, পদস্থান-পথান, মহাৰ্ঘ-মহঙা, হস্তক-হেতা ইত্যাদি।

প্রশ্বৰ বা শ্বাসাঘাত (Accent): 

একোটা শব্দ উচ্চাৰণ কৰোঁতে তাত থকা ধ্বনিবোৰত সমানে জোৰ নপৰে, একোটা ধ্বনিতহে জোৰ দিয়া হয়; তাকে প্রশ্বৰ অথবা শ্বাসাঘাত বোলে। ভাষাভেদে শ্বাসাঘাত পদ্ধতি বেলেগ। শ্বাসাঘাতৰ পৰিৱৰ্তনৰ ফলত একেটা শব্দৰে অৰ্থৰ সলনি ঘটিব পাৰে। ইংৰাজী ভাষাত এনে নিদর্শন পোৱা যায়।

সাদৃশ্য (Analogy): 

কোনো শব্দৰ সদৃশ কৰি ধ্বনি-পৰিৱৰ্তনৰ মাধ্যমেৰে অৰ্থযুক্ত কোনো নতুন শব্দ গঠন কৰা হয়; তাকে সাদৃশ্য বোলা হয়। যেনেঃ নাবালকৰ দৰে সাবালক, বিধৱাৰ দৰে সধৱা ৰোদসীৰ দৰে ক্রন্দসী, জীয়াৰীৰ দৰে বোৱাৰী ইত্যাদি।

assamese grammar pdf,assamese grammar class 9,assamese grammar class 10,assamese grammar class 12,অসমীয়া ব্যাকৰণ class 10,অসমীয়া ব্যাকৰণ বিভক্তি,অসমীয়া ভাষাৰ ব্যাকৰণ class 12,অসমীয়া ব্যাকৰণ বাক্য,ধাতু কাক বোলে উদাহৰণ দিয়া,ধাতু কাক বোলে class 6,অসমীয়া ব্যাকৰণ pdf,ভাষা কাক বোলে class 3,ভাষা বিজ্ঞান কাক বোলে,অসমীয়া ভাষা কাক বোলে,মান্য ভাষা কাক বোলে,কথিত ভাষা কাক বোলে,উমৈহতীয়া ভাষা কাক বোলে,লিখিত ভাষা কাক বোলে,পৰিভাষা কাক বোলে,অসমীয়া ভাষাৰ বিশিষ্ট ধ্বনি কেইটা,অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিৰ তালিকা,অসমীয়া ভাষাত উচ্চাৰিত বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা কিমান,অক্ষৰ আৰু ইয়াৰ প্ৰকাৰ,অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব,বিশিষ্ট ধ্বনি কাক বোলে,অসমীয়া ভাষাৰ উষ্ম ধ্বনি কেইটা,ধ্বনি পৰিৱৰ্তনৰ নিয়ম,

Post a Comment

0 Comments