চম্পাৱতী
Burhi Aair Sadhu | Burhi Aair Sadhu (বুঢ়ীআইৰ সাধু) | Champawati - চম্পাৱতী সাধু
এসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল। তেওঁৰ দুজনী ঘৈণীয়েক আছিল। ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী। লাগীজনীৰো এজনী ছোৱালী হৈছিল আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল। লাগী তিৰোতাৰ কথা শুনি গিৰীয়েকে সৰুজনীক তাইৰ জীয়েকৰে সৈতে চুৱাপাতনিত থাকিবলৈ এটি পঁজাঘৰ সজাই দিলে। এলাগীয়ে দুখ-কষ্টেৰে জীয়েকক লৈ খুজি-মাগি খাই ঘৰতে থাকিবলৈ ধৰিলে। এলাগীৰ জীয়েকৰ নাম চম্পাৱতী। এদিন বাপেকে চম্পাৱতীক পকা ধান ৰখিবলৈ হুকুম দিলে। এইদৰে বহুদিন গৈছে, এদিন চম্পাৱতীয়ে ধান ৰখিবলৈ গৈ টঙিৰ ওপৰত উঠি-
হুৰ হুৰ বতা চৰাই
মোৰ ধান নাখাবি তোক দিম গোটাকৰাই।”
বুলি কওঁতেই ওচৰৰ হাবিৰ মাজৰ পৰা কোনোবাই উত্তৰ দিলে-
ধানো খাম চাউলো খাম,
চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম।”
চম্পাৱতীয়ে এইবোৰ কথা শুনি কেউফালে মানুহ-দুনুহ চাই কাকো নেদেখি বিচুৰ্তি হ’ল। তাৰ পিছত গধূলি পৰত ধান ৰখি উভতি আহি চম্পাই মাকৰ আগত সেইদিনাৰ সেই কথা ক’লে। পিছদিনা মাকে চম্পাৰ কথা সঁচানে মিছা জানিবৰ নিমিত্তে চম্পাৰ লগতে ধাননিৰ মাজলৈ গ’ল আৰু মাকে ক’বলৈ দিয়াত চম্পাই ক’বলৈ ধৰিলে-
হুৰ হুৰ বতা চৰাই
মোৰ ধান নাখাবি তোক দিম গোটাকৰাই।”
ইয়াৰ উত্তৰত হাবিৰ মাজৰ পৰা কোনোবাই মাত লগালে-
ধানো খাম চাউলো খাম
চম্পাৱতীক বিয়া কৰাই ঘৰলৈ যাম।’
মাকে এই কথা শুনি বিচুৰ্তি হ’ল আৰু এবাৰ মাকে চম্পাক আগৰ দৰে মাতিবলৈ দিয়াত, চম্পাৱতীয়ে মতাত, পুনৰ হাবিৰপৰা আগৰ দৰে কোনোবাই উত্তৰ দিলে। তেতিয়া মাক-জীয়েক দুয়ো ঘৰলৈ উভতি আহিল। এলাগীয়ে গিৰীয়েকক সকলো কথা ক’লে। গিৰীয়েকে এলাগীক, চম্পাক আৰু ওচৰ-চুবুৰীয়া মানুহ গোটাচেৰেক লগত লৈ ধাননিলৈ গৈ চম্পাক সেইদৰে মাতিবলৈ দিয়াত চম্পাই আগৰ দৰে মতাত ওচৰৰ হাবিৰপৰা আগৰ দৰে উত্তৰ পালে। সকলো মানুহে কোনে মাতিছে বুলি চাবলৈ হাবিৰ মাজলৈ সোমাই গ’ল, কিন্তু কাকো নেদেখিলে। তাৰ পিছত চম্পাৰ বাপেকে হাবিৰ ফালে চাই মাত লগালে, ”যদি সঁচাকৈয়ে তোমাক চম্পাৱতীক লাগে, তেনেহ’লে তুমি যেই কি নোহোৱা ওলাই আহাঁ। সত্যে সত্যে তিনি সইত খাই কৈছোঁ, চম্পাৱতীক তোমালৈ মই বিয়া দিম।” এই কথা শুনি হাবিৰ মাজৰ পৰা এটা বৰ ডাঙৰ অজগৰ সাপ ওলাই আহিল। সাপটো দেখি সকলো মানুহে ভয়ত পলাবলৈ ধৰাত চম্পাৰ বাপেকে সিহঁতক নপলাবলৈ কৈ সাহ দিলত একেলগে সকলোটি থূপ খালে। তাৰ পিছত সি অগজৰক মাতি তাৰ ঘৰলৈ নিলে। এলাগী আৰু জীয়েক দুয়ো ডিঙিত ধৰাধৰিকৈ কান্দিবলৈ ধৰিলে, এলাগীয়ে জীয়েকক অজগৰেৰে সৈতে বিয়া নিদিবলৈ গিৰীয়েকক কাকূতি কৰিবলৈ ধৰিলে হয় কিন্তু লাগীৰ কথা শুনি গিৰীয়েকে তালৈ কাণ নকৰি কেঁচা পাণ, কঁচা তামোল কাটি সাপলৈ চম্পাক বিয়া দি এটা সুকীয়া ঘৰত মাক-জীয়েক, জোঁৱায়েকক থাকিবলৈ ঠাই দিলে।সেইদিনা লাগীৰ আৰু আনন্দৰ সীমা নাই যে আজি ৰাতি চম্পাৱতীক অজগৰে খাই পেলাব। অজগৰক চম্পাৱতীৰ সৈতে একেটা খোঁটালিতে থাকিবলৈ দিয়া হ’ল। চম্পাৱতীয়েও তাইক আজি অজগৰে গিলিব বুলি ভাবি ঈশ্বৰৰ চৰণত শৰণ লৈ শোকে-বেজাৰে পৰি থাকিল। মাকে পিছদিনা ৰাতিপুৱাই, লৰালৰিকৈ উঠি চম্পাৱতীৰ ঘৰলৈ গৈ দেখে যে চম্পাৱতীৰ গা সোণৰ অলঙ্কাৰ পাতিয়ে জক্মকাব লাগিছে আৰু তাইৰ গা গোটেইটো সোণময় হৈ আছে, কিন্তু অজগৰ আৰু তাত নাই। মাকে চম্পাৱতীক জগালত তাই সাৰ পাই, নিজৰ গাত সোণৰ অলঙ্কাৰ-পাতি ভৰি থকা দেখি তাইৰ আনন্দত পাৰ নোহোৱা হ’ল। ইফালে চম্পাৰ বাপেকে লাগীক লগত লৈ চম্পাৱতীক অজগৰে গিলিলে ভাবি চাবলৈ আহি দেখে যে চম্পাৱতীৰ গা সোণৰ অলঙ্কাৰেৰে জক্মকাব লাগিছে। দেখিয়েই দুয়ো বিচুৰ্তি হ’ল। চম্পাৱতীৰ এনে হোৱা দেখি লাগীৰ হিংসা লাগি তেতিয়াই গিৰীয়েকক নিজৰ জীয়েকৰ নিমিত্তে এটা অজগৰ আনিবলৈ কুটুৰিবলৈ ধৰিলে। গিৰীয়েকেও ঘৈণীয়েকৰ কথা শুনি লগত কিছুমান মানুহ লৈ ঘোৰ অৰণ্যলৈ গৈ বিচাৰি এটা অজগৰ সাপ ধৰি ঘৰলৈ লৈ আহিল। কেঁচা পাণ, কেঁচা তামোল কাটি লাগীয়েও অজগৰেৰে সৈতে জীয়েকক বিয়া দিলে। চম্পাৱতীক শুবলৈ দিয়াৰ দৰে লাগীয়েও নিজৰ জীয়েকক অজগৰৰ লগত শুবলৈ দিলে। লাগীৰ আনন্দত সীমা নাই, আজি জীয়েকে সোণৰ নতুন নতুন অলঙ্কাৰ পিন্ধিবলৈ পাব বুলি। আনন্দত মাক ৰাতি নুশুই জীয়েকে শোৱা খোঁটালিৰ কাষতে বহি আছিল। ইফালে ৰাতি অজগৰ সাপে লাগীৰ জীয়েকক তাইৰ ভৰিৰ ফালৰ পৰা গিলিবলৈ ধৰিলে। জীয়েকে মাকক ভিতৰৰ পৰা ক’লে-
আই মোৰ ভৰি কুটেকুটায়।”
বাহিৰৰপৰা মাকে ক’লে-
আই মোৰ জোঁৱায়ে নেপুৰ পিন্ধায়।”
লাহে লাহে অজগৰে গিলি আনি কঁকাল পালেগৈ। জীয়েকে ক’লে-
আই মোৰ কঁকাল কুটেকুটায়।”
মাকে ক’লে-
আই মোৰ জোঁৱায়ে মেখেলা পিন্ধায়।”
তাৰ পিছত অজগৰে গিলি যেতিয়া বুকু পালেগৈ জীয়েকে মাত লগালে-
আই মোৰ বুকু কুটেকুটায়।”
মাকে উত্তৰ দিলে-
আই মোৰ জোঁৱায়ে ৰিহা পিন্ধায়।”
তাৰ পিছত অজগৰে গিলি ডিঙি পালত জীয়েকে মাতিলে-
আই মোৰ ডিঙি কুটেকুটায়।”
মাকে উত্তৰ দিলে-
আই মোৰ জোঁৱায়ে মণি পিন্ধায়।”
লাহে লাহে অজগৰে গিলি মূৰ পালত, জীয়েকৰ আৰু মাত নাইকিয়া হ’ল। মাকে ভাবিলে, ”মোৰ জীয়ে অলঙ্কাৰ-পাতি পাই আনন্দত টোপনি গৈছে। ইয়াকে ভাবি মাকেও ৰং মনেৰে শুই থাকিল। ৰাতিপুৱা মাকে টোপনিৰ পৰা উঠি আনন্দ মনেৰে গৈ দেখে যে জীয়েক নাই, অজগৰটোহে খাই গেৰেলা হৈ পৰি আছে। তেতিয়া তাই কথাটো বুজিব পাৰি হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। কান্দোন শুনি গিৰীয়েক ওলাই আহি কি হ’ল বুলি সোধাত ঘৈণীয়েকে সকলো কথা ক’লত, সি ঢাচকৰে মাটিত পৰিল। এলাগী আৰু চম্পাৱতীয়েও কান্দিবলৈ ধৰিলে। গাঁৱৰ সকলো মানুহ আহি গিৰীয়েক-ঘৈণীয়েকক নিন্দি অজগৰৰ পেট ফালি জীয়েকক উলিয়াই শটো খৰি দিলে। ইয়াৰ পিছত গিৰীয়েক আৰু লাগীয়ে এলাগী আৰু চম্পাৱতীক সমূলি দেখিব নোৱাৰা হ’ল। দিনে-ৰাতিয়ে কেনেকৈ মাক-জীয়েকক মাৰিব পাৰিব ইয়াকেহে সিহঁতে ভাবিবলৈ ধৰিলে। এদিন ৰাতি দুয়ো হাতত তৰোৱাল লৈ মাক-জীয়কক কাটিবলৈ যাওঁতেই চম্পাৱতীক বিয়া কৰোৱা অজগৰটোৱে হঠাত্ ওলাই আহি দুয়োকো আহি গিলি থৈ চম্পাৱতীক আৰু মাকক টোপনিতে দাঙি লৈ এখন অৰণ্যৰ মাজৰ এটা ভাল পকি ঘৰত থ’লেগৈ। পিছদিনা মাক আৰু জীয়েকে উঠি অচিনাকি ঠাই দেখি ভয়ত কান্দিবলৈ ধৰিলে। সাপে ক’লে, ”ইয়াত তোমালোকৰ একো ভয় নাই, মইহে তোমালোকক ইয়ালৈ লৈ আহিলোঁ।” এইবুলি কৈ নিশাৰ ঘটনাটোৰ কথা সি ক’বলৈ ধৰিলে। তাৰ কথা শেষ হ’লত মাক আৰু জীয়েকে অজগৰক শলাগি তাতে ৰং মনেৰে থাকিল। সেই অৰণ্যৰ ঘৰতে মাক-জীয়েকে আৰু অজগৰ সুখেৰে খাই-বৈ থাকিবলৈ ধৰিলে। তাতে থাকোঁতে হঠাত্ এদিন মাকৰ জ্বৰ হৈ মৃত্যু হ’ল। অজগৰ আৰু জীয়েকে শোক কৰি কান্দি-কাটি মাকৰ সত্কাৰ কৰিলে। ইয়াৰ কিছুমান দিনৰ পিছত অজগৰ ফুৰিবলৈ ওলাই গ’লত, অকস্মাত্ এজনী বুঢ়ী আহি সেই ঘৰত ওলালহি। চম্পাৱতীয়ে বহুতদিন মানুহৰ মুখ দেখা নাছিল, সেইবাবে বুঢ়ীক দেখি আনন্দ মনেৰে আস্তবেস্তকৈ বহিবলৈ দি, ক’ৰ মানুহ, ক’লৈ আহিছে বুলি সোধাত, বুঢ়ীয়ে ক’লে, ”আই, তুমি যিজন অজগৰ সাপ পতিৰূপে পাইছা, সেইজন এজন দেৱতা। তেওঁ সদায় নিশা তোমাক চিকুতি-বাকটি সাৰ নোপোৱা দেখিলে সাপৰ মোটটো সলাই থৈ দেৱতা ৰূপ ধৰি স্বৰ্গলৈ গুচি যায় আৰু তাতে দেৱতাবিলাকৰ সৈতে কথা পাতি থাকেগৈ। আই, যদি তোমাৰ আজগৰক তুমি দেৱতাৰূপে পাবলৈ আশা কৰা তেনেহ’লে আজি ৰাতি তুমি সাৰে থাকি চিকুটা-বাকোটা কৰিলে একো গম নোপোৱা দেখুৱাই টোপনি ভাও জুৰি থাকিবা। তেওঁ তোমাৰ টোপনি ভালকৈ আহিছে ভাবি সাপৰ মোতটো সলাই থৈ দেৱতাৰ লগত কথা পাতিবলৈ যাব, ইফালে তুমি উঠি সেই মোটটো তুঁহজুইত পুৰি পেলাবা। মোটটো পুৰি পেলোৱা মাত্ৰকে তেওঁ গাৰ পোৰণিত থাকিব নোৱাৰি দেৱতাৰ মাজৰ পৰা গুচি আহি দেৱতা হৈয়েই তোমাৰ ওচৰ পাবহি। তেতিয়া তুমি লৰালৰিকৈ বিচনীৰে তেওঁক বিচি শুবলৈ দিবা আৰু লাহে লাহে তেওঁৰ টোপনি আহিব। ৰাতি পুৱালেই তুমি উঠি সেই থুলন্তৰ পুৰুষজনক ভালকৈ সেৱা-সত্কাৰ কৰি মাল্য দি বৰিবা। তেৱেঁই তোমাৰ অজগৰ স্বামী।” চম্পাৱতীয়ে বুঢ়ীৰ কথাত আনন্দিত হৈ তাইক এচৰু ৰূপ আৰু এচৰু সোণ দি বিদায় দিলে আৰু নিশা বুঢ়ীয়ে কোৱামতে সকলো কৰাত এজন থুলন্তৰ পুৰুষ দেখিবলৈ পাই তেওঁৰ ভৰিত পৰি সেৱা কৰিলে। ইয়াৰ পিছত দুয়ো মনৰ সুখেৰে দিনৰ পিছত দিন কটাবলৈ ধৰিলে। এদিন গিৰীয়েক ফুৰিবলৈ যাওঁতে সেই বুঢ়ী আকৌ ওলালহি। চম্পাৱতীয়ে বুঢ়ীক দেখি লৰালৰিকৈ বহিবলৈ দি, কি কাৰণে আকৌ আহিছে বুলি সুধিলত বুঢ়ীয়ে এইবাৰ ছলনা কৰি ক’বলৈ ধৰিলে, ”আই, তোমাৰ ভালৰ নিমিত্তে দু-আষাৰমান কথা ক’বলৈ আহিছোঁ। তুমি কাইলৈ দুপৰীয়া তেওঁক তোমাৰে সৈতে একেখন কাঁহীতে ভাত খাবলৈ ক’বা। তেওঁ তোমাৰ কথামতে তোমাৰ লগতে যেতিয়া খাবলৈ বহিব তেতিয়া তুমিও অলপো সংকোচ নকৰি তেওঁৰ লগতে খাবা। এইদৰে খালে আগতকৈ তেওঁৰ মৰম তোমালৈ বেছি হ’ব আৰু তেওঁ তোমাক এৰি থাকিব নোৱাৰিব। খাই-বৈ উঠি ক’বা যে মই আজি ভাত খাই থাকোঁতে আপোনাৰ মুখতে অনেক গাঁও দেখাদি দেখিলো, এতেকে মোক ভালকৈ মুখ মেলি গোটেইখন পৃথিৱী দেখুৱাওক। সেই কথাত তেওঁ তোমাৰ ওপৰত খং কৰি পানীত পৰি ক’ব যে, ”মোক লাগেনে, পৃথিৱী চাবলৈ লাগে?” তেতিয়া তুমি পৃথিৱী চাওঁ বুলি ক’বা। তোমাক তেতিয়া মুখ মেলি গোটেইখন পৃথিৱী দেখোৱাই পানীত বুৰ মাৰি- ”মোক আৰু ছবৰৰ পিছত দেখা পাবা” বুলি ক’ব, কিন্তু সেই কথাত তুমি অলপো নিপিছলি নৈৰ পাৰত বহি থাকিবা, দেখিবা অলপ পৰৰ পিছত তেওঁ আকৌ তোমাৰ ওচৰলৈ আহিব।” চম্পাৱতীয়ে এই কথাত আনন্দিত হৈ ৰং মনেৰে আগৰ দৰে সোণ এচৰুৱে, ৰূপ এচৰুৱে দি বিদায় দিলে। বুঢ়ীয়ে নিজৰ অভিপ্ৰায় সিদ্ধি হ’বৰ আগন্তুক দেখি হৰিষ মনেৰে ঘৰলৈ উলটি গ’ল। চম্পাৱাতীয়ে বুঢ়ীয়ে কোৱামতে পিছদিনা একেখন কাঁহীতে গিৰীয়েকৰ সৈতে খাবলৈ বহিল। গিৰীয়েকে-”তোমাৰ মতি-গতি লাহে লাহে বেয়া হৈছে” বুলি কৈ সেই কাঁহীতে খালে। খাই-বৈ উঠিলত চম্পাৱতীয়ে বুঢ়ীয়ে কোৱামতে-”আপোনাৰ লগত আজি ভাত খাওঁতে আপোনাৰ মুখৰ ভিতৰত অনেক গাঁও থকাৰ নিচিনা দেখিলো, আপোনাৰ মুখখন মেলি তাত কি আছে মোক দেখুৱাওকচোন” বুলি ক’লত, গিৰীয়েকে চম্পাক ক’লে-”তেনেহ’লে মোক আৰু তুমি দেখা নোপোৱা।” চম্পাৱতীয়ে তেতিয়াও নুশুনাত অগত্যা তেওঁ নৈলৈ গৈ আকৌ এবাৰ চম্পাক ক’লে-
মৰমৰ চম্পা ঐ!
কোৱা থিৰে কৰি, মোক লাগে নে পৃথিৱী চাবা?”
চম্পাৱতীয়ে ক’লে,
চৰণে ধৰিছোঁ, কাকূতি কৰিছোঁ দেউতা ঐ।
তোমাকো লাগে পৃথিৱীও চাম।”
গিৰীয়েকে মুখখন মেলি চম্পাক পৃথিৱী দেখুৱাই এটি সোণৰ আঙঠি দি ক’বলৈ ধৰিলে, ”মৰমৰ চম্পা, যি বুঢ়ীৰ কথা শুনি তুমি ইয়াকে কৰিলা, সেইজনী বুঢ়ী মোৰ আইৰ এজনী বেটী। মোৰ আই এজনী ৰাক্ষসী। তেওঁ মোক আন এজনী ছোৱালী বিয়া কৰিবলৈ কোৱাত মই নকৰি তোমাক বিয়া কৰিলত, যাতে তেওঁ তোমাক মোৰ লগৰ পৰা আঁতৰ কৰি লৈ গৈ এঠাইত খাব পাৰে, সেই চক্ৰান্ত কৰিয়েহে বুঢ়ীয়ে তোমাক ছলনা কৰিলে। তোমাক আয়ে খালে মই সেই ছোৱালীজনী বিয়া কৰিবলৈ বাধ্য হ’ব লাগিব। এতেকে যি হ’ল হ’ল, তোমাক মোৰ সোণৰ আঙঠিটো দিলোঁ। এই আঙঠিটো ভালকৈ ৰাখিবা। এইটো তোমাৰ হাতত থাকিলে আয়েহে নেলাগে ৰাক্ষস-ৰাক্ষসী বা হিংসুক জন্তুৱেও তোমাক খাব নোৱাৰে। এই আঙঠিটো তুমি লগৰ পৰা এৰিলেই তোমাৰ মহা বিপদ মিলিব বুলি জানিবা। আৰু এটা কথা, এই আঙঠিটোৰ গুণতেই তুমি মোক ছবছৰৰ পিছত মোৰ ৰাক্ষসী আইৰ ঘৰত দেখা পাবা। এতিয়া মোৰ প্ৰতিজ্ঞা মতে মই আহিলোঁ। সাৱধান আঙঠিটো যেন নেহেৰায়।” এইবুলি কৈ চম্পাৰ গিৰীয়েকে পানীৰ বুৰ মাৰিলে। চম্পাৱতীয়ে তেতিয়াহে সকলো কথা বুজিব পাৰি কান্দিবলৈ ধৰিলে। তাৰ পিছত তেওঁ সেই ঘৰ-বাৰী এৰি আঙুঠিটোকে বুকুত বান্ধি লৈ অৰণ্যে অৰণ্যে কান্দি কান্দি ফুৰিবলৈ ধৰিলে। গিৰীয়েকৰ মাক ৰাক্ষসীয়ে চম্পাক খাবৰ নিমিত্তে নানা ভেশছন কৰিলে, নানা চেলু বিচাৰিলে, কিন্তু আঙঠিটোৰ গুণত একোপ্ৰকাৰে চম্পাৰ ওচৰকে চাপিব নোৱাৰিলে। এইদৰে আজি-কালিকৈ চম্পাৱতীক গিৰীয়েকে এৰি যোৱা ছবছৰত সোমলহি। এদিন চম্পাই অকস্মাত্ গিৰীয়েকক দেখি লৰি গৈ গিৰীয়েকৰ ভৰি দুটাত সাবট মাৰি ধৰিলেগৈ। গিৰীয়েকে চম্পাক দেখি আনন্দত কান্দি পেলালে আৰু তাত দুয়ো থাকি সুখে-সন্তোষে দিন কটাবলৈ ধৰিলে।
ইফালে ৰাক্ষসী মাকে বোৱাৰীয়েকক অহা দেখি বৰ খং উঠিল আৰু বোৱাৰীয়েকক তাই খাবলৈ নানা চেলু বিচাৰিবলৈ ধৰিলে। চম্পাৱতীয়ে গিৰীয়েকৰ ওচৰ পোৱা মাত্ৰকতে তাইৰ হাতৰ আঙঠিটো নাইকিয়া হ’ল। তথাপি পুতেক থকাত ৰাক্ষসীয়ে চম্পাক খাব নোৱাৰি, এদিন মনে মনে গিৰীয়েকে নজনাকৈ ৰাক্ষসীয়ে এখন চিঠিত ”মোৰ ঘাই শত্ৰু গৈছে, মাৰি-কাটি সকলোৱে খাই, মোলৈকো এভাগ মঙহ দি পঠিয়াবা” বুলি লেখি চম্পাৱতীৰ হাতত সেই চিঠিখন দি এঘৰলৈ চম্পাৱতীক পঠিয়াই দিলে। চম্পাৱতীয়ে শাহুয়েকৰ আজ্ঞামতে গিৰীয়েকে নজনাকৈ লৰি চিঠিখন দি আহিবলৈ গৈছে। এনেতে গিৰীয়েকে সকলো বুজিব পাৰি লৰালৰিকৈ গৈ চম্পাৱতীক পাছফালৰপৰা মাত লগালে-
মৰমৰ চম্পা ঐ!
ইমান বেগ দি নেলাগে যাব
ক্ষন্তেক ৰোৱাচোন ঐ।”
চম্পাৱতিয়ে গিৰীয়েকৰ কথা শুনি ৰ’লত, গিৰীয়েকে চম্পাৱতীৰ হাতৰ পৰা চিঠিখন কাঢ়ি লৈ পঢ়ি অঁতাই খঙত বলিয়া হৈ চম্পাক আঁকোৱাল মাৰি ধৰি তেতিয়াই ঘৰলৈ গৈ মাকক সোধ-পোছ নোহোৱাকৈ চোকা তৰোৱালেৰে কাটি দোছোৱা কৰিলে। তাৰ পাছত দুয়ো সেই ঘৰ-বাৰী আৰু ৰাক্ষসৰ গাঁও এৰি এখন সুকীয়াকৈ নগৰ পাতি মনৰ সুখেৰে সেই নগৰতে খাই-বৈ থাকিল।,
burhi aair sadhu pdf download,burhi aair sadhu in assamese pdf,significance of the book burhi aair sadhu,burhi aair sadhu buy online,burhi aair sadhu stories in english,burhi aair sadhu video,burhi aair sadhu in english pdf,burhi aair sadhu story,অসমীয়া সাধু pdf,মোৰ প্ৰিয় গ্ৰন্থ বুঢ়ী আইৰ সাধু ৰচনা,ধেমেলীয়া সাধু,আইতাৰ সাধু,সাধু কিতাপ,সাধু কথাৰ বৈশিষ্ট্য,লটকন সাধু,ঈছপৰ সাধু pdf,ধেমেলীয়া সাধু,অসমীয়া সাধু,সাধু কিতাপ,শিশু সাধু,অসমীয়া সাধু pdf,সাধু কথাৰ বৈশিষ্ট্য,আইতাৰ সাধু,পুৰণি সাধু
0 Comments